Carefully Careless হৈ অভিনয় কৰি থকাৰ কোনো যুক্তি নাই

1024
ড ০ সুশান্ত কুমাৰ কাশ্যপ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


জীৱনত নিজৰ ইচ্ছা বোৰ পুৰ কৰিবলৈ শৈশৱৰে পৰাই চেষ্টা কৰিছোঁ । কৈশোৰ, শৈশৱত পঢ়া শুনা কৰি ভাল পোৱা নাছিলোঁ , কৰা নাছিলোঁ । বাকী মা-দেউতাহতৰ জোৰত নুন্যতম ভাল ফলাফলৰ বাবে যিখিনি প্ৰয়োজন, সেইখিনিহে পঢ়িছিলোঁ, তাতকৈ অলপো বেছি নহয় । কেবল খেলা – মাৰ্বলৰ পৰা আৰম্ভ কৰি ক্ৰিকেট, বেডমিন্টন, বান্টা, ষ্টপ, কাবাডী-মুঠতে একো বাকী নাই। যি ইচ্ছা যায় তাকেই। সপ্তম/অষ্টম শ্ৰেণী মানৰ পৰা চিনেমাৰ নিছা । পাঠ্য কিতাপৰ ভিতৰত চিনেমাৰ নামৰ লিষ্ট , বাতৰি কাকতত দিয়া চিনেমাৰ বিজ্ঞাপন, পোষ্টাৰ সযতনে থওঁ । ‘লেইজাৰ’ত পেটৰ বিষ হোৱা বুলি স্কুলত ‘এপ্লিকেচন’ দি বাহিৰে বাহিৰে আনন্দ টকীজত মেটিনি শ্ব’ চিনেমা কিমান চালোঁ হিচাপে নাই । অমিতাভ, জিতেন্দ্ৰ, মিথুন , অনিল কাপুৰ, শ্ৰীদেৱী, ৰেখা, গোবিন্দ কাৰো বাদ নাযায় । “তেজাব”ৰ পিছত মাধুৰী আৰু “কয়ামত চে কয়ামত তক”ৰ পিছত আমিৰ খান , জুহী চাওলা ফেভাৰিট হ’ল । অসমীয়া চিনেমাবোৰ ঘৰৰ পৰা সপৰিয়ালে গৈ চাইছিলো যদিও হিন্দী বোৰ পলাই গৈ মনে মনে চাইছিলো। চিনেমাহলৰ উপৰি ভিচিআৰত একেলগে তিনি চাৰিখন উংসব পাৰ্বনে চিনেমা চোৱাতো যেন সাধাৰণ কথা হৈ পৰিল। মুঠতে চিনেমাৰ প্ৰতি আছিল দূৰ্বাৰ প্ৰেম । অৱশ্যে চিনেমাৰ প্ৰেমে বেলেগ প্ৰেমৰ পৰা আঁতৰাই ৰাখিছিল। কাৰণ সপোনৰ পৰীজনী চিনেমাৰ মাধুৰী বা জুহী বা ৰেখাৰ দৰে হোৱাটো বিচাৰিছিলো, যিটো পোৱা নাছিলোঁ বাস্তৱত । চিনেমাৰ লগে লগে আন এটা নিচা হৈছিল বাহিৰা কিতাপ, বিশেষকৈ পাফু, ভাস্কৰ, টাৰ্জান , হেৰল আদি চিৰিজবোৰ , লগতে চিনেমাৰ আলোচনী আনন্দলোক, ৰূপকাৰ, ষ্টাৰডাষ্ট আদি পঢ়াৰ । সন্ধিয়া পঢ়া টেবুলত বহোতে পাঠ্য কিতাপখনৰ তলত সেইখন সযতনে ৰাখি থওঁ। ওচৰত কোনো নাথাকিলেই ঘপচনে সেইখন উলিয়াই লওঁ। মেট্ৰিকৰ আগত কেইমাহমান সকলোবোৰ ত্যাগ কৰিলোঁ । পৰীক্ষা শেষ হোৱাৰ দিনাই মেটিনি শ্ব’ চিনেমা , নাম “পাপ কি অন্ত্”। মেট্ৰিকৰ পিছত প্ৰায় তিনিমাহৰ ভিতৰত ‘চিনেমা হ’ল’ আৰু ‘ভিচিআৰ’ মিলি 48খন চিনেমা শেষ কৰিছিলোঁ। বহু নিশা নোশোৱাকৈয়ে ইখনৰ পিছত সিখন চিনেমা চাইছিলো ভিচিআৰত । মেট্ৰিক পাছ কৰি কটন, কটনৰ হোষ্টেল । দূৰ্ধৰ্ষ হোষ্টেল ‘কচমো’ৰ আবাসী হলো। তেতিয়া আৰু কোনে পায় ! ইয়াত মোক চাওঁতা, শাসন কৰোতা কোনো নাই । বিন্দাছ জীৱন। হোষ্টেলত ফ্ৰেচাৰ্ছ যোৱাৰ পিছদিনাই চিনেমা হ’ললৈ । অপসৰাত “আশিকী”। ৰাহুল ৰয়, অনু আগ্ৰৱাল ।সপ্তাহত দুখন তিনিখন চিনেমা চোৱাতো যেন কৰ্তব্য হৈ পৰিল । জীৱনত চেকেন্ড শ্ব’ হোষ্টেলীয়া জীৱনতেই চাই পাইছো। চেকেন্ড শ্ব’ মালিগাঁৱ প্ৰাগজ্যোতিত চাই চিটি বাছ নাপাই খোজকাঢ়ি পানবজাৰ পাই যাও । হোষ্টেলত ভাতো নাথাকে । লঘোনে পাৰ হয় নিশা চিনেমাৰ নামত । কটনৰ সেইসময়ত এটা বদনাম আছিল ভাল ভাল ল’ৰা বোৰ বৰবাদ হৈ যায় হোষ্টেলত থাকি । আমাৰ ক্ষেত্ৰত সেয়া নহ’ল । কাৰণ আমি “ভাল ভাল ল’ৰা” নাছিলোৱেই , গতিকে কি বেয়া হ’ম ! মুঠতে নিজৰ ইচ্ছাৰ বিৰূদ্ধে একো কৰা নাই , যি কৰিছোঁ ইচ্ছা পুৰাবলৈয়ে কৰিছোঁ । ‘কচমো’ত দুবছৰ আৰু ‘ডি এছ’ত তিনিবছৰ- মুঠতে কটন হোষ্টেলৰ পাছবছৰ জীৱনৰ সোণালী অধ্যায় । বিশ্ববিদ্যালয়ৰ জীৱনতো আগৰ অৱস্থাই বাহাল হৈ থাকিল । নিজৰ ইচ্ছামতে অকনমান ওলট পালট হ’ল জীৱন, অকনমান গতি সলনি হ’ল কেইদিনমানৰ বাবে । তাৰ পিছত আকৌ আগৰ দৰে । এম এ পৰীক্ষা দিয়েই শিক্ষকতা বৃত্তি । ২৬ বছৰ বয়সত পূৰ্ণকালীন শিক্ষক হ’লো। বিশ বছৰ হৈ গ’ল চাকৰি জীৱনৰ । এতিয়াও নিজৰ ভাল লগা , ভাল পোৱা কামবোৰ কৰি আছোঁ । জীৱনটো নিজৰ , গতিকে নিজৰ ইচ্ছামতে কৰি আছোঁ কাকো অসুবিধা নিদিয়াকৈ । কাৰো সমালোচনাক কেয়াৰ নকৰোঁ। জুবিনৰ ভাষাত “ঘে…. ” বুলি কওঁ। আৰু কিছু কিছু ইচ্ছা আছে । যদি ক’ৰ’ণা বা বেলেগে একো অসুবিধা নিদিয়ে, সেয়াও পূৰ্ণ কৰিম ।
জীৱন এবাৰেই, কি ঠিক কাৰ কেতিয়া কি হৈ যায় ! গতিকে মনৰ ইচ্ছা বোৰ লুকাই ৰাখি, অবদমিত কৰি একো লাভ নাই । পাৰিলে পুৰণ কৰক, নোৱাৰিলে বেলেগক , মানে ইচ্ছা পুৰোৱাজনক সমালোচনা কৰাৰ পৰা বিৰত থাকক । মিছাকৈ আৰ্টিফিচিয়েল গহীন এটা দি নতুবা Carefully Careless হৈ অভিনয় কৰি থকাৰ কোনো যুক্তি নাই বুলি ভাবো ।কভিদে শিকাইছে পুনৰ , শিকিবলৈ কিমান বাকী নিজে নিজেই চিন্তা কৰক ।