কংগ্ৰেছৰ অংকত জনিয়াত  ৰফিকুল ইছলাম জয়ী …..

1230

 

মাত্ৰ কেইমাহমান আগত হৈ যোৱা লোকসভা নিৰ্বাচনত জনিয়াৰ বিধায়ক আব্দুল খালেক দিল্লী পালে । খোদ জনিয়া বিধান সভা সমষ্টিৰ পৰা প্ৰায় চল্লিশ হাজৰৰ অগ্ৰগতি পাইছিল খালেকে । লোকসভা নিৰ্বাচনত আজমল বাহিনীৰ চৰম পৰাজয় অসমৰ ভোটাৰে প্ৰত্যক্ষ কৰিলে । জনিয়াৰ লগতে আন তিনিটা সমষ্টিৰ নিৰ্বাচনৰ উদ্ভৱো আছিল একেটা কাৰণেই বিধায়কজন দিছপুৰ এৰি দিল্লী পালে । ৰঙাপৰা , সোনাৰী , ৰাতাবাৰীৰ নিৰ্বাচনত বিজেপি প্ৰত্যাশিত ভাবেই জয়ী হ’ল । কিন্তু অঘটন ঘটিল জনিয়াত । আব্দুল খালেকে সংসদত সৰৱ ভুমিকা লৈছে , ইয়াৰ আগত ৰহিংইয়াৰ কাৰণে বিধানসভা চৌহদত অনশনত বহিছিল , মুঠৰ ওপৰত সমষ্টিবাসীয়ে অন্তত: বিগত কেইমাহত নিজৰ সাংসদজনক লৈ গৌৰৱ কৰিব পাৰে । তেনেস্থলত কংগ্ৰেছৰ জয় সহজ বুলি সকলোৱে ধাৰণা কৰিছিল । প্ৰায় একদজন নেতাই টিকট বিচাৰিলে আৰু টিকট পালে চামচুল হকে । প্ৰাৰ্থিত্ব কেন্দ্ৰীক বিবাদৰ ফলত জনিয়াৰ বৰ্ষিয়াণ কংগ্ৰেছী শিক্ষাবিদ মোজ্জামিল হুছেইনে কলগছীয়াত সংবাদ মেল পাতি ৰাজনীতি ত্যাগ কৰিলে । এইবাৰ জনিয়াৰ নিৰ্বাচনত প্ৰায় প্ৰতিটো দলেই আচৰিত সিদ্ধান্ত ল’লে । তৌফিকুৰ ৰহামনৰ প্ৰাৰ্থিত্বও আছিল আচহুৱা । দহ হেজাৰ হিন্দু ভোট আৰু প্ৰায় ৪-৫ হাজাৰ গড়িয়া ভোটক লক্ষ্য কৰি বিজেপিৰ জয় প্ৰায় অসম্ভৱ আছিল ।

এআইইউডিএফ জয়ৰ অংকটো আছিল অতি সৰল । লোকসভাত একাংশ সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰিছিল __ বৰপেটাত কংগ্ৰেছে ঠগিলে এআইইউডিএফ ক । আচলতে কংগ্ৰেছে প্ৰবঞ্চনা কৰা নাছিল । তেতিয়া ঠগ যদি খাইছিল এতিয়াৰ বিধায়ক ৰফিকুল ইছলামে । কাৰণ বদৰুদ্দিন আজমলৰ ভাতৃৰ কাৰণে পিছৰ নিৰ্বাচনত সমুহ বৰপেটাৰ পৰা খেলিবলৈ প্ৰয়োজন আছিল এজন এআইইউডিএফ ৰ বাহিৰৰ ব্যক্তি । সেয়ে কংগ্ৰেছৰ সৱল প্ৰাৰ্থী খালেকৰ দ্বাৰা বৰপেটা দখল আছিল আজমল পৰিয়ালৰ কাৰণে মংগলজনক খৱৰ । এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰতিদান হিচাপে কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থীয়ে এআইইউডিএফ ৰ প্ৰাৰ্থীজনৰ জয় সুনিশ্চিত কৰাত সহায় কৰে । ইয়াৰ লগে লগে চলি তৰুণ গগৈয়ে চলায় থাকিল এনআৰচি বিৰোধী মন্তব্য আৰু আব্দুল খালেকৰ দাড়ি- টুপিৰ সম্বন্ধীয় মুছলমান বিদ্বেষী মন্তব্য ।কংগ্ৰেছে আজমলক প্ৰতিদান দিলে আৰু পৰৱৰ্তী সময়ৰ বাবে এজন অকংগ্ৰেছী বিধায়কে আব্দুল খালেকৰ দিছপুৰ ৰাজনীতি প্ৰাসংগিক কৰি ৰাখিলে । লোকসভা নিৰ্বাচনত লেতেৰা ৰাজনীতিৰ স্বীকাৰ হৈছিল ৰফিকুল ইছলাম আৰু এইবাৰ উপনিৰ্বাচনত একেই ৰাজনীতিৰ স্বীকাৰ হ’ল চামচুল হক ।