Thursday, April 25, 2024
Home Blog Page 70

টাইগাৰ অভি জিন্দা হে

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তই বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈক লগ ধৰাৰ খবৰটোৱে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। কি কাৰণত মহন্ত ডাঙৰীয়াই জীতেন গগৈক লগ ধৰিলে? ইয়াৰ উত্তৰ স্পষ্ট। অগপৰ সভাপতি তথা বোকাখাতৰ বিধায়ক অতুল বৰাৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ ইয়াতকৈ ভাল উপায় নাছিল। সকলোৱে দেখাকৈ বৰাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীজনক সাক্ষাৎ কৰি মহন্তই বুজাই দিব খুজিছে “টাইগাৰ অভি জিন্দা হ্যে।” ইতিমধ্যে খবৰ ওঁলাইছে যে অহা বিধানসভা নিৰ্বাচনত মহন্তকে ধৰি তেওঁৰ গোটৰ আন বিধায়কসলকৰ টিকট কটা যোৱাটো নিশ্চিত। তালিকাত নাম আছে বৃন্দাবন গোস্বামী, পবীন্দ্ৰ ডেকা, উৎপল দত্ত, নৰেন সোণোৱাল আৰু সত্যব্ৰত কলিতাৰ। সম্ভাব্য বিপদৰ কথা জানি উতিমধ্যে উৎপল দত্ত আৰু সত্যব্ৰত কলিতাই মহন্তৰ সংগ ত্যাগ কৰা বুলি জনা গৈছে। আনকি লখিমপুৰৰ বান পৰিস্থিতিৰ খবৰ লবলৈ যোৱাৰ সময়তো মহন্তৰ সংগ দিয়া নাছিল  উৎপল দত্তই। এনে সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ সন্মুখত বিকল্প সিমীত। ৬ মাহৰ ভিতৰত নতুন দল খুলি নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ সাহস হয়তো মহন্তৰ নহব। ইতিমধ্যে প্ৰগতিশীল দলৰ তিক্ত অভিজ্ঞতা তেওঁ পাহৰা নাই। কংগ্ৰেছ বা আছুৰ নতুন দলেও মহন্তক আদৰণি জনোৱাৰ সম্ভাবনা ক্ষীণ। ৰাজনীতিত তিষ্ঠি থাকিবলৈ বিধানসভা নিৰ্বাচন জয়ী হৈ অহা খুব প্ৰয়োজন আৰু তাৰ বাবে মহন্ত হ’ব লাগিব বহৰমপুৰত অগপ-বিজেপিৰ উমৈহতিয়া প্ৰাৰ্থী। যোৱাবাৰ মহন্তৰ জয়ৰ ব্যবধান আছিল মাত্র ৫ হাজাৰ। দলৰ টিকট নাপাই নিৰ্দলীয় হৈ খেলিলে মহন্তৰ বিজয় মুঠেও নিশ্চিত নহয়। সেয়েহে পাকে প্ৰকাৰে মহন্তই অতুল বৰাক বুজাই দিছে যে টিকট কটাৰ ভুল যাতে তেওঁ  নকৰে। নহ’লে বোকাখাতত অতুল বৰাক পৰাভূত কৰিবলৈ মহন্তই সৰ্বস্ব উজাৰি দিব। টাইগাৰৰ এই চেলেঞ্জ অতুল বৰাই গ্ৰহণ কৰিবনে? অপেক্ষা মাত্র কেইটামান মাহৰ।

কংগ্ৰেছ সভাপতি: প্ৰিয়ংকাৰ বাহিৰে বিকল্প নাই

  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


“Congress must die.” ৰাজনৈতিক বিশ্লেষক তথা স্বৰাজ দলৰ প্ৰতিস্থাপক য়োগেন্দ্ৰ যাদবৰ এই টুইটে ৰাজনৈতিক মহলত খলকনি লগায়। ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ এগজিট প’লৰ ফলাফল প্ৰকাশৰ সময়ৰ এই টুইটৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ মুখপত্র সকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। য়োগেন্দ্ৰ যাদবৰ এই মন্তব্য আছিল সাংকেটিক। তেওঁ সচা অৰ্থত কংগ্ৰেছক মৰিবলৈ কোৱা নাছিল। বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াত কংগ্ৰেছ চুৰান্ত ব্যৰ্থ হোৱাত তেওঁ এই কথাশাৰ কৈছিল। ইয়াৰ অৰ্থ আছিল এয়ে যে কংগ্ৰেছে যদি বিজেপিক পৰাভূত কৰিব নোৱাৰে তেন্তে কংগ্ৰেছে আন দলক বাট এৰি দিয়া উচিত। কংগ্ৰেছ যিহেতু বিজেপিৰ পিছত একমাত্র সৰ্বভাৰতীয় দল সেয়ে কংগ্ৰেছৰ ওপৰতে বিৰোধীদল সমূহৰ আশা আকাংশা নিহিত হৈ আছে। কংগ্ৰেছৰ শোচনীয় পৰাজয়ে সকলো বিৰোধীক হতাশ কৰিছে।
কংগ্ৰেছ শক্তিশালী হোৱা দৰকাৰ
 গণতন্ত্ৰত শক্তিশালী বিৰোধী দল অবিহনে ৰজা স্বৈৰাচাৰী হোৱাৰ সম্ভাবনা থাকে। চৰকাৰৰ প্ৰতিটো পদক্ষেপৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিবলৈ বিৰোধী দল শক্তিশালী হোৱাতো নিত্যান্ত প্ৰয়োজন। চৰকাৰৰ বিদেশ নীতি,অৰ্থনৈতিক নীতি , জনকল্যাণ মূলক নীতি বিলাক পৰ্যালোচনা কৰি বিৰোধীদলে ৰাষ্ট্ৰ নিৰ্মানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কংগ্ৰেছ দলৰ শক্তি কমি গৈ থকাটো গণতন্ত্ৰৰ বাবে  চিন্তাৰ বিষয়। এতিয়া  মাত্র ৰাজস্থান, চত্তিছগড়, পঞ্জাব আৰু পুডুচেৰীত কংগ্ৰেছৰ শাসন আছে। ৰাজস্থান হাতৰ পৰা যাও যাও। পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিংএ স্বতন্ত্ৰ ভাবে কামে কৰে অৰ্থাৎ হাই কামাণ্ডৰ কথা নুশুনে। এজন এজনকৈ দলৰ পৰা যুৱ নেতা ওলাই যাব ধৰিছে। কংগ্ৰেছৰ ভিতৰৰ কাজিয়া গৈ চুপ্ৰিম কৰ্ট পাইছে। স্বাভাবিকতে এইবোৰ ঘটনাই কংগ্ৰেছৰ লগতে গোটেই বিৰোধীক দুৰ্বল কৰি বিজেপিক নিশ্চিন্ত মতে চৰকাৰ চলাবলৈ সুবিধা কৰি দিছে।
কংগ্ৰেছত আচলতে কি হৈ আছে?
অন্দ্ৰপ্ৰদেশৰ জগন মোহন ৰেদ্দী আৰু অসমৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা যুৱ নেতাক কংগ্ৰেছ ৰাখিবলৈ চেষ্টা নকৰিলে। কৰা হেতেন আজি আৰু দুখন ৰাজ্য কংগ্ৰেছৰ হাতত থাকিল হেতেন। ৰাজনৈতিক দলৰ ভিতৰত মত পাৰ্থক্য ,উচ্চাকাংখ্যা আদি খুব সাধাৰণ কথা। মূল কথা হ’ল দলৰ নেতৃত্বই কিদৰে এই বিষয়বোৰ নিস্পত্তি কৰে। ৰেদ্দী আৰু শৰ্মাৰ নিচিনা তৃণমূলৰ জনপ্ৰিয় নেতাক দলৰ ভিতৰত ৰাখিবলৈ সমৰ্থ নহ’ল দলৰ হাই কামাণ্ড। ইয়াৰ বাবে মুলতঃ জগৰীয়া ৰাহুল গান্ধী কাৰণ সেই সময়ত দলৰ বাঘজৰী আছিল তেওঁৰ হাতত। এতিয়া সমস্যা বেছি গভীৰ। ৰাহুল গান্ধীয়ে সভাপতি পদ ত্যাগ কৰা এবছৰ হ’ল। অসুস্থ ছোনীয়া গান্ধী দলৰ অস্থায়ী সভাপতি। মাজে মাজে ৰাহুলে টুইট কৰে ,মাজে মাজে প্ৰিয়ংকাই। এতিয়া বুজা টান আচলতে কোনে কংগ্ৰেছ দল চলাই আছে। হাই কামাণ্ডৰ এই দুৰ্বলতাৰ সুযোগ ৰাজ্যৰ কিছুমান নেতাই লৈছে। মে মাহত জ্যোতিৰাদিত্য সিন্ধিয়া দল এৰি গুছি গ’ল; লগতে গ’ল মধ্য প্ৰদেশৰ চৰকাৰ। এতিয়া ৰাজস্থান চৰকাৰৰ ওপৰত সংকট। দলৰ ৰাষ্ট্ৰীয় মুখপাত্রই কয় শচীন পাইলট এতিয়াও দলত আছে আৰু তেওক মনোৱা হ’ব। আনফালে মুখ্যমন্ত্রী অশোক গেহলটে কয় পাইলট নিস্কৰ্মা। মুঠতে কংগ্ৰেছ দল যেন এতিয়া এখন গুৰিয়াল হীন নাওঁ । ইয়াৰ সমাধান স্বৰুপে কংগ্ৰেছ দলে এজন শক্তিশালী অধ্যক্ষ নিয়োগ কৰিব লাগে। গান্ধী পৰিয়ালৰ বাহিৰৰ মানুহে কংগ্ৰেছক নেতৃত্ব দিব নোৱাৰে বা দিলেও তেওঁৰ কথা কোনেও নুশুনে। কংগ্ৰেছৰ একমাত্র বিকল্প হ’ল প্ৰিয়ংকা গান্ধী ৱাদ্ৰা। আৰু অধিক ক্ষতিৰ সন্মুখীন হোৱাৰ আগতে কংগ্ৰেছৰ এই পদক্ষেপ খুব জৰুৰী।

বানপানী __ সমস্যা আৰু সহবাস


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ বানপানী ৰোধক কামবোৰ কিয় বাৰিষাৰ প্ৰাকক্ষণত আৰম্ভ হয়? আনহাতে নিবিদা দিয়া কামো আৰম্ভ হয় ফেব্ৰুৱাৰী মাহৰ মাজ ভাগৰ পৰা।ইফালে ভগ্ন মথাউৰি  নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আগতেই বৰষুণ আৰম্ভ হয় আৰু নদী সমূহৰ পানী বাঢ়িবলৈ আৰম্ভ কৰে।ফলত ভগ্ন মথাউৰি ভাঙি পানী সোমাই বহু অঞ্চল বানপানীৰ কবলত পৰে । আহিন মাহৰ শেষ ভাগৰ পৰা যদি জলসম্পদ বিভাগে উন্নত প্ৰযুক্তিৰে  মথাউৰি পুনঃ নিৰ্মানৰ কামত গুৰুত্ব দিয়ে অসম বহু পৰিমানে বানপানীৰ কবলৰ পৰা ৰক্ষা পৰিব।যদি মথাউৰি মেৰামতি কৰিবলৈ বাৰিষালৈ অপেক্ষা কৰি থাকে, বাৰিষাৰ বৰষুণে কেতিয়াও মথাউৰি মেৰামতি সম্পূৰ্ণ কৰিবলৈ কেতিয়াও নিদিব।

  বানপানী আহে আৰু যায়। চহৰীয়া মানুহৰ বানাক্ৰান্তলৈ মনত পৰে। বানপানীৰ দুখ আৰু কষ্ট কেৱল বুজি পায় বানাক্ৰান্তই। বানপানীৰ মাজত চহৰীয়াই ফটো উঠে , মন্ত্ৰীয়ে ৰিলিফ বিলায় ।  বানপানীয়ে মন্ত্ৰীক হেলিকপ্টাৰ ভ্ৰমণৰ সুবিধা দিয়ে । বানপানী কাক কয়,অসমৰ জনগণক ক’বলগা একো নাই। এটা প্ৰজন্মৰ পিছত এটা প্ৰজন্ম গৈছে, কিন্তু অসমৰ বানপানী সলনি হোৱা নাই। অসমৰ বানপানীৰ সৈতে এটা বহুদিনীয়া দাবী সংযুক্ত হৈ আহিছে, সেইয়া হৈছে ভাৰত ৰাষ্ট্ৰই অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে।যদি অসমৰ খাৰুৱা তেল, চাহ, কয়লা আদি আপুৰুগীয়া সম্পদসমূহ ৰাষ্ট্ৰৰ সম্পদ তেন্তে অসমৰ বানপানী ৰাষ্ট্ৰৰ সমস্যা কিয় নহয়? এই প্ৰশ্নটোত দুৰ্ভোগ ভুগি অহা জনগণৰ যাতনা-কষ্ট-আৱেগ প্ৰতিফলিত হয়। আৰু সেইয়া হোৱাৰে কথা কিয়নো স্বাধীনতাৰ পিছতো কোনো এখন কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী নিয়ন্ত্ৰণৰ সুদূৰপ্ৰসাৰী প্ৰচেষ্টা হাতত নললে। অসমৰ ৰাজ্য চৰকাৰ সমূহে সাহসেৰে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাবলৈ সক্ষম নহ’ল। গতিকে অসমীয়াৰ মনত ক্ষোভ নাথাকি, কি থাকিব?
  সদায় ৰাজনৈতিক দলবোৰে অসমৰ মানুহৰ আৱেগক লৈ হেতালি খেলিছে, শাসনত থাকি একো নকৰাবোৰে বিৰোধীত থাকোঁতে মিছা গগন ফালে। এইবোৰ কাৰণত অসমৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ বানপানী আৰু গৰাখহনীয়াৰ সমাধানৰ কোনো ৰাস্তাই দেখা নাপালে।  অসমৰ বানপানীক ভাৰত ৰাষ্ট্ৰই কিয় ৰাষ্ট্ৰীয় সমস্যা/ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা নকৰে? গুৰুত্বপূৰ্ণ কথাটো হৈছে ভাৰতৰ কোনো সমস্যাই ৰাষ্ট্ৰীয় সমস্যা ৰূপে তালিকাভুক্ত নহয়। সঁচা কথাটো হৈছে ৰাষ্ট্ৰীয় সমস্যা বুলি কোনো বস্তু কোনো আইন অথবা সংবিধানত উল্লেখ নাই। তেন্তে আমাৰ বহুদিনীয়া দাবীটো অমূলক নেকি? সংসদতো কোনো কোনো সাংসদে ৰাষ্ট্ৰীয় সমস্যা ৰূপে শ্ৰেণীবদ্ধ কৰিবলৈ দাবী উঠাই দেখোন! আচল কথাটো হৈছে ৰাজনৈতিক লাভালাভৰ স্বাৰ্থতহে এইধৰণৰ দাবীক ৰাজনৈতিক দল কিছুমানে অতদিনে ব্যৱহাৰ কৰি আহিছে। প্ৰথম কথাটো হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ(National Calamity) মানে কেইবাখনো ৰাজ‍্যজুৰি এটা দুৰ্যোগ বিয়পি পৰাক নুসূচায়। “ৰাষ্ট্ৰীয় সমস্যা” বুলি কোনো সংজ্ঞা বা কোনো নিৰ্দিষ্ট নিৰ্ণায়ক নীতি নাই। দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ (Disaster Management Act,2005)ত ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি কোনো দুৰ্যোগ লিপিবদ্ধ কৰা হোৱা নাই।
এই আইনখনত কৈছে- ‘Disaster’ means a catastrophe, mishap, calamity or grave occurrence in any area, arising from natural or man made causes,or by accident or negligence which results in substantial loss of life or human suffering or damage to,and destruction of property,or damage to,or degradation of environment and is of such a nature or magnitude as to be beyond the coping capacity of the community of the affected area. অৰ্থাৎ বিপৰ্যয় (Disaster) সম্পৰ্কে কৈছে যদিও তাত ৰাষ্ট্ৰীয় বিপৰ্যয় বা ৰাষ্ট্ৰীয় সমস্যা বুলি স্বীকৃতি দিয়া ব্যৱস্থা নাই। বৰং সেই আইনখনত কিছুমান দুৰ্যোগক ‘Calamity of severe nature’ অৰ্থাৎ ‘উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ’ ৰূপেহে কেতিয়াবা স্বীকৃতি দিয়ে।
কাজিৰঙা অভায়াৰণ্য খনত বানপানীয়ে তাণ্ডৱ চলায় প্ৰতিবছৰে । বহু বন্যপ্ৰাণীৰ মৃত্যু হয় । কিন্তু কাজিৰঙাত যদি বানপানী নহয় তেন্তে তাৰ পিছৰ বছৰত কি হ’ব সেই খৱৰ আমি ৰাখিব লাগিব । বানপানী হোৱা বাবেই কাজিৰঙাৰ মাটি পলসুৱা হৈ আছে আৰু পলস অবিহনে  ঘাঁহ নগজে । বানপানীৰ সমাধান খৰাং নহয় । আমাক লাগিব বানপানীৰ মাজত থাকিও কেনেদৰে সাধাৰণ জীৱন ধাৰণ কৰিব পৰা যায় তাৰ উপায় ।  চৰকাৰ আহিব চৰকাৰ যাব । অভিযন্তা , বিষেষজ্ঞ সকলে নিজৰ চাকৰি নিয়মীয়া কৰণৰ কাৰণে গুগলত পোৱা তথ্যৰে ডিগ্ৰী লোৱাৰ লগতে অসমৰ জলন্ত সমস্যা বানপানীক লৈও গৱেষণা কৰক আৰু ৰাইজে মন্ত্ৰী – বিধায়কৰ পৰা বিহু – ঈদ ত চান্দা লোৱাৰ লগতে বানপানীৰ কাৰণেও পুঁজি সংগ্ৰহ কৰাত গুৰুত্ব দিয়ক । চৰকাৰক সাধাৰণ ৰাইজ , ৰাজনৈতিক দলৰ কৰ্মীয়ে বাধ্য কৰিব পাৰিব লাগিব যাতে বানপানীত ক্ষতিসাধনৰ পৰিমাণ অতি কম হয় ।

কান্ধত মোনা লোৱা মানুহজনৰ কিছুমান ভাল লগা বস্তু

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


এজন বিধায়কে মোনা লোৱা মানুহৰ কথা কৈ অসমৰ ৰাজনীতিত খলকনি তুলিছে। বাৰে বাৰে প্ৰশ্ন কৰা স্বত্বেও তেওঁ  মানুহজনৰ নাম কোৱা নাই। এই ঘটনাৰ পিছত দলটোৰ সকলো নেতাই মোনা লোৱা বাদ দিছে। কিজানিবা ৰাইজে তেওঁকেই ধৰে। আমাৰো নামটো জনাৰ খুব হাবিয়াহ জন্মিল। আমি উপস্থিত হ’লো অসমৰ বিখ্যাত জ্যোতিষী মিৰোং ইয়ংৰ ওচৰত। প্ৰায় তিনিদিন-তিনিৰাতি গণি গণি তেওঁ আমাৰ বাবে আগবঢ়ালে কিছুমান মাৰাত্মক ক্লুঃ
শৰীৰৰ বিবৰণঃ
গাৰ বৰণঃ গেৰুৱা
উচ্চতাঃ ৪.২০ ফুট
ওজনঃ ৪২.০ কিলোগ্ৰাম
গোফঃ ৬.৯ গ্ৰাম
চকুঃ পিৰিক পাৰাক
মুখঃ মিচিকি মিচিকি
নাকঃ কম
পেটঃ ভোক বেছি
দিনটোৰ কামঃ
ৰাতিপুৱাঃ আৰক্ষী পূজা
দুপৰীয়াঃ টিকট পূজা
সন্ধিয়াঃ চিণ্ডিকেট পূজা
নিশাঃ লবী পূজা
দোভাগ নিশাঃ মোনা পূজা
তেখেতৰ প্ৰিয় বস্তু বিলাকঃ
গাণঃ হমে তো আপনোনে লুটা..গেয়ৰোমে কাহা দম থা…
চিনেমাঃ কুৱাৰা
অভিনেতাঃ ৰাজপাল যাদব
অভিনেত্রীঃ অনুস্কা শৰ্মা
ক্ৰিকেটাৰঃ ৰোহিত শৰ্মা
খাদ্যঃ কণী
ফলঃ আঙুৰ
ঠাইঃ ফকিৰাগ্ৰাম
এতিয়াও যদি ধৰিব পৰা নাই তেন্তে  মুৰটো ভালদৰে আচুৰি লওক; তাৰ পিছত দুডাল চুলি চিঙি কওক HONEY HONEY…MONEY MONEY..FUNNY FUNNY.

অসমত মৃতদেহৰ ৰাজনীতি

  • ৰজত হালৈ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কৰ’না মহামাৰীয়ে গোটেই বিশ্বতেই সন্ত্ৰাসৰ সৃষ্টি কৰিলে । আমেৰিকা , লণ্ডন , ফ্ৰান্স , ইটালী সকলোতে এই বেমাৰ বিধে হাজাৰ হাজৰ মানুহৰ জীৱন কাঢ়ি নিলে আৰু লগতে জীৱিকা । কৰ’নাই অলিম্পিক খেল পিছুৱাই দিলে , ক্ৰিকেটৰ টুৱেন্টি টুৱেন্টি বিশ্বকাপ ৰদ কৰা হ’ল , লণ্ডনৰ সন্মানীয় উমৱলদন টেনিছ প্ৰতিযোগীতা ৰদ কৰা হ’ল ইত্যাদি । ইছলাম ধৰ্মৰ পৱিত্ৰ হজ চৌদি আৰৱে বন্ধ কৰি দিলে , ভাৰতত হিন্দুৰ অমৰনাথ যাত্ৰা বন্ধ হ’ল । ইমানৰ পিছতো অসমত কোনোবা সত্যকাম ফুকন নামৰ ডাক্তৰ এজনৰ বক্তব্যৰ আলমত কংগ্ৰেছ দলৰ নেতা -কৰ্মী সকলে চৰকাৰৰ স্বাস্থ্য বিভাগক কটাক্ষ কৰিলে আৰু বেমাৰটোক লৈ কিছুমান সন্দেহজনক কথা প্ৰচাৰ কৰাত ব্যস্ত হ’ল । আন পিনে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বাতৰি কাকতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ এজনৰ কৰ’না সম্পৰ্কীয় বাৰ্তা এটাক বিকৃত কৰি প্ৰচাৰ কৰিলে ।চ’চিয়েল মিডিয়াত বাতৰিটোৰ ব্যাপক প্ৰচাৰ কৰাৰ দায়িত্ব ল’লে ক্ষমতা লোভী এচাম ব্যক্তিয়ে । এনেকুৱা ব্যাপক প্ৰচাৰৰ ফলত এশ জন মানুহৰ  ভিতৰত দহ জনে মুখত মাস্ক খন পিন্ধিবলৈ এৰি দিলে । মাস্ক নিপিন্ধিলে সংক্ৰমণ বৃদ্ধি পাব আৰু সংক্ৰমণ বৃদ্ধি মানেই ৰাজ্যত বৃদ্ধ মানুহ খিনি কৰ’নাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পালে । এনেকুৱা মিছা প্ৰচাৰে অসমত মানুহৰ মৃত্যুৰ সংখ্যা বৃদ্ধি কৰিব পাৰে আৰু বেছিকৈ মানুহ মৃত্যুমুখত পৰা মানেই ২০২১ চনৰ নিৰ্বাচনত শাসনাধিষ্ঠ দলটোৱে আসন্ন পৰাজয়ৰ সন্মুখিন হ’ব ।
কৰ’নাৰ প্ৰায় এবছৰ আগৰ পৰা আৰম্ভ হোৱা নাগৰিকত্ব বিধেয়ক সংশোধনী আইন বিৰোধী আন্দোলন আৰম্ভ হৈছিল । প্ৰচাৰ চলোৱা হৈছিল ২ কৌটি হিন্দু বঙালী বাংলাদেশৰ পৰা অসমত আহিব । অসমীয়া অসমতে ভগনীয়া হ’ব । আছু, আমছু , বাওঁপন্থী দল , কংগ্ৰেছ , কৃষক মুক্তি আদি সংগঠনৰ দ্বাৰা গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা ( বিটিচি ক বাদ দি) ত আন্দোলন চলিল । গুৱাহটীত আন্দোলনৰ নামত কম বয়সীয়া যুবকৰ মৃত্যু হ’ল , ব্যৱসায়ী সকলে লোকচান ভৰিলে ।
এই আন্দোলনৰ মাজৰ পৰা নিউজ চেনেলৰ সম্পাদক ৰূপান্তৰ  হৈ ৰাজ্যসভাৰ সাংসদ হ’ল । গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ পৰা গণতন্ত্ৰৰ আন এক সৌন্দৰ্য্য উচ্চ সদন লৈ গ’ল । আনহাতে আন্দোলনৰ নামত সাধাৰণ পৰিয়ালৰ যুবকে নিজৰ পৰিয়ালক এৰি থৈ বৈকুন্ঠ গমন কৰিলে । কেবৰ সময়ত পাঁচ -ছয়টা মৃতদেহে এজন সাংসদ বনাব পাৰিছিল , তেনেস্থলত এক লাখ মৃতদেহে চৰকাৰ সলনি কৰিব নোৱাৰিব নে ?

৫২৭ গৰাকী বীৰ পুত্ৰৰ তেজে ধোৱা অপাৰেচন বিজয়

  • সন্দীপ বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


মুজাহিদীনৰ চোলা পিন্ধি সংগোপনে ভাৰতৰ ভুমিত প্ৰৱেশ কৰা পাকিস্তানৰ চকুত তেতিয়া দিবাস্বপ্ন৷ জেনেৰেল পাৰভেজ মুছাৰফে দেখিছিল সেই সপোন৷ যদিহে কাশ্মীৰ উপত্যকাত পৰোক্ষভাৱে “ডাঙৰ অঘটন” ঘটাই দিব পাৰি তেনেহ’লে বিষয়টো আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন হ’ব৷ সেই সুযোগ প্ৰত্যক্ষভাৱে ল’ব পাকিস্তানে৷ LOC পাৰ হৈ আহি মুজাহিদীনৰ সাজ পিন্ধা পাকিস্তানী সেনাই কাৰ্গিল, ড্ৰাছ, বাটালিকৰ কেইবাটাও স্থানত খুটি পুটিলে৷ আৰম্ভণিতে ভাৰতীয় সেনাই সেয়া সন্ত্ৰাসবাদীৰ চিৰচৰিত আক্ৰমণ বুলি প্ৰতিহত কৰিবলৈ ল’লে৷ এইখিনিতে ভুল হৈ গ’ল৷ সমুখত সেয়া কোনো বিক্ষিপ্ত আক্ৰমণ নাছিল, সেয়া আছিল এক সুচতুৰ সুসজ্জিত আক্ৰমন৷ যাৰ বাবে আৰম্ভণিৰ পৰ্যায়ত সাময়িক বিপৰ্যয়ৰ সম্মুখীন হৈছিল ভাৰতীয় সেনা৷ কিন্তু সুদক্ষ সেনাবাহিনীৰ চোৰাংচোৱাৰ এই কথা পোহৰলৈ আনিবলৈ বেছিদিন নালাগিল৷ এই যুদ্ধ পাকিস্তানৰ প্ৰত্যক্ষ আক্ৰমণ বুলি বহু তথ্য চোৰাংচোৱাই লাভ কৰিলে৷ আনহাতে যুদ্ধক্ষেত্ৰত উদ্ধাৰ হৈছিল পাকিস্তানৰ ফালৰ সুৰংগ, পাকিস্তানী ৱায়ালেছ, চিগাৰেটকে ধৰি বহু সামগ্ৰী৷ খবৰ দিল্লী পালে৷ দিল্লীত তেতিয়া ভাৰতীয় ৰাজনীতিৰ “ৰাইট মেন” অটল বিহাৰী বাজপেয়ী৷ ভাৰত মাতাৰ সীমা লংঘন! ৰণভেৰী বাজি উঠিল৷ ভাৰতে ঘোষণা কৰিলে পুৰ্ণ পৰ্যায়ৰ যুদ্ধ৷ যুদ্ধক্ষেত্ৰত নমোৱা হ’ল বলীয়া হাতী আখ্যা পোৱা বফ’ৰ্চ টেংক, যিয়ে মহতিয়াই লৈ যায় প্ৰতিপক্ষক৷ আকাশত ভাৰতীয় সেনাৰ শুকুলা ঘোঁৰা Indian Air Forceৰ বজ্ৰনিনাদ৷ সন্মিলিত আক্ৰমণত দিক্‌বিদিক হেৰুওৱা পাকিস্তানৰ বাবে এই যুদ্ধ ডিঙিৰ কাইট যেন হ’ল৷ না উলিয়াব পাৰে, না গিলিব পাৰে৷ কিয়নো ইতিমধ্যে সেয়া মুজাহিদিনৰ আক্ৰমণহে তাত পাকিস্তানৰ হাত নাই বুলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিবৃতি প্ৰকাশ কৰিছিল দেশখনে৷ যাৰ ফলত নিহত পাকিস্তানী সেনাক নিজৰ সেনা বুলি স্বীকৃতি দি শ্বহীদ ঘোষণা কৰিবলৈও সক্ষম নাছিল দেশখন৷ তাতোকৈ ডাঙৰ কথা, এই যুদ্ধ আছিল সেনাপ্ৰধান পাৰভেজ মুছাৰফৰ মানসপুত্ৰ৷ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে একো উমঘামেই পোৱা নাছিল৷ যেতিয়া গম পালে তেতিয়া দৌৰি গৈ ভৰিত পৰিল ৱিল ক্লিন্টনৰ৷ তেতিয়ালৈ পাৰ হৈ গৈছে প্ৰায় দুটা মাহ৷ যুঁজুধান ভাৰতীয় সেনাৰ প্ৰতাপত পিছ হুঁহুকিবলৈ বাধ্য হৈছে শতৰু৷ তাৰ পিছতেই পাকিস্তানৰ ফালৰ পৰা আহিল সেই বাৰ্তা৷ সন্ধিৰ বাবে সাজু পাকিস্তান৷ ৷ সীমান্তত তেতিয়া ছেদেলি-ভেদেলি পাকিস্তানী সেনা৷ কাৰ্গিল, ড্ৰাছ, বাটালিকত এখন এখনকৈ উৰিছে ভাৰতীয় ত্ৰিৰংগা৷
২৬জুলাই ১৯৯৯৷ এই যুদ্ধত আনুষ্ঠানিক জয় ঘোষনা ভাৰতৰ৷ সফল হ’ল ৫২৭গৰাকী ভাৰতমাতাৰ বীৰ পুত্ৰৰ তেজে ধোৱা অপাৰেচন বিজয়৷

৩৯ বছৰ আগত যিয়ে বিৰোধ কৰিছিল ত্রিপল তালাক

  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


১ চেপ্তেম্বৰ ২০১৯ত কেৰেলাৰ ৰাজ্যপাল ৰূপে নিযুক্তি দিয়া হয় আৰিফ মহম্মদ খানক। এইজন আৰিফ খান এসময়ত আছিল প্ৰধানমন্ত্রী ৰাজীব গান্ধীৰ বিশ্বাসভাজন গৃহ ৰাজ্যমন্ত্রী। সেইসময়তে উচ্চতম ন্যায়ালয়ত শ্বাহবানো গোচৰৰ শুনানি হয়। ত্রিপল তালাকৰ চিকাৰ শ্বাহবানোৰ সপক্ষে ৰায় দিয়ে পাছজন বিচাৰকৰ এক খণ্ডপিঠে। ভাৰতবৰ্ষৰ ইতিহাসত এয়া এক উল্লেখযোগ্য ঘটনা। লগে লগে চৰকাৰলৈ আহে পুৰুষ প্ৰধান মুছলমান সমাজৰ পৰা সকিয়ণি। সেইসময়তে ৰাজীব গান্ধীৰ পৰামৰ্শমতে আৰিফ মোহম্মদ খানে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ সমৰ্থনত ৫৫ মিনিটৰ বক্তব্য ৰাখে। এজন প্ৰগতিশীল যুৱ মুছলমান মন্ত্রীৰ সেই ভাষনে শাসক-বিৰোধী সকলো স্তৰৰ নেতাৰ প্ৰশংসা বুতলিবলৈ সক্ষম হয়। কিন্তু দুৰ্ভাগ্যৰ কথা যে ৰাজীব গান্ধীয়ে দলৰ ভিতৰতে থকা মৌলাবাদী নেতাকিছুমানৰ হেচাত নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হয়। অবশেষত গান্ধী চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ‍আইন অনাৰ সিদ্ধান্ত লয়। লগে লগে মন্ত্রীসভাৰ পৰা পদত্যাগ কৰে আৰিফ মহম্মদ খানে।
 খানক বুজনি দি সেইসময়ৰ বৰিষ্ঠ  কংগ্ৰেছ নেতা পি.ভি নৰসিংহ ৰাওঁ এ কৈছিল _তোমালোকৰ ধৰ্মৰ কেইজনমান নেতাই যদি জাতিটোক গৰ্তলৈ নিব খুজিছে , নিব দিয়া ; তুমি ইমান ভাবুক কিয় হৈছা? নিজৰ সিদ্ধান্তত অটল থাকিল আৰিফ মহম্মদ খান আৰু পদত্যাগ পত্র ফিৰাই লবলৈ সন্মত নহল। পিছত ভি.পি সিংৰ নেতৃত্বত গঠন হোৱা জনতা দলৰ চৰকাৰত কেবিনেট মন্ত্রী হৈছিল এইজন বিচক্ষণ নেতা। ভি.পি সিংৰ চৰকাৰ চলিল মাত্র ১৩ মাহ। পিছত বি.এছ.পি দলত যোগদান কৰি সাংসদ হৈছিল খান। ১৯৯৯ চনত বাজপেয়ী চৰকাৰৰ পতনত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল খানে। ২০০৪ চনত এইজন খানে বিজেপিত যোগদান কৰে আৰু বিজেপিৰ টিকটত লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰে। সমষ্টিৰ ৰাইজে ইয়াক স্বীকৃতি নিদিলে; আৰিফ মোহম্মদ খান দুবাৰ একেলেথাৰিয়ে লোকসভাৰ নিৰ্বাচনত পৰাজিত হ’ল আৰু ৰাজনৈতিক কেৰিয়াৰৰ ইমানতে অন্ত পৰিল। খান হঠাৎ সক্ৰিয় হয় ত্রিপল তালাকৰ ৰায়দানৰ পিছত। এই ৰায়দানক সমৰ্থন কৰি মুকলিকৈ বক্তব্য ৰাখে তেওঁ। ১৯৮৫ চনত যুৱনেতাজনে কৰা প্ৰগতিশীল চিন্তা বাস্তব হবলৈ সময় লাগে প্ৰায় ৩৯ বছৰ।

অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্রী কোন?

অসমত এতিয়ালৈকে ১৪ জন ব্যক্তি মুখ্যমন্ত্রীৰ পদত অধিষ্ঠিত হৈছে। এখেতসকলৰ ভিতৰত যোগেন হাজৰিকা, আনোৱাৰা টাইমুৰ,কেশৱ গগৈ আৰু ভুমিধৰ বৰ্মনৰ কাৰ্য্যকাল আছিল ৬ মাহতকৈও কম। বাকী দহজন মুখ্যমন্ত্রীৰ ভিতৰত আজিৰ প্ৰজন্মই প্ৰত্যক্ষ কৰিছে ৪ জন মুখ্যমন্ত্রীৰ কাম-কাজ। এইসকল হ’ল হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱাল। আমাৰ এইমাহৰ অ’পিনিয়ন প’ল হ’ল ‘ চাৰিজনৰ ভিতৰত আপুনি কাক অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্রী বুলি ভাবে?’ আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰকঃ
অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ তাৰিখ ২০ আগষ্ট ২০২০।

সাংঘাটিক অসমপ্রেমী হৈ পৰা কেইজনমান ঠিকাদাৰ: আভিজিৎ শর্মা

  • আভিজিৎ শর্মা, সভাপতি এ পি ডব্লিউ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সাম্প্ৰতিক পৰিস্হিতি, কোভিড আতংক আদিৰ বাবে বিগত কিছু দিন ধৰি অসমত চলি থকা কেতবোৰ বিয়াগোম বিসংগতি সম্পৰ্কে আমি মুখ খোলা নাছিলো যদিও এতিয়া আমি অনুধাৱন কৰিছো যে কথাবোৰ ৰাইজৰ দৃষ্টিগোচৰ নকৰিলে পলম হব।  কোভিড আতংক যদিও মাৰাত্মক হৈয়ে আছে তথাপি কেবল আতংকৰ দোহাই দিয়ে সময় অনুযায়ী যদি ৰাইজক প্রতিটো কথা সময়ত উনুকিয়াই দিয়া নহয় হয়তো হিতে বিপৰীত হব।
কোভিড আতংকত জনতা আতংকিত হৈ থকাৰ মাজতে অসম চৰকাৰৰ বিভিন্ন বিভাগত দুর্নীতিৰ বিভিন্ন কাণ্ড পুর্ণোদ্যমে চলিব ধৰিছে সচা কথা কবলৈ গলে দুগুণ উৎসাহত চলিব ধৰিছে।  কথাবোৰ গমি চালে এনে ভাব হয় যেন কোভিডৰ দোহাই দি কিছুমান বিষয়া ঠিকাদাৰৰ দুর্নীতি কেলেংকাৰীয়ে এক নতুন অধ্যায়ৰ সুচনা কৰিছে।
প্ৰথমেই জনাও অসমৰ সাম্প্ৰতিক পৰিস্হিতিত “হঠাৎ পেট্রিয়ট” হৈ পৰা অসমৰ ইতিহাসত নজিৰবিহীন দুর্নীতিৰে নিজৰ নাম সোণালী আখৰেৰে লিখিও কোভিড প্ৰেক্ষাপটত সাংঘাটিক অসমপ্রেমী হৈ পৰা কেইজনমান ঠিকাদাৰৰ কথা।  কোভিডত জনতাক লকডাউনত ৰখাৰ সময়তে ৰাজকোষৰ কৌটি কৌটি টকা উলিয়াই নিবলৈ সক্ষম হোৱা এনে ঠিকাদাৰসকলে কোভিড যুজৰ বাবে কৌটি কৌটি টকা চৰকাৰক দান দিলে।  তেনে এজন কোনো ধানুকা,  কোনো জৈন,  কোনো টেণ্ট হাউছৰ ব্যৱসায়ী,  কোনো দাস,  কোনো শৰ্মাই, কোনো দত্তই চমকপ্ৰদ বৰঙণিৰে বাতৰিৰ শিৰোনাম দখল কৰিলে। বৰঙণিৰ পৰিমাণ দেখি সকলো তেওলোকৰ ভক্ত হৈ পৰিল।  কিন্তু কাহিনীটো দেখাত যিমান সৰল আৰু সহজ প্ৰকৃততেই তেনেকুৱানে?  অসমৰ সহজ সৰল জনতাৰ আগত বিপদৰ ত্রাণকর্তাৰ ভুমিকাৰ অভিনয়ত অভিনয় কৰা এইকেইজন মুষ্টিমেয় তেজপিয়াই কোনো প্রভাবশালী মন্ত্রীৰ ঘনিষ্ঠ হোৱাৰ সুযোগ লৈ অসমত কেনেকৈ লুণ্ঠন চলাইছিল সেয়া অসমৰ ৰাইজ কিমান জ্ঞাত? এইকেইজন ঠিকাদাৰৰ এই দান দি মহান হোৱাৰ নাটকখন আৰু ভুমাফিয়াই বিহু পুজাত মোটা বৰঙণি দি সাংস্কৃতিক সন্ধিয়াত ফুলাম গামোচা পিন্ধা নাটকখন একেই।
অসম চৰকাৰৰ স্বাস্হ্য বিভাগৰ এন এইচ এমত দুই নম্বৰী ঔষধ দিও একমাত্ৰ মন্ত্রীৰ ঘনিষ্ঠ হোৱাৰ বাবেই ব্লেকলিষ্টেড হোৱাৰ পৰা ৰক্ষা পৰা কোনোবা ধানুকা নামৰ লুটি পুটি অসমৰ ৰাজকোষ শৰাধ কৰাজনেই এতিয়া খুদ চতিয়াই অসমৰ ইতিহাসত কবলৈ গলে লাচিত বৰফুকন হবলৈ ওলাইছে।   টেণ্ট আৰু  খাদ্যৰ মাফিয়াগিৰি কৰা কোনোবা “কি কি” আজি কোভিডৰ আগ শ্রেণীৰ ৰণুৱা।  কেনেকৈ এজন তেজপিয়া ৰত্নাকৰ বাল্মীকি হল l মাথো আদালতৰ মজিয়াত ৰত্নাকৰ বাল্মীকি হোৱাৰ কাহিনী প্ৰমাণ কৰিবলৈ কিছু সময় লাগিব।
কথাটো হল অসমৰ মুখ্যমন্ত্ৰীজন এইবোৰ বিষয় বা নাটক সম্পৰ্কে জ্ঞাত নে অজ্ঞাত?  যদি জ্ঞাত অথচ মনে মনে আছে তেন্তে কিয়?  আৰু যদি অজ্ঞাত তেও প্ৰকৃততে কৰি আছে কি?
কোভিডৰ নামত ৰাইজক ঘৰত তলা বন্ধ কৰি ৰাখি,  দিছপুৰত সাধাৰণ জনতাৰ প্রৱেশ নিষিদ্ধ কৰি বচা বচা এচাম ঠিকাদাৰক ধন মুকলি কৰি দিয়া হল।  সেইকেইজন ঠিকাদাৰেই কোভিড যুদ্ধত মুক্ত হস্তে দান আগবঢ়ালে।  আনহে নালাগে যুদ্ধকালীন ভাবে পি পি ই কীট চীনৰ পৰা অনা হল।  যুদ্ধকালীন প্রস্তুতি।  ইয়াতো সেইকেইজনেই ঠিকাদাৰ , যিসকলে কৌটি কৌটি টকাৰ দুই নম্বৰী ঔষধ যোগান দি ব্লেকলিষ্টেড হোৱাৰ পৰা একমাত্ৰ ৰাজনৈতিক প্রভাবত হাত সাৰি আহিছে।  অৱশ্যে চীনৰ পৰা অনা পি পি ই কীটক লৈ যি লম্ফ জম্ফ আৰু দম্ভ দেখুৱাইছিল পিচত জিভা পিচল খাইও সেই পি পি ই কীটৰ নাম নোলোৱা হল।
মূখ্যমন্ত্ৰী মহোদয়,  আজি বাতৰি কাকত মেলিব নোৱাৰা অৱস্হা।  চৰকাৰৰ কোনো যেন অস্তিত্বই নাই।
কোভিডে  অসুবিধা নকৰিলে অর্থাৎ সময়ৰ জোখাৰে যদি সঠিক সময়ত নিৰ্বাচন হয় তেন্তে আপোনাৰ হাতত মাত্র দহ মাহ আছে আৰু ভালকৈ চালে নিৰ্বাচনী অধিনিয়ম বাদ দিলে আঠমাহ মান আছে।  আপুনি সিদ্ধান্ত লৈ কিবা এটা কৰক , নহলে আগন্তুক নির্বাচনত দুর্নীতিও এটা ইছ্যু হব,  যিটো আপোনাক শাসনত আনিবলৈ ভোটদান কৰা কোনো ভোটাৰে কাস্মিনকালেও ভবা নাছিল।
শেষত মাননীয় মুখ্যমন্ত্ৰী  মহোদয় আপোনাৰ দৃষ্টিগোচৰ কৰিলো,  আপুনি ব্যৱস্হা লওক ।

ৰাজ্যিক নেতাই নৰেন্দ্ৰ মোদীৰ ইমেজ নষ্ট কৰিছে

  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱাল আৰু  হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনি বিজেপিক   ভোট দিয়া নাছিল । এই কথাষাৰ কোৱাৰ অৰ্থ এইটো নেকি যে বুদ্ধিজীবী সকলে  জনতাৰ মন যেনেকৈ পঢ়িব পাৰে বুলি দাবী কৰে তেনেকৈ আমিও জনতাৰ মন পঢ়িব পাৰিছো দাবী কৰিছোঁ । মুঠেই নহয় । বুদ্ধিজীবী সকলে জনতাৰ মনটোক  পঢ়াৰ চেষ্টা নকৰে , তেওঁলোকে জনতাৰ ওপৰত প্ৰভাব পেলাব হে বিচাৰে ।  বুদ্ধিজীবী সকলে জনতাৰ মন পঢ়িব আগতেও পৰা নাছিল আৰু এতিয়াও নোৱাৰে। তেওঁলোকে মাত্ৰ চেষ্টা কৰে কেনেকৈ জনতাৰ চিন্তা শক্তিত বিচ্ছিন্নতাবাদ আদৰ্শ সোমাই দিব পৰা যায় ।  আমি কোৱা কথাষাৰ কল্পনা নহয় , ই তথ্য  ভিত্তিক । সৰ্বানন্দ সোণোৱাল অগপৰ পৰা সাংসদ হৈছিল , জাতীয় নায়ক উপাধি এটাও আছে , তেনেস্থলত নায়কে কিন্তু দলত্যাগ কৰিব লগা হৈছিল।  দলৰ লগতে সংসদীয় সমষ্টিও সলনি কৰি বিজেপিৰ চিহ্নত সাংসদ হৈছিল । কংগ্ৰেছ আমোলৰ প্ৰবল প্ৰতাপী আৰু জনতাৰ হাৰ্টথ্ৰোব নেতা হিমন্ত বিশ্ব শৰ্মাই ২০১৬ নিৰ্বাচনৰ আগত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগ দিলে । পুৰ্বতে সাম্প্ৰদায়িক বুলি কটাক্ষ কৰা বা নৰেন্দ্ৰ মোদীক গুজৰাট কাণ্ডৰ কাৰণে সমালোচনা কৰা ব্যক্তিজনে বিজেপিক বাচি ল’লে । ৰাজনীতিৰ চানক্য জনৰ কাৰণে যদি সকলো সম্ভৱ তেন্তে অসম গণ পৰিষদত যোগদান কৰি চানক্য নীতিৰে নিৰ্বাচন জয়ী কৰায় অনাটো সাধাৰণ কথা আছিল  বা মহাভাৰতৰ যুদ্ধত কৃষ্ণ- অৰ্জুনৰ দৰে সৰ্বা- হিমন্ত হৈ নতুন দল জন্ম দি অসমত চৰকাৰ গঠন কৰিবলৈ কিয় চেষ্টা নকৰিলে ?  তৰুণ গগৈ চৰকাৰৰ পোন্ধৰ বছৰীয়া কাৰ্যকালত গুপ্ত হত্যা বন্ধ হৈছিল  ,  তৰুণ গগৈৰ পৰিয়ালত ফেচিষ্ট আচৰণ ৰাইজে এবাৰো অনুভৱ নকৰিলে । কংগ্ৰেছৰ দিনত ধৰ্মীয় সংখ্যালঘু মুছলমান তোষামোদ যিখিনি হয় সেই খিনিৰ কাৰণে অকল কংগ্ৰেছ দায়ী নহয় । এইক্ষেত্ৰত সংখ্যাগৰিষ্ঠ ভোটাৰো সমানে দায়ী । যিখিনি দুৰ্নীতি গগৈৰ দিনত হৈছিল সেই একে দুৰ্নীতিৰ অভিযোগ এতিয়াও উঠিছে । আগৰবাৰ যদি  এপিএছ চি কেলেংকাৰী  এইবাৰ আকৌ পিএনআৰডি । ৰাজনৈতিক দলত বিসম্বাদ সাধাৰণ কথা , বিসম্বাদ নথকাটোহে আচৰিত । কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া কাৰ্য্যকালত বিসম্বাদ আছিল কিন্তু কেন্দ্ৰত ক্ষমতাত থকা কংগ্ৰেছ হাইকামাণ্ডে অতি সহজে বিসম্বাদ নিয়ন্ত্ৰণ কৰিব পাৰিছিল ।  তৰুণ গগৈৰ তৃতীয় কাৰ্যকালৰ শেষৰ সময়ছোৱাত  বিসম্বাদে ডাঙৰ ৰূপ লৈছিল কাৰণ ২০১৪ ত কংগ্ৰেছ ক্ষমতাচ্চ্যুত হয় আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হয় ।  বিসম্বাদ দুৰ কৰাৰ বাবে চানক্য মষ্টিষ্কৰ প্ৰয়োজনো নাই । কাৰণ প্ৰতিটো বিসম্বাদৰ প্ৰধান কাৰণ ব্যক্তিগত স্বাৰ্থ , বিসম্বাদত ৰাষ্ট্ৰ ধৰ্ম বা অসম প্ৰেম মাত্ৰ লেবেল সদৃশ ।  কংগ্ৰেছৰ গছ ডাল হালিল আৰু হলা গছত বাগী কুঠাৰ মাৰে । একেই ঘটনা অসমত ঘটিল । একে ৰাতিত বহু চিণ্ডিকেট সম্ৰাটে খাকী হাফপেন্ট পিন্ধিলে ।  ছোনীয়া মাতা ধ্বনী দিয়া বহুতেই ভাৰত মাতা ধ্বনী দিলে । মুঠৰ ওপৰত মৌলবাদ আৰু বিচ্ছিন্নতাবাদৰ কাপোৰ সলায় ৰাষ্ট্ৰীয়তাবাদৰ পোচাক পিন্ধিলে । ২০১৬ ত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰা দলটোত আৰম্ভ হয় পুৰণি কৰ্মী আৰু নতুন কৰ্মীৰ মাজত শীতল যুদ্ধ । সাগৰ মন্থনৰ দৰে সম্পদ আৰু ধন মন্থনৰ এই প্ৰতিযোগীতা খনে এবছৰ পিছতেই ৰূপ সলনি কৰে । নতুন আৰু পুৰণিৰ ধাৰণা সলনি  হয় । চৰকাৰ গঠনৰ এবছৰ পিছতেই আৰম্ভ হয়  পাৰ্চেন্টেজৰ অংক ।  কংগ্ৰেছত যিমান জন মন্ত্ৰী সিমানটা ল’বি থাকে , তাতে আকৌ কোনোবা মন্ত্ৰী যদি ৰাহুল গান্ধীৰ ঘনিষ্ঠ তেন্তে আনজন আকৌ ছোনিয়া গান্ধীৰ ঘনিষ্ঠ । বিজেপিত স্পষ্ট ৰূপত লবি ৰাজনীতি দেখা দিছে সদ্য গঠন হোৱা জিলা সমিতি সমুহৰ পুনৰ গঠন হোৱাৰ পিছত । এতিয়া লবিৰ সংখ্যা মাত্ৰ দুটা । এটা লবি দাদা ব্ৰিগেদৰ আৰু আনটো নায়ক ব্ৰিগেদৰ । টিকট বিতৰণ , বিধায়ক নিৰ্বাচন ,সম্পদ আহৰণ আৰু মুখ্যমন্ত্ৰীত্ব __এই চাৰিটা ফেক্টৰে নিৰ্ধাৰণ কৰে লবিৰ ৰণকৌশল । কিন্তু ২০২১ ত ভোটাৰ ৰণকৌশলত লবি , মন্ত্ৰীত্ব ,মুখ্যমন্ত্ৰীত্ব এইবিলাক গুৰুত্বহীন ।  যোৱাবাৰৰ বিজেপি মিত্ৰজোঁটৰ ভোটাৰ খিনিয়ে  চাব যে নৰেন্দ্ৰ মোদীয়ে ২০১৬ ৰ নিৰ্বাচনী সভাত দিয়া প্ৰতিশ্ৰুতি সমুহ অসম চৰকাৰ খনে কিমান বাস্তৱৰূপ দিব পাৰিছে ; আনহাতে যোৱাবাৰৰ মোদী  বতাহ স্বত্তেও বিজেপিৰ বিৰুদ্ধে ভোট দিয়া ভোটাৰ খিনি এইবাৰ একত্ৰিত হৈ ইভিএমত যুদ্ধ দিব । ইভিএমৰ এটা চুইচে প্ৰতিনিধিত্ব কৰিব ধাৰা ৩৭০ প্ৰেম আৰু আন এটাই  প্ৰতিনিধিত্ব কৰিব অসম চৰকাৰৰ মন্ত্ৰী- বিধায়কৰ স্বজন তোষণৰ মাত্ৰা ।