ৰূপজ্যোতি কুৰ্মীৰ আগমন মাষ্টাৰ ষ্ট্ৰোক

1207
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


সাম্প্ৰতিক সময়ৰ গুৰুত্বপূৰ্ণ কৌতুহল “কেৱল সভাপতি পদ”নোপোৱাৰ ক্ষোভতেই দলত্যাগ কৰিলে নেকি কট্টৰ কংগ্ৰেছী ৰূপজ্যোতি কুৰ্মীয়ে? ইয়াৰ আৰতো আছে নেকি বিশেষ কোনো চৰ্চাৰ দিশ!স্বাভাৱিকতে প্ৰশ্নৰ উদ্ৰেক হয় একপ্ৰকাৰ কংগ্ৰেছৰ দুৰ্গত মোক্ষম আঘাত হানি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত মৰিয়নি সমষ্টিৰ সদ্যপদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপিত যোগদান কিহৰ ইংগিত! নিৰ্বাচন যোৱাৰ পিছতো কাৰ্যতঃ যেন কংগ্ৰেছৰ পিছ এৰা নাই দাদা বিগ্ৰেদ আৰু ৰাজ্যিক বিজেপিৰ থিংক টেংক।কাৰ্যতঃ মুখ্যমন্ত্ৰী ড:শৰ্মাই ৰাজ্যখনৰ প্ৰগতিৰ বাবে সকলোকে লৈ আগবঢ়াৰ পথত পূৰ্ববংগীয় পৃষ্ঠপোষকসকল অথবা অতি অভিলাষী সেইসকলৰ সৈতে আপোচকামী চৰিত্ৰ বহন কৰা সকলক বাদ দি যেন বিধানসভাটো খিলঞ্জীয়া একত্ৰিকৰণৰ লক্ষ্যৰে আগবাঢ়িছে।এই দিশত যেন বিচক্ষণ আৰু লক্ষ্য সন্মুখত ৰাখি আগবঢ়া মুখ্যমন্ত্ৰী ড:শৰ্মাই আগ্ৰাসীৰূপেৰে পূৰ্ব অভিজ্ঞতা তথা সকলো ধৰণৰ সুসম্পৰ্কক পুনৰুজ্জীৱিত কৰণৰ প্ৰতি গভীৰ মনোনিৱেশৰ তাৎপৰ্যপূৰ্ণ সংকেত প্ৰেৰণ কৰিছে।গোলাঘাটৰ শক্তিশালী কংগ্ৰেছ বিধায়িকা অজন্তা নেওঁগক নিৰ্বাচনী প্ৰাকক্ষণত ভাজপা দললৈ আদৰা তথা বিজেপিৰ টিকটত বিজয় লাভ সহ পৰৱৰ্তী সময়ত মন্ত্ৰীত্ব প্ৰদানেৰে উপযুক্ত সন্মান প্ৰদান এফালে যেনেকৈ ভাজপাৰ বিচক্ষণতা আনফালে নিৰ্বাচনী প্ৰাকক্ষণতে কংগ্ৰেছৰ কঁকালত মৰ কোব শোধোৱা গদা ঘূৰোৱাজন কোন ৰাইজে নক’লেও বুজিব।মূলতঃ কংগ্ৰেছ দলটোৰ নাড়ী নক্ষত্ৰৰ গভীৰ উমান থকা ড:শৰ্মাই আভ্যন্তৰীণ বেমেজালিৰ সময়তে যেন কংগ্ৰেছৰ শেহতীয়া ৰাজনৈতিক দৰ্শনৰ প্ৰতি বীতশ্ৰদ্ধ একাংশ বিধায়কক ভাজপালৈ আদৰি খিলঞ্জীয়া পক্ষ অধিক সৱল কৰি তুলিবলৈ তৎপৰ হৈ পৰিছে।কংগ্ৰেছত সম্প্ৰতি খিলঞ্জীয়াই উশাহ ল’ব নোৱাৰা অৱস্থা বুলি একাংশ কংগ্ৰেছ নেতাই কংগ্ৰেছ-এ ইউ ডি এফৰ মিত্ৰতাৰ পৰৱৰ্তী সময়তে উষ্মা প্ৰকাশ কৰা দেখা গৈছিল।মূলতঃ চাহ জনগোষ্ঠীৰ অন্যতম শক্তিশালী নেতা তথা মৰিয়নি সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দৰে মজ্জাগতভাৱে কংগ্ৰেছীৰো যেন ধৈৰ্যচ্যুতি ঘটিছিল।নিৰ্বাচনৰ সময়তে অংকিতা দত্তইও শীৰ্ষ নেতৃত্বৰ পৰা যথোচিত সহায় নোপোৱা বুলি উল্লেখ কৰা বোধহয় অসমৰ ৰাইজৰ মনত আছে।মেডিয়া ষ্টান্টমেন হিচাপে কুৰ্মীয়ে সময়ে সময়ে কিছু বিভ্ৰান্তিকৰ আচৰণ কৰি আহিলেও জনাই জানে বুজাই বুজে শূণ্য সময়তো ৰাজনীতিত হাইলাইট হোৱাৰ সেইবোৰ কৌশলহে।কিন্তু তাৰ অৰ্থ এইটো কাহানিও নাছিল যে ৰূপজ্যোতি কুৰ্মী ৰাজনৈতিকভাৱে অপৰিপক্ক।বৰঞ্চ অত্যন্ত পৰিপক্কতাৰে কুৰ্মীয়ে আবেগ পৰিহাৰি কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত ল’লে এনে এক সময়ত যি সময়ত এ ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে।সম্ভৱতঃ অচিৰেই আৰু কেবাজনো শীৰ্ষ কংগ্ৰেছী বিজেপিমুখী হোৱাৰ সম্ভাৱনা আছে।এনে এক প্ৰেক্ষাপটত কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এ ইউ ডি এফৰে মিত্ৰতা সম্পৰ্কত সহমত বাহাল ৰখাৰ পৰিপ্ৰেক্ষিতত দলটোৰ অভ্যন্তৰত চিৰাল ফাট পৰিলক্ষিত হোৱাৰ সমান্তৰালকৈ মুষ্টিমেয় শীৰ্ষনেতাৰ আকোৰগোজালিত অতিষ্ঠ বহুজনৰ অস্থিৰ মগজুত নৱৰত্ন তেলেৰে শীতলীকৰণৰ দিশে আগবাঢ়ি গৈছে ভাজপা।একপ্ৰকাৰ দলত প্ৰাপ্য মৰ্যদা হৃত  হোৱাত আৰু দলৰ অৰাজকতাৰ ক্ষণত মুখ্যমন্ত্ৰী ড: শৰ্মাৰ “Action First and Fast”নীতিৰ প্ৰতি বিৰাট আগ্ৰহী তথা আশাবাদী হৈ পৰিছে এসময়ত “দাদা” ডঃ শৰ্মাৰ সান্নিধ্য প্ৰাপ্ত তথা তেওঁৰ প্ৰতি আস্থাশীল বহু কংগ্ৰেছী নেতা-নেত্ৰী।

প্ৰশ্ন হয় লোকসভা নিৰ্বাচনলৈ দিন আছে।চৰকাৰখন নতুনকৈ হৈছেহে।আনকালে দেখা যায় বিজয়ী দলে আন দলৰ অভ্যন্তৰৰ বিষয় লৈ সততে ইমান মূৰ নঘমায়।কিন্তু  এইবাৰ দেখা গৈছে নিৰ্বাচনৰ পিছতো বি পি এফ অথবা কংগ্ৰেছৰ পৰা বিজেপিলৈ যোগদানৰ ধাৰাটো অব্যাহত আছে আৰু বেছ আকৰ্ষণীয় ৰূপ গ্ৰহণ কৰিছে।কিন্তু কিয় এই কুচকাৱাজ?স্বয়ং মুখ্যমন্ত্ৰীয়ে হাজাৰটা সমস্যাৰ সৈতে মোকাবিলা কৰি থাকিও কুৰ্মীৰ যোগদান অনুষ্ঠানত উপস্থিত থাকি আন বহুকেইজনলৈ দিলে সেউজ সংকেত।অৱশেষত সেইজন ৰূপজ্যোতি কুৰ্মীয়ে যি বিধায়কৰূপে নিৰ্বাচিতও হৈছিল তেওঁ ভাজপাত যোগদান কৰিলে।এসময়ত ভাৰত মাতা কী জয় বুলি ক’বলৈ অস্বীকাৰ কৰা একেজন মানুহেই কেৱল ভাৰত মাতা কী জয় বোলাতেই ক্ষান্ত নাথাকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক ক্ষমা বিচাৰিবলৈও মানসিক প্ৰস্তুতি ল’লে।এই সকলোবোৰ পৰিঘটনাক সুচাৰুৰূপে আগবঢ়াই নিয়া মানুহজনেই সম্ভৱতঃ অসমৰ বৰ্তমানৰ তীক্ষ্ণ মেধাৰ মুখ্যমন্ত্ৰী গৰাকী।তেওঁ ভালকৈয়ে বুজি উঠিছে যে জনসংখ্যা বিষ্ফোৰণৰ জ্বালামুখীত বহি থকা জাতিটোক ৰক্ষা কৰিবলৈ হ’লে যি জনসংখ্যা নীতি আনিব লাগিব তাৰ সঠিক প্ৰণয়ন তথা ৰূপায়ণৰ  বাবে লাগিব খিলঞ্জীয়া একতা।চাহ জনগোষ্ঠী-নেপালী গোৰ্খাকে ধৰি অসমৰ বায়ু -পানী-মাটিৰ সৈতে একাত্ম হৈ পৰা সকল তথা ভিন্ন জনজাতি- জনগোষ্ঠীৰ প্ৰাপ্য প্ৰদানেৰে সমবিকাশ সম্ভৱ তেতিয়াহে হ’ব যেতিয়া বেদখল আৰু আগ্ৰাসন ৰোধ হ’ব।ভাষিক ভাৱে অসমীয়া আজি সংকটত।উন্নয়নৰ সমান্তৰালকৈ জনবিষ্ফোৰণ-লাভজেহাদ,ধৰ্ষণৰ বিৰুদ্ধে আইন প্ৰণয়ন,ছয় নং দফা ৰূপায়ণ,সমষ্টি পুনঃ নিৰ্ধাৰণ আদি বহু প্ৰত্যাহ্বান আছে।থলুৱাৰ সুৰক্ষাৰ দিশত বহু কৰণীয় আছে।ভালুকৰ সাঙী হৈ পৰা এন আৰ চি খনৰ পুনৰীক্ষণৰ বিষয়টো কৰণীয় আছে।সকলোতকৈ ডাঙৰ কথা সন্দেহযুক্ত অবৈধ সকলৰ প্ৰত্যাহ্বান তথা সেইসকলৰ পৃষ্ঠপোষক ৰাজনৈতিক-অৰাজনৈতিক নেতা-দল-সংগঠন তথা বুদ্ধিজীৱিৰ প্ৰত্যাহ্বান ওফৰোৱাৰ প্ৰত্যাহ্বান আছে।নিৰ্বাচনৰ সময়ৰ সভ্যতাৰ যুঁজখনৰ কথা যেন পাহৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই।সাধাৰণতে নিৰ্বাচনৰ বহু প্ৰতিশ্ৰুতি বতাহত উৰি অহা কমোৱা তুলাৰ লেখীয়া।আহে আৰু যায়।এইটো প্ৰতিটো ৰাজনৈতিক দলৰে ক্ষেত্ৰত স্বাভাৱিক।কিন্তু ড:শৰ্মাই যি সভ্যতাৰ যুঁজৰ কথা সভা সমিতিত কৈ আহিছে তাৰ লগত জড়িত আছে অসমৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকি স্বৰূপ একাধিক প্ৰত্যাহ্বান তথা সেই সকলো প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনাই অসম তথা অসমবাসীক সুৰক্ষা দিয়াৰ গুৰু দায়িত্ব।অৱশ্যেই এই দিশটোত সফল হ’বলৈ নিৰন্তৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি সম্ভৱতঃ ভাজপা চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে।প্ৰতিশ্ৰুতি ৰখাৰ পূৰ্বপৰিকল্পনাত ব্যস্ত নতুন চৰকাৰ।এয়া শুভলক্ষণ।
আগন্তুক সময়ত অসমত খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত সৱল পদক্ষেপৰ অংশস্বৰূপেই ভাজপাই খিলঞ্জীয়া একত্ৰিকৰণৰ চলমান প্ৰয়াস অব্যাহত ৰখাত দৃষ্টি নিক্ষেপ কৰিছে।সমান্তৰালকৈ ছিণ্ডিকেট-কলাবজাৰ-ঘোঁচ-পক্ষপাতিত্ব নচলিব জাতীয় সঁকিয়নি,ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান,চোৰাং গৰুৰ বেহা ৰোধৰ দিশত কঠোৰ নিৰ্দেশ তথা ধাৰাবাহিক বেদখল উচ্ছেদৰ লগতে জনসংখ্যা নীতি সন্দৰ্ভত ইতিবাচক পদক্ষেপৰ দায়বদ্ধতাৰ নিৰ্দেশেৰে বিচক্ষণ মুখ্যমন্ত্ৰী গৰাকীয়ে আপোচহীন স্থিতিৰ ইংগিত দিয়া পৰিলক্ষিত হৈছে।মূলতঃ এই সমূহ পৰিকল্পনাৰ সঠিক ৰূপায়নৰ দিশত অভিভাৱক মন্ত্ৰী তথা বিধায়কসকলক সাঙুৰি মন্ত্ৰীমিত্ৰ আদি সূত্ৰ সময়ত বৰ উপযোগী বিবেচিত হ’ব যেন ধাৰণা। নিজৰ দল অথবা মিত্ৰজোঁটৰ বাহিৰেও অন্য দলৰো শুভাকাঙ্খীক সাঙুৰি শক্তিশালী আৰু সুৰক্ষিত অসম গঢ়াৰ দিশত এক পৰিকল্পিত মাষ্টাৰ প্লেনৰ ৰূপায়নত ব্যস্ত অসমৰ চতুৰ বুদ্ধি মুখ্যমন্ত্ৰীগৰাকী।সম্ভৱতঃ ৰূপজ্যোতি কুৰ্মীৰ আগমন এনে এক মাষ্টাৰ ষ্ট্ৰোকেই।।ইতিবাচক প্ৰেক্ষাপটত আমাৰ শুভকামনা সদায়েই।