CAB – কোনজন নেতাক ৰাইজে বিশ্বাস কৰে? অ’পিনিয়ন প’লৰ ফলাফল

6546

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


নাগৰিকত্ব সংশোধনী বিধায়কৰ বিষয়টো কেন্দ্ৰত নতুন চৰকাৰ নহালৈকে শান্ত হৈ থাকিব। যোৱা কেইমাহমানত অসমৰ আকাশ বতাহ মুখৰিত হৈ থকা এই বিষয়টো অবশেষত কিছু তল পৰিল। বিধেয়কখনক সমৰ্থন কৰি ইয়াৰ সপক্ষে সবল যুক্তি ডাঙি ধৰিলে অসমৰ বিত্ত, স্বাস্হ্য আদি বিভাগৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। তেখেতে অসমৰ তিনিটা আগশাৰীৰ টেলিভিশ্যন চেনেললৈ গৈ সাহসেৰে সকলো প্ৰশ্নৰ মুখা-মুখি হ’ল। আনফালে এই বিলখনৰ বিৰোধিতা কৰা নেতাৰ সংখ্যা বহু বেছি। অগপ, কংগ্ৰেছ , আছু, কৃষক মুক্তি আদি সংগঠনৰ নেতা সকলে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিলে। উলংগ প্ৰতিবাদ, মুণ্ডন, জোৰ সমদল আদি আন্দোলনৰ বহু ৰুপ ৰাইজে দেখিলে। বিৰোধী সকলৰ ভিতৰত আটাইতকৈ সৰব হোৱা দেখা গ’ল আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈক। তেখেতসকলে আনকি দিল্লীত গৈ বাহৰ পাতি বিলখনৰ বিৰুদ্ধে জনমত গঠনৰ চেষ্টা চলালে।
এইখিনি সময়তে অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম ‘ ৰাইজৰ কাষ চাপিল। আমি ৰাইজক প্ৰশ্ন কৰিলো যে আপোনালোকে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ  কোনজন নেতাৰ কথাত পতিয়ন গৈছে? ৰাইজৰ সন্মুখত চাৰিটা বিকল্প আছিল , এইকেইটা হ’ল ক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মা, ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, অখিল গগৈ আৰু অন্য। ১ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ চলা আমাৰ অ’পিনিয়ন প’লত যোগদান কৰা লোকৰ সংখ্যাই আগৰ সকলো অভিলেখ ভংগ কৰিলে। এই অ’পিনিয়ন প’লৰ চুড়ান্ত ফলাফল এনে ধৰণৰঃ
ডঃ হিমন্ত বিশ্ব শৰ্মাঃ ৩৮.৭%
ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যঃ ১৯.৮%
অখিল গগৈঃ ১৬.৫%
অন্যঃ   ২৫.১%
এই অ’পিনিয়ন প’লে প্ৰমাণ কৰিলে যে ৰাজ্যৰ বুজন সংখ্যক লোকে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যুক্তিত পতিয়ন গৈছে।  এটা কথা উল্লেখনীয় যে অন্যই ২৫.১% ভোট পাইছে। যিহেতু এই বিলখনক বিৰোধ কৰা লোকৰ সংখ্যা বহুত সেয়েহে অন্যত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, প্ৰফুল্ল কুমাৰ মহন্ত , অতুল বৰা আদি থাকিব পাৰে। এই বিলখন সমৰ্থন কৰা লোকৰ সৰহ সংখ্যকেই হিমন্ত বিশ্ব শৰ্মাক ভোট দিছে। কেবল কেইজনমান লোকেহে অন্যত ভোট দিছে।
শেষত কব পাৰি যে এই বিলখন ৰাজ্যসভাত উত্থাপন নোহোৱাৰ কৃতিত্ব এই বিলখন বিৰোধ কৰা লোকসকলে কাক দিব সেয়া কোৱা টান।
আমাৰ অ’পিনিয়ন প’লৰ দ্বিতীয় প্ৰশ্নটো আছিল “আপুনি নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰেনে?” ইয়াৰ ফলাফল জানিবলৈ আমাৰ ওৱেবচাইট www.rajnitiaxom.com ত ল’গিন কৰক।