Breaking News: মুখ্যমন্ত্ৰীয়ে পুঠি মাছৰ জোল খাব

877
  • দ্বিজেন বৰঠাকুৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


মন্ত্ৰী বিধায়ক সকল জনতাৰ প্ৰতিনিধি, এটা এটা বিধান সভা সমষ্টি বা বহু কেইটা বিধান সভা সমষ্টিৰ সমষ্টিৰে গঠিত লোক সভা সমষ্টিৰ তেওঁলোকে প্ৰতিনিধিত্ব কৰে বিধান সভা বা লোক সভাত । সংসদীয় গণতান্ত্ৰিক শাসন ব্যৱস্থাত কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক  কোনো এটা ৰাজ নৈতিক দলে ,যদি নিৰংকুশ সংখ্যা গৰিষ্ঠতা পায় অকলে আৰু নহলে সমভাবাপন্ন আন দলৰে মিলি যোট বন্ধনে ৰে চৰকাৰ গঠন কৰে ভোটৰ প্ৰতিযোগিতাৰ মাধ্যমেৰে ।জন প্ৰতিনিধি সকল ৰাইজৰ মাজৰে এজন ,তেওঁলোক অন্য গ্ৰহৰ পৰা অহা প্ৰাণী নহয় ,প্ৰাচীন কালত যি সময়ত বিশ্বৰ প্ৰান্ত ৰে প্ৰান্ত ৰে ৰজাৰ শাসন চলিছিল ,ৰজা সকলৰ গাত দেৱত্ব গুণ আৰোপ কৰা হৈছিল ,আনকি তেওঁলোকক অৱতাৰী ব্যক্তি জ্ঞান কৰা হৈছিল , আকৃতি,অংগ প্ৰত্যংগ একে হলেও তেওঁলোক সাধাৰণ মানুহৰ অৰ্থাৎ প্ৰজাৰ স্পৰ্শৰ উৰ্দ্ধত স্থান দিয়া হৈছিল ।দিন সলনি হল, ৰাজ তন্ত্ৰ গণতন্ত্ৰ লৈ পৰিবৰ্তিত হল, ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যৰ সমষ্টিৰে দেশৰ সৃষ্টি হল,  শাসন যন্ত্ৰ পৰিচালনাৰ বাবে জন প্ৰতিনিধি বাছনি কৰিবলৈ ভোটৰ আৱিষ্কাৰ হল ,ৰাজনৈতিক দলৰ আবিৰ্ভাৱ হল আৰু ভোটৰ প্ৰতিযোগিতাৰ মাধ্যমেৰে ৰাজনৈতিক দলে ওপৰত উল্লেখ কৰা পদ্ধতিৰে শাসনৰ বাঘজৰী ধৰা ব্যবস্থা প্ৰচলিত হবলৈ ধৰিলে বিশ্বৰ সৰু বৰ সকলো দেশ তে ,প্ৰজা অৰ্থাৎ নাগৰিক সকলে নিজৰ মাজৰ পৰাই যোগ্যতা আৰু জন প্ৰিয়তাৰ তুলা চালনীৰে জুখি জন প্ৰতিনিধি নিৰ্বাচন কৰি শাসনৰ গদিত এটা নিৰ্দিষ্ট সময়ৰ বাবে বহুৱাৰ ব্যবস্থা আৰম্ভ হল ।
             সংসদীয় শাসন ব্যৱস্থাৰ তাৎপৰ্য ই হৈছে জন সাধাৰণৰ কাৰণে জন সাধাৰণৰ দ্বাৰা জনসাধাৰণৰ শাসন । প্ৰধান মন্ত্ৰীয়ে হওক ,মুখ্য মন্ত্ৰীয়ে হওক বা বিধায়ক গৰাকীয়ে হওক তেওঁলোক একোটা বেলেগ শ্ৰেণীৰ পৰা অহা ব্যক্তি ,সাধাৰণ মানুহে স্পৰ্শ কৰিব নোৱাৰা বা ভগবানৰ অৱতাৰ বুলি ভাবিলে বা প্ৰচাৰ কৰিলে এই জনপ্ৰিয় শাসন ব্যৱস্থাৰ তাৎপৰ্য ই লোপ পাব । অসমৰ মুখ্য মন্ত্ৰী নদী দ্বীপ মাজুলীলৈ ৰাস উৎসৱত উপস্থিত হবলৈ যাব, বান পীড়িত বানাক্ৰান্ত মাজুলী বাসীৰ দুখ দুৰ্দশাৰ খবৰ লব , আঁচনি প্ৰস্তুত কৰিব এই বাতৰি প্ৰচাৰ মাধ্যমে প্ৰচাৰ কৰিছে  লাগতিয়াল কাম কৰিছে। এইখিনি লৈকে সকলো ঠিক ,কিন্তু মুখ্য মন্ত্ৰী তালৈ গৈ চাং ঘৰত থাকিব, বাঁহৰ বিছনা ত শুব , কচু ঢেকীয়াৰ আঞ্জা ৰ তৃপ্তি লভিব, মাছ পুঠি ৰ জোল খাব এনে ধৰণৰ কথা বতৰা বহুল প্ৰচাৰে মুখ্য মন্ত্ৰী জন যেন অসম মূলুকৰ নহয় ,অসমৰ জন জীৱন আৰু বিভিন্ন খিলঞ্জীয়া জন গোষ্ঠীৰ জীৱন নিৰ্বাহৰ সৈতে ইমান দিনে তেওঁৰ পৰিচয় নাই সেই ছবি খন হে দাঙি ধৰিব।আমেৰিকাৰ ৰাষ্ট্ৰপতি বা ইংলেণ্ডৰ ৰাণী বা যুৱ ৰাজ ,আনকি প্ৰধান মন্ত্ৰী মোদী জী বা গৃহ মন্ত্ৰী অমিত জী আহি মাজুলীৰ চাং ঘৰত ৰাতি কটোৱা , শাক পাত কচু ঢেকীয়াৰ আঞ্জা খোৱা এটা উল্লেখ যোগ্য বাতৰি হব পাৰে কিয়নো অসমৰ জন জীৱনৰ এনে ব্যবস্থাৰ সৈতে তেওঁলোকৰ পৰিচয় নাই ,অসমৰ খাদ্যৰ সৈতে তেওঁলোক অভ্যস্ত নহয় ,।কিন্তু এই মাটিৰে লৰা হিমন্ত বিশ্ব শৰ্মাই মাজুলীলৈ যাব, চাং ঘৰত থাকিব, কচু ঢেকীয়া ৰ আঞ্জা খাব এনে খবৰৰ প্ৰচাৰ নিউজ চেনেলৰ বাতৰিৰ মুখ্য বিষয় হৈ পৰিলে শোভা নাপায় বৰঞ্চ আমনিদায়ক হৈ পৰে ।আজি কিছু দিনৰ আগতে দেখিলোঁ মৰিয়নিৰ কোনো এখন বাগিচাৰ এঘৰ চাহ জন জাতি মানুহৰ ঘৰত মুখ্য মন্ত্ৰীয়ে মাটিত বহি ভাত খালে তাকে দেখি কংগ্ৰেছৰ ভূপেন বৰাই ও চাহ বাগানৰ এটা চাহ জনজাতি পৰিয়ালৰ ঘৰত ভাত খাই জনপ্ৰিয়তা বৃদ্ধিৰ চেষ্টা কৰিলে । এইবোৰ বাতৰি আচলতে জনপ্ৰিয়তা বৰ্ধক নহয় বৰঞ্চ প্ৰশ্নৰ উদ্ৰেক ঘটাই যে তোমালোকে এওঁলোকৰ খাদ্যাভ্যাসৰ সৈতে কিয় পৰিচয় হোৱা নাছি লা ,তেওঁলোকক ইমান দিনে কিয় অৱহেলিত কৰি ৰাখিছি লা ,এতিয়া বাধ্যত পৰিহে এনেদৰে মিলিব আহি ছাঁ । আমাৰ সংবাদ মাধ্যম বিলাকে এনেধৰণৰ খবৰ বোৰ প্ৰচাৰ কৰোঁতে সাৱধান হোৱা উচিত ।