- তাৰক দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
২০২৪ চনৰ নিৰ্বাচনৰ ফলাফলে বহুকেইটা কথা স্পষ্ট কৰি দিলে..
১) মুছলমান সকলে আজমলক বিদায় দি একচেটিয়া ভাবে কংগ্ৰেছক ভোট দিলে।
২) উজনিৰ হিন্দুসকলৰ মাজত বিজেপিৰ বিৰূদ্ধে কিছু অসন্তুষ্টি আছে।
৩) শক্তিশালী আহোম নেতা অবিহনে বিজেপিয়ে যোৰহাটত কংগ্ৰেছক পৰাভূত কৰিব নোৱাৰে।
যোৰহাটত গৌৰৱ গগৈৰ জয়ে কংগ্ৰেছক এক সঞ্জীবনী সুধা প্ৰদান কৰিলে। ২০১৪ৰ পৰা একেৰাহে সকলো নিৰ্বাচনত পৰাজিত হৈ থকা কংগ্ৰেছ দলে গৌৰৱৰ জয়ৰ মাজত বিচাৰি পালে এক আশাৰ বতৰা। সকলো কংগ্ৰেছীয়ে গৌৰৱ গগৈক নিজৰ নেতা মানি লৈছে। কংগ্ৰেছীসকলে আশা কৰে যে ২০২৬ত তেওঁলোকৰ চৰকাৰ হ’ব আৰু মুখ্যমন্ত্রী হ’ব গৌৰৱ গগৈ। আমি উল্লেখ কৰা কাৰণ তিনিটাত যদি বিজেপি দলে গুৰুত্ব প্ৰদান নকৰে তেন্তে গৌৰৱ গগৈ ২০২৬ত মুখ্যমন্ত্রী হোৱাৰ সম্ভাবনা আছে। মুছলমানসকলে একচেটিয়াকৈ কংগ্ৰেছক ভোট দিয়াৰ ফলত কংগ্ৰেছ দলে প্ৰায় ২৬খন আসন লাভ কৰিব। সমষ্টি পুনৰনিৰ্ধাৰণৰ ফলত মুছলমান সংখ্যাগৰিষ্ঠ আসনৰ সংখ্যা হ্ৰাস পাইছে যদিও ২৬খন আসন গোটেই কম নহয়। এই কাৰণটোৰ লগত আহোমৰ অংকটো যোগ দিলে কংগ্ৰেছৰ আসন ৩৬লৈ বৃদ্ধি হয়। বিজেপিত থকা আহোম নেতা যেনে চক্ৰ গগৈ, যোগেন মোহন, সুশান্ত বুঢ়াগোহাঁই,তপন গগৈ আদিক আহোম ৰাইজে পচন্দ কৰা নাই। ফলত গৌৰৱ গগৈৰ চাহিদা বৃদ্ধি পাইছে। মুখ্যমন্ত্রীয়ে পলমকৈ হ’লেও এই কথা উপলব্ধি কৰি পবিত্ৰ মাৰ্ঘেৰিটাক আগুৱাই দিছে। এই প্ৰচেষ্টাই কিমান কাম দিব এয়া এবছৰমান পিছতহে গম পোৱা যাব। মুছলমান আৰু আহোমৰ সমৰ্থনত ৩৬খন আসন পোৱা কংগ্ৰেছক চৰকাৰ বনাবলৈ লাগে আৰু ২৭খন আসন। বিজেপিৰ পৰা হিন্দু ভোট টানিব নোৱাৰিলে কংগ্ৰেছৰ পক্ষে চৰকাৰ বনোৱা সম্ভব নহ’ব। কংগ্ৰেছক এইক্ষেত্রত সহায় কৰিব পাৰে বিজেপিত এলাগী হোৱা পুৰণি বিজেপিবোৰে। ৰামপ্ৰসাদ শৰ্মা আৰু মীৰা বৰঠাকুৰৰ পিছত যদি কংগ্ৰেছে আৰু একডজনমান প্ৰাক্তন বিজেপিক দলত যোগদান কৰাব পাৰে তেন্তে কিছু হিন্দু ভোট কংগ্ৰেছে ফালে যাব পাৰে। যোৰহাটত ইতিমধ্যে বিজেপিৰ বিৰূদ্ধে অসন্ত্তষ্টি আৰম্ভ হৈছে। এই অসন্ত্তষ্টিক যদি কংগ্ৰেছে ইয়াৰ কাষৰীয়া লোকসভা সমষ্টি যেনে ডিব্ৰুগড়, কাজিৰঙা, তেজপুৰ আদিলৈ বিয়পাই দিব পাৰে তেন্তে কংগ্ৰেছৰ আসনৰ সংখ্যা বৃদ্ধি পাব। কংগ্ৰেছৰ বাবে সকলোতকৈ প্ৰত্যহ্বান হ’ব বৰাকৰ হিন্দু সমষ্টিবিলাক, কাৰ্বি পাহাৰ, নলবাৰী আৰু কামৰূপ। বৰাক আৰু কাৰ্বি পাহাৰত বিজেপিয়ে নিজৰ ভেটি শক্তিশালী কৰি ৰাখিছে। আনফালে কামৰূপ, নলবাৰী তথা নামনিৰ হিন্দুবহুল সমষ্টিত বংগদেশীয় মুছলমানৰ আগ্ৰাসনৰ ফলত কংগ্ৰেছে ভোট পোৱাৰ সম্ভাবনা কম। AMU (Ahom, Muslim, Upper) ফৰ্মুলাত কংগ্ৰেছ চলিব লাগিব। গৌৰৱ গগৈ মুখ্যমন্ত্রী হ’ব লাগিলে যোৰহাটৰ লগতে গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ ,লক্ষীমপুৰ , ধেমাজি আদিতো কংগ্ৰেছে চুইপ কৰিব লাগিব।