ৱান মেন শ্ব’ __ হিমন্ত বিশ্ব শৰ্মা

6063

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


বিধেয়ক খনৰ বিষয়ে   সাধাৰণ জনতা , মন্ত্ৰী – বিধায়ক , শিক্ষাবীদ , নেতা , ছাত্ৰ – চাকৰিয়ালৰ ৯০ % শতাংশৰ স্থিতি স্পষ্ট নহয় ।  যিকেইজন মিডিয়াৰ আগত আহিছে , তেওঁলোকৰ একাংশই আকৌ ইয়াৰ ভুল বাখ্যা দি আছে । এফালে  বিধেয়ক খনকলৈ প্ৰতিবাদ  হৈছে আনফালে বিধেয়ক খনৰ সমৰ্থনত একাংশই মুকলিকৈ সমৰ্থন দিছে । বিধেয়কৰ বিৰোধ কৰা বুদ্ধিজীবীৰ লিষ্ট খন দীঘল হৈছে বহুজন নামোজ্জ্বলা ব্যক্তিৰ দ্বাৰা । কিন্তু বিধেয়ক খনৰ সনৰ্থনত ওলাই অহা নাই অসমৰ সিংহ ভাগ বুদ্ধিজীবী । অতি আচৰিত ভাবে চৰকাৰৰ পক্ষক সমৰ্থন কৰি জনমত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে মাত্ৰ দুই তিনিজন বিজেপি নেতাই আৰু এই কামখিনিৰ নেতৃত্ব লৈছে হিমন্ত বিশ্ব শৰ্মাই । বিজেপি মহলত হিমন্ত বিশ্ব শৰ্মাৰ ভুমিকা আজিৰ সময়ত চৰ্চিত হৈছে । বিভিন্ন জনে এই সময়ছোৱাক কুৰুক্ষেত্ৰৰ যুদ্ধৰ লগত তুলনা কৰিছে । হিমন্ত বিশ্ব শৰ্মাক কৃষ্ণ , সৰ্বানন্দ সোণোৱালক অৰ্জুন আৰু ৰঞ্জিত দাসৰ ভুমিকাক যুধিষ্ঠিৰৰ  লগত তুলনা কৰিছে । আনহাতে বিধেয়কৰ বিৰোধ কৰা অখিল গগৈ আৰু হিৰেণ গোহাঁইৰ  ভুমিকাক বাওঁপন্থী আদৰ্শৰ কাৰণে ভাৰতক ইছলামিক ৰাষ্ট্ৰ গঠনৰ পোষকতা কৰা বুলি অভিযোগ কৰিছে আৰু আন ব্যক্তিসকলৰ ভুমিকাক পিতামহ ভীষ্ম , আচাৰ্য্য দ্ৰোণ , গুৰু কৃপাচাৰ্য্য , মহাৰথী কৰ্ণৰ লগত তুলনা কৰিছে ; যিসকলে জ্ঞানী -গুণী হোৱা স্বত্তেও অৰাজনৈতিক সংগঠনৰ পৰা লাভ কৰা মৰম আৰু সন্মানৰ প্ৰতিদান হিচাপে বিধেয়ক খনৰ বিৰুদ্ধে থিয় হ’ব লগাত পৰিছে । এইখিনিতে এটা কথা লক্ষ্যনীয় যে  বিধেয়কৰ সমৰ্থনত সৰৱ ভুমিকা লৈছে একমাত্ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁৰ সহযোগী হিচাপে ভুমিকা লৈছে জয়ন্ত মল্ল বৰুৱাই । জয়ন্ত মল্ল বৰুৱা ৰাইজৰ প্ৰতিনিধি নোহোৱা হেতুকে তেওঁৰ কথাই কিমান প্ৰভাব পেলাব পাৰিব সেইয়া স্পষ্ট নহয় । এই ক্ষেত্ৰত অসম চৰকাৰৰ আন মন্ত্ৰী বিধায়কৰ নিৰৱতাক কিন্তু ৰাইজে সন্দেহ কৰিবলৈ লৈছে । বৰ্তমান শাসকীয় দলটোৰ বিধায়ক বা মন্ত্ৰীৰ প্ৰায় অৰ্ধেক সংখ্যক প্ৰাক্তন জাতীয়তাবাদী  ছাত্ৰ নেতা । তৎস্বত্তেও তপন গগৈ ,  চন্দ্ৰমোহন পাটোৱাৰী   আদিৰ দৰে নেতাৰ দুৰ্বল স্থিতিক কেন্দ্ৰ কৰি  আন বিৰোধী দল বোৰে বিজেপি দলক আক্ৰমনৰ লক্ষ্য হিচাপে লৈছে ।
কিন্তু হিমন্ত বিশ্ব শৰ্মই বিধেয়কৰ যুঁজখন একক ভাবেই আগুৱাই লৈ গৈছে  । বিধেয়কৰ সমৰ্থনত তেওঁ ইতিহাসৰ পৰা বুটলি আনিছে জিন্না আৰু চাদুল্লাক ; বৰ্তমানৰ পৰা লৈছে আজমলক । যদি বিলখন ৰাজ্যসভাত থমকি ৰয় তেন্তে হিমন্ত বিশ্বৰ নাক বচাবলৈ জানো কেন্দ্ৰীয়  নেতৃত্বই  সংযুক্ত সংসদ ( Joint parliament)  জানো কৰিব ?  প্ৰতিপক্ষৰ অজস্ৰজন ৰথী মহাৰথীৰ লগত একক ভাবে যুদ্ধ দি সময়ত অৰ্জুন হ’ব পাৰিব নে অভিমন্যু হ’ব সেই বিচাৰ সময়ে কৰিব  __ ২০১৯ লোকসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত ।