এখন বাতৰি কাকত আৰু তাৰ স্বত্বাধিকাৰীয়ে বিজেপিক হৰুৱাবৰ বাবে পূৰ্ণদমে চেষ্টা কৰি আছে। বাতৰি কাকতত চৰকাৰ বিৰোধী লেখত ক্ষান্ত নাথাকি তেওঁ নিজৰ কৰ্মচাৰীৰ হতুৱাই কিতাপ এখনো লেখি উলিয়ালে। এইবাৰ আমাৰ অ’পিনিয়ন প’লৰ প্ৰশ্ন হ’ল _এখন বাতৰি কাকতে চৰকাৰ সলনি কৰিব পাৰে নেকি? আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক।
ড° শৰ্মাৰ প্ৰথম পৰাজয়
- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
১৯৯৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ড° হিমন্ত বিশ্ব শৰ্মা ভৃগু কুমাৰ ফুকনৰ হাতত পৰাজিত হৈছিল। তাৰ পিছত ২০০১ৰ পৰা ড° শৰ্মা একেৰাহে ৫ বাৰ জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত বিজয়ী হৈ বিধানসভাৰ আসন শুৱনি কৰে। ২০১৫ত বিজেপিত যোগদান কৰাৰ পিছত ড° শৰ্মাই কেন্দ্ৰীয় নেতৃত্বৰ পৰা বহুতো গুৰুদায়িত্ব লাভ কৰে। ইয়াৰ ভিতৰত আছিল ২০১৬ আৰু ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচন, ২০১৯ আৰু ২০২৪ৰ অসমৰ সমষ্টি সমূহৰ লোকসভা নিৰ্বাচন, মণিপুৰ আৰু ত্রিপুৰাৰ বিধানসভা নিৰ্বাচন ইত্যাদি। এই সকলোবোৰ নিৰ্বাচনতে ড° শৰ্মাই নিজৰ ৰাজনৈতিক বিচক্ষণতা দেখুৱাই বিজেপিক জয়ী কৰাবলৈ সক্ষম হয়। কেন্দ্ৰীয় নেতৃত্বই সেয়েহে তেখেতক প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ ৰাজ্য ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দায়িত্ব দিয়ে। নিৰ্বাচনী ফলাফলত দেখা যায় যে ঝাৰখণ্ডত বিজেপিৰ শোচনীয় পৰাজয় হয়। বিজেপিত যোগদানৰ পিছত ড° শৰ্মাৰ এইটো প্ৰথম পৰাজয়। ঝাৰখণ্ডত বিজেপি পৰাজিত হোৱাৰ ৩ টা কাৰণ আমি তলত উল্লেখ কৰিছো।
হেমন্ত চোৰেনৰ জেলঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনক ইডিয়ে জেলৰ পঠোৱাৰ পিছত তেখেতৰ প্ৰতি ৰাইজৰ মনত সহানুভূতিৰ জন্ম হয়। ঝাৰখণ্ড মুক্তি মোৰ্চাই ইয়াক আদিবাসী বনাম অ-আদিবাসীৰ চোলা পিন্ধাবলৈ সক্ষম হয়।
কল্পনা চোৰেনঃ হেমন্ত চোৰেন জেলত যোৱাৰ পিছত তেখেতৰ পত্নী কল্পনা চোৰেনে দলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজনৈতিক নেতা ৰূপে এই সময়ত কল্পনাৰ মেধাৰ উমান পোৱা যায়। কল্পনাই মহিলা ভোটাৰক নিজৰ সপক্ষে আকৰ্ষিত কৰিবলৈ সক্ষম হয়।
স্থানীয় নেতাৰ অভাবঃ ঝাৰখণ্ড বিজেপিত স্থানীয় নেতাৰ অভাৱ দেখা যায়। বিজেপিৰ দুই মুখ্য নেতা দলবাগৰাৰ বাবে জনাজাত। প্ৰাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডী বিজেপি এৰি অন্য দলত যোগদান কৰি পুনৰ বিজেপিলৈ ঘূৰি আহিছে। আনজন নেতা চম্পাই চোৰেনে নিৰ্বাচনৰ কিছুদিন আগতে বিজেপিত যোগদান কৰিছে। সেয়েহে ৰাজ্যত কেন্দ্ৰীয় নেতৃত্বই ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অধিক ভৰসা কৰিছিল। ড° শৰ্মা তাত এমাহ বাহৰ পাতি আছিল। নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে ঝাৰখণ্ডৰ বাতৰি কাকতৰ শিৰোনামা দখল কৰিছিল। এটা সময়ত ড° হিমন্ত বিশ্ব শৰ্মাক বহুতে ঝাৰখণ্ডৰ মুখ্যমন্ত্রী বুলি ভাবিবলৈ ধৰিছিল। স্থানীয় নেতাৰ অভাৱ ঝাৰখণ্ডত বিজেপিৰ পৰাজয়ৰ অন্যতম কাৰণ।
প’লিং এজেন্টজন আজি গৃহমন্ত্ৰী!
- তাৰক দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
১৫ এপ্ৰিল , ভুৱনেশ্বৰ ,শনিবাৰ ২০১৭ । উত্তৰ প্ৰদেশত নিৰ্বাচন জয়ী হোৱাৰ এমাহ পিছত । ‘১৩ খন ৰাজ্য আৰু কেন্দ্ৰত আমাৰ চৰকাৰ থকা স্বত্তেও আমি আমাৰ সফলতা পোৱা নাই । প্ৰতিটো পঞ্চায়তৰ পৰা পাৰ্লিয়ামেন্ট , দক্ষিণৰ পৰা পুবলৈ প্ৰতিখন ৰাজ্যত আমাৰ দলৰ চৰকাৰ গঠন নোহোৱালৈকে আমি আৰাম কৰিব নোৱাৰো ‘, বিজেপি সভাপতি অমিত শ্বাহৰ ঘোষণা আছিল । অমিত শ্বাহৰ জন্ম বোম্বাই ( মুম্বাই) চহৰত । জন্ম মুম্বাই চহৰত হ’লেও অমিত শ্বাহৰ পৰিয়ালৰ মুল ঘৰ আছিল আহমদাবাদৰ ওচৰৰ এখন সৰু ঠাই ‘ মনচা ‘ ত । পৰিয়াল আছিল ৰজাৰ অৰ্থনৈতিক উপদেষ্টা । ডাঙৰ ৰাজপ্ৰসাদত অমিত শ্বাহৰ পৰিয়ালে বাস কৰিছিল । ঐশ্বৰ্য্যশালী পৰিয়াল এটাত জন্ম গ্ৰহণ কৰা অমিত শ্বাহ কিন্তু ৰাজপ্ৰসাদত ডাঙৰ দীঘল
নহ’ল । হিন্দুস্তান টাইমৰ সাংবাদিক পেট্ৰিক ফিন্সক দিয়া এটা ইনটাৰভিউত অমিত শ্বাহে কৈছিল যে তেওঁৰ ককাকৰ ইচ্ছা আছিল নাতিজন
গাওঁৰ সাধাৰণ পৰিবেশ এটাত ডাঙৰ হ’ব লাগিব । সৰুৰ সময়ছোৱাত তেওঁ স্কুলীয়া শিক্ষাক গুুৰুত্ব দিয়া নাছিল । ৰাষ্ট্ৰীয় স্বয়ংসেৱবক সংঘৰ শাখাত গৈছিল আৰু তাত হোৱা খেল ধেমালি , বৈঠক , ভক্তিমুলক আৰু সংস্কাৰমুলক কাম কাজতেই দিনৰ বেছি ভাগ সময় ব্যস্ত আছিল । ১৫-১৬ বছৰ বয়সত আহমদাবাদত বাইও কেমেষ্ট্ৰীত নামভৰ্তী কৰে আৰু পৰিয়ালৰ ব্যৱসায়ত সোমাই পৰে । সেই সময়ছোৱাতে ব্যৱসায়তকৈ তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত বেছিকৈ জড়িত হয় আৰু পিছলৈ বিজেপিত যোগ দিয়ে ।
দলীয় দায়িত্ব হিচাপে তেওঁ প্ৰথম দায়িত্ব পায় এজন প’লিং এজেন্ট , আহমদাবাদৰ নাৰপাৰা অঞ্চলত । ১৯৮৯ চনৰ পৰাই লালকৃষ্ণ আডবানিৰ নিৰ্বাচনত ক’অৰ্দিনেটৰ হিচাপে দায়িত্ব লয় ।
৯০ ‘ দশকৰ মাজ ভাগত অমিত শ্বাহে কংগ্ৰেছৰ দখলত থকা গুজৰাটৰ ডায়েৰী ফাৰ্ম সমবায় সমিটি , গুজৰাটৰ ক্ৰিকেট এছোচিয়ে্চন , কোঅপাৰেটিভ বেংক আদি প্ৰতিটো গ্ৰাছ ৰুটৰ লগত জড়িত সন্থাত বিজেপিৰ আধিপত্যত আনে । এইয়াই আছিল গুজৰাটৰ বিজেপি দলৰ প্ৰথম আৰম্ভণী । লাহে লাহে বিজেপিয়ে সৰু সৰু নিৰ্বাচনবিলাক জিকাৰ সোৱাদ পায় । ১৯৯৭ চনৰ পৰা একেৰাহে ২০১২ লৈ বিধানসভা নিৰ্বাচনত অমিত শ্বাহ জয়ী হৈছে আৰু প্ৰতিবাৰ জয়ী হৈছে অধিক ভোটৰ ব্যৱধানত । প’লিং এজেন্টৰ পৰা আৰম্ভ কৰি ২০০২ ত গুজাৰটৰ গৃহ মন্ত্ৰী হোৱা অমিত শ্বাহ কিন্তু নিজৰ ৰাজ্যতে জেলত সোমাব লগীয়া হ’ল । ২০১০ চনত চহৰাবূদ্দিন মাৰ্দাৰ কেচত অমিত শ্বাহ গ্ৰেপ্তাৰ হয় । লষ্কৰ ই তৌবা গোটৰ সদস্য বুলি দাবী কৰা ঘটনাটোত চিবিআই অমিত শ্বাহৰ পিছত লাগে । যিটো সময়ত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিল । গ্ৰেপ্তাৰৰ তিনি মাহ পিছত জামিন পালেও আদালতে অমিত শ্বাহক গুজৰাটত থকাৰ অনুমতি নিদিলে । কোৰ্ট বন্ধ থকা স্বত্তেও জাষ্টিষ আফতাব আলমে নিজৰ বাসগৃহত এখন পেটিচনৰ শুনানি লৈ অক্টোবৰ মাহৰ বন্ধৰ দিনটোত অমিত শ্বাহক গুজৰাটৰ পৰা বিতাৰণ কৰা এটা নিৰ্দেশ বাহিৰ কৰে । এইয়াই আছিল অমিত শ্বাহৰ নিজ গৃহৰ পৰা বিতাৰণ । ২০১০ চনৰ পৰা ২০১২ চনলৈ দিল্লীৰ গুজৰাট ভৱনৰ কোঠা এটাত অমিত শ্বাহ আৰু তেওঁৰ পত্নীয়ে দিন কটায় । নিজৰ সন্তান আৰু পৰিয়ালৰ আন সদস্যক আহমদাবাদত এৰি থৈ গুজাৰটৰ প্ৰাক্তণ গৃহ মন্ত্ৰী দুই বছৰৰ বাবে গৃহহীন দিন কটায় । পিছলৈ উচ্চতম ন্যয়ালয়ৰ হস্তক্ষেপত সকলো দোষৰ পৰা দোষমুক্ত হৈ পুনৰ ২০১২ চনত গুজৰাট বিধান সভা নিৰ্বাচনত বিপুল ভোটত জয়ী হৈ পুনৰ বিধান সভা কক্ষত প্ৰবেশ কৰে ।
সকলো অভিযোগৰ পৰা কোৰ্টে মুক্ত কৰিলেওঁ অমিত শ্বাহৰ ওপৰত চলা ষড়যন্ত্র উন্মোচিত কৰে এটা ভয়ংকৰ ঘটনাই । ২০০৮ ত মুম্বাই চহৰত হোৱা আক্ৰমণত অভিযুক্ত ডেভিদ হেডলি ওৰফে ডাউদ ছৈয়দ গিলানীয়ে যেতিয়া স্পষ্ট ভাবে স্বীকাৰ কৰে যে ইছৰাট জাহাই হেডলিক লষ্কৰৰ বিভিন্ন কামত সহযোগ কৰিছিল । এই দুটা বছৰেই আছিল অমিত শ্বাহৰ জীৱনৰ আটাইতকৈ দুৰ্দিন আৰু এই দুটা বছৰতেই অমিত শ্বাহৰ মুৰত গজালি মেলিছিল কংগ্ৰেছ ধ্বংসৰ ৰণকৌশল আৰু প্ৰতিশোধ ।
২০১২ ত বিজেপিয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গুজৰাটত পুনৰ চৰকাৰ গঠন কৰে । বিজেপি আৰু ভাৰতৰ কাৰণে সেইয়া আছিল টাৰ্ণিং পইন্ট । গুজৰাটত চৰকাৰ গঠনৰ পিছতেই ২০১৩ চনত দায়িত্ব লয় উত্তৰ প্ৰদেশৰ প্ৰভাৰী হিচাপত । লক্ষ্য আছিল সংগঠন ভাঙি যোৱা বিজেপি দলক উত্তৰ প্ৰদেশত শক্তিশালী কৰা আৰু ২০১৪ ত কেন্দ্ৰত চৰকাৰ গঠন কৰা । গুজৰাট চৰকাৰত কোনো দায়িত্ব নলৈ অমিত শ্বাহৰ উত্তৰ প্ৰদেশ প্ৰবেশ আছিল সম্পুৰ্ণ পৰিকল্পিত আৰু মিডিয়াৰ পৰা বহু দুৰত । উত্তৰ প্ৰদেশক অকণো চিনি নোপোৱা অমিত শ্বাহক প্ৰয়োজন হৈছিল কেইজনমান বিশ্বাসী কৰ্মীৰ । আৰ এছ এছে যোগান ধৰিলে এজন ৪৪ বছৰীয়া যুবক সুনিল বাঞ্চাল । এবিভিপিত কাম কৰি থকা বাঞ্চাল সেইসময়ত দিল্লীত কৰ্মৰত আছিল । উত্তৰ প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাদক আৰ এছ এছ স্বয়ংসেৱক সুৰেশ চোনীয়ে বাঞ্চালক ফোন কৰে আৰু বেগ এটাত কাপোৰ কানি বান্ধি হাইদৰাবাদলৈ আহিবলৈ নিৰ্দেশ দিয়ে । ১৫ জানুৱাৰী ২০১৪ , সুনিল বাঞ্চাল আৰু অমিত শ্বাহৰ প্ৰথম দেখা দেখি হয় দিল্লীত ; আৰম্ভ হয় কংস বধৰ ভাওঁনা । অমিত শ্বাহে উত্তৰ প্ৰদেশৰ ৰাজনীতিক অংকৰ খেল হিচাপে নধৰিলে , তেওঁ উত্তৰ প্ৰদেশত আৰম্ভ কৰিলে ৰসায়নিক বিক্ৰিয়াৰ খেল । ৰাজনীতিৰ হাইড্ৰজেন আৰু অক্সিজেনৰ খেলখনক তেওঁ লেব’ৰেটৰিলৈ লৈ গৈ নিজৰ ইচ্ছা অনুযায়ী কেতিয়াবা পানী কৰিলে আৰু কেতিয়াবা হাইড্ৰজেনক হাৱা কৰি উৰুৱাই দিলে । উত্তৰ প্ৰদেশত ২০১৪ ৰ নিৰ্বাচনত বিজেপিৰ সফলতাৰ কাৰণ আছিল অমিত শ্বাহৰ জাত-পাত একাকাৰ কৰা কেমেষ্ট্ৰী আৰু আৰ এছ এছৰ কৰ্মী যোগান । ২০১৪ ৰ পৰা ২০১৯ লৈ প্ৰতিবাৰেই নিউজ চেনেলৰ জ্যোতীষীসকলক আচৰিত কৰা প’লিং এজেন্টজন আজি হৈছে ভাৰতৰ গৃহমন্ত্ৰী।
দক্ষিণ ভাৰতৰ কিছু কথা
- পাৰ্থ সাৰথি দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
২০০০ চনৰ মে মাহত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পল্টন বজাৰ ৰেল ষ্ট্ৰেচনত বাংগালোৰ ( নতুন নাম বেংগালুৰু) অভিমুখী ৰেলত উঠো। ৰবিবাৰে ৰাতিপুৱা ৬ বজাত গুৱাহাটীত আৰম্ভ হোৱা এই যাত্রা কলিকতা,ভুৱনেশ্বৰ, বিচাখাপট্টনম, চেন্নাই হৈ প্ৰায় ৬১ ঘন্টা পিছত মঙলবাৰ সন্ধিয়া ৭ বজাত বাংগালোৰ চেন্ট্ৰেল ষ্টেচনত সমাপ্ত হয়। যি সময়ত অসমত প্ৰচণ্ড গৰম আছিল সেই একে সময়তে বাংগালোৰৰ বতৰ আছিল সুখকৰ। সেই সময়লৈকে মই দক্ষিণ ভাৰতৰ গোটেইকেইখন ৰাজ্যৰ খান-পান, বতৰ, সংস্কৃতি সকলো একে বুলি ভাবিছিলো। কিন্তু কিছু বছৰ তাত থকাৰ পিছত বুজিলো যে দক্ষিণ ভাৰতৰ চাৰিখন ৰাজ্য কৰ্ণাটক,কেৰেলা, তামিলনাডু আৰু অবিভক্ত অন্ধ্ৰপ্ৰদেশ এখনতকৈ আনখন বহু ক্ষেত্রত পৃথক। ৰাজ্য চাৰিখনৰ মাজত কিছু সাদৃশ্যও নথকা নহয়, উদাহৰণ স্বৰূপে তাৰ মানুহবিলাকে সাধাৰণ ভাবে জীৱন যাপন কৰি ভাল পায়। মানুহবিলাক বৰ বেছি উগ্ৰ নহয়। পঢ়া-শুনা, উদ্যোগ আদি ক্ষেত্রত ৰাজ্যকেইখন যথেষ্ট আগবঢ়া। গোটেইকেইখন ৰাজ্য সমৃদ্ধিশালী আৰু ইয়াৰ জি.ডি.পি ৰাষ্ট্ৰীয় গড় জিডিপিতকৈ বেছি। ইয়াত বহুতো হিন্দু ৰজাৰ শাসন চলিছিল বাবে মঠ মন্দিৰৰ সংখ্যা বেছি। যোৱা কেইটামান দশকত অৱশ্যে ইয়াৰ কিছুমান অঞ্চলত ব্যাপক ধৰ্মান্তৰকৰণ হৈছে। অনুসুচিত জাতিৰ বহুলোকে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈও কিন্তু নিজৰ হিন্দু নাম সলনি কৰা নাই। আনুষ্ঠানিকভাবে ভাবে অনুসুচিত জাতিৰ পৰা গৈ খ্ৰীষ্টান ধৰ্মত দিক্ষিত হ’লে চৰকাৰী সুবিধা হেৰুওৱাৰ ভয়ত মানুহে এই পন্থা বাচি লয়। গণেশ, কাৰ্তিক, শিৱা আদি নামৰ কিছুমান মানুহো তাত আচলতে খ্ৰীষ্টান। কেৰেলাৰ বহু জিলাৰ লগতে, কৰ্ণাটকৰ মাংগালোৰ, তামুলনাডুৰ ঠোথুকুৰি, অন্ধ্ৰৰ গোদাৱৰীত ব্যাপক হাৰত ধৰ্মান্তৰকৰণ হৈছে। মই বাংগালোৰত প্ৰায় ১৫ বছৰ আছিলো। পঢ়া আৰু চাকৰি কৰা সময়ত এই গোটেইকেইখন ৰাজ্যৰ বহু যুৱকৰ লগত বন্ধুত্ব হৈছিল। তেওঁলোকৰ পৰা ৰাজ্যকেইখনৰ বহু নজনা কথা জানিবলৈ সক্ষম হ’লো। মই নিজে গোটেইকেইখন ৰাজ্য ভ্ৰমণ কৰাৰো সুযোগ লাভ কৰিলো। এই নিবন্ধটোত দক্ষিণ ভাৰতৰ ৰাজ্য কেইখনৰ কিছু তথ্য ডাঙি ধৰিবলৈ প্ৰয়াস কৰিলো।
কৰ্ণাটকঃ কৰ্ণাটকৰ অৰ্থ হ’ল ‘Land of black soil’, কলা মাটিৰ দেশ। ১ নৱেম্বৰ ১৯৫৬ত কৰ্ণাটক ৰাজ্যৰ জন্ম হয়। ইয়াৰ নাম প্ৰথমতে মহিশুৰ( মাইছোৰ) আছিল। ১৯৭৩ চনত ইয়াক কৰ্ণাটক নাম দিয়া হয়।প্ৰত্যেক বছৰে ১ নৱেম্বৰৰ দিনা ‘কৰ্ণাটক ৰাজ্য উৎসৱ’ ধুম ধামেৰে পালন কৰা হয়। কৰ্ণাটক ৰাজ্যৰ এখন নিজা পতাকা আছে। হালধীয়া আৰু ৰঙা ৰঙৰ পতাকাখন ৰাজ্যবাসীৰ গৌৰৱৰ প্ৰতীক। ইয়াৰ মুল ভাষা কানাড়া।ভাৰত এখন কৃষি প্ৰধান ৰাজ্য যদিও কৰ্ণাটকৰ কথা অলপ সুকীয়া। ইয়াৰ মানুহৰ আয়ৰ মুল উৎস চাকৰি। জিডিপিত ৬৬% চাকৰিৰ আৰু ১২% কৃষিৰ অবদান আছে।
কৰ্ণাটকৰ ৰাজধানী বাংগালোৰ অকল ভাৰতৰে নহয়, গোটেই বিশ্বৰে এখন লেখত লবলগীয়া চহৰ। ইয়াত গোটেই ভাৰতবৰ্ষৰ পৰা লাখ লাখ মানুহ আহি কৰ্ম সংস্থান লাভ কৰিছে। Silicon Valley নামে খ্যাত চহৰখনত ৱিপ্ৰো, ইনফোছিছ,বায়োকোন ফ্লিপকাৰ্টৰ দৰে বহুতো কোম্পানীৰ মুখ্য কাৰ্য্যালয় আছে। কিছু বছৰ আগতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই আমেৰিকাৰ এখন স্কুলৰ ছাত্র-ছাত্রীক সকিয়াই দি কৈছিল “Work harder to beat the Bangalore challenge”
বাংগালোৰ এখন আধুনিক চহৰ। ইয়াত প্ৰচুৰ পৰিমাণে চপিঙ মল,পাব আদি আছে। পৰ্য্যটকৰ প্ৰধান আকৰ্ষন হৈছে বাংগালোৰৰ পৰা প্ৰায় ৩ ঘন্টা দুৰত অৱস্থিত মহিশুৰ চহৰ। ইয়াৰ মহিশুৰ পেলেছত তাজমহলৰ পিছত সকলোতকৈ বেছি পৰ্য্যটক আহে। মহিশুৰৰ নিচেই কাষতে থকা টিপু চুলতানৰ সমাধিস্থল আৰু বৃন্দাৱন গাৰ্ডেনটো পৰ্য্যটকৰ ভিৰ দেখা যায়। মহিশুৰৰ উপৰিও সাগৰ তীৰত থকা মাংগালোৰ আৰু ঐতিহাসিক হাম্পি চহৰ খুৱ জনপ্ৰিয়।
আজি কিছু বছৰ আগলৈকে তামিল, তেলেগু আদিৰ তুলনাত কানাড়া ছবি বহুত পিছ পৰি আছিল। সদ্যহতে কানাড়া ছবি KGF চিনেমাখনে গোটেই ভাৰততে সমাদৰ লাভ কৰিছে। তেওঁলোকৰ সকলোতকৈ জনপ্ৰিয় নায়ক হ’ল প্ৰয়াত ড° ৰাজকুমাৰ। তেখেত দাদা চাহেব ফাল্কে বটাৰে সন্মানিত আৰু তেখেতক কানাড়া মানুহে ভগবানৰ দৰে পূজা কৰে। তামিল বনদস্যু বিৰাপ্পানে ৰাজকুমাৰক অপহৰণ কৰাৰ পিছত তাত কানাড়া আৰু তামিল লোকৰ মাজত সংঘাত হৈছিল। কাবেৰী নদীৰ পানীক লৈও ৰাজ্য দুখনৰ মানুহৰ মাজত বৈৰী ভাব আছে। বাংগালোৰ চহৰত কানাড়া ভাষী লোকৰ সংখ্যা মাত্র ৪৪%। ইয়াত তামিল,তেলগু, মালায়ালম আদি প্ৰায়বোৰ ভাৰতীয় ভাষাৰ কথাছবি প্ৰদৰ্শিত হয়। অসমৰ পিছতে অসমীয়া ছবিৰ সৰ্ব বৃহৎ বজাৰখন বাংগালোৰত আছে। ৰত্নাকৰ,কাঞ্চনজংঘা,বিদুৰভাই আদি কেইবাখনো ছবি বাংগালোৰৰ ছবিঘৰ বিলাকত সফলতাৰে প্ৰদৰ্শিত হৈছে। কৰ্ণাটকত জন্ম লোৱা বহুতো অভিনেতা অভিনেত্রী যেনে ঐশ্বৰ্য্য ৰায় বচ্চন,শিল্পা চেট্টী, দিপিকা পাডুকোনে, গিৰিশ কান্নাড আদিয়ে হিন্দী ছবিত জনপ্ৰিয়তা অৰ্জন কৰিছে। ইয়াত হিন্দী ভাষাৰ প্ৰতি বিদ্বেষ তামিলনাডুৰ দৰে উগ্ৰ নহয়। কৰ্ণাটকৰ বহুতো মানুহে হিন্দী ক’ব পাৰে।
কৰ্ণাটকত প্ৰায় ৮৪% হিন্দু আৰু ১৩% মুছলমান মানুহ বাস কৰে। দক্ষিণৰ এইখন ৰাজ্যক বিজেপিৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। হিন্দুসকলৰ মুল জাতি দুটা হ’ল লিংগায়ট আৰু ভোক্কালিগা। ৰাজ্যখনত থকা ১৭% লিংগায়টৰ মাজত বিজেপিৰ জনপ্ৰিয়তা বেছি। বিজেপিৰ তিনিজন মুখ্যমন্ত্রী য়েদুৰাপ্পা, জগদীশ শেট্টাৰ আৰু বাসৱৰাজ বোম্মাই লিংগায়ট সম্প্ৰদায়ৰ। ১৫% ভোক্কালিগাৰ মাজত জনতা দল(চেকুলাৰ ) জনপ্ৰিয়। দেৱেগৌড়াৰ পৰিয়াল আৰু কংগ্ৰেছৰ উপ মুখ্যমন্ত্রী ডিকে শিৱকুমাৰ ভোক্কালিগা সম্প্ৰদায়ৰ। কৰ্ণাটকত অনুসুচিত জাতি প্ৰায় ১৭% আৰু ব্ৰাহ্মণ প্ৰায় ৭%। বিজেপি নেতা প্ৰয়াত অনন্ত কুমাৰ আৰু তেজস্বী সুৰ্য্যা ব্ৰাহ্মণ সম্প্ৰদায়ৰ পৰা অহা। লিংগায়ট আৰু ব্ৰাহ্মণৰ ভোট বিজেপিয়ে, ভোক্কালিগাৰ জনতা দলে আৰু মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰে। অনুসুচিত জাতি আৰু অন্যান্যৰৰ ভোট কংগ্ৰেছ আৰু বিজেপিৰ মাজত ভাগ হয়। সেয়েহে কৰ্ণাটকৰ নিৰ্বাচনত সদায় ত্রিকোণীয় যুঁজ দেখা যায়।
কেৰালা: দক্ষিণ ভাৰতত কৰ্ণাটকৰ পিছতে মোৰ প্ৰিয় ৰাজ্যখন হ’ল কেৰেলা। কেৰেলাৰ অৰ্থ হ’ল ‘ Land of coconut’ নাৰিকলৰ দেশ। কেৰেলাৰ ৫৮০ কিমি ভূমি সাগৰ তীৰত অৱস্থিত সেয়েহে ইয়াত প্ৰচুৰ পৰিমানে নাৰিকল আৰু মাছ পোৱা যায়। ইয়াৰ ৰাজ্যিক ভাষা মালায়ালম। ফুটবল আৰু মচালাৰ বাবেও কেৰেলা বিখ্যাত। ইয়াত চাৰিটা বিমান বন্দৰ আছে। এই গোটেইকেইটা আন্তৰ্জাতিক বিমান বন্দৰ। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ইয়াৰ বুজন সংখ্যক লোক ভাৰতৰ বাহিৰত থাকে। ইয়াৰ কিছু লোকে ডেকা বয়সত আৰৱ দেশ যেনে ডুবাই, কাটাৰ আদি দেশত মজদুৰ,ড্ৰাইভাৰ আদিৰ চাকৰি কৰি প্ৰচুৰ ধন উপাৰ্জন কৰি বৃদ্ধ কালত কেৰেলালৈ ঘুৰি আহে। কেৰেলাত ঘুৰা ফুৰা কৰিলে দেখা যায় যে ইয়াত যুৱকৰ সংখ্যা কম, বেছি ভাগেই বৃদ্ধ আৰু শিশু। কিছুমান যুৱক যুৱতীয়ে ইউৰোপ বা আমেৰিকালৈ গৈ নাৰ্চৰ চাকৰিও কৰে। এইখন প্ৰদেশত শিক্ষিত লোকৰ হাৰ ৯৬% আৰু ৯৯% লোকৰ থাকিবলৈ নিজা ঘৰ অাছে। ইয়াৰ প্ৰতিখন গাওঁত স্কুল আৰু হাস্পতাল আছে। প্ৰতিখন হাস্পতাল আধুনিক সা সুবিধাৰে সমৃদ্ধ। তেওঁলোকে আয়ুৰবেদক খুব বিশ্বাস কৰে। ইয়াত শিশুৰ মৃত্যুৰ হাৰ গোটেই ভাৰতৰ ভিতৰতে কম তথা ইয়াৰ মানুহৰ গড় আয়ুস ৭৫ বছৰ। ইয়াৰ মানুহে হাতীক খুব ভাল পায়।গোটেই ভাৰতৰ ভিতৰত কেৰেলাত সুৰাৰ বিক্ৰী সৰ্বাধিক হয়।
কেৰেলা পৰ্য্যটকৰ বাবে সদায় আকৰ্ষনৰ কেন্দ্ৰ। ইয়াত বহুতো সাগৰ তীৰৰ উপৰিও ৪৪ খন নদী আছে। মুনাৰ, এলেপী আদি ঠাইত অবসৰ বিনোদন কৰিবলৈ গোটেই পৃথিৱীৰ পৰা মানুহ ইয়ালৈ আহে। কেইবাখনো অসমীয়া বোলছবিৰো দৃশ্যগ্ৰহণ ইয়াত হৈছে। মালায়লম চিনেমাৰ এটা সুকীয়া নাম আছে । তামিল,তেলেগু আদি ভাষাৰ চিনেমাবোৰ ব্যৱসায়িক হয়। আনহাটে মালায়ালম চিনেমাবোৰে মনোৰঞ্জনৰ লগতে দৰ্শকক চিন্তাৰ খোৰাক যোগায়। মালায়লম ছবি দৃশ্যমক হিন্দীৰ লগতে আন কেইবাটাও ভাষাত পুনৰ নিৰ্মান কৰা হৈছে। মামুতী আৰু মোহনলাল হৈছে সকলোতকৈ জনপ্ৰিয় মালায়ালম চুপাৰষ্টাৰ। মালায়ালম ছবি দৃশ্যমত মোহনলালে অভিনয় কৰা চৰিত্রটো হিন্দী ছবি দৃশ্যমত অজয় দেবগনে অভিনয় কৰিছে।
কেৰেলাক Gods own country বুলিও জনা যায়। ইয়াত সকলো ধৰ্মৰে কিছুমান পবিত্র উপাসনা স্থল আছে। হিন্দুসকলৰ বাবে চবৰিমালা আৰু পদ্মনাভ মন্দিৰৰ মহত্ব আছে। ভাৰতৰ প্ৰথম মছজিদ ‘চেৰামান জুমা মছজিদ’ কেৰেলাতে স্থাপন কৰা হৈছিল। ভাৰতৰ প্ৰথম গীৰ্জাঘৰ হ’ল চেইন্ট থমাছ চাৰ্ছ। ইয়াৰো প্ৰতিস্থা হয় কেৰেলাত। কেৰেলাৰ মুঠ জনসংখ্যাৰ ৫৫% হিন্দু, ২৬% মুছলমান আৰু ১৮% খ্ৰীষ্টান। কেৰেলাৰ উত্তৰভাগ যেনে কাছাৰগড, মল্লাপুৰম, ৱাইনাৰ্ড আদিত মুছলমানৰ জনসংখ্যা বেছি। এৰনাকুলম আৰু কোটায়াম জিলাত প্ৰচুৰ পৰিমানে খ্ৰীষ্টান লোক বাস কৰে। আলাপুঝা জিলাত সকলোতকৈ বেছি ৬৮.৯% হিন্দু লোক আছে। কেৰেলাৰ নিৰ্বাচনত বহু বছৰৰ পৰা ইউদিএফ আৰু এলদিএফৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈ আহিছে। মুছলমান আৰু খ্ৰীষ্টান সকলৰ মাজত কংগ্ৰেছৰ মিত্রজোঁট ইউ.দি.এফৰ জনপ্ৰিয়তা বেছি। আনফালে বাওঁদলৰ এল.দি.এফক বেছিকৈ হিন্দুসকলে ভোট দিয়ে। এনদিএ কেৰেলাত ২০১১ত ৪.৩% , ২০১৬ত ১৪.৬% আৰু ২০২১ত ১২.৫% ভোট লাভ কৰে। ২০২৪ চনৰ লোকসভাত দলটোৰ প্ৰদৰ্শন কিছু উন্নত হয়। বিজেপিয়ে অকলে ১৬.৬৮% আৰু এনদিএ ১৯.২৪% ভোট লাভ কৰি প্ৰথমবাৰৰ বাবে ত্রিছুৰ লোকসভা আসনখন দখল কৰিবলৈ সক্ষম হয়। কেৰেলাৰ হিন্দু যুৱক সকলৰ মাজত বিজেপিৰ জনপ্ৰিয়তা বাঢ়িছে। বহু ঘৰৰ মাক-দেউতাকে বাওঁদলক ভোট দিয়ে যদিও সন্তানসকলে বিজেপিক ভোট দিয়ে।
তামিলনাডুঃ কিছু বছৰ আগৰ কথা। বাংগালোৰত এটা ষ্টেণ্ড আপ কমেডি শ্বোলৈ গৈছো। কমেডিয়ানজন আছিল তামিলিয়ান। তেওঁ প্ৰথমতে নিজৰ চিনাকি দিলে।
~ মোৰ ঘৰ তামিলনাডুত। তাৰ মানে মই এজন ইঞ্জিনিয়াৰ। আমাৰ ঘৰত তিনিজন ইঞ্জিনিয়াৰ আছে। ইয়াৰ কাৰণ হ’ল মোৰ মা-দেউতাৰ মাত্র তিনিটা সন্তান আছে।
তামিলনাডুত এক হাজাৰতকৈও অধিক ইঞ্জিনিয়াৰিং কলেজ আছে। ভাৰতবৰ্ষত প্ৰত্যেক বছৰে ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰা ছাত্রৰ ১৭% তামিলনাডু ৰাজ্যৰ। ডিগ্ৰী লাভ কৰাৰ পিছত বেছিভাগেই আমেৰিকালৈ গৈ চাকৰি কৰাৰ প্ৰচেষ্টা চলায়। তামিলনাডুত এটা মন্দিৰত প্ৰাৰ্থনা কৰিলে আমেৰিকাৰ ভিছা লাভ কৰে বুলি প্ৰবাদ আছে। সেই মন্দিৰটোক ভিছা মন্দিৰ বুলি জনা যায়। তামিলিয়ান সকলৰ অতিজৰে পৰা বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰতি আগ্ৰহ আছে। চি.ভি ৰমণ, ৰামানুজন,এপিজে কালামকে ধৰি বহু তামিলিয়ানে ভাৰতক সেৱা আগবঢ়াইছে। গুগলৰ CEO সুন্দৰ পিটছাই, টাটা গ্ৰুপৰ চেয়াৰমেন এন. চন্দ্ৰছেখৰনো তামিলিয়ান।
তামিলনাডুৰ ৰাজধানী হ’ল চেন্নাই। বাংগালোৰৰ পৰা চেন্নাইৰ দুৰত্ব মাত্র ৩৬২ কিলো মিটাৰ। কিন্ত চহৰ দুখনৰ মাজত বতৰৰ সাংঘাতিক পাৰ্থক্য আছে। চেন্নাইত আৰ্দ্ৰতা খুব বেছি। চেন্নাইৰ উঞ্চতা বাংগালোৰতকৈ ৫ পৰা ১০ ডিগ্ৰী অধিক হয়। প্ৰায় সকলোবোৰ চফটৱেৰ কোম্পানীৰ কাৰ্য্যালয় চেন্নাইত আছে। বিশ্ব বেংকেও নিজৰ এটা কাৰ্য্যালয় চেন্নাইন স্থাপন কৰিছে। চেন্নাইৰ মাৰিনা সমুদ্ৰ তীৰ বিশ্বৰ ভিতৰতে দ্বিতীয় সকলোতকৈ দীঘল সমুদ্ৰ তীৰ। চেন্নাইৰ পিছতে ইয়াৰ দ্বিতীয় বৃহত্তম চহৰ হ’ল কোয়ম্বটোৰ। চেন্নাইৰ বেছিভাগ ঠাইতে বতৰ গৰম যদিও কোয়ম্বটোৰত কিছু সকাহ পোৱা যায়। কোয়ম্বটোৰৰ পৰা ৮৫ কিমি দুৰত বিখ্যাত হিল ষ্টেচন উটি অৱস্থিত। আন্দাজ আপনা আপনা, ইস্ক, কুছ কুছ হোতা হ্যে, মেইনে প্যাৰ কিয়া, দিল চে, বৰফি আদি বহুতো জনপ্ৰিয় হিন্দী বোলছবিৰ দৃশ্যগ্ৰহণ ইয়াত হৈছে।
তামিলনাডুক জনা যায় অট’মবাইল হাব ৰূপে। ইয়াক Detroit of India বুলি কোৱা হয়। প্ৰায় প্ৰতিটো কোম্পানীয়ে ইয়াত গাড়ী নিৰ্মান কৰে। ইয়াৰ মানুহে কল খাই খুৱ ভাল পায়। আনকি বহুতে চাহৰ লগতো কল খায়। তামিলনাডুত মন্দিৰৰ সংখ্যা অধিক। ৰামেশ্বৰম আৰু মিনাক্ষী মন্দিৰ ইয়াৰ ভিতৰত অন্যতম। কণ্যাকুমাৰীত তিনিটা সাগৰৰ সংগম হৈছে। ই ত্রিৱেণী নামেৰে জনাজাত। তামুলনাডুৰ এআৰ ৰহমান, প্ৰভু দেৱা, কামাল হাছান,ৰজনীকান্ত আদি বলিউদটো খুৱ জনপ্ৰিয়।
ভাৰতৰ ৰাজনীতিত তামিলনাডুৰ গুৰুত্ব আছে। ৩৯ খন লোকসভাৰ আসন থকা তামিলনাডুত ৰাষ্ট্ৰীয় দল বিলাক শক্তিহীন। ইয়াত হিন্দু প্ৰায় ৮৭%, খ্ৰীষ্টান ৬% আৰু মুছলমান ৬%। কন্যাকুমাৰী আৰু ঠোথুকুৰিৰ মাছমৰীয়া সকলৰ মাজত ব্যাপক ধৰ্মান্তৰকৰণ হৈছে। আনুষ্ঠানিক ভাবে তেওঁলোকৰ বহুতে এতিয়াও অনুসুচিত জাতিৰ হিন্দু। তাত ৬৮% ওবিছি আৰু ২০% অনুসুচিত জাতিৰ লোক বসবাস কৰে। জয়ললিতাৰ মৃত্যুৰ আগত ১১% উচ্চ বৰ্ণ আৰু কিছু অবিছিৰ ভোট এআইএডিএমকে লাভ কৰিছিল। জয়ললিতাৰ মৃত্যুৰ পিছত ডিমকে শক্তিশালী হৈছে। যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে গোটেইকেইখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। বিজেপিয়ে আসন জিকিব নোৱাৰিলেও ১১.২৪% ভোট আৰু এনদিএ ১৮.২৮% ভোট লাভ কৰে। অনাগত দিনত তামিলনাডুৰ ৰাজনীতিয়ে কি দিশত গতি কৰে সেয়া লক্ষণীয় হ’ব।
অন্ধ্ৰ প্ৰদেশ: পোট্টি শ্ৰীৰামুলুক অন্ধ্ৰ প্ৰদেশত অমৰাজিৱী (অমৰ) বুলি জনা যায়। তেখেতে অন্ধ্ৰ প্ৰদেশ ৰাজ্য গঠনৰ বাবে ৫৬ দিন অনশন কৰি মৃত্যু বৰণ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে এই আন্দোলনৰ ওচৰত সেও মানি ১৯৫৬ চনৰ ১ নবেম্বৰত অন্ধ্ৰ প্ৰদেশ ৰাজ্য গঠন কৰে। ৰাজ্যখনক ভৌগলিক আৰু সাংস্কৃতিক ভাবে প্ৰধানকৈ তিনিটা অঞ্চলত বিভক্ত কৰা হয়। তেলেংগানা, ৰয়েল সীমা আৰু কোষ্টেল অন্ধ্ৰ। প্ৰতিটো অঞ্চলৰ খাদ্যভাস আৰু ৰীতি নীতি কিছু পৃথক। সমুদ্ৰৰ পাৰৰ জিলা যেনে বিশাখাপট্টনম, পূৱ গোদাবৰী, পশ্চিম গোদাবৰী আদি কোষ্টেল অন্ধ্ৰৰ অন্তৰ্ভুক্ত। ইয়াৰ মাটি সাৰুৱা তথা সাগৰীয় খাদ্য খাই মানুহে জীৱন নিৰ্বাহ কৰে। চিত্তুৰ, অনন্তপুৰ আদি জিলা ৰয়েলসীমাৰ ভিতৰত পৰে। এই অঞ্চলবিলাক কিছু শুকান হয়। ইয়াৰ মানুহে ডাইল জাতীয় খাদ্য খোৱা পচন্দ কৰে। ৰয়েল সীমাৰ মানুহবিলাকক অলপ উগ্ৰ বুলি জনা যায়। চিমা চিমহান (ৰয়েল সীমাৰ বাঘ) আদি তেলেগু চিনেমাত এই অঞ্চলৰ নায়কৰ বীৰত্ব দেখুওৱা হৈছে। ঐতিহাসিক ভাবে তেলেংগানা এক পৃথক অঞ্চল বুলি দাবী কৰি কে চন্ধ্ৰশেখৰ ৰাওে ২০০১ চনত তেলেংগানা ৰাষ্ট্ৰীয় সমিতি গঠন কৰে। ২০১৪ চনৰ ২ জুন তাৰিখে এক দীঘলীয়া অন্দোলনৰ পিছত অন্ধ্ৰ প্ৰদেশক বিভক্ত কৰা হয়। তেলেংগানাই ভাৰতৰ ২৯তম ৰাজ্যৰ স্বীকৃতি লাভ কৰে। ভাৰতৰ এক উল্লেখযোগ্য চহৰ হায়দৰাবাদ তেলেংগানাত অন্তৰ্ভুক্ত হৈছে। অমৰাবতীক অন্ধ্ৰৰ ৰাজধানী হিচাপে গঢ়াৰ প্ৰস্তুতি চলি আছে।
অবিভক্ত অন্ধ্ৰ প্ৰদেশত বহুতো মঠ মন্দিৰ আছে। ইয়াৰ তিৰুপতি মন্দিৰ দৰ্শন কৰি অভিভূত হৈছিলো। ভক্তৰ ইমান ভিৰ থকাৰ পিছতো সুন্দৰ ব্যৱস্থাৰ বাবে দৰ্শনাৰ্থীয়ে কষ্ট পোৱা নাছিল। হায়দৰাবাদ চহৰত নিজামৰ সংস্কৃতি দেখিবলৈ পোৱা যায়। চাৰমিনাৰ চাবলৈ মানুহে ভিৰ কৰে। গোটেই চহৰৰ ৰেষ্টুৰেন্ট বিলাকত বিৰিয়াণী আৰু হালিমৰ বেনাৰ তৰা আছে। আমি এবাৰ ইয়াত নিৰামিষ ভোজন বিচাৰি হাবাথুৰি খাইছিলো। তেলেগু ছবি ভাৰতৰ সকলো ভাষাৰ বোলছবিৰ ভিতৰত সকলোতকৈ বেছি সমৃদ্ধ। আনকি তামিল আৰু হিন্দী ভাষাৰ বোলছবিতকৈও তেলেগু বোলছবিৰ অভিনেতাই বেছি মাননী লাভ কৰে বুলি জনা যায়। ইয়াত বোলছবিৰ তাৰকাক ভগবানৰ দৰে পূজা কৰা হয়। নাগাৰ্জুন, ভেনকটেছ, চিৰঞ্জীবী, পৱন কল্যান, প্ৰভাছ,আলু অৰ্জুন, মহেশ বাবু , ব্ৰহ্মানন্দ আদিক গোটেই ভাৰতৰ মানুহে চিনি পায়। বাহুবলী, ওৱান্তেদ,পুস্পা, কবিৰ সিং,জুৰৱা আদি বহু হিট ছবি তেলেগুৰ পৰা হিন্দী ভাষাত পুনৰ নিৰ্মান কৰা হৈছে। ১০০০ তকৈ বেছি ছবিত অভিনয় কৰি তেলেগু অভিনেতা ব্ৰহ্মানন্দে বিশ্ব ৰেকৰ্ড গঢ়িছে।
অবিভক্ত অন্ধ্ৰত ৪২ খন লোকসভা আসন আছে। ইয়াত এটা সময়ত এন.টি.ৰামা ৰাওৰ তেলেগু দেশম দল আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল। পিছত তেলেগু দেশম দল বিভক্ত হ’ল আৰু দলৰ বাঘজৰী ৰামা ৰাওৰ জোৱাঁই চন্দ্ৰবাবু নাইডুৱে লাভ কৰিলে। আনফালে তেলেংগানা গঠনৰ পিছত চন্দ্ৰশেখৰ ৰাও তাৰ নায়ক হৈ পৰিল। কংগ্ৰেছ হাইকামাণ্ডৰ লগত মতবিৰোধ হোৱাৰ পিছত জগন মোহন ৰেদ্দীয়ে নতুন দল গঠন কৰিলে। বৰ্তমান তেলেংগানাত কংগ্ৰেছ চৰকাৰ আছে। বিজেপি দল দ্বিতীয় শক্তিশালী দল। চন্দ্ৰশেখৰ ৰাওৰ বিআৰএছৰ জনপ্ৰিয়তা বহুখিনি হ্ৰাস পাইছে। অন্ধ্ৰ প্ৰদেশত এনদিএৰ চৰকাৰ আছে। তাত জগনৰ YSRCP প্ৰধান বিৰোধী দল। দুয়োখন ৰাজ্যতে বিজেপিৰ শক্তি বৃদ্ধি পাইছে যদিও এতিয়াও বিশ্বাসযোগ্য কোনো চেহেৰা নাই। যোৱা কেইবছৰ মানত অন্ধ্ৰ প্ৰদেশত ব্যাপক ধৰ্মান্তৰকৰণ হৈছে। আনকি অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী জগন মোহন ৰেদ্দী আৰু তেওঁৰ পৰিয়ালেও খ্ৰীষ্টান ধৰ্মক বিশ্বাস কৰে।
চৰকাৰী ৰেকৰ্ডত অন্ধ্ৰ আৰু তেলেংগানা দুয়োখন ৰাজ্যত খ্ৰীষ্টান জনসংখ্যা ২%তকৈও কম। কিন্তু তাৰ বহু মানুহে দাবী কৰে কৰে যে আচলতে এই সংখ্যা ২০%ৰ কম নহয়।
সৰৱানা ভৱনত বিৰিয়াণী
- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
“সৰৱানা ভৱনত যদি বিৰিয়াণী বিক্ৰী কৰে তেন্তে চলিব নেকি?”
উদ্ধৱ ঠাকৰেৰ পৰাজয়ৰ বিশ্লেষণ কৰি ৰজত শেঠীয়ে কোৱা কথাশাৰ সঠিক হৈছ। সৰৱানা ভৱন দক্ষিণ ভাৰতৰ এখন বিখ্যাত ৰেষ্টুৰেন্ট। ইয়াৰ শাখা দিল্লী, মুম্বাই, লণ্ডন আদিতো আছে। সৰৱানা ভৱনত বিক্ৰী কৰা হয় বিশুদ্ধ নিৰামিষ আহাৰ।ইয়াত পোৱা দোছা, ইদলী, উপমা আদি খুব উন্নতমানৰ। সৰৱানা ভবনৰ পৰিচয়ে হ’ল ইয়াৰ বিশুদ্ধ নিৰামিষ ভোজন আৰু ইয়াৰ গ্ৰাহক সকলে ইয়াৰ খাদ্য পচন্দ কৰে। অহাকালি যদি সৰৱানা ভৱনে চিকেন বিৰিয়ানী বিক্ৰী কৰিবলৈ আৰম্ভ কৰে তেতিয়া ই নিজৰ পুৰণি গ্ৰাহকসকলক হেৰুৱাব। বিৰিয়াণীৰ বাবে ইতিমধ্যে প্ৰতিস্থিত ৰেষ্টুৰেণ্ট আছেই। গতিকে সৰৱানা ভৱন সফল হোৱাৰ সম্ভাবনা কম।
উদ্ধৱ ঠাকৰেৰ লগতো একেই ঘটনা সংঘটিত হৈছে। তেখেতৰ পিতৃ প্ৰয়াত বালাচাহেৱ ঠাকৰে আছিল হিন্দু হৃদয় সম্ৰাট। বাল ঠাকৰে ৰাম মন্দিৰৰ সমৰ্থন কৰিছিল, সাবৰকৰক পূজা কৰিছিল। শিৱ সেনাৰ পৰিচয় আছিল হিন্দুত্ব। কিন্তু তেখেতৰ পুত্রই যেতিয়া দলটোৰ আদৰ্শ বিসৰ্জন দি কংগ্ৰেছৰ লগত মিত্রতা কৰিলে তেতিয়াৰ পৰাই শিৱসেনাৰ পতন আৰম্ভ হ’ল। আজি শিৱসেনাই সাৱৰকৰক পাহৰি গ’ল আৰু হিন্দুত্বৰ কথাও ক’বলৈ ভয় কৰে। ফলত তেওঁলোকৰ ভোটাৰসকলো তেওঁলোকৰ পৰা আতৰি গ’ল। বিজেপিয়ে সুযোগ বুজি নিৰ্বাচনত বাল ঠাকৰেৰ বক্তব্যকে হাইলাইট কৰিলে। ‘বটেংগে টো কটেংগে’ বুলি উদাত্ত ভাষণ দিয়া বাল ঠাকৰেৰ শ্লোগানকে বিজেপিয়ে নিজৰ কৰি পেলালে। মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফলে আৰু এটা কথা স্পষ্টকৈ কৈ গ’ল। ৰাজনীতিত সফল হ’বলৈ অকল মাক-দেউতাকৰ নামেই যথেষ্ট নহয়।
চামগুৰি জয় বিজেপিৰ বাবে অভিশাপ?
- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
চামগুৰি বিধানসভাত উপ-নিৰ্বাচনত কংগ্ৰেছ দল পৰাজিত হ’ল। প্ৰায় ৬৫% মুছলমান ভোটাৰৰ বুজনসংখ্যকে ৰকিবুল হুছেইনৰ পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ বিৰোধ কৰিলে। এইটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ। চামগুৰিক নিজৰ পৈত্রিক সম্পত্তি বুলি ভবা হুছেইন পৰিয়ালক ৰাইজে উচিত শিক্ষা দিলে। ইয়াৰ পৰা প্ৰত্যেক ৰাজনৈতিক দলৰ নেতাসকলে শিকিবলগীয়া আছে। নিজৰ কাৰ্য্যকৰ্তাক গুৰুত্ব নিদি পৰিয়ালৰ লোকক আগুৱাই দিয়াৰ পৰিণাম ভোগ কৰিলে কংগ্ৰেছ দলে। ফলত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ’ল বিজেপিৰ দীপ্লু ৰজ্ঞন শৰ্মা।
চামগুৰি জয় বিজেপিৰ বাবে আশীৰ্বাদ নে অভিশাপ
অসমত বিজেপিৰ উত্থানৰ মূল কাৰণ হ’ল বাংলাদেশী মুছলমানৰ জনসংখ্যা বৃদ্ধি। অনাগত দিনত অসমৰ ৰাজনৈতিক আৰু সামাজিক ক্ষমতা পমুৱা মুছলমানৰ হাতলৈ যাব বুলি চিন্তিত হৈ অসমৰ খিলঞ্জীয়া ৰাইজে বিজেপিক সমৰ্থন দিছিল। বিজেপিৰ এই নীতিৰ বাবেই এতিয়ালৈকে মুছলমানসকল বিজেপিৰ পৰা বহু নিলগত আছিল। ২০১৬ত স্থানীয় ইছুৰ বাবে বৰাকৰ পৰা এজন মুছলমান বিধায়ক বিজেপিয়ে লাভ কৰে যদিও ২০২১ত এজনো মুছলমান নেতা বিজেপিৰ টিকটত জয়ী হ’ব নোৱাৰিলে। এটা ক্ষেত্রত এইটো বিজেপিৰ বাবে সহায়ক আছিল। বিজেপিয়ে মুকলিকৈ হিন্দুত্বৰ কথা ক’ব পাৰিছিল। চামগুৰি, ৰুপহী আদি স্থানত বাংলাদেশী মূলৰ মুছলমান সকলৰ মাজত বিজেপিৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে। ইয়াৰ ফলত হয়তো বিজেপি দলে বাংলাদেশী ইছুটোত কিছু নৰম হ’ব পাৰে। অহাবাৰ বিধানসভা নিৰ্বাচনত যদি ৪ বা ৫ জন মুছলমান বিধায়ক বিজেপিয়ে লাভ কৰে তেন্তে বিজেপিৰ বাবে হিন্দুত্ববাদী এজেণ্ডাটো আগবঢ়াই নিয়া আৰু কঠিন হ’ব। ইয়াৰ ফলত খিলঞ্জীয়া ৰাইজৰ আক্ৰোশৰ বলি হ’ব পাৰে বিজেপি দল। সেয়েহে চামগুৰি জয়ত উল্লাস কৰা দলটোৰ বাবে আচলতে এইটো বিপদৰ কাৰণ হ’ব পাৰে। পমুৱা মুছলমান আৰু খিলঞ্জীয়া ৰাইজৰ আশা আকাঙ্ক্ষা বিজেপি দলে কিদৰে অগবঢ়াই নিয়ে সেয়া লক্ষণীয় হ’ব।
মহাভাৰতত অসমীয়া অভিনেতা
- কমেডি ডেস্ক
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
গোপন সুত্রৰ পৰা পোৱা খবৰ অনুসৰি বিশিষ্ট চিত্র নিৰ্মাতা হৰণ জোহৰে মহাভাৰতৰ কাহিনীৰ ওপৰত এখন চলচিত্র নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। ১০০০ কৌটি টকাৰ বাজেটেৰে নিৰ্মাণ হ’ব লগা চিনেমাখন ভাৰতৰ ইতিহাসত সৰ্বাধিক বাজেটৰ চিনেমা। জোহৰে চিনেমাৰ বাবে আমেৰিকা আৰু চীন দেশৰ কাৰিকৰী বিশেষজ্ঞৰ লগতো যোগাযোগ কৰিছে। প্ৰথমতে হৰণ জোহৰে এই চিনেমাখনত অভিনয় কৰাৰ বাবে চাৰকুক, চুলমান, নিত্তিক আদিক চুক্তিবদ্ধ কৰাৰ কথা আছিল। অসম সন্তান কাদিল হুছেইনে এই কথা জানিব পাৰি জোহৰক লগ ধৰিলে। অসম পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই চিনেমাৰ গোটেই অভিনেতা- অভিনেত্রী সকল অসমৰ পৰা লব লগে বুলি হুছেইনে কাকূতি মিনতি কৰিলে। হুছেইন আৰু হৰণৰ মাজত যিহেতু ভাল সম্পৰ্ক আছে সেয়ে হৰণ জোহৰে এই ক্ষেত্রত সন্মতি প্ৰকাশ কৰিলে।
জোহৰ অসমলৈ আহিল। বৰা, শৰ্মা, পৰাশৰ, বিষয়া সকলোৰে অদিচন ল’লে কিন্ত কোনোৱে জোহৰক ইমপ্ৰেচ কৰিব নোৱাৰিলে।
জোহৰৰ সমস্যাৰ সমাধান কৰিলে সত্যবাদী ৰজা হৰিচন্দ্ৰ অৰ্থাৎ কতনু ভূঞাই। ভূঞাই ক’লে যে যে নেতা বিলাকতকৈ ডাঙৰ অভিনেতা কোনো নহয়। অসমত এই বস্ত্তটো উভৈনদী । কৃষক, ছাত্র, যুৱ সকলো ধৰণৰ নেতা ইয়াত উপলব্ধ। এই কথাটোৱে জোহৰৰ মন চুই গ’ল। তাৰ পিছত ২ সপ্তাহ জোহৰে অসমৰ সকলো নেতাৰ লগত কথা পাতিলে আৰু নিজৰ চিনেমাৰ বাবে চৰিত্র নিৰ্বাচন সমাপ্ত কৰিলে। এই তালিকাত কাৰ নাম আছে?
তালিকাখন কেৱল ৰাজনীতি অসমৰ পাঠকৰ বাবেঃ
ধৃতৰাষ্ট্ৰঃ কফুল্ল মহন্ত
গান্ধাৰীঃ কীৰা বৰঠাকুৰ
পাণ্ডুঃ উশৃংখল চলিহা
কুন্তীঃ চিকা শৰ্মা
বিদুৰঃ কণীভূষণ চৌধুৰী
ভীষ্মঃ উজ্জ্বল ভট্টাচাৰ্য্য
দ্ৰোনাচাৰ্যঃ কতুল বৰা
কৃষ্ণঃ কুৰিন জ্যোতি গগৈ
কংস: কাগ্ৰামা হমিলাৰী
যুধিষ্ঠিৰঃ সুদৰ্শন সোনোৱাল
ভীমঃ আমোদ বড়ো
অৰ্জুনঃ বিমন্ত বিশ্ব শৰ্মা
নকুলঃ কেবব্ৰত শইকীয়া
সহদেবঃ নৌৰব গগৈ
দুৰ্যোধনঃ ফুলফুল হুছেইন
দুঃশাসনঃ কাজেন গোহাঁই
দ্ৰৌপদীঃ কুমি বৰা
শকুনিঃ কণী তালুকদাৰ
কৰ্ণঃ কখিল গগৈ
১৯৫১ ক সমৰ্থন কৰে অসমৰ ৰাইজে
- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
মহামান্য উচ্চতম ন্যায়ালয়ে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে ১৯৭১ চনৰ সপক্ষে ৰায়দান কৰে। গোটেই ভাৰতবৰ্ষত ভিত্তিবৰ্ষ ১৯৫১ যদিও অকল অসমত ১৯৭১ বুলি অসম চুক্তিত উল্লেখ কৰা আছে। ইয়াক বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰা হৈছিল যদিও ন্যায়ালয়ে ১৯৭১ চনকে মান্যতা প্ৰদান কৰে। ৰাজনীতি অসমৰ যোৱা মাহৰ অপিনিয়ন প’লত আমি জানিব বিচাৰিছিলো _আপুনি বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে ১৯৫১ চন নে ১৯৭১ চনক সমৰ্থন কৰে?
৮০% ৰাইজে ১৯৫১ৰ সপক্ষত ভোটদান কৰাৰ বিপৰীতে ২০% ৰাইজে ১৯৭১ চন ভিত্তিবৰ্ষ হোৱাটো বিচাৰে। অনাগত সময়ত উচ্চতম ন্যায়ালয়ত পুনৰ বিবেচনাৰ আৰ্জি দাখিল কৰি এজন সফল অধিবক্তাৰ দ্বাৰা কেচটো মীমাংসা কৰা সময়ৰ আহ্বান।
৬ ডিচেম্বৰৰ আঁৰৰ কাহিনী
- নয়ন বৰ্মন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
৯ জুলাই ১৯৯২
২১ জুলাই ১৯৯২

৪ নৱেম্বৰ ১৯৯২
এলাহাবাদ উচ্চ ন্যায়ালয়ে শুনানী শেষ কৰে যদিও ৰায়দান স্থগিত ৰাখে । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক নানজী দেশমুখ , ৰাজ্জু ভাইয়া , মোৰোপন্ট পিংগলে , ভৈৰৱ সিং চেখাৱটে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি গোচৰৰ ৰায়দান সোনকালে কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰে ।
৫ নৱেম্বৰ ১৯৯২
নানাজী দেশমুখে নৰসিংহ ৰাওক শেষ বাৰৰ কাৰণে দেখা কৰে । কিন্তু নৰসিংহ ৰাওৰ পৰা কোনো সুদোত্তৰ নেপালে । উদ্দেশ্য আছিল অবিবাদমান ভুমি খিনিৰ ওপৰত ন্যায়ালয়ে সাোনকালে ৰায়দান কৰিলে উত্তেজনা নাইকিয়া হ’ব আৰু মন্দিৰ নিৰ্মাণ আৰম্ভ কৰিব পৰা যাব ।
অৱসৰপ্ৰাপ্ত আমোলা তথা সেই সময়ৰ বিজেপি নেতা বি পি সিংঘলে ৫ ডিচেম্বৰৰ ৰাতিপুৱা প্ৰধানমন্ত্ৰী কাৰ্য্যলয়ৰ অযোধ্যা বিবাদ সংক্ৰান্তিয় সমিতিৰ বিষয়া নৰেশ চন্দ্ৰৰ লগত আলোচনাত বহে । এই আলোচনাত সিদ্ধান্ত হয় যে উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ত চলি থকা গোচৰটোৰ সম্পুৰ্ণ ৰায় দান নহ’লেও অন্তত: আপাৰেটিভ অংশটোৰ ওপৰত বক্তব্য ৰাখিবলৈ অবেদন কৰিব। ৰাজ্য চৰকাৰৰ আবেদন খনৰ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰেও একেলগে আবেদন দিব । সেই মৰ্মে দুপৰীয়া ৰাজ্য চৰকাৰে আবেদন জমা কৰে । কিন্তু অতি আচৰিত ভাবে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা জন উপস্থিত নহ’ল । ফলত ৰাজ্য চৰকাৰৰ আবেদন ন্যায়ালয়ে খাৰিজ কৰে । এই বিলাক ঘটনা ভাৰতৰ প্ৰতিজন হিন্দু আৰু মুছলমান ব্যক্তিয়ে জনা উচিত । প্ৰতিজন ভাৰতীয়ই জনা উচিত যে বিবাদমান ভুমি আছিল মাত্ৰ .৭৩ একৰ য’ত বাবৰৰ সেনাপতি মিৰ বাকীয়ে নিৰ্মাণ কাৰ্য্য চলাইছিল । ইয়াৰ পিছতো কপিল চিব্বাল , মনি শংকৰ আয়াৰৰ দৰে নেতাই আইনৰ সুৰুঙা বিচাৰি ৰায়দান পলম কৰাৰ চেষ্টা চলাই গৈছিল । কিন্তু শ্ৰীৰাম জন্মভুমি বনাম বাবৰ বিষয়টোক বিকৃত কৰি এই ধৰণৰ ৰাজনেতা সকলে হিন্দু বিদ্বেষ আদৰ্শ দেখুৱালে । হিন্দু বিদ্বেষ মানেই মুছলমান প্ৰেম নহয় সেই কথা উত্তৰ প্ৰদেশত প্ৰমাণিত হ’ল আৰু উত্তৰ প্ৰদেশত মুছলমান ভোট বেংক মুলায়ম সিং আৰু মায়াবতীৰ কাষ চাপিল । ৰাজীৱ গান্ধীয়ে মৌলৱীৰ দাবীত শৰণসপন্ন হৈ শ্বাহ বানু ৰায়ক বিৰোধ কৰাৰ প্ৰতিবাদত মন্ত্ৰীত্ব ত্যাগ কৰা আৰিফ মহম্মদ খান এতিয়া কেৰেলাৰ ৰাজ্যপাল , ৰাম মন্দিৰৰ বিষয়টোত ওত: প্ৰোত: ভাবে নিজকে নিয়োজিত কৰা প্ৰয়াত নানাজী দেশমুখ আজিৰ দিনত ভাৰত ৰত্ন নানাজী দেশমুখ । ১৯৮৯ চনত শ্বাহ বানুৰে আৰম্ভ হোৱা বিবাদৰ উত্তৰ দিলে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত । তিনি তালাক ভংগ হোৱাৰ পিছত উত্তৰ প্ৰদেশৰ মুছলমান মহিলাৰ ভোটৰ বাবেই মুছলমান সংখ্যাগৰিষ্ঠ প্ৰায় ২০-২৫ টা সমষ্টি বিজেপিৰ দখলত আহিছিল ।
ভ্ৰাম্যমাণত বিড়ি আৰু বন্দুক
- পাৰ্থ প্ৰতীম লহকৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
নতুন প্ৰজন্মৰ মাজত অপৰাধ প্ৰবণতা বৃদ্ধি কৰাত ভ্ৰাম্যমাণ নাট্যদল সমুহে এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে ।
ভ্ৰাম্যমাণ নাট্যদলক লৈ আপুনি মই গৌৰৱ কৰো নে ?মনত থকাৰ পৰা গন্তী কৰা যদি যায়, বিগত ৩৫ বছৰত থিয়েটাৰৰ নাটক চোৱাৰ সংখ্যা হয়টো আমাৰ আঢ়ৈশ পাৰ কৰিছো । আজিৰ তাৰিখত
সৰু বৰ ২০-২৫ টা নাট্যদলে হয়টো নাটক মঞ্চস্থ কৰি থাকে অসমৰ ইমুৰৰ পৰা সিমুৰলৈ । যদিও প্ৰায় ৭০% আয়ৰ উৎস হৈছে পুৰণি কামৰূপ অঞ্চলটো । ভ্ৰাম্যমাণক ভাল পোৱা সকলে প্ৰতিখন থিয়েটাৰৰ পোষ্টাৰ সমুহ চাব চোন । দুই এখনক বাদ দি প্ৰায় সকলো থিয়েটাৰ দলৰ হিৰোজনৰ হাতত বন্দুক- পিষ্টল , মুখত বিড়ি চিগাৰেট , কোনো হিৰোৰ হাতত আকৌ ঘাঁ , কোনবাজন হিৰোৰ হাতত দাঁ , দেগাৰ বা চুৰি এখন হলেও থাকিব । কাৰোবাৰ হাতত যদি অস্ত্ৰ নাই তেওঁৰ হাতে মুখে থাকিব তেজ । অহাবছৰত এখন থিয়েটাৰে আকৌ নায়িকাজনীৰ হাততো তুলি দিছে AK 47 ৰাইফল । নতুন প্ৰজন্মৰ মাজত অপৰাধ প্ৰবণতা বৃদ্ধি কৰাত ভ্ৰাম্যমাণ নাট্যদল সমুহে যে এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে , সেইয়া স্পষ্ট কথা ।