Friday, April 26, 2024

কংগ্ৰেছৰ অংকত জনিয়াত  ৰফিকুল ইছলাম জয়ী …..

  মাত্ৰ কেইমাহমান আগত হৈ যোৱা লোকসভা নিৰ্বাচনত জনিয়াৰ বিধায়ক আব্দুল খালেক দিল্লী পালে । খোদ জনিয়া বিধান সভা সমষ্টিৰ পৰা প্ৰায় চল্লিশ হাজৰৰ অগ্ৰগতি পাইছিল খালেকে । লোকসভা নিৰ্বাচনত আজমল বাহিনীৰ চৰম পৰাজয় অসমৰ ভোটাৰে প্ৰত্যক্ষ কৰিলে । জনিয়াৰ লগতে আন তিনিটা সমষ্টিৰ নিৰ্বাচনৰ উদ্ভৱো আছিল একেটা কাৰণেই বিধায়কজন দিছপুৰ এৰি দিল্লী পালে । ৰঙাপৰা , সোনাৰী , ৰাতাবাৰীৰ নিৰ্বাচনত বিজেপি প্ৰত্যাশিত ভাবেই জয়ী হ'ল । কিন্তু অঘটন ঘটিল জনিয়াত । আব্দুল খালেকে সংসদত সৰৱ ভুমিকা লৈছে , ইয়াৰ আগত ৰহিংইয়াৰ কাৰণে বিধানসভা চৌহদত অনশনত বহিছিল , মুঠৰ ওপৰত সমষ্টিবাসীয়ে অন্তত: বিগত কেইমাহত নিজৰ সাংসদজনক লৈ গৌৰৱ কৰিব পাৰে । তেনেস্থলত কংগ্ৰেছৰ জয় সহজ বুলি সকলোৱে ধাৰণা কৰিছিল । প্ৰায় একদজন নেতাই টিকট বিচাৰিলে আৰু টিকট পালে চামচুল হকে । প্ৰাৰ্থিত্ব কেন্দ্ৰীক বিবাদৰ ফলত জনিয়াৰ বৰ্ষিয়াণ কংগ্ৰেছী শিক্ষাবিদ মোজ্জামিল হুছেইনে কলগছীয়াত সংবাদ মেল পাতি ৰাজনীতি ত্যাগ কৰিলে । এইবাৰ জনিয়াৰ নিৰ্বাচনত প্ৰায় প্ৰতিটো দলেই আচৰিত সিদ্ধান্ত ল'লে । তৌফিকুৰ ৰহামনৰ প্ৰাৰ্থিত্বও আছিল আচহুৱা । দহ হেজাৰ হিন্দু ভোট আৰু প্ৰায় ৪-৫ হাজাৰ গড়িয়া ভোটক লক্ষ্য কৰি বিজেপিৰ জয় প্ৰায় অসম্ভৱ আছিল । এআইইউডিএফ জয়ৰ অংকটো আছিল অতি সৰল । লোকসভাত একাংশ সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰিছিল __ বৰপেটাত কংগ্ৰেছে ঠগিলে এআইইউডিএফ ক । আচলতে কংগ্ৰেছে প্ৰবঞ্চনা কৰা নাছিল । তেতিয়া ঠগ যদি খাইছিল এতিয়াৰ বিধায়ক ৰফিকুল ইছলামে । কাৰণ বদৰুদ্দিন আজমলৰ ভাতৃৰ কাৰণে পিছৰ নিৰ্বাচনত সমুহ বৰপেটাৰ পৰা খেলিবলৈ প্ৰয়োজন আছিল এজন এআইইউডিএফ ৰ বাহিৰৰ ব্যক্তি । সেয়ে কংগ্ৰেছৰ সৱল প্ৰাৰ্থী খালেকৰ দ্বাৰা বৰপেটা দখল আছিল আজমল পৰিয়ালৰ কাৰণে মংগলজনক খৱৰ । এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰতিদান হিচাপে কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থীয়ে এআইইউডিএফ ৰ প্ৰাৰ্থীজনৰ জয় সুনিশ্চিত কৰাত সহায় কৰে । ইয়াৰ লগে লগে চলি তৰুণ গগৈয়ে চলায় থাকিল এনআৰচি বিৰোধী মন্তব্য আৰু আব্দুল খালেকৰ দাড়ি- টুপিৰ সম্বন্ধীয় মুছলমান বিদ্বেষী মন্তব্য ।কংগ্ৰেছে আজমলক প্ৰতিদান দিলে আৰু পৰৱৰ্তী সময়ৰ বাবে এজন অকংগ্ৰেছী বিধায়কে আব্দুল খালেকৰ দিছপুৰ ৰাজনীতি প্ৰাসংগিক কৰি ৰাখিলে । লোকসভা নিৰ্বাচনত লেতেৰা ৰাজনীতিৰ স্বীকাৰ হৈছিল ৰফিকুল ইছলাম আৰু এইবাৰ উপনিৰ্বাচনত একেই ৰাজনীতিৰ...

আদৱানীৰ যুগত বাজপেয়ী কেনেকৈ প্ৰধান মন্ত্রী হৈছিল !

পাৰ্থ সাৰথি দত্ত ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com ১৯৯৬ চনত ভাৰতৰ প্ৰধানমন্ত্রীৰ পদত শপত লৈছিল বহু মানুহে নাম নুশুনা দেৱেগৌড়াই। এজন সাংবাদিকে এই বিষয়ে প্ৰশ্ন কৰাত দেৱেগৌড়াই  নিজৰ কপালখন দেখাই দি কৈছিল...

বিজেপিৰ দৰ্পচূৰ্ণ , কংগ্ৰেছৰ ট্ৰেজেডি

নয়ন বৰ্মন ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com ২৪ অক্টোবৰত প্ৰকাশ পালে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ বিধানসভাৰ ফলাফল। মাত্র ছয়মাহ আগতে হৈ যোৱা সাধাৰণ নিৰ্বাচনত এই দুয়োখন ৰাজ্যত বিজেপিৰ ফলাফল আছিল...

পৰিবৰ্তন, শুনিবলৈ ভাল,হৈছে….!!

বুবুল ঠাকুৰীয়া ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com সমগ্ৰ অসম বাসীৰ বহু আশা আকাংক্ষাৰ ফল স্বৰূপে ক্ষমতালৈ আহিছিল বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বি জে পি চৰকাৰ খন। কংগ্ৰেছৰ দুৰ্নীতিৰ...

ধৰ্মস্থলত অস্পৃশ্যতা আৰু ধৰ্মান্তৰকৰণ

ৰাজীব দাস ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com মাজুলিৰ একাংশ মিচিং মানুহ সংগঠিত হৈ খ্ৰীষ্টান হ'ল ; বাতৰি কাকতত স্পষ্টিকৰণ প্ৰকাশ কৰিলে ধৰ্মান্তৰিতসকলে । বেমাৰৰ চিকিৎসা আৰু জাত- পাতৰ ভিত্তিত...

মোদীৰ গুজৰাটত

প্ৰদীপ পাটোৱাৰী ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com গুজৰাট ৰাজ্যৰ কথা , এই ৰাজ্যৰ উন্নতিৰ কথা, গুজৰাট মডেলৰ কথা খবৰে কাগজে, টিভিয়ে , দেখি-শুনি, পঢ়ি  মোৰ গুজৰাট ভ্ৰমণ কৰাৰ বাসনা...

স্বামী বিবেকানন্দক মৌলবাদী বনোৱাহে আচল টাৰ্গেট

হৰকুমাৰ ঠাকুৰীয়া ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com ২০০৩ চনত সংসদৰ চেন্ট্ৰেল হ'ল পোন প্ৰথমবাৰৰ বিনায়ক দামোদৰ সাৱৰকৰৰ ফটো ৰখা হয় । উক্ত অনুষ্ঠানটোত বিভিন্নজন সাংসদৰ উপৰিও  তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল...

গান্ধীৰ আশ্ৰম বৰ্ধা আৰু বাল গংগাধৰ তিলকৰ ঘৰত পদুম ফুলিল

তাৰক দাস ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com মহাৰষ্ট্ৰৰ পুনে চহৰ । বীৰ শিবাজী , বাল গংগাধৰ তিলক , বীৰ সাৱৰকাৰ , মহাত্মা ফুলে আদি প্ৰসিদ্ধ ব্যক্তিৰ জন্মভুমি আৰু কৰ্মভুমি...

নতুন সমষ্টি বিচাৰি হাবাথুৰি খাইছে আংগুৰলতাই

'ৰাজনীতি অসম' (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন ২০১৬ বিধানসভা নিৰ্বাচনত অপ্ৰত্যাশিতভাবে বটদ্ৰবা সমষ্টিৰ পৰা টিকট লাভ কৰিছিল অসমীয়া চলচিত্রৰ অভিনেত্রী আঙুৰলতা ডেকাই। সন্মুখত আছিল ডাঙৰ প্ৰত্যাহ্বান। কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী গৌতম...

অভিজিৎ বেনাৰ্জী

ৰাজধীৰ অল্যমান ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com স্বদেশ বিৰোধ  বাওঁপন্থীৰ  ফেশ্বন । ফেশ্বনৰ নামত নিজ দেশক প্ৰতাৰণা কৰা হয় । জনতাক বিভ্ৰান্ত কৰিব খোজা  এই ফেশ্বনৰ নাম  হৈছে...