ৰাহুলক নিৰ্বাচনত জয়ী হোৱাৰ কিটিপ

1561

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


একেৰাহে দুবাৰ সাধাৰণ নিৰ্বাচনত পৰাজিত হ’ল কংগ্ৰেছ তথা ৰাহুল গান্ধী। ২০১৪ত আসন আছিল ৪৪ , ২০১৯ত পালে ৫২। তাৰ মানে ১০ বছৰলৈ বিৰোধী দলপতিৰ আসন খালি হৈ ৰব। গণতন্ত্ৰৰ বাবে ই নিশ্চয় শুভ লক্ষণ নহয়। সেয়েহে আমি ওচৰ চাপিছিলো ৰাইজৰ ওচৰলৈ আৰু অনুৰোধ কৰিছিলো যাতে তেওঁলোকে ৰাহুল গান্ধীক নিৰ্বাচনত জয়ী হোৱাৰ কিছুমান কিটিপ দিব পাৰে। ৰাইজৰ পৰা আমি পালো কিছুমান সুন্দৰ আৰু লগতে কিছুমান আমোদজনক উত্তৰ। তাৰে কেইটামান ৰাইজৰ বাবে প্ৰকাশ কৰা হ’লঃ
  • ৰাহুলে ১ বছৰ গুজৰাটত থাকি গুজৰাটী মানুহক অধ্যয়ন কৰা উচিত।
  • ৰাহুলে বিয়া পাতিব লাগে। বিয়াৰ পিছত বহুতৰে ভাগ্য মুকলি হয়।
  • ৰাহুলে বিজেপিৰ হিন্দুত্বক প্ৰতিহত কৰিবলৈ নিজে ধুতি পৰিধান কৰিব পাৰে।
  • মোদী-শ্বাহৰ যুটিক প্ৰতিহত কৰিবলৈ ৰাহুলেও কাৰোবাৰ লগত সখি বান্ধিব লাগিব।
  • ৰাহুলে ঢোকলা, ফাফৰা খোৱা আৰম্ভ কৰক আৰু দান্দিয়া খেলক।
  • ৰাহুলে মাকৰ লগত নাথাকি অকলে থাকক। মাজে মাজে মিডিয়া লৈ গৈ মাকক সেৱা কৰক।
  • ৰাহুলে কেইদিনমান গুহাত থাকি ভগবানক আৰাধনা কৰক।
  • ৰাহুলে মনত সাহস দিব পৰা চিনেমা যেনে চক দে ইণ্ডিয়া, গডাৰ আদি চোৱা উচিত।
  • সিদ্ধু ঘৰলৈ আহিলে পিডিক এৰি দিব লাগে।
  • কেৰেলাৰ পৰা ৫০০০ মান মানুহ আনি গোটেই ভাৰতত বিতৰন কৰি দিব লাগে।