Thursday, April 25, 2024
Home Blog Page 60

অৰ্ণৱ গোস্বামীৰ ৰাজহুৱা স্বীকাৰোক্তি দেখি মনলৈ আহিছে এই প্ৰশ্ন

  • ৰঞ্জন লাল শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সত্য কি-অসত্য কি সময়ে নিশ্চয় প্ৰমাণ কৰিবই। ক’ব খুজিছোঁ অৰ্ণৱ গোস্বামীৰ কথা। অৰ্ণৱ গোস্বামীক লৈ বিতৰ্কৰ শেষ নাই। শেহতীয়া বিতৰ্ক BARC ৰ  ভূতপূৰ্ব পদাধিকাৰী পাৰ্থ দাসগুপ্তৰ এক স্বীকাৰোক্তিক লৈ। পাৰ্থ দাসগুপ্তৰ কি সেই স্বীকাৰোক্তি সেই কথা সংবাদ মাধ্যমৰ সামান্য খা-খবৰ ৰখা সকলে  জানিছেই।
BARC ( Broadcast Audience Research Council ) হৈছে এটা বেচৰকাৰী কোম্পানী বা অনুষ্ঠান । এই কোম্পানীটোৱে দেশৰ বিভিন্ন টিভি চেনেলৰ দৰ্শকৰ হিচাপ ৰাখে । সাধাৰণ অৰ্থত কোনটো টিভি চেনেলৰ কোনটো অনুষ্ঠান অধিক জনপ্ৰিয় তাৰ আনুমানিক হিচাপ এটা এই কোম্পানীটোৱে ৰাখে আৰু এই কোম্পানীৰ পৰা তথ্যৰ ওপৰত ভিত্তি কৰি বিজ্ঞাপন ব্যৱসায় খন চলে । পাৰ্থ দাসগুপ্তই আৰক্ষীক স্বীকাৰোক্তি দিছে  যে অৰ্নব গোস্বামীয়ে তেওঁক লক্ষাধিক টকাৰ উপঢৌকন দিছে একমাত্ৰ নিজৰ চেনেলৰ টিআৰপি ৰেটিং বেছি বুলি তথ্য দিয়াৰ কাৰণে । টিআৰপি হৈছে চেনেলৰ বিলাকৰ দৰ্শকৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ৰেটিং লিষ্ট । কোনটো চেনেল দৰ্শকৰ ভিত্তিত এক নম্বৰত বা কোনটো দুই নম্বৰত ইত্যাদি। পাৰ্থ দাসগুপ্তই আৰক্ষীক দিয়া স্বীকাৰোক্তিক লৈ দেশজুৰি ধুমুহা বলিছে। নিশাৰ ভিতৰতে অৰ্ণৱ গোস্বামী হৈ পৰিছে ভিলেইন। ধনৰ বিনিময়ত TRP মেনুপুলেট কৰাৰ দৰে ভয়ংকৰ কাণ্ডত জড়িত থকাৰ চাঞ্চল্যকৰ অভিযোগ উঠিছে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে। সেয়ে কৈছোঁ – সত্য কি-অসত্য কি সময়ে প্ৰমাণ কৰিবই। কিন্তু, অৰ্ণৱ-পাৰ্থৰ কথা-কাহিনীক লৈ এতিয়া দেশজুৰি অনেকে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আৰম্ভ কৰিছে চৰম বিষোদগাৰ। কেবাখনো প্ৰসিদ্ধ কাকত-পত্ৰিকা আৰু সাংবাদিক-সম্পাদকে আৰম্ভ কৰিছে অৰ্ণৱ বিৰোধী অভিযান। দেশজুৰি বিয়পাইছে অৰ্ণৱ-বিদ্বেষ। ছছিয়েল মিডিয়া ভৰি পৰিছে অৰ্ণৱ-ঘৃণাৰে। ফেচবুক-টুইটাৰ চাবই নোৱাৰি। এককথাত আজিৰ তাৰিখত দেশৰ সবাতোকৈ হট এণ্ড হিট ট্ৰেণ্ডিং – অৰ্ণৱ-বিদ্বেষ, অৰ্ণৱ-ঘৃণা, অৰ্ণৱ-নিন্দা। ইণ্টাৰেষ্টিং কথাটো হ’ল- অৰ্ণৱৰ গৃহৰাজ্য হিচাপে ব্যতিক্ৰম নহয় এই ৰাজ্য অসমো। এই ৰাজ্যতো এতিয়া অৰ্ণৱ-নিন্দাত পিছ পৰি ৰোৱা নাই একাংশ সাংবাদিক-সম্পাদক। কোনো কোনোৱে অৰ্ণৱ-পাৰ্থৰ হোৱাটচএপ চাটিঙৰ শ শ পৃষ্ঠা পঢ়িছে বুকাৰ বিজয়ী উপন্যাসৰ দৰেই। তাৰ পিছত সেই চাটিঙৰ পাঠোদ্ধাৰ বিলাবলৈ উদ্বাউল হৈ পৰিছে সেইসকল অৰ্ণৱ-নিন্দুকে। ঠিক আছে- অৰ্ণৱ-নিন্দা কৰক, ঘৃণাৰে ওপচাই দিয়ক অৰ্ণৱ গোস্বামী নামৰ সাংবাদিক-সম্পাদক জনক।
কিন্তু প্ৰশ্নটো হ’ল- এই যে অৰ্ণৱ গোস্বামীয়ে নিজৰ টেলিভিচন ষ্টুডিঅ’ত বহি দেশৰ কোটি কোটি দৰ্শকক উদ্দেশ্যি নিজৰ উপাৰ্জনৰ তথ্য ব্লেক এণ্ড হোৱাইট দাঙি ধৰিব পাৰে  সেই কামটো অসমৰ কেইজন অৰ্ণৱ-নিন্দুক সাংবাদিক-সম্পাদকে কৰিব পাৰে? পাৰিবনে?? পাৰিব ??? তেনেই অৰ্ডিনেৰী উপাৰ্জনৰ পিতৃৰ পুত্ৰই গুৱাহাটীলৈ আহি কেৱল সাংবাদিক হোৱাৰ যহতে বিপুল বিলাস-বৈভৱৰ গৰাকী হ’ব পাৰিছে? কেনেকৈ হ’ব পাৰিছে নিজৰ আয়-উপাৰ্জনৰে সংগতি নথকা বিশাল ধন-ঐশ্বৰ্য্যৰ গৰাকী? পাৰিবনে এয়া ৰাজহুৱা কৰিব? অৰ্ণৱ গোস্বামীৰ আজি ৰাজহুৱা স্বীকাৰোক্তি দেখি মনলৈ আহিছে এই প্ৰশ্ন। কোনোবাই বেয়া পালেও নোকোৱাকৈ থাকিব নোৱাৰিলোঁ এই কথা।

ৰহস্যজনক মৃত্যু আৰু অবহেলিত গান্ধী পৰিয়ালৰ ফিৰোজ

  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


এজন প্ৰাক্তন প্ৰধানমন্ত্রীৰ জোৱাই, এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্রীৰ স্বামী তথা এজন প্ৰাক্তন প্ৰধানমন্ত্রীৰ পিতৃ হোৱা স্বত্বেও এইজন নেতাৰ লগত ইতিহাসে ন্যায় কৰা নাই যেন ভাব হয়। ফিৰোজ গান্ধীৰ নামত ইতিমধ্যে লিখা হৈছে এখন কিতাপ ” The forgotten Gandhi”। বিভিন্ন সময়ত ফিৰোজ গান্ধীৰ বিষয়ে বিভিন্ন কথা ৱাটছাপ আদিৰ জৰিয়তে ভাইৰেল হৈছে। কিছুমানে কয় যে তেওঁ মুছলমান আছিল আৰু তেওঁক কবৰ দিয়া হৈছিল ইত্যাদি। আচলতে ফিৰোজ জাহাংগীৰ ঘান্দী গুজৰাটৰ এটা পাৰ্চী পৰিয়ালৰ পৰা অহা। দেউতাক মেৰিন ইঞ্জিনিয়াৰ আছিল আৰু চাকৰিসুত্রে মুম্বাইত আছিল বাবে ফিৰোজৰ জন্ম মুম্বাইত হৈছিল। দেউতাকৰ মৃত্যুৰ পিছত মাকে ফিৰোজক নিজৰ দেউতাকৰ ঘৰ এলাহাবাদলৈ লৈ যায়।  কলেজীয়া শিক্ষা ফিৰোজে এলাহাবাদত সম্পন্ন কৰে। এইখন চহৰতে ১৯৩০ চনত ইন্দিৰা নেহেৰুৰ লগত তেওঁৰ দেখা হয়। ইন্দিৰাৰ মাক কমলা নেহেৰু এখন কলেজৰ সন্মুখত ধৰ্না দি থকাৰ সময়ত চেতনা হেৰুৱাই বাগৰি পৰে। সেইসময়ত ফিৰোজে মাকক সহায় কৰে আৰু ঘৰলৈ লৈ যায়। এনেকৈ ইন্দিৰা নেহেৰুৰ ঘৰত ফিৰোজৰ অহা যোৱা বৃদ্ধি পায়। যিহেতু স্বাধীনতা আন্দোলনৰ লগত জড়িত থকাৰ বাবে জৱাহৰলাল নেহেৰু প্ৰায়ে ঘৰৰ বাহিৰত থাকে আৰু কমলা নেহেৰুও অসুস্থ,  ফিৰোজে তেওঁলোকৰ  খুব সেৱা কৰিলে। ইন্দিৰা নেহেৰু লাহে লাহে ফিৰোজ ঘান্দীৰ প্ৰতি আকৰ্ষিত হ’ল। ইন্দিৰাৰ বয়স যেতিয়া ১৬ বছৰ আছিল তেতিয়া ফিৰোজে তেওঁক প্ৰেমৰ প্ৰস্তাব দিছিল। ইন্দিৰাই প্ৰথমতে ইয়াক প্ৰত্যাখ্যান কৰিছিল যদিও ইতিমধ্যে ফিৰোজৰ প্ৰতি তেওঁৰ প্ৰেম ভাব জাগিছিল। ১৯৩৬ চনত ইন্দিৰাৰ মাকৰ মৃত্যু হয়। সেই সময়ত ফিৰোজে ইন্দিৰাক খুব support  দিছিল। ইন্দিৰাই অবশেষত ফিৰোজৰ প্ৰেমৰ প্ৰস্তাব গ্ৰহণ কৰিলে। দুয়ো একেলগে লণ্ডনলৈ পঢ়িব গ’ল। ১৯৪২ চনত দুয়োজনে বিয়া পতাৰ সিদ্ধান্ত ল’লে। সেইসময়ত জৱাহৰলাল নেহেৰু জেলত আছিল। নেহেৰু এই বিয়াকলৈ সিমান সুখী নাছিল। ইন্দিৰা নিজৰ সিদ্ধান্তত অটল থাকিল। মহাত্মা গান্ধীয়ে ফিৰোজ ঘান্দী আৰু ইন্দিৰা নেহেৰু দুয়োজনক গান্ধী উপাধি দিলে আৰু ১৯৪২ চনতে দুয়োৰে বিবাহ এলাহাবাদত হিন্দু ৰীতি নীতিৰে সম্পন্ন হয়।
ইন্দিৰা গান্ধীয়ে যেতিয়া ৰাজনীতিৰ জগতত খোজ পেলালে আৰু স্বাধীন ভাৰতৰ প্ৰথম  প্ৰধানমন্ত্রী জৱাহৰলাল নেহেৰুৰ চেক্ৰেটাৰী হিচাবে নিয়োজিত হ’ল তেতিয়াৰ পৰাই ফিৰোজ অাৰু ইন্দিৰাৰ মনোমালিন্য আৰম্ভ হয়। ইয়াকে লৈ ফিৰোজ অসন্ত্তষ্ট হয়। ইন্দিৰা গান্ধীয়ে পতীৰ সলনি পিতৃৰ লগত থাকিবলৈ লয়। ফিৰোজে নেচনেল হেৰাল্ড কাকতৰ সম্পাদনাৰ কামত নিজকে নিয়োজিত কৰে। এই সময়চোৱাত ফিৰোজৰ বহু মহিলাৰ লগত সম্পৰ্কৰ খবৰ ওলায়। ৰাজীব গান্ধীৰ জন্ম ইতিমধ্যে হৈছিল আৰু সঞ্জয় মাকৰ গৰ্ভত আছিল। দুয়োৰে সম্পৰ্ক বেছি বেয়াৰ পিলে গতি কৰে। ১৯৫৮ চনত ইন্দিৰা যেতিয়া দেউতাকৰ লগত ভূটান যাত্রাত আছিল তেতিয়া তেও ফিৰোজৰ হাৰ্ট এটেক হোৱাৰ খৱৰ পায়। ইন্দিৰা ভাৰতলৈ তেওঁৰ খৱৰ লবলৈ আহি গম পায় যে ফিৰোজ বিপদমুক্ত। দুয়ো পুৰণি কথা পাহৰি পুনৰ একেলগে থাকিব আৰম্ভ কৰে। ৰাজীব আৰু সঞ্জয়ৰ লগত মাক দেউতাক দুয়ো সময় অতিবাহিত কৰে। কিন্তু ইন্দিৰা গান্ধী কংগ্ৰেছৰ সভাপতি নিযুক্ত হোৱাৰ লগে লগে সকলো সলনি হৈ যায়। ফিৰোজে প্ৰধান মন্ত্রীৰ ঘৰলৈ অহা যোৱা কৰা সম্পূৰ্ণ বন্ধ কৰি দিয়ে। কিছুদিন পিছত নিজৰ ৪৮তম জন্মদিনৰ দুই দিন আগত ফিৰোজ গান্ধীৰ মৃত্যু হয়। নেহেৰুৱে ফিৰোজক কেতিয়াও পচন্দ কৰা নাছিল কিন্তু ফিৰোজৰ মৃত্যুৰ সময়ত মানুহৰ ভিৰ দেখি আচৰিত হৈছিল। মৃত্যুৰ আগে আগে ফিৰোজে কৈছিল যে তেওঁৰ অন্তিম সংস্কাৰ হিন্দু নিয়মেৰে কৰিব লাগে। পাৰ্চী সমাজৰ যিটো নিয়ম সেইটো তেওঁ ভাল নাপায়। পাৰ্চী সকলে মৃত্যুৰ পিছত মৃতদেহটো ওপৰত ওলোমাই ৰাখে  শগুনৰ বাবে। হিন্দু নিয়ম অনুসৰি ফিৰোজ গান্ধীৰ মৃতদেহটো জ্বলোৱা হয়। তেওঁৰ অস্তিৰ কিছু অংশ গংগাত বিসৰ্জন দিয়া হয় আৰু কিছু অংশ পাৰ্চী কবৰস্থানত ৰখা হয়। এতিয়া এইজন গান্ধী পাহৰণিৰ গৰ্ভত। পৰিয়ালৰ কোনেও তেওক মনত কৰা দেখা নাযায়। কেইবছৰমান আগতে পঢ়িছিলো বৰুণ গান্ধী হেনো গৈছিল ককাকৰ কবৰস্থানত।

মমতা বেনাৰ্জীক জয় শ্ৰীৰাম শ্লোগান

  • হৰকুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


পশ্চিম বংগৰ ৰাজনৈতিক ক্ষেত্ৰ খনত  ফুৰফুৰা শ্বৰিফৰ প্ৰভাৱশালী ধৰ্মগুৰুজনে অনুভৱ কৰে  পিৰজাদা আব্বাচ সিদ্দিকিয়ে নিজৰ নতুন দল জন্ম দি ঘোষণা কৰিছে যে মমতা বেনাৰ্জী চৰকাৰে হিন্দু-মুছলমান বিভাজন সৃষ্টি কৰি মুছলমানসকলৰ বাবে ভালতকৈ অধিক ক্ষতি কৰিছে। যোৱা ১০ বছৰত, টিএমচি চৰকাৰে কেৱল মুছলমান আৰু দলিতসকলক বোকা বানাইছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁলোকৰ বাবে একো কৰা নাই।  কেৱল এটা ধাৰণা সৃষ্টি কৰিছে যে এই চৰকাৰে ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰাৰ বাবে মুছলিম সম্প্ৰদায়ৰ বাবে বহুত কাম কৰি আছে । ছিদ্দিকীয়ে কৈছিল যে “মুছলমান তোষণ ধাৰণাৰ ফলত হিন্দু আৰু মুছলমানসকলৰ মাজত বিভেদ সৃষ্টি হৈছে।
নেতাজী দিৱসৰ কাৰ্যসূচীত  উপস্থিত জনতাই জয় শ্ৰীৰাম ধ্বনি দিয়া বাবেই মমতা বেনাৰ্জীয়ে নিজৰ ভাষণ আৰম্ভ কৰিয়েই শেষ কৰিলে । এই ধ্বনি অপমানসূচক আৰু সাম্প্ৰদায়িক বুলি ধিক্কাৰ দিলে ।  যোৱা দহ বছৰ শাসন কালত নাৰা ই টকবিৰ শ্লোগান আছিল মমতা বেনাৰ্জীৰ জয়লাভৰ অমোঘ শক্তি । প্ৰায় ৩০% মুছলমান ভোট থকা পশ্চিম বংগত মুছলমানক ভোট বেংক হিচাপে গঢ়ি তুলি শাসনৰ গাদী দখলৰ কৰা বেনাৰ্জীৰ কাৰণে জয় শ্ৰীৰাম সাম্প্ৰদায়িক হ’ল । কাৰণ বিজেপিয়ে মমতা চৰকাৰৰ মুছলমান তোষণ নীতিক প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰবাদীক সংগঠিত কৰিছে । আৰু এই সংগঠন প্ৰক্ৰিয়াক সহায় কৰিছে জয় শ্ৰীৰাম শ্লোগানে ।
মমতাই খাল খান্দি ঘৰিয়াল ছপালে । বিজেপিয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে অস্ত্ৰ বিচাৰে পালে  যে মুছলমানসকলে হিন্দুসকলৰ মূল্যত সকলো পাই আছে। বিহাৰৰ শেহতীয়া বিধানসভা নিৰ্বাচনত এআইএমআইএমৰ আকৰ্ষণীয় প্ৰদৰ্শন, য’ত ইয়াৰ প্ৰাৰ্থীসকলে সীমাঞ্চল অঞ্চলৰ পাঁচটা আসন লাভ কৰিছিল, । ওৱাইচিয়ে ঘোষণা কৰিছে যে তেওঁৰ দলে পশ্চিম বংগ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব আৰু নিৰ্বাচনত মিত্ৰতা কৰিব চিদ্দিকৰ সৈতে ।  মমতা বেনাৰ্জী , মুলায়ম সিং যাদৱ , ইন্দিৰা গান্ধী , ৰাহুল গান্ধীৰ দৰে নেতাই মুছলমান ভোটৰ অংক কৰি নিজৰ নিজৰ দলৰ ৰাজনৈতিক ৰূপৰেখা তৈয়াৰ কৰে আৰু ক্ষমতাত থাকে । এই ট্ৰেণ্ডক ভিত্তি কৰি এচাম প্ৰভাবশালী মুছলমান ব্যক্তিয়ে  নতুন ৰাজনীতি আৰম্ভ কৰে । হায়দৰাবাদত ওৱেচি ভাতৃ , অসমত বদৰুদ্দিন আজমল এই নতুন চিন্তাৰ ফচল । ওৱেচি আৰু আজমলৰ উত্থানে কংগ্ৰেছ , তৃণমুল কংগ্ৰেছ আদি দলৰ মুছলমান তোষামোদ নীতি ভোটাৰৰ চকুত ধৰা দিয়ে । মুছলমান তোষামোদৰ ৰাজনীতিৰ বিৰুদ্ধে আৰম্ভ হয় ৰাষ্ট্ৰবাদী হিন্দুত্বৰ ৰাজনীতি । সাধাৰণ জনতাৰ সচেতনতাৰ ওপৰত ভিত্তি কৰি আৰম্ভ হোৱা হিন্দুত্বৰ ৰাজনীতিৰ স্বীকাৰ হবলৈ গৈ আছে মমতা  বেনাৰ্জী । জয় শ্ৰীৰাম শ্লোগান এতিয়া মমতা বেনাৰ্জীৰ নাৰা ই তকবিৰৰ বিৰুদ্ধে ব্যৱহাৰ হৈছে ।

নেতাৰ মনৰ গোপন কথা

এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


নেতাবিলাকৰ দুখন মুখ থাকে। টিভি, পেপাৰৰ সাক্ষাৎকাৰত সকলো কথা খুলি কবও নোৱাৰে। দলৰ শৃংখলা, কৰ্মীৰ মনোবল আদিৰ কথাও আছে। সেয়েহে আমি উপস্থিত হৈছিলো বিভিন্ন নেতাৰ ঘৰত। উদ্দেশ্য আছিল নেতাবিলাকৰ মনৰ কথা জনাৰ। আমি প্ৰতিশ্ৰুতি দিছিলো যে তেখেতসকলৰ নাম আমি প্ৰকাশ নকৰো। আমাৰ প্ৰতিশ্ৰুতিত ভোল গৈ সকলোৱে একেবাৰে খুলি কলে মনৰ কথাঃ
(১)
অজলা ককাইঃ আপোনাৰ বিৰূদ্ধে অভিযোগ আছে যে আপুনি অনপৰতে মৌন হৈ থাকে।আপোনাক আনকি নাম দিছে নিমাতী কুমাৰ বুলি।
নেতা ১ঃ পক্ষী মৰে ৰৈ, মানুহ মৰে কৈ। নকলেও যদি চলি থাকিব পাৰো কৈনো জগৰ লগাও কিয়? কথা বেছি নকও কাৰণে মোৰ ইমেজ ঠিকে আছে।
অজলা ককাইঃ দেখা গৈছে যে আপোনাৰ ২ নম্বৰ মন্ত্রী জন সদায় লাইম লাইটত থাকে। নাচি বাগি, চাইকেল চলাই নিৰ্বাচনত প্ৰচাৰ কৰি আছে। টিভিত সদায় তেওঁৰ দেডলাইন। আপুনি তেওঁৰ পাখি নাকাটে কিয়?
নেতা ১ঃ চোনু চুদৰ নাম শুনিছেনে? তেওঁ যি ব’ডি বনাইছে শ্বাৰখুন খানেও পাট্টা নাপায়। কিন্ত চিনেমাৰ নায়ক সদায় শ্বাহৰুখে হয়। তেওঁ যি মন যায় কৰি থাকক। চকীখনত মই বহি আছো তো।
অজলা ককাইঃ সংসাৰ কৰাৰ কথা মনত কেতিয়াবা আহেনে?
নেতা ১ঃ নাদ্দা অহাৰ দিনা অলপ আহিছিল। মই বিয়া পাতিলে মোৰ পৰিবাৰৰ লগতে তেওঁৰ পত্নীয়ে বজাৰ কৰিবলৈ যাব পাৰিলেহেতেন দিয়কছোন।
(২)
অজলা ককাইঃ কিমান দিন আৰু এনেকৈ বেলেগক জিকাই থাকিব?
নেতা ২ঃ কি কবি আৰু ভাগিন? কেতিয়াবা অকলে চকুপানী মুছো। বেছিকৈ জোকাই নলবি তয়ো।
অজলা ককাইঃ আপুনি দিল্লীত যাবনে দিছপুৰত থাকিব?
নেতা ২ঃ ২০১৯তে দিল্লী যোৱা কথা আছিল বোপাই। মোক ঠগিলে। বোলে মই ৰাজ্যত নাথাকিলে দলটো দুৰ্বল হ’ব। তেনে যদি কথা মুখ্যমন্ত্রী বনাই দিয়া। সেইটোও নিদিয়ে। গাধ খাটনি দি বেলেগক জিকাব লাগে। এইবাৰ খং উঠিলে বাপ্পেকে কৰোনা হোৱা বুলি নিৰ্বাচনৰ আগত ঘৰতে শুই যাম।
অজলা ককাইঃ ১০০ + হ’বনে এইবাৰ?
নেতা ২ঃ এই দাসজন বলীয়া হৈছে। কিবাকে ৬৪ খন পালে বাংলাদেশৰ মন্দিৰত গৈ পূজা কৰি দিল্লী পাম। ইহত কেইটা ইয়াত যেনেকে মৰে মৰি থাকক। অকলে আৰু কিমান ধাক্কা দিম?
(৩)
অজলা ককাইঃ মহাজোঁট যে কৰিলে, উজনিৰ আসন নালেগে নেকি?
নেতা ৩ঃ উজনিত এনেও শুন্য তেনেও শুন্য। জোঁট নকৰিলে নামনিৰ বিলাকো ডাৰিৱালাই থপিয়াই নিলে হেতেন। ৰাইজ আৰু ছাত্রৰ দলৰো ইয়াতে চকু।
অজলা ককাইঃ অকল নামনিৰ আসনেৰে চৰকাৰ বনাব পাৰিব জানো?
নেতা ৩ঃ চৰকাৰ পিছৰ কথা। মোৰ প্ৰথম লক্ষ্য বিৰোধীক ১০০ খন আসন পোৱাৰ পৰা বিৰত ৰখা। মই মানুহজনে খুব পজিটিভ চিন্তা কৰো।
অজলা ককাইঃ মুখ্যমন্ত্রী হোৱাৰ ইচ্ছা আছেনে?
নেতা ৩ঃ ইচ্ছানো কাৰ নাথাকে। ৰাতি ৰাতি প্ৰায়ে সপোন দেখো। মোৰ শ্ৰীমতীয়ে ধেমালিতে সকলোকে কয়_ ৰাতি এখেতৰ শপতগ্ৰহণ চাব আহিব।
(৪)
অজলা ককাইঃ আপোনাৰ ওপৰত হেনো নিশেধাজ্ঞা লগোৱা হৈছে।
নেতা ৪ঃ নাম নাজানো। মই যেতিয়া ছাত্র সংগঠনত প্ৰথম সোমাইছিলো তাৰ জন্মই হোৱা নাছিল। কটা নিধক!
অজলা ককাইঃ এতিয়া পিছে কি কৰিব?
নেতা ৪ঃ মই পিছে সেইবোৰত লাজ পোৱা মানুহ নহয়। মোৰ বিবেকে কৈছে এইটো সাধাৰণ কথা। মই দুদিনমান মনে মনে থাকি পুনৰ ছাত্র সংগঠনৰ হৈ যা তা বকি থাকিম।
অজলা ককাইঃ ৩০ বছৰ ছাত্র সংগঠনত আছে আৰু কিমান দিন থাকিব?
নেতা ৪ঃ এৰিম বুলি ভাবিলেই দেখো বিছাই দকা য়েন লাগে। ২০ বছৰ মান পিছত চাম কি হয়।

তামিলনাডুত পৰিবৰ্তন, কেৰালাত পুনৰ বিজয়ন

  • পি বাসুদেৱন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


দুমাহ পিছত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আছে। তাৰ ভিতৰত মোৰ গৃহ ৰাজ্য তামিলনাডু অন্যতম। তামিলনাডুৰ মাদুৰাই চহৰত মোৰ ঘৰ। ৰাজনীতি বুজিব পৰা দিনৰ পৰা ইয়াত দুজন নেতাৰ প্ৰতিযোগিতা দেখি আহিছো। ডি.এম.কেৰ এম কৰুণানিধী আৰু এ.আই.এ.ডি.এম.কেৰ জয়াললিতা। এইবাৰ দুয়োজনৰ এজনো নাই। সেইবাবে এইবাৰৰ নিৰ্বাচন কিছু পৃথক হ’ব। এইবাৰ চেহেৰাৰ যুঁজ নহয়। এইবাৰ যুদ্ধ হ’ব মাটিত। ডি.এম.কেৰ ষ্টেলিনে গাওঁ সভা পাতি প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে। মুখ্যমন্ত্রী পলানীছামীয়ে খেতি পথাৰত হাল বাই খেতিয়কৰ মন জয় কৰাৰ চেষ্টা চলাইছে। নেতা সলনি হ’লেও মুখ্য প্ৰতিদ্বন্দ্বিতা হ’ব পুৰণি ডি.এম.কে মিত্রজোঁট আৰু এ.আই.এ.ডি.এম.কে মিত্রজোঁটৰ মাজত। ডি.এম.কেৰ নেতা কৰুণানিধীৰ পুত্র ষ্টেলিন। লগত আছে কংগ্ৰেছ , এম.ডিএম.কে ইত্যাদি। এ.আই.এ.ডি.এম.কেক সংগ দিছে বিজেপি, পি.এম.কে আদি বহু সৰু বৰ দলে। জয়ললিতাৰ মৃত্যুৰ পিছত তেওঁৰ দলটো থৰক বৰক হৈ পৰিছে। বিজেপিৰ অক্সিজেনহে কেনেবাকৈ চৰকাৰ চলি আছে। সেয়েহে ৰাইজ চৰকাৰখনকলৈ সন্ত্তষ্ট নহয়। দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক শশীকলাই চাৰিবছৰ জেল খাটি কেইদিনমান আগতে বাহিৰ ওলাইছে। শশীকলাই নিজৰ পুত্র দিনাকৰণৰ নতুন দলত যোগদান কৰিছে। শশীকলাই নিজে জিকিব নোৱাৰিলও বিজেপি মিত্রজোঁটৰ ভোট ভাঙিব পাৰে। খৱৰ ওলোৱা মতে শশীকলাৰ ওপৰত বিজেপিৰ হেচা অব্যাহত আছে আৰু শশীকলাই শীঘ্ৰে নিজৰ পুৰণি দলৰ লগত পুত্রৰ দলৰ বিলয় ঘটাব পাৰে। ৰজনীকান্তে কিছুদিন সভা সমিতি পাতি ৰাজনীতিৰ পৰা ছত্রভংগ দিলে। তেওঁৰ ওপৰত বিজেপিৰ বহু আশা আছিল কিন্তু তেওঁ ৰাইজৰ লগত সংযোগ স্থাপন কৰাত ব্যৰ্থ হ’ল। কামাল হাচানে ভাল কথা কয় যদিও নিৰ্বাচনত তেওঁৰ দলৰ সম্ভাবনা কেবল চাৰি পাছখন আসনত। ১৯৮৯ চনৰ পৰা চলি অহা পৰম্পৰা সলনি কৰি জয়ললিতা একেবাৰে দুবাৰ জয়ী হৈ ২০১৬ চনত মুখ্যমন্ত্রী হৈছিল। এ.আই.ডি.এম.কেৰ ওপৰত ইতিমধ্যে ১০বছৰৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। শক্তিশালী নেতাৰ অভাবে দলটোলৈ বেছি বিপদ মাতিছে। বিজেপিৰ লগত মিত্র হোৱাৰ ফলত ১১% মুছলমান আৰু খ্ৰীষ্টানে দলটোক ভোট নিদিয়ে। এই তিনিটা কাৰণত বিজেপি- এ.আই.এ.ডি.এমকেৰ পৰাজয় নিশ্চিত। ষ্টেলিনে হ’ব তামিলনাডুৰ পৰবৰ্তী মুখ্যমন্ত্রী।
কেৰালাত পুনৰ বিজয়ন
আমাৰ চুবুৰীয়া ৰাজ্য কেৰালাটো যুদ্ধ সদায় দুটা ফ্ৰন্টৰ মাজত। এফালে যদি কংগ্ৰেছ নেতৃত্বাধীন ইউ.দি.এফ আনফালে চিপিএম নেতৃত্বত এল.দি.এফ। তামিলনাডুৰ নিচিনা কেৰালাটো ৫ বছৰত চৰকাৰ সলনি হয়। ১৯৮১ চনৰ পৰা এই পৰম্পৰা চলি আহিছে। এবাৰ যদি কংগ্ৰেছৰ মুখ্যমন্ত্রী আনবাৰ চি.পি.এমৰ মুখ্যমন্ত্রী। কেৰালত প্ৰায় ৫৫% হিন্দু, ২৭% মুছলমান আৰু ১৮% খ্ৰীষ্টান লোক আছে। খ্ৰীষ্টান সকলে চকু মুদি কংগ্ৰেছক ভোট দিয়ে। সেইবাবে কেৰেলাত কংগ্ৰেছে কেৰেলাত এ.কে এন্টনী, ওমান চেন্দীৰ নিচিনা নেতাক মুখ্যমন্ত্রীৰ পদ দিছিল। মুছলমান সকলৰ দল মুছলিম লীগ কংগ্ৰেছৰ মিত্রদল। কমসংখ্যক মুছলমানৰ ভোট চি.পিএমেও পায়। হিন্দুসলৰ ভোট বিলাক বহুধা বিভক্ত। জাতি ভেদে পচন্দ বেলেগ বেলেগ। বিজেপিয়ে বহু চেষ্টা কৰিও কেৰেলেত তৃতীয় শক্তি হ’ব পৰা নাই। ভোটৰ শতাংশ প্ৰত্যেক নিৰ্বাচনত বাঢ়িছে যদিও সি পৰ্য্যাপ্ত নহয়। কেৰেলাৰ কেবল দুখত জিলাতহে বিজেপিৰ অলপ প্ৰভাব আছে। অহা নিৰ্বাচনত হয়তো দহখনমান আসনত কিছু ভোট পাব বিজেপিয়ে। কেইদিনমান আগতে হৈ যোৱা স্থানীয় নিকায়ৰ নিৰ্বাচনত এল.দি.এফ জয়ী হৈছিল। কৰোণাৰ সময়ত চৰকাৰৰ বলিষ্ঠ পদক্ষেপৰ বাবে চৰকাৰখনে ৰাইজৰ মন জিনিছে। বিভিন্ন এগজিট প’লক বিশ্বাস কৰিলে পুনৰ পিনাৰাই বিজয়ন কেৰালাৰ মুখ্যমন্ত্রী হোৱাটো নিশ্চিত।

২০২১: কোনজন নেতাৰ কথাত ৰাইজে বিশ্বাস কৰিব?

২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হৈছে। প্ৰত্যেক দলে সভা সমিতি আৰম্ভ কৰি দিছে। এই নিৰ্বাচনী সভাবোৰতে সকলো নেতাই দিব বিভিন্ন ৰকমৰ প্ৰতিশ্ৰুতি। এতিয়া কথা হ’ল ৰাইজে এই নেতাসকলৰ ভিতৰত কোনজনৰ কথা বিশ্বাস কৰিব? আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক। ভোটদানৰ অন্তিম দিন ২০ ফেব্ৰুৱাৰী ২০২১।

CLICK HERE

কোৰাণত উল্লেখ নাই লাউদ স্পিকাৰত আজান দিয়া : পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠ

  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


পাকিস্তানত বাৰ বছৰ সাংবাদিকতা কৰা প্ৰাক্তন বিবিচি সাংবাদিক পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠ আৰু ভাৰতীয় সেনা তথা RAW ৰ প্ৰাক্তন বিষয়া আৰ এচ এন সিং এ প্ৰথমবাৰলৈ গুৱাহাটীত ৰাজহুৱা বক্তৃতাৰ অনুষ্ঠানত অংশ লয় যোৱা ২৫ ডিচেম্বৰ তাৰিখে । ইউনাইটেড ট্ৰাষ্ট অসম নামৰ এটা ৰাষ্ট্ৰবাদী সংগঠনৰ অনুষ্ঠানত দুয়োজন ব্যক্তিয়ে অংশ লয়  । গুৱাহাটী মেডিকেল কলেজ প্ৰেক্ষাগৃহত প্ৰায় ডেৰ হাজাৰ মানুহৰ উপস্থিতিত অসমৰ লগত ভাৰতৰ প্ৰতিখন ঠাইৰ সাংস্কৃতিক সম্পৰ্কৰ কথা ব্যক্ত কৰে । ৫৬ খন  দেৱী পীঠৰ এখন যিদৰে মা কামখ্যা আন এখন পীঠ বৈষ্ণু দেবী পীঠ জম্মু- কাশ্মীৰত । বৰ্তমানৰ পাকিস্তানৰ হিনগামাতা মন্দিৰৰ পৰা আৰম্ভ কৰি কামৰূপৰ কামাখ্যা সাংস্কৃতিক ভাবে এটা বিন্দুতে সমাহিত । আৰ এচ এন সিংৰ ভাষণত তেওঁ অসমক পাকিস্তানৰ অংগ কৰা আৰু ইছলামিক অঞ্চল হিচাপে জন্ম দিয়াৰ পৰিকল্পনা জিন্নাৰ , মুজিবৰ ৰহমান , জুলফিকৰ আলি ভুট্টোৰ সময়ত বাৰে বাৰে  কৰা হৈছিল আৰু সেই কৌশলৰ অংশ এতিয়া চাৰ্জিল ইমাম আৰু চাৰ্জিল ইমামৰ সমৰ্থক সকল।
২৬ তাৰিখ , অভিবৰ্তনৰ পিছদিনাখন , তেতিয়া সময় ৰাতিপুৱা ১০ বাজিছে । ভাতৃ এজনে ফোন কৰিলে । ‘ দাদা পুষ্পেন্দ্ৰজীৰ লগত দেখা হোৱাৰ সুযোগ এটা পাইছো , উজানবজাৰ ফেৰী ঘাটলৈ যাব লাগে ।’ অন্য সকলো কাম সামৰি লক্ষ্যস্থান উজানবজাৰ কৰিলোঁ । আমি গৈ পোৱাৰ আগতেই দুয়োজন অতিথি তাত উপস্থিত হৈছিল । ফেৰী চুকাফা সাঁজু । প্ৰথম অৱস্থাত দুয়োজন ব্যক্তিক কাষত পাই আচৰিত হৈছিলোঁ , এনেকুৱা এটা ঘৰুৱা পৰিবেশত তেওঁলোকক লগ পাম বুলি কল্পনাও কৰা নাছিলোঁ ।  ইউটিএ ৰ সদস্য ভাস্কৰ দা( ভাস্কৰ দাস)ই চিনাকী কৰাই দিয়ে । ” পুচপেন্দ্ৰ জী ইনহোনেহি সাৱৰকৰ বুক লিখা হে ” , ভাস্কৰ দাই কয় । ইয়াৰ পিছতে দুয়োজন ব্যক্তিৰ লগত ফটো উঠো । পুষ্পেন্দ্ৰ  কুলশ্ৰেষ্ঠই জনাই যে অভিবৰ্তন শেষ হোৱাৰ পিছত তেওঁক কোনোবাই বীৰ সাৱৰকৰ ওপৰত লিখা কিতাপখন দিছে । কিতাপখন অসমীয়া ভাষাত থকা কাৰণে তেওঁ পঢ়িব পৰা নাই যদিও সুচীপত্ৰখনৰ হিন্দী অনুবাদ তেওঁ শুনিছে ।
অসমত শিল্পী , সাহিত্যিক , শিক্ষাবিদ গিজগিজাই থকা স্বত্তেও বিনায়ক দামোদৰ সাৱৰকৰৰ বিষয়ে এখনো গ্ৰন্থ ওলোৱা নাছিল । এতিয়া গ্ৰন্থখন ওলোৱাৰ পিছতো মৌলৱাদী আৰু বিচ্ছিন্নতাবাদীৰ দ্বাৰা কুক্ষিগত হৈ থকা অধিকাংশ সংবাদ গোষ্ঠীয়ে গ্ৰন্থখনৰ প্ৰকাশৰ খৱৰ প্ৰচাৰ নকৰে । কিন্তু এতিয়া বিশ বছৰ আগৰ দিন নাই । চেনেল বা বাতৰি কাকত মিডিয়াক অলপ গুৰুত্ব নিদিয়াকৈ চচিয়েল মিডিয়াত খৱৰ বিয়পাব পৰা দিন আহি গৈছে । ফেৰীখনে ব্ৰহ্মপুত্ৰৰ মাজেৰে বতাহ ফালি উমানন্দৰ কাষেৰে গতি কৰিছে । এফালে উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত মন্দিৰৰ পাহাৰৰ মাজেৰে বেলিটোৱে লাহে লাহে ৰং সলনি কৰিছে । সময় তেতিয়া প্ৰায় ৪ বাজি গৈছে ।তেওঁক সুধিছিলোঁ
___”  অসমত আপুনি প্ৰথম আহিছে আৰু কেনে অনুভৱ হৈছে আপোনাৰ ? “
___” নতুন ঠাই এখনত আহিছো বুলি একোৱেই অনুভৱ হোৱা নাই । আপোনালকে মোৰ লগত হিন্দীত কথা পাতিছে । অতি শুৱলা আৰু এক পৃথক উচ্চাৰণে ভাষাটোক মধুৰ কৰি তুলিছে । ব্ৰহ্মপুত্ৰৰ মাজত ফেৰীত বহি আমি উমানন্দ দেখিছোঁ আৰু একেই শিবৰ স্থান বাৰানসীটো দেখিছোঁ । অশ্বক্লান্ত মন্দিৰৰ এই পাহাৰত শ্ৰীকৃষ্ণৰ ঘোঁৰাই ক্লান্ত হৈ জিৰণি লৈছিল , সেই শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰ গুজৰাটত দেখিছোঁ । দেৱীৰ পীঠ কামাখ্যা দৰ্শন কৰিছোঁ অসমলৈ আহি , একেই দেৱী পীঠ বৈষ্ণু দেৱী জম্মুত আছে । ক’তো একো পাৰ্থক্য নাই ।
” জিচ ব্ৰহ্মা নে ধৰতি কো চজায়া হে , য়ে ৰিভাৰ ব্ৰহ্মা কা পুত্ৰ ব্ৰহ্মপুত্ৰ হে ……” , তেওঁ কৈ গৈছিল।
 তেখেতে মোবাইলত ভিডিঅ’ ক’ল কৰি ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য্য দেখুৱাই আছিল তেওঁৰ পৰিয়ালৰ মানুহক ।
অসমত চলা কা আন্দোলনৰ সময়ত চাৰ্জিল ইমামে চাহিন বাগত অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভাবুকি প্ৰদান কৰিছিল । এই ভাবুকিক কিমান গুৰুত্ব প্ৰদান কৰিব পাৰি সেইটো জানিব বিচাৰিছিলোঁ ।
চাহিনবাগৰ আন্দোলন বা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ আক্ৰমণ এইবিলাক এটা চিক্কাৰ ইপিঠি সিপিঠি । অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ প্ৰয়াস কেবিনেট মিছনে কৰিছিল । কিন্তু আপোনালোকৰ অসমৰ নেতা যেনে গোপীনাথ বৰদলৈ প্ৰমুখ্যে ব্যক্তিসকলৰ কাৰণে অসম বাচি গ’ল । কিন্তু এতিয়াও চেষ্টা চলি আছে । উত্তৰ পুৱ আৰু ভাৰতৰ আন ৰাজ্যৰ মাজত সংযোগ স্থল এতিয়া চিকেন নেক । শিলিগুৰীৰ সেই স্থানৰ এফালে বাংলাদেশ আছে আৰু আনফালে বংগ । বংগৰ সেই স্থলত জনৱিন্যাসৰ কৌশলগত পৰিৱৰ্তন হৈ আছে । দুয়োফালে  মৌলবাদীৰ শক্তি বৰ্ধন এটা ভাৰত বিৰোধী ষৰযন্ত্ৰ ।
মানুহক ৰাষ্ট্ৰবাদী কিদৰে কৰা সম্ভৱ পুষ্পেন্দ্ৰ জীক সুধিছিলোঁ । তেওঁ কৈছিল ইতিহাসকাৰ সকলে সঁচা ইতিহাস বিকৃত কৰিলে আৰু এই ইতিহাসে ভাৰতত ভাৰত বিৰোধী শক্তিৰ উত্থানত সহায় কৰি গ’ল । সঁচা ইতিহাস নতুন প্ৰজন্মই জানিব লাগিব । বহু মাদ্ৰাছাত বিচ্ছিন্নতাবাদৰ শিক্ষা দিয়া হয় । মাদ্ৰাছা শিক্ষাক নিয়ন্ত্ৰণ কৰিব লাগিব । মাদ্ৰাছাৰ ছাত্ৰই দেশ দুনীয়াৰ , ভাৰতীয় সভ্যতাৰ কথা জানিব লাগিব ।
পুষ্পেন্দ্ৰ  কুলশ্ৰেষ্ঠই অতি সুন্দৰ ভাবে আৰু বিৰামহীন ভাবে কথাবোৰ কৈ গৈছিল । কিন্তু তেওঁৰ লগত থকা প্ৰাক্তন সেনা বিষয়া আৰ এচ এন সিং কিছু ৰিজাৰ্ভ ধৰণৰ । খুৱ কম কথা কয় । এটা প্ৰশ্নৰ উত্তৰ তেওঁ মাত্ৰ এটা বাক্যত দিয়ে । পুষ্পেন্দ্ৰ  কুলশ্ৰেষ্ঠ আৰু আৰ এচ সিংক ফেৰীত থকা ইউটিএৰ এজন সদস্যই অসমীয়া পিঠা উপহাৰ দিলে । ইউটিএৰ সদস্যৰ অনুৰোধত বিহু গীতৰ তালত দুয়োজনে প্ৰায় ১০-১৫ মিনিট সময় নাচিলে ।  সন্ধীয়া নামিল । চৰাইবোৰে নিজৰ গন্তব্য স্থানলৈ গতি কৰিছে । ফেৰীয়ে ওভতনি যাত্ৰা আৰম্ভ কৰিলে ।  পুষ্পেন্দ্ৰ  সিং ডাঙৰীয়াই ক’লে যে  অসমীয়া মানুহৰ পৰা পোৱা মৰমে তেওঁলোকক অতি আপ্লুত কৰিছে আৰু তেওঁলোকে এই পৰিবেশ দেখি আচৰিতো হৈছে । মই ক’লো কুলশ্ৰেষ্ঠজী আপোনাকলোক শ্ৰীকৃষ্ণৰ শহুৰৰ ঘৰত আহিছে । অসমৰ কুণ্ডিল নগৰ ( বৰ্তমানৰ শদিয়া)ৰ আছিল ৰুক্মিনীৰ পিতৃগৃহ । শ্ৰীকৃষ্ণ আমাৰ অসমৰ জোঁৱাই ।
বাংলাদেশীৰ অনুপ্ৰবেশে ইতিমধ্যে অসমৰ ১২-১৩ খন জিলাক গ্ৰাস কৰি পেলাইছে । মৌলবাদীৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ উপায় কি?
মৌলবাদীয়ে অকল ভুমি , সমাজনীতি, ৰাজনীতিত প্ৰভাব নেপেলায় । মানুহৰ মন – মগজুকো ইহঁতে আক্ৰমণ কৰে । মাদ্ৰাছাত মৌলবাদ শিকোৱা হয় আৰু সেই মাদ্ৰাছাই লাউদস্পিকাৰত আজান বজোৱা শিক্ষা দি থাকে । হজৰত মহম্মদৰ সময়ত বা কোৰাণত কতো লিখা নাই যে আজান লাউদস্পিকাৰত বজাব লাগে । হজৰত মহম্মদৰ সময়ত জানো বিজ্ঞানে স্পিকাৰৰ উদ্ভাৱন কৰিছিল ? একমাত্ৰ আন পন্থাৰ মানুহক বাৰে বাৰে শুনাই থকা হয় যে তেওঁলোকৰ পন্থা আচল আৰু বাকী বিলাকৰ নকল ।
ইউটিউব বা ৰাষ্ট্ৰীয় নিউজ চেনেলত যেতিয়া পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠ আৰু আৰ এচ সিংৰ ভাষণ শুনো তেতিয়া ভাব হৈছিল যে এওঁলোক পুলিচ বা সুৰক্ষা বাহিনীৰ বেষ্টনীত থাকে । ওৱাই , জেদ এনেকুৱা কিবা নহয় কিবা সুৰক্ষা বেষ্টনীত থাকে । কিন্তু গুৱাহাটীত লগ পাই  দেখিলোঁ যে  এখেতসকলৰ আশে পাশে অলপো সুৰক্ষা বেষ্টনী নাথাকে । ৰাষ্ট্ৰৰ নামত জীৱন সমৰ্পিত কৰা ৰাষ্ট্ৰবাদী এখেতসকল ।
(DISCLAIMER: The views and opinions expressed in this presentation are those of the interviewee and do not necessarily represent official policy or position of Rajniti Axom )

বিজেপিৰ বেয়া দিনত পুনৰ কংগ্ৰেছলৈ ঘুৰি যাব নেকি?

  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


প্ৰাক্তণ মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়িকা অজন্তা নেওগে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে । ২০১৬ নিৰ্বাচনৰ আগত হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ ত্যাগ আৰু ২০২১ চনৰ নিৰ্বাচনৰ আগে আগে অজন্তা নেওগ , ৰাজদ্বীপ গোৱালা আদি নেতাৰ কংগ্ৰেছ ত্যাগ কিন্তু একে নহয় । ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠনৰ পিছত অসমতো কংগ্ৰেছ দলে বিপদৰ উমান পাইছিল । কিন্তু সেইসময়ত কংগ্ৰেছৰ পৰাজয়  নিশ্চিত হোৱা নাছিল । ৰাহুল গান্ধীৰ অভিমান আৰু তৰুণ গগৈৰ পুত্ৰ স্নেহে হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ ত্যাগ কৰা সিদ্ধান্তক ক্ষীপ্ৰতা প্ৰদান কৰিছিল ।সেইসময়ত হিমন্ত বিশ্ব শৰ্মাৰ লগত বিজেপিত যোগ দিয়া পল্লব লোচন দাস , পিযুষ হাজৰিকা , প্ৰদান বৰুৱা আদি নেতাৰ দল সলনি সম্পুৰ্ণ হিমন্ত বিশ্ব শৰ্মাৰ লগত নিৰ্ভৰশীল আছিল । অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত একাংশ কংগ্ৰেছ নেতা বিজেপিলৈ আহিছিল । হিমন্ত বিশ্ব শৰ্মাই নিজৰ দক্ষতাৰ বলত বিজেপিক উত্তৰণ কৰিলে । হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছত গছ নোহোৱা ঠাইত এৰাই বিৰিখ জাতীয় বহু বিজেপি নেতাই নিৰ্বাচনী সভাত ডাঙৰ কন্ঠত ভাষণ দিবলৈ শিকিলে । হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাই বিজেপিৰ প্ৰাৰ্থী এজনৰ ভাগ্য সলনি কৰিলে । হিমন্ত বিশ্ব শৰ্মাই নিজেও ব্যক্তিগত চেনেল এটাৰ ইনটাৰভিউত স্বীকাৰ কৰিছিল যে অচিন সাগৰত তেওঁ নাওঁ এৰি দিছে । ২০১৫-১৬ ৰ পৰিবেশ এতিয়া নাই । ২০১৯ লোকসভা নিৰ্বাচনত পুনৰ মোদী চৰকাৰ , বিটিআৰত বিজেপি মিত্ৰ চৰকাৰ আৰু বিশেষকৈ বদৰুদ্দিন আজমলৰ লগত কংগ্ৰেছৰ মুক্ত মিত্ৰতাই বিজেপিক ২০২১ নিৰ্বাচনত অভাবনীয় মাইলেজ দিয়াটো খাতাং ।উজনি অসমত বদৰুদ্দিন আজমলৰ লগত কৰা মিত্ৰতাই কংগ্ৰেছক বিপদত পেলাব বুলি সকলোৱে দাবী কৰিছিল আৰু অজন্তা নেওগৰ কংগ্ৰেছ ত্যাগে এই দাবীক ন্যায্যতা দিলে । কংগ্ৰেছৰ টিকটত উজনিত অজন্তা নেওঁগৰ পৰাজয় যে নিশ্চিত সেই কথা গোলাঘাটৰ ভোটাৰে তেওঁক জনাই দিছে আৰু উপায়হীন হৈ ৰহিংয়াৰ কাৰণে আব্দুল খালেক , চেৰমান আলীৰ লগত ধৰ্মঘট কৰা প্ৰাক্তণ মন্ত্ৰী গৰাকীয়ে বিজেপিত যোগ দিলে । ২০১৬ চনত যিখিনি ভোটাৰে বিজেপিক জয়ী কৰাইছিল সেই একে খিনি ভোটাৰৰ ভোট পুৰ্বৰ নিৰ্বাচনবোৰত অগপ আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ লগত আছিল । ৰাষ্ট্ৰবাদী দল সংগঠন , অনুষ্ঠান -প্ৰতিষ্ঠানে নিয়মিত ভাবে চলায় থকা বিভিন্ন কাৰ্য্যসূচীৰ প্ৰভাব আৰু বদৰুদ্দিন আজমলৰ ৰাজনীতিত প্ৰবেশে অসমৰ জনগণক ৰাষ্ট্ৰবাদী কৰি তুলিছে আৰু ৰাষ্ট্ৰৰ শত্ৰু চিনাক্ত কৰিবলৈ সক্ষম হৈছে । অজন্তা নেওগ বা ইয়াৰ পিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও যদি বিজেপি যোগ দিয়ে আচৰিত হ’ব লগা একো নাথাকিব । কাৰণ নাজিৰা ,গোলাঘাট ,মৰিয়নিৰ ৰাষ্ট্ৰবাদী ৰাইজে বদৰুদ্দিন আজমলৰ মিত্ৰ নেতাক ভোট নিদিয়ে । তৰুণ গগৈয়ে নিজৰ পুত্ৰক সাংসদ বনোৱাৰ স্বাৰ্থত ৰাহুল গান্ধীক বিৰোধ নকৰিলে । বদৰুদ্দিন আজমলৰ লগত কৰা মিত্ৰতা সম্পুৰ্ণ হাইকামাণ্ডৰ সিদ্ধান্ত আছিল । তৰুণ গগৈ আৰু ৰিপুন বৰাই গান্ধী পৰিয়ালৰ প্ৰিয় ভাজন হৈ থাকিবলৈ আজমলক বিৰোধ নকৰিলে বুলি কংগ্ৰেছৰ ভিতৰচাৰত আলোচনা হৈছে । অজন্তা নেওগ বা আহিব লগা কংগ্ৰেছৰ পৰা আন আন হিন্দু নেতাসকলে বিজেপিক লাভান্বিত কৰিব আৰু নৰেন্দ্ৰ মোদীক শক্তিশালী কৰিব । কিন্তু প্ৰতিষ্ঠাৰ সংকতত পৰিব বিজেপিৰ ন-পুৰণি বা অতি পুৰণি কিছু নেতা । প্ৰমিলা ৰাণীৰ ব্ৰহ্ম ই অধিকাৰ কৰি থকা মহিলা কোটাৰ পৰা আংগুৰলতা ডেকা বা সুমন হৰিপ্ৰিয়াই মন্ত্ৰী হোৱাৰ বাসনা পুৰ্ণ ২০২১ চনত নহ’ব । অজন্তা নেওগৰ অভিজ্ঞতাৰ লগত যিহেতু আংগুৰলতা ডেকা বা সুমন হৰিপ্ৰিয়াৰ তুলনা নাই সেয়ে নেওগ মন্ত্ৰী হ’লে সাধাৰণ জনতাৰ একো অসুবিধা নহ’ব । বহু বিজেপি কৰ্মী বা নেতাই শংকা ব্যক্ত কৰিছে যে এইসকল প্ৰাক্তণ কংগ্ৰেছী নেতা এতিয়া বিজেপিৰ ভাল সময়ত আহিছে । বিজেপিৰ বেয়া দিনত পুনৰ কংগ্ৰেছলৈ ঘুৰি যাব ।এনেকুৱা শংকা শুদ্ধ নেকি ? ২০১৪ লোকসভা বা ২০১৬ বিধান সভা নিৰ্বাচনৰ আগত কংগ্ৰেছ দল বহুবাৰ জয়ী হৈছিল । কংগ্ৰেছক জয়ী কৰা ভোটাৰখিনি জানো বেলেগ দেশৰ আছিল ? আজি বিজেপিৰ ভোটাৰ খিনি পুৰ্বতে আন দলৰ ভোটাৰ আছিল । ভোটাৰে নিজৰ নেৰেটিভ সলনি কৰিছে সেয়ে নেতাই দল  সলাবলৈ বাধ্য । ২০১৪ চনৰ নিৰ্বাচনৰ আগত নেতাই জামা মছজিদৰ ইমামৰ হাতত চুমা খাব গৈছিল । এতিয়া নেতাই মন্দিৰ দৰ্শন কৰিব যায় । কাৰণ দেশৰ জনতাই মন সলনি কৰিছে । সৰ্বানন্দ সোণোৱাল , হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি অজন্তা নেওগলৈ কোনো এজন নেতাই পুৰ্বৰ দললৈ ঘুৰি যাব নোৱাৰে । কাৰণ সৰ্বানন্দ সোণোৱাল অগপত গৈ বা অসম জাতীয় পৰিষদত গৈ ডিব্ৰুগড় লোকসভা সমষ্টিত জয়ী হ’ব নোৱাৰে । আনহাতে হিমন্ত বিশ্ব শৰ্মাইও গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছৰ টিকটত জিকিব নোৱাৰে যেতিয়ালৈকে ভোটৰ বিন্যাস ওলোটা নহয় ।অসমত আজমল আৰু দিল্লীৰ ৰাজনীতিত ওৱেচি ভাতৃদ্বয়ে ভোটাৰক ভোট বেংকলৈ ৰূপান্তৰ কৰা কাম ক্ষিপ্ৰ কৰিছে ।অসমৰ ৰাষ্ট্ৰবাদী জনতাই নিজৰ ৰাষ্ট্ৰবাদী ধাৰা যেতিয়ালৈকে সলনি নকৰে তেতিয়ালৈকে এই নেতা সকলে কংগ্ৰেছত ঘুৰি গৈ ৰাজৈনতিক ভৱিষ্যত উজ্জ্বল কৰিব নোৱাৰে ।

১৯৯২ চনৰ হিৰো আজিৰ খলনায়ক

  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


‘ অসমত বিজুলী যোগান নিয়মীয়া কৰক …….’ , সদৌ অসম ছাত্র সন্থাৰ সমদলত মই হাতত প্লেকাৰ্ড লৈ খোজ কাঢ়িছো। সমদলত প্ৰায় ১ হাজাৰ ছাত্র-ছাত্রী। তেতিয়া ১৯৯২ চন, আমি ষষ্ঠ মান শ্ৰেণীত পঢ়ো। ছাত্র সন্থাক লৈ আমি গৌৰৱান্বিত। ছাত্র সন্থা; ছাত্রৰ সন্থা; আমাৰ সন্থা। সদৌ অসম ছাত্র সন্থাৰ সভাপতি আছিল সৰ্বানন্দ সোণোৱাল আৰু সম্পাদক আছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য। সৰ্বানন্দ সোণোৱাল আজিৰ দৰে খুব নিৰ্জু স্বভাবৰ ব্যক্তি আছিল। ছাত্র সন্থাক সম্পূৰ্ণ  ভাবে নিয়ন্ত্ৰণ কৰিছিল ভট্টাচাৰ্য্য দেৱে। মানুহজনে সুন্দৰ ভাষণ দিছিল, আমাক অনুপ্ৰাণিত কৰিছিল। মোৰ দৰে বহুতো ছাত্র ছাত্রীৰ হিৰো আছিল।
২০০৫ চনত আমাৰ বসয় ২৩ বছৰ। আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি বহুজাতিক কোম্পানীৰ চাকৰিত যোগদান কৰো। চাকৰি কৰি বহু অভিজ্ঞতা লাভ কৰো। দেশ বিদেশৰ বিভিন্ন ঠাইত কাম কৰাৰ সুবিধা পাইছো।
আজি ২০২০ চনৰ শেষ দিন। খুব আনন্দেৰে  যোৱা ১৫ বছৰে চৰকাৰক কঁৰ দি আহিছো আৰু দেশ নিৰ্মানত অংশীদাৰ হৈছো। ১৯৯২ চনৰ পৰা আজিলকৈ ৰাজনীতিত বহু উত্থান পতন দেখিলো। বিশেষকৈ কব গ’লে চিকিমত পবন সিং ছামলিংএ ২৬ বছৰ শাসন কৰি ভাৰতত ইতিহাস ৰচে। জৌতি বসুৱে ২৫ বছৰ, তৰুণ গগৈয়ে ১৫ বছৰ মুখ্যমন্ত্রীৰ আসনত বহে। কিন্তু পৰিবৰ্তন কামী ৰাইজৰ সন্মুখত এওঁলোক সকলোৱে শীৰ নত কৰিবলৈ বাধ্য হয়। ১৭ বছৰৰ পিছত এইমাহতে বড়োভূমিত হাগ্ৰামা মহিলাৰীকো ৰাইজে বিদায় জনায়। এই সকলোবোৰৰ মাজতে কিন্তু যোৱা ২৮ বছৰে এটা বস্তুৰ পৰিবৰ্তন হোৱা নাই, সেয়া হ’ল সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বৰ। ১৯৯২  চনতো সমুজ্জ্বল ভট্টাচাৰ্য্যই ছাত্রসন্থা সম্পূৰ্ণভাবে নিয়ন্ত্ৰণ কৰি আছিল;২০২০ চনতো তেওঁ নিয়ন্ত্রণ কৰি আছে। আজি বহু বছৰ ধৰি অবশ্যে তেওঁ উপদেষ্টা পদত আছে। আমি সভাই সমিতিয়ে বহু উপদেষ্টা দেখা পাইছো। ডাঙৰ ডাঙৰ মানুহৰ নাম উপদেষ্টা পদত ৰখাৰ উদ্দেশ্য হ’ল নিমন্ত্ৰণী পত্রখন শুৱনি কৰা। তেওঁলোকৰ পৰা কাৎচিতহে কোনো পৰামৰ্শ গ্ৰহণ কৰা হ’য়। সভাপতি -সম্পাদকৰ সিদ্ধান্তই চুৰান্ত সিদ্ধান্ত। কেবল ছাত্র সন্থাৰ কথা সুকীয়া। ইয়াত উপদেষ্টাই সকলো। তেওঁ টিভিত আহে, বাতৰি কাকতত সাক্ষাৎকাৰ দিয়ে। সভাপতি -সম্পাদক যেন নামতহে আছে। বহু বছৰ ছাত্র সন্থাত থকাৰ সুবাদতে ভট্টাচাৰ্য্য ডাঙৰীয়াই ইয়াক সম্পূৰ্ণ ৰূপে গ্ৰাস কৰি পেলাইছে। তেওঁৰ পিছৰ সভাপতি -সম্পাদক সকলক তেওঁ কেবল পুতলাৰ দৰে নচুৱাই আছিল। সেই কাৰণে সেইসকলৰ এজনেও ৰাজনীতিৰ পথাৰখনত কৃতকাৰ্য্যতা লাভ কৰিব পৰা নাই। প্ৰবীণ বড়ো আৰু অমিয় ভূঞাই বিধায়ক হ’ব নোৱাৰিলে। শংকৰ প্ৰসাদ ৰয় যোৱাবাৰ পৰাজিত হ’ল। তপন কুমাৰ গগৈ বিধায়ক, মন্ত্রী, সাংসদ হ’ল যদিও তেওঁৰ যোগ্যতাতকৈ ভাগ্যকহে ধন্যবাদ দিব লাগিব। যোৱা পাছ বছৰে অসমৰ স্বাৰ্থৰ হকে তেওঁৰ মুখৰ পৰা কোনো মাত শুনা নাপালো। মৃগাংক নাথে সেইবাবে হয়তো ভয়তে ছাত্র সন্থাতে থাকি গ’ল। সমুজ্জ্বল ভট্টাচাৰ্য্যৰ ৰঙা চকুলৈ চাবলৈ সাহ কৰিছিল একমাত্র লুৰিণ জ্যোতি গগৈয়ে। ইয়াৰ আগতে কোনো ছাত্র সন্থাৰ নেতাই মুকলিকৈ সমুজ্জ্বল ভট্টাচাৰ্য্যৰ বিৰূদ্ধে কবলৈ সাহস কৰা নাছিল। ফল কিন্তু আশা কৰা ধৰণে ন’হল। এজন ৫৬ বছৰীয়া ছাত্র নেতাই ২৭ বছৰীয়া ছাত্রনেতাজনক বিদায় দিলে। অনিশ্চিত ভবিষ্যতলৈ যাত্রা কৰিলে লুৰিণে। ছাত্র সন্থাৰ কাণ্ডাৰী হৈ থাকি গ’ল ২৮বছৰে ইয়াৰ লেকাম ধৰি ৰখা মানুহজন। ছাত্র সন্থাৰ উপদেষ্টা হ’বলৈ যিহেতু ছাত্রৰ ভোট নালাগে, তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আজি ২৮ বছৰ কাল তেওঁ সংগঠনটোৰ সৰ্বে-সৰ্বা হৈ থাকি গ’ল। ছাত্রসন্থাৰ পৰবৰ্তী অধিবেশন খন হয়তো আৰু ৫ বছৰ পিছত হ’ব। তাৰমানে ৬১ বছৰ বয়সলৈকে সমুজ্জ্বল ভট্টাচাৰ্য্য ছাত্র হৈ ছাত্রসন্থাক নেতৃত্ব দি থাকিব। ৫ বছৰ পিছত আৰু বিবেকে অনুমতি দিলে হয়তো ৬৬ বছৰ বয়সলৈকো থাকিব পাৰে। ইয়াতকৈ বেদনাদায়ক কথা একো হ’ব নোৱাৰে। ছাত্র সন্থা, ছাত্রৰ বাবে আৰু ছাত্রৰ দ্বাৰা পৰিচালিত হৈ থাকিব লাগে। পিছ দুৱাৰেদি ছাত্র সন্থা পৰিচালনা কৰাৰ ফলত সন্থাৰ বিশ্বাসযোগ্যতা হ্ৰাস পাইছে। ২৮ বছৰ আগৰ আমাৰ হিৰোজন আজি আমাৰ মনত খলনায়ক। আমি আশা কৰো ভট্টাচাৰ্য্য ডাঙৰীয়াৰ সোনকালে শুভ বুদ্ধিৰ উদয় হ’ব আৰু ছাত্র সন্থাক নিজৰ পিঞ্জৰাৰ পৰা মুক্ত কৰি দিব।

গুৱাহাটীয়া ৰাজনেতাই প্ৰমোদ বড়োৰ পৰা শিকিব নে ?

  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


স্বাধীন ভাৰতত চৰকাৰ আৰু সংগঠনৰ মাজত হোৱা বিভিন্ন চুক্তিৰ ভিতৰত আটাইতকৈ সফল চুক্তি হৈছে বিটিচি চুক্তি । বড়ো লিবাৰেচন টাইগাৰ ফৰ্চ চমুকৈ বিএলটিয়ে পৃথক ৰাজ্য দাবীৰে আৰম্ভ কৰা সশস্ত্ৰ সংগ্ৰামৰ পৰিসমাপ্তি ঘটিছিল ৬ষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসন প্ৰদানৰ দ্বাৰা । বিএলটিয়ে সশস্ত্ৰ সংগ্ৰামক পথ হিচাপে লৈছিল আৰু একে দাবীক সফল কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থাই গণতান্ত্ৰীক প্ৰক্ৰিয়াৰে কাম কৰিছিল । বিজেপি চৰকাৰ কেন্দ্ৰত থকা সময়ত লালকৃষ্ণ আদৱানীৰ ছত্ৰছায়াত বিটিচি চুক্তিয়ে খুব কম সময়ৰ ভিতৰতে বড়োলেণ্ডত শান্তিৰ পৰিবেশ এটা সৃষ্টি কৰিছিল । বিটিচি গঠনৰ পিছত হোৱা নিৰ্বাচনত প্ৰাক্তণ বিএলটি নেতাৰ দ্বাৰা জন্ম হোৱা বিপিএফ দলে প্ৰতিবাৰেই জয়ী হৈ আহিছিল । আবছু সমৰ্থিত  প্ৰা্ৰ্থিৰ পৰাজয় নিয়মত পৰিণত হয় । বিপিএফ আৰু আবছুৰ মাজৰ সম্পৰ্ক কেতিয়াও ভাল হোৱাৰ নাম নল’লে । উৰ্খা গৌৰা ব্ৰহ্মই লোকসভাৰ প্ৰতিটো নিৰ্বাচনত পৰাজিত হ’ল আৰু বিপিএফৰ পৰা চাংচুমা খুংগুৰ নিৰ্বাচিত হৈ দিল্লী পালে । সামাজিক ক্ষেত্ৰত জনপ্ৰিয় আবছুৰ নিৰ্বাচনী ৰাজনীতিত দুৰ্বল পাৰফৰ্মেঞ্চ বিটিচিৰ বাহিৰৰ মানুহৰ কাৰণে বোধগম্য নাছিল ।

২০২০ৰ আগলৈ আবছু কিয় বাৰে বাৰে নিৰ্বাচনত পৰাজিত হৈছিল ?

প্ৰতিটো নিৰ্বাচনত বড়োভাষী ভোটাৰৰ সমৰ্থন আবছুৱে পাইছিল , কিন্তু আবছুৰ ওপৰত থকা উগ্ৰ ভাষাকেন্দ্ৰীক জাতীয়তাবাদী লেবেল খনৰ বাবে আন জাতি -গোষ্ঠীৰ সমৰ্থন আশানু্ৰুপ নাছিল । অন্যহাতে ৰাজনৈতিক ভাবে বিচক্ষণ হাগ্ৰামা মহিলাৰিয়ে বড়োভাষীৰ ভোটৰ ওপৰত নিৰ্ভৰ নকাৰকৈয়ে নিৰ্বাচন জিকি গ’ল । নব শৰণীয়াই নিৰ্বাচনত অৱতীৰ্ণ নোহোৱালৈকে হাগ্ৰামা মহিলাৰী আছিল অপ্ৰতিদন্দী নেতা । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বড়ো ভাষী আৰু অন্য ভাষা-ভাষী ভোটৰ পোলাৰাইজেচন হ’ল আৰু একমাত্ৰ অবিভক্ত অসমৰ ইচ্ছ্যুত হীৰা শৰণীয়া জয়ী হৈছিল ।ভোটৰ সংখ্যাত বিটিআৰ এলেকাত সৰ্ব বৃহত গোষ্ঠীতো হৈছে পুৰ্ব বংগীয় মুলৰ মুছলমান খিনি । ২০১৪ নিৰ্বাচনত এই গোষ্ঠীটোৱে হীৰা শৰণীয়াক সমৰ্থন দিয়াৰ ফলত ৰেকৰ্ড ভোটত হীৰা শৰনীয়া জয়ী হয় । কিন্তু বিধানসভা আৰু কাউন্সিলৰ নিৰ্বাচনত হীৰা শৰনীয়াক সমৰ্থন দিয়া সিংহভাগ ভোটাৰে বিপিএফকে সমৰ্থন দি গ’ল ।
নিৰ্বাচন যিহেতু সংখ্যাৰ খেল , সেয়া নিৰ্বাচনত আবছুৱে আশা কৰা ফল নাপালে । ২০১৯ চনৰ পৰা সময় সলনি হ’বলৈ আৰম্ভ কৰে । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত হীৰা শৰনীয়াই পোৱা ভোট দৃষ্টিকুট ভাবে কমে ।২০১৪ চনৰ তুলনাত প্ৰায় ২ লাখ ভোট বৃদ্ধি পায় ২০১৯ চনৰ নিৰ্বাচনত । হীৰা শৰণীয়াই পুৰ্বতকৈ দুই লাখ ত্ৰিশ হাজাৰ(প্ৰায়) ভোট কম পালে । ভোট বৃদ্ধি পায় কংগ্ৰেছৰ আৰু বিপিএফৰ । ইউপিপিএলে পোৱা ভোট ২০১৪ আৰু ২০১৯ চনত প্ৰায় সমান হৈয়ে থাকে । অৰ্থাৎ হীৰা শৰণীয়াৰ ভোট কংগ্ৰেছ আৰু বিপিএফলৈ ট্ৰেন্সফাৰ হয় । হীৰা শৰণীয়াৰ লগত থকা পুৰ্ব বংগীয় মুছলামন ভোটৰ এটা বৃহৎ অংশ কংগ্ৰেছলৈ যায় আৰু আন সৰু সৰু গোষ্ঠীৰ ভোট বিপিএফলৈ ট্ৰেনসফাৰ হয় । বিজেপি আৰু বিপিএফ মিত্ৰজোঁটত থকাৰ ফলত স্বাভাবিক ভাবেই ধৰ্মীয় সংখ্যালঘুৰ সমৰ্থন বিপিএফে পোৱা নাছিল । তৎস্বত্তেও মাত্ৰ ৫০হাজাৰ ভোটৰ ব্যৱধানত হীৰা শৰণীয়া জয়ী হয় ।  ২০২০ চনৰ পৰিষদীয় নিৰ্বাচন । বিশেষ সুত্ৰৰ পৰা পোৱা তথ্য মতে সৰ্বানন্দ সোণোৱালে মাত্ৰ ১০ টা সমষ্টিত নিৰ্বাচন খেলাৰ কথা ভাবিছিল । কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ অভিজ্ঞতাৰ পৰা বুজি পাইছিল যে সংখ্যাৰ শক্তি নাথাকিলে পৰিষদত হাগ্ৰামা মহিলাৰীৰ পৰা গুৰুত্ব পোৱা কঠিন। কংগ্ৰেছৰ লগত বিপিএফ থকা সময়ছোৱাটো স্থানীয় কংগ্ৰেছ কৰ্মীয়ে গুৰুত্ব পোৱা নাছিল আৰু বিপিএফৰ লগত বিজেপি থকা সময়ছোৱাটো বিজেপিৰ স্থানীয় কৰ্মীয়ে গুৰুত্ব আদায় কৰিব পৰা নাছিল ।
কংগ্ৰেছৰ দিনত দলীয় নীতি নিৰ্ধাৰণত ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক গুৰুত্ব প্ৰদান কৰা নাছিল , কিন্তু ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ গ্ৰীণ চিগনেল পালে আৰু পলমকৈ হ’লেও বিটিচি নিৰ্বাচনত সৰ্ব শক্তিৰে নামিছিল । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত  প্ৰাক্তণ আলফা নেতা হীৰা শৰণীয়াক এশ শতাংশ সমৰ্থন দিয়া  আৰু ২০১৯ লোকসভা নিৰ্বাচনত ইউপিপিএলক কিছু সমৰ্থন দিয়া সৰ্ববৃহৎ ভোট বেংক পুৰ্ব বংগীয় মুছলামন ভোটাৰে ২০২০ ৰ পৰিষদীয় নিৰ্বাচনত বিজেপি বিৰোধী স্থিতি পুনৰ ল’লে । যিহেতু বিটিচিত এআইইউডিএফ আৰু কংগ্ৰেছৰ স্থিতি দুৰ্বল সেয়ে বিজেপিয়ে বিৰোধ কৰা বিপিএফক একচেতীয়া সমৰ্থন দিলে । বড়োভাষী ভোট আগৰ কেইবাৰৰ দৰেই আবছুৱে পালে , যদিও হিমন্ত বিশ্ব শৰ্মাৰ কৌশলত বিজেপিয়ে নিজৰ স্থিতি সুদৃঢ় কৰিলে । হীৰা শৰণীয়াই উপলব্ধি কৰিলে তেওঁৰ পুৰ্ব বংগীয় মুছলমান ভোটক কেন্দ্ৰ কৰি গঢ়ি উঠা ৰাজনৈতিক ভৱিষ্যতৰ আসন্ন শুন্যতা । মাত্ৰ ১খন আসনতেই সন্তুষ্ট থাকিবলগীয়া হ’ল গণ সুৰক্ষা পাৰ্টী । বিটিছিত সংখ্যাধিক বড়োভাষী ভোটাৰে ভোট দিয়া দলে প্ৰথমবাৰৰ বাবে চৰকাৰ কৰিলে আৰু অবড়ো আবেগ আৰু সংশয়ক ভিত্তি  কৰি জন্ম লাভ কৰা গণ সুৰক্ষা পাৰ্টীয়েও প্ৰথমবাৰৰ বাবে বিটিচ চৰকাৰত নিজৰ প্ৰতিনিধি পালে । হীৰা শৰণীয়া আৰু প্ৰমোদ বড়োৰ মিত্ৰতাই বিটিচি অঞ্চলত জাতিগঠন প্ৰক্ৰিয়াক মজবুত কৰিব বুলি জনতাই ধাৰণা কৰে । কিন্তু এই কাম তৰান্বিত হৈ থাকিবলৈ কেন্দ্ৰত আগন্তুক ১০-১৫ বছৰৰ কাৰণে বিজেপি চৰকাৰ থাকিব লাগিব । কেন্দ্ৰত বিজেপি চৰকাৰ থকা মানেই ৰাজ্যত চৰকাৰ সলনি নহয় । প্ৰমোদ বড়ো , হীৰা শৰণীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ আগন্তুক কৰ্ম পদ্ধতিয়ে বিটিআৰ অঞ্চলত সম্প্ৰীতিৰ পৰিবেশক প্ৰভাব পেলায় থাকিব ।