ৰাহুল গান্ধী ক’ত ? কি কৰিছে?

1702
‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


দলটোৰ নাম ভাৰতীয় জনতা পাৰ্টী। ২০১৯ লোকসভা নিৰ্বাচনত পালে ৩০৩ খন আসন। তথাপি দলৰ নেতাসকলে আৰাম লোৱা নাই। সভাপতিজনক দেশৰ গৃহমন্ত্রীৰ দায়িত্ব দিয়া হ’ল। কেইদিনমান পিছতে কাৰ্য্যকৰী সভাপতি ৰুপে নিৰ্বাচিত হ’ল জে.পি নদ্দা। মহাৰাষ্ট্ৰ, হাৰিয়ানা, ঝাৰখণ্ড আৰু দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ জোৰদাৰ প্ৰস্তুতি চলিছে। কৰ্ণাটকটো সৰ্বশক্তি প্ৰয়োগ কৰিছে। মুঠতে দলটোৰ নেতাসৱে জিৰণি লোৱা নাই। ২০১৯ নিৰ্বাচনৰ আগতে যেনে ধৰণে কাম চলিছিল এতিয়াও তেনেকৈ কাম চলিয়ে আছে। আনটো দলৰ নাম ভাৰতীয় জাতীয় কংগ্ৰেছ। একেলেঠাৰীয়ে দুটা লোকসভা নিৰ্বাচনত শোচনীয় প্ৰদৰ্শন। দলটোৰ সভাপতি কোন সেইটো কোনেও নাজানে। ৰাহুল গান্ধীয়ে নিজকে সভাপতি বুলি মানি লবলৈ অস্বীকাৰ কৰিছে। দলৰ নেতাসকলে তেওঁৰ পদত্যাগ গ্ৰহণ কৰিবলৈ ইচ্ছা কৰা নহয়। ফলত কংগ্ৰেছ দলত এতিয়া নেতৃত্বহীনতাই দেখা দিছে।
দলৰ এই দুৰ্বলতাৰ সুযোগ লৈছে অন্য দলে। কংগ্ৰেছৰ কৰ্মীসকল হতাশ হৈ অন্য দললৈ যাত্রা আৰম্ভ  কৰিছে। গোৱাত দহজনে দল এৰি বিজেপিত যোগদান কৰিছে। একেই পৰিস্হিতি তেলেংগানাত। তাত কংগ্ৰেছৰ দুই তৃতীয়াংশ বিধায়কে তেলেংগানা ৰাষ্ট্ৰীয় সমিতিত যোগ দিলে। কৰ্ণাটকত বিধায়কে ইস্তফা দি চৰকাৰৰ পতন ঘটালে। মহাৰাষ্ট্ৰত কংগ্ৰেছৰ বিৰোধী দলৰ নেতাজনে দলত্যাগ কৰিলে। কংগ্ৰেছৰ নেতৃত্বহীনতাৰ বাবে বিভিন্ন ৰাজ্যত নেতৃত্বৰ সংঘাট তুংগত উঠিছে। ৰাজস্হানত গেহলোট আৰু পাইলট, মহাৰাষ্ট্ৰত দেওৰা আৰু সঞ্জয় নিৰুপমৰ সংঘাতে চৰম পৰ্যায় পাইছে। ৰাহুল গান্ধী বা ছোনীয় গান্ধীৰ ফালৰ পৰা এই সংঘাতৰ সমাধান কৰিবলৈ কোনো প্ৰয়াস দেখা পোৱা নাই। এনেকুৱা লাগিছে যেন কংগ্ৰেছ দলটো কোনো দুৰাৰোগ্য ৰোগৰ চিকাৰ হৈছে। গান্ধী পৰিয়াল তথা ইয়াৰ নেতাসকলে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে এই দলটো কেতিয়াও আৰু ক্ষমতালৈ নাহে। তেওঁলোকে নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে। গণতন্ত্রৰ বাবে এইটো অশুভ লক্ষণ। শক্তিশালী বিৰোধীয়ে চৰকাৰক সঠিক দিশলৈ যোৱাত বাধ্য কৰায়। কংগ্ৰেছে অাৰু হয়তো মুৰ ডাঙি ঠিয় হ’ব নোৱাৰিব।