ৰাহুল ব্যৰ্থ..নেতৃত্বত শৰদ পাৱাৰ

1117

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অমিত শ্বাহ , জগত প্ৰকাশ নাদ্দা আৰু নৰেন্দ্ৰ মোদী। বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ দল বিজেপিৰ প্ৰথম তিনিজন ব্যক্তিৰ নাম লব লাগিলে এওঁলোকৰ নাম মনলৈ আহে। দেশৰ প্ৰধানমন্ত্রী, গৃহমন্ত্রী আৰু দলৰ সভাপতিৰ মাজত এটা সাদৃশ্য আছে। তিনিওজনৰ পৰিয়ালৰ কোনো ৰাজনীতিত নাছিল আৰু তিনিওজনে নিজৰ কষ্টৰ ফলত এই স্থান পাবলৈ সক্ষম হৈছে। এজন সাধাৰণ কাৰ্য্যকৰ্তা যিয়ে দলৰ পোষ্টাৰ লগায়, দলীয় সভা মেনেজ কৰে তেনে তৃণমূল কৰ্মীৰ মাজৰ পৰা উঠি আহি আজি দলৰ শীৰ্ষস্থান দখল কৰিছে। আনহাতে যদি আমি কংগ্ৰেছ দললৈ লক্ষ কৰো তাতো তিনিজন ব্যক্তিৰ হুকুম চলে। তেওঁলোক হ’ল ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। ছোনীয়া গান্ধীৰ সন্তান ৰাহুল আৰু প্ৰিয়ংকা। তেওঁলোক তিনিওজন ৰাজনীতিত প্ৰবেশ কৰিছে তেওঁলোকৰ পৰিয়ালৰ মানুহে তেওঁলোকৰ বাবে তৈয়াৰ কৰি থৈ দিয়া ৰাজনীতিৰ সাৰুৱা পথাৰখনৰ বাবে। এয়াই বিজেপি আৰু কংগ্ৰেছৰ পাৰ্থক্য। ইয়াতেই নিহিত হৈ আছে সকলো প্ৰশ্নৰ উত্তৰ কিয় বিজেপি দিনে দিনে অধিক শক্তিশালী হৈ গৈ আছে আৰু কংগ্ৰেছ কিয় অস্তিত্বৰ সংকটত ভূগিছে। এই সময়ত বিজেপিৰ ইতিহাসৰ সকলোতকৈ শক্তিশালী নেতা নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ দায়িত্ব লৈছে। তেওঁক প্ৰত্যহ্বান জনাইছে কংগ্ৰেছ দলৰ সৰ্বকালৰ দুৰ্বল সভাপতি ৰাহুল গান্ধীয়ে। এই কথা সকলোৱে বুজি পাইছে। কেবল বুজা নাই পুত্র স্নেহত অন্ধ হৈ থকা তেওঁৰ মাতৃ আৰু গান্ধী পৰিয়ালক তৈল মৰ্দন কৰি থকা কেইজনমান নেতাই। সেইবাবে এতিয়া কংগ্ৰেছৰ সহযোগী দল শিৱসেনাৰ পৰাই ইউ.পি.এৰ নেতৃত্বৰ সলনিৰ দাবী উঠিছে। সঞ্জয় ৰাউটে দলৰ মুখপাত্র সামনাত শৰদ পাৱাৰক ইউ.পি.এৰ নেতৃত্ব দিয়াৰ বাবে আহ্বান জনাইছে। ইউ.পি.এৰ দলবিলাকে এই কথাত সন্মতি নিদিলেও শিৱসেনাৰ দাবীৰ পৰা এই কথা স্পষ্ট যে ৰাহুল গান্ধী চুৰান্ত ব্যৰ্থ আৰু সমাগত সময়ত নেতৃত্ব সলনিৰ দাবী আৰু জোৰদাৰ হ’ব। ছোনীয়া গান্ধীয়ে যিমান সোনকালে পুত্রস্নেহ ত্যাগ কৰিব পাৰে তাতেই সকলোৰে মংগল।