ৰাষ্ট্ৰ আৰু ৰাজ্যৰ নিৰ্বাচন একেসময়তে  হোৱা উচিতনে  ?

2852
  • প্ৰফুল্ল  কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


।। এক ।।
ভাৰতৰ নিৰ্বাচন ব্যৱস্থাৰ বিষয়ে আমাৰ দেশৰ সংবিধানৰ পঞ্চদশ অধ্যায়ত ৩২৪ ৰ পৰা ৩২৯ লৈ- এই ছয়টা অনুচ্ছেদ অন্তৰ্ভক্ত  কৰা আছে| ইয়াৰ উপৰিও ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনতো এই সম্পৰ্কত কিছুমান ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে । যিহেতু নিৰ্বাচন ব্যৱস্থাই হৈছে সাম্প্ৰতিক কালৰ গণতন্ত্ৰৰ মূল ভেঁটি, সেয়েহে সংবিধানৰ পঞ্চদশ অধ্যায় আৰু জনপ্ৰতিনিধিত্ব আইনৰ গুৰুত্ব দেশৰ নিৰ্বাচন ব্যৱস্থাৰ ক্ষেত্ৰত সৰ্বাধিক |প্ৰাচীন কালত দেশসমুহৰ আকাৰ আছিল সৰু আৰু জনসংখ্যাও আছিল কম| সেয়েহে জনসাধাৰণে কোনো নিৰ্দ্দিষ্ট ঠাইত সমবেত হৈ বিধি-বিধান ৰচনা কৰি প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন কৰিছিল | কিন্তু সাম্প্ৰতিক কালৰ  দেশসমুহ বহু জনসংখ্যৰে ভৰপুৰ| সেয়েহে সাম্প্ৰতিক কালৰ দেশসমুহত পৰোক্ষ গণতন্ত্ৰ বা প্ৰতিনিধিত্বমুলক গণতন্ত্ৰৰ প্ৰচলন কৰা হৈছে| পৰোক্ষ গণতন্ত্ৰৰ প্ৰচলন থকা দেশত  সাধাৰণতে নিৰ্দ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰা হয়|ভাৰতবৰ্ষৰ দৰে বিশাল গণতান্ত্ৰিক দেশ এখনত লোকসভা , বিধানসভাৰ নিৰ্বাচন  ভিন্ন সময়ত বিভিন্ন  অবহাৱাৰ মাজেৰে  অনুষ্ঠিত কৰি অহাটো এক পৰম্পৰাত পৰিণত হৈছে । এনেবোৰ  নিৰ্বাচনৰ ফলস্বৰূপে ৰাজকোষৰ ধন ব্যপক হাৰত অপচয় হৈ আহিছে । সেয়া সৰ্বজন বিদিত । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্য আৰু ৰাষ্ট্ৰৰ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া একেলগে , একে সময়তে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হৈছে । কিন্তু ভাৰতবৰ্ষৰ দৰে বৈচিত্ৰপূৰ্ণ বৃহৎ গণতান্ত্ৰিক  দেশ এখনত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাটো নিৰ্বাচন আয়োগৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান বুলি ক’ব লাগিব। অৱশ্যে একেলগে একেসময়তে নিৰ্বাচন অনুষ্ঠিত হ’লে ব্যয় হ্ৰাসৰ উপৰিও শাসনত সুস্থিৰতা , ৰাজহুৱা সম্পদৰ লুণ্ঠন হ্ৰাস তথা ৰাজনৈতিক দলৰ দায়বদ্ধতা বৃদ্ধি পোৱাতো নিশ্চিত । লগতে দেশত ঐক্য , প্ৰগতিত হেঙাৰ হোৱা দলসমূহৰ খান্দহ খোৱা বালি কিছুপৰিমানে হ’লেও তল পৰিব , সেয়া ধূৰূপ ।  উল্লেখ্য ভাৰতৰ সংবিধানে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ দায়িত্ব ভাৰতৰ নিৰ্বাচন আয়োগৰ ওপৰতে ন্যস্ত কৰিছে । সঘনাই নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হোৱাত নিৰ্বাচন আয়োগ বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । সাধাৰণতে সঘনাই হৈ থকা  নিৰ্বাচনত, জয়যাত্ৰ অব্যাহত ৰখাৰ স্বাৰ্থত  শাসকীয় দল বা অন্যান্য ৰাজনৈতিক দল সমূহে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণৰ পৰিবৰ্তে হ্ৰস্বম্যাদী তোষামোদী নীতিৰে জনগণৰ মন মুহিবলৈ চেষ্টা কৰা দেখা যায় ।  ভোটাৰক সহজে বিভ্ৰান্ত কৰাৰ সুযোগ লয় । যি কাৰ্য ভবিষ্যত প্ৰজন্মৰ বাবে সুখকৰ নহয় । আনহাতে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা কাৰ্য সংবিধানৰ পৰিপন্থী বুলিও বহুতে ইতিমধ্যে মতপোষণ কৰিছে । যিহেতু ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰীয় গাঁথনিভুক্ত গণতান্ত্ৰিক দেশ । য’ত বহুদলীয় ব্যৱস্থা বিদ্যমান। এনে পৰিস্থিতিত দেশৰ লগতে ৰাজ্যসমূহৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিলে ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰোঁতে নিৰ্ভৰ কৰা স্থানীয় আৰু ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহ একাকাৰেৰে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো গুৰুত্বহীন হৈ পৰাৰ আশঙ্কা নথকা নহয় ।  সমগ্ৰ বিষয়টোত দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ক্ৰমে বিজেপি  আৰু কংগ্ৰেছে এক সুবিধাবাদী অৱস্থানেৰে নিৰপেক্ষ দৃষ্টিভংগী গ্ৰহণ কৰা দেখা গৈছে । অন্যহাতে শিৰোমণি আকালি দল , এ আই এ ডি এম কে, সমাজবাদী পাৰ্টী, তেলেংগানা ৰাষ্ট্ৰ সমিতি আদি দলে একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সপক্ষে মত পোষণ কৰিছে । বিপক্ষে মত পোষণ কৰিছে ক্ৰমে- গোৱা ফৰৱাৰ্ড পাৰ্টি , তৃণমূল কংগ্ৰেছ, আম আদমী পাৰ্টী, ডি এম কে , তেলেগু দেশম পাৰ্টী, চি পি আই, চি পি এম, ফৰৱাৰ্ড ব্লক, জনতা দল ( এছ ) আদিয়ে ।

।। দুই ।।।                                                                                                                     

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ আইনী উপদেষ্টা সংস্থা ভাৰতৰ আইন আয়োগে ২০১৯ ত লোকসভা আৰু বিধানসভাসমূহৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন পৰামৰ্শাৱলী আগবঢ়াই শ্বেতপত্ৰ প্ৰকাশ কৰিছে । আয়োগৰ মতে – ১৯৬৭ চন পৰ্যন্ত দেশত দেশত একেলগেই সকলো নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১৯৬৮ ত একাংশ বিধানসভা আৰু ১৯৬৯ ত লোকসভা ভংগ হোৱাত সেই নীতি পৰিহাৰ কৰা হয়। দেশৰ সাংবিধানিক বিশেষজ্ঞ, শিক্ষাবিদ, ৰাজনৈতিক দল, আমোলা, শিক্ষাৰ্থী আদিৰ মাজত বিতৰণ কৰা শ্বেতপত্ৰত উল্লেখ কৰা পৰামৰ্শাৱলী ভিতৰত আছে – সংবিধান, জনপ্ৰতিনিধিত্ব আইন, তথা লোকসভা – বিধানসভাসমূহৰ বিধি সংশোধন কৰি পুনৰ একেলগে ৰাষ্ট্ৰ আৰু ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত কৰা নীতি কাৰ্যকৰী কৰা । ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা বিধানসভাসমূহৰ একেলগে নিৰ্বাচন পতা । বাকী ৰাজ্যসমূহৰ নিৰ্বাচন ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ ওচৰে পাঁজৰে একেসময়তে পাতিবলৈ পৰামৰ্শ দিছে। তাৰোপৰি ওলমা সদনৰ সমস্যা সমাধানৰ বাবে দল ত্যাগ বিৰোধী আইনৰ শিথিলতা , অনাস্থা প্ৰস্তাৱ অনা দলসমূহে সমন্তৰালকৈ বিকল্প চৰকাৰৰ পৰামৰ্শ প্ৰদানত গুৰুত্ব দিয়া , মধ্যৱৰ্তী নিৰ্বাচনৰ ক্ষেত্ৰত নতুন লোকসভা অথবা বিধানসভাই পূৰ্বৰ সদনৰ বাকী থকা কাৰ্যকালহে সেৱা আগবঢ়োৱা , কোনো প্ৰত্যাহ্বানৰ সম্ভাৱনা নোহোৱা কৰিবলৈ সকলো ৰাজ্যৰে সহমত আদায় কৰা, অনাস্থা প্ৰস্তাৱৰ পিছত আস্থাৰ প্ৰস্তাৱ উত্থাপন কৰা আৰু সম্পূৰ্ণ সদনে অধ্যক্ষৰ দৰে,সংখ্যাগৰিষ্ঠ দলৰ নেতাক ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাৰ পৰামৰ্শ আগহঢ়াইছে আইন আয়োগে । ইফালে আইন আয়োগে প্ৰেৰণ কৰা পত্ৰৰ উত্তৰত নিৰ্বাচন আয়োগে ‘এটা বৰ্ষ এটা নিৰ্বাচন’ শীৰ্ষক এক প্ৰস্তাৱ যুগুত কৰি উলিয়াই আইন আয়োগলৈ প্ৰেৰণ কৰিছে । তাত উল্লেখ কৰা হৈছে যে, জনপ্ৰতিনিধিত্ব আইন অনুসৰি- বিধানসভাৰ কাৰ্যকালৰ অন্তপৰাৰ ৬ মাহৰ পূৰ্বে নিৰ্বাচন অধিসূচনা জাৰি কৰিব পৰা নাযায় । ‘এটা বৰ্ষ এটা নিৰ্বাচন’ৰ প্ৰস্তাৱ অনুসৰি সংবিধানৰ ৫টা সংশোধনীৰ প্ৰয়োজন হ’ব । সেইকেইটা হৈছে- ৮৩ নং অনুচ্ছেদ ( সংসদৰ কাৰ্যকাল ) ; ৮৫ নং অনুচ্ছেদ ( ৰাষ্ট্ৰপতিৰ দ্বাৰা লোকসভা ভংগ); ১৭২ নং অনুচ্ছেদ ( বিধান সভাৰ কাৰ্যকাল ) ; ১৭৪ নং অনুচ্ছেদ ( বিধান সভা ভংগ ) আৰু ৩৫৬ নং অনুচ্ছেদ ( ৰাষ্ট্ৰপতি শাসন ) । ইয়াৰ লগতে প্ৰয়োজন জনপ্ৰতিনিধিত্ব আইনৰ ১৫ নং দফাৰ সংশোধন। নিৰ্বাচন আয়োগে ইয়াকো জনাইছে যে , একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আয়োগৰ সমৰ্থন আছে যদিও বিত্তীয় আৰু আইনী প্ৰত্যাহ্বানসমূহৰ সন্মূখীন হ’বলৈ সকলোপক্ষ সাজু থাকিব লাগিব । সমগ্ৰ বিষয়টো  নিৰ্বাচন আয়োগে এনেদৰে দৃঢ়তাৰে  উল্লেখ কৰিছে ।

।। তিনি ।।
নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰতিটো দলে প্ৰতি বছৰ বহু সময় ধৰি ব্যস্ত থাকিব লগীয়া হোৱাত নিজ সমষ্টি বা নিজ ৰাজ্যৰ উন্নয়নৰ কাম কাজত অতি কম সময় দিব লগীয়াত পৰে । ফলস্বৰূপে উন্নয়নৰ কাম অতি লেহেমীয়া হৈ পৰে । দলীয় কাম কাজত ব্যস্ত থাকতে তেওঁলোকৰ কাৰ্যকাল কেতিয়া শেষ হয় জনপ্ৰতিনিধিয়ে ভুকে নাপায় । কিন্তু দেশৰ সৰ্বস্তৰৰ নিৰ্বাচন একেলগে সম্পন্ন হ’লে কমেও ৪ বছৰ কামত আত্মনিয়োগ কৰিব পাৰিব জনপ্ৰতিনিধিসকলে । জনসাধাৰণৰ সুখ দুখৰ খবৰ লোৱাত সময়ৰ নাটনি নহ’ব । নিজ ৰাজ্য বা সমষ্টি এৰি আন ৰাজ্যৰ নিৰ্বাচনত ভাগ ল’বলৈ সময় নাপাব । সঘনাই নিৰ্বাচনী দলীয় পুজিৰ বাবে অৰ্থ সংগ্ৰহত মত্ত থকাৰ পৰা পৰিত্ৰাণ পাব সাংসদ, মন্ত্ৰী , বিধায়ক সকলে । নিৰ্বাচনত নিয়োজিত নিৰাপত্তাবাহিনীৰো সঠিক প্ৰয়োগ হ’ব তেওলোকৰ  সেৱা আৰু নিয়োগৰ ক্ষেত্ৰত । অৱশ্যে দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত হ’লে বিশাল নিৰাপত্তা বাহিনীৰ প্ৰয়োজন হ’ব । প্ৰয়োজন হ’ব দীঘলীয়া কৰ্মসূচীৰ । অন্যহাতে একেলগে নিৰ্বাচন অনুষ্ঠিত হ’লে চৰকাৰ এখনৰ পতন ঘটোৱাৰ যি ক্ষমতা বিধান মণ্ডলৰ থাকে সেই ক্ষমতা কৰ্তন কৰিব লাগিব। আনকি একেলগে নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰা এচামে আশংকা প্ৰকাশ কৰিছে যে এনেদৰে একেলগে সকলো নিৰ্বাচন অনুষ্ঠিত কৰিলে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া ৰাষ্ট্ৰপতি শৈলীৰ চৰকাৰৰ নিৰ্বাচনী প্ৰচাৰৰ দৰে হৈ পৰাৰ সম্ভাৱনাই বেছি । যি প্ৰক্ৰিয়াই অধিস্থানবিৰোধী ঢৌ প্ৰতিৰোধৰ সুবিধা প্ৰদান কৰিব । এনেকুৱা অসংখ্য অসুবিধাৰ মাজতো এটা কথা ঠিক যদিহে নিৰ্বাচন আয়োগে ভবাৰ দৰে একেলগে একেসময়তে সমগ্ৰ দেশতে নিৰ্বাচন অনুষ্ঠিত কৰা হয় , তেন্ত নিশ্চিতভাবে ৰাজনৈতিক দলৰ ব্যয় হ্ৰাস পাব । লগতে ৰাজনৈতিক দলবোৰে আশ্ৰয়লোৱা দুৰ্নীতি তথা ক’লাধন ব্যৱহাৰৰ পৰিমাণ হ্ৰাস হ’ব । চৰকাৰ, অৰ্থাত নিৰ্বাচন আয়োগৰ দ্বাৰা সঘনাই হোৱা ব্যয়ো কমি যাব । গুৰুত্বপূৰ্ণ বিষয়টো হৈছে- সঘনাই হোৱা ( বছৰে বছৰে ) নিৰ্বাচনৰ ফলত দেশৰ  শিক্ষা ক্ষেত্ৰত সৃষ্টিহোৱা বাধা বা  অস্থিৰতা, একেসময়তে অৰ্থাত ৫ বছৰৰ মুৰে মুৰে হোৱা নিৰ্বাচনে ৰাষ্ট্ৰ আৰু ৰাজ্যৰ শিক্ষা জগতলৈ কম- বেছি পৰিমানে হ’লেও সুস্থিৰতা আনিব । যি কাৰ্য ভৱিষ্যৎ প্ৰজন্মৰ (শিক্ষক , শিক্ষাৰ্থীৰ) বাবে অতি আৱশ্যক । লাভদায়ক । ■■ ■■ ■■