One man Army

281
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


দেৱজিত সাহা,জুবিন গাৰ্গ, পাপন, ৰিয়াণ পৰাগ কিম্বা গৌৰৱ গগৈ। অসমৰ সন্তান এজনে যেতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপতত জিলিকি উঠে তেতিয়া মন ৰোমাঞ্চিত হৈ উঠে। লোকসভাত কংগ্ৰেছৰ ২০১৪ চন আৰু ২০১৯ চনত খুৱ সিমীত সংখ্যক আসন আছিল। এই সাংসদ সকলৰ বেছিভাগেই কেৰেলা, তামিলনাডু,পঞ্জাৱ আৰু অসমৰ আছিল। এই সকলৰ ভিতৰত হিন্দী আৰু ইংৰাজী উভয় ভাষাতে সকলোতকৈ বেছি দখল থকা ব্যক্তিজনেই আছিল গৌৰৱ গগৈ। সেইবাবে তেওঁ সংসদত কোৱাৰ বাবে বহু সুযোগ লাভ কৰে। আনকি মণিপুৰক লৈ হোৱা বিতৰ্কৰ প্ৰাৰম্ভিক বক্তা ৰূপে তেওঁক কংগ্ৰেছে দায়িত্ব দিয়ে। গৌৰৱৰ সুন্দৰ ভাষণৰ পিছতে তেওঁ এক ৰাষ্ট্ৰীয় চেহেৰা হৈ পৰে। দুবাৰ একেৰাহে কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হোৱা গৌৰৱৰ বাবে সমষ্টি পুনৰনিৰ্ধাৰনে এটা বেয়া খৱৰ আনে। তেওঁৰ পিতৃ আৰু খুড়াকৰ সমষ্টি কলিয়াবৰক বিলুপ্ত কৰি দিয়া হ’ল। বহু চিন্তা কৰি গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈ সাহসৰ পৰিচয় দিলে। ৬০% মুছলমান থকা নগাওঁ সহজ হ’লহেতেন যদিও তেও প্ৰত্যহ্বান গ্ৰহণ কৰিলে। ২০১৪ আৰু ২০১৯ত তেওঁৰ কাষত তেওঁৰ পিতৃ তৰুণ গগৈদেৱ আছিল। এইবাৰ গৌৰৱে পিতৃ অহিবনে হিন্দু প্ৰধান সমষ্টি এটাত বিজেপিক প্ৰত্যহ্বান জনাইছে। মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা, বিজেপিৰ ব্যাপক ধনবল তথা কংগ্ৰেছৰ সাংগঠনিক দুৰ্বলতাৰ পিছতো গৌৰৱৰ সাহসী সিদ্ধান্তক চেলুট জনাবই লাগিব।

গৌৰৱ জয়ী হ’ব পাৰিবনে?

গৌৰৱে কষ্ট কৰিছে। নিৰ্বাচনী প্ৰচাৰ ভাল হৈছে। যোৱা ৫ বছৰত তপন গগৈৰ নিস্কৃয়তাই তেওঁক সহায় কৰিছে। যোৰহাট লোকসভাৰ অধীনত ১০ টা বিধান সভা সমষ্টি আছে। ইয়াৰ ভিতৰত গৌৰৱ গগৈয়ে শিৱসাগৰ, তিতাবৰ, নাজিৰা, তিয়ক আৰু মাহমৰাত অগ্ৰগতি লোৱাৰ সম্ভাবনা আছে। আনহাটে তপন গগৈয়ে মাজুলী, মৰিয়নি, যোৰহাট, ডিমৌ আৰু সোনাৰিত অগ্ৰগতি ল’ব বুলি জনা গৈছে। ফলত যুঁজখন তয়াময়া হ’ব। মাজুলী আৰু মৰিয়ণিত বিজেপিয়ে কিমান লিড পায় তাৰ ওপৰতে নিৰ্ভৰ গৌৰৱ গগৈৰ জয় পৰাজয়। যদি এই দুটা সমষ্টিত কংগ্ৰেছে কিছু ভাল প্ৰদৰ্শন কৰিব পাৰে তেন্তে গৌৰৱৰ তৃতীয়বাৰৰ বাবে দিল্লী যাত্রা নিশ্চিত। গৌৰৱক বংশবাদৰ ফচল বুলি প্ৰায়ে বিৰোধীয়ে সমালোচন কৰে। ২০২৪ত জয়ী হ’লে এয়া হ’ব গৌৰৱৰ সম্পূৰ্ণ নিজৰ ক্ৰেডিত।