TVF ASPIRANTS আৰু কিছু আনুষংগিক চিন্তা

1217
  • বুবুল ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


আনএকাডেমিৰ দ্বাৰা পৰিবেশিত অভিলাষ,এছ কে,গুৰি,ধৈৰ্য়া,আৰু সন্দ্বীপ ভাইয়াক লৈ আৰম্ভ হোৱা পাঁচ গৰাকী ইউ পি এছ চি এস্পাইৰেণ্টৰ কাহিনী যিটো আৰম্ভ হৈছে পশ্চিম দিল্লীৰ ইউ পি এছ চি ৰ দ্বাৰা পৰিচালিত পৰীক্ষাৰ সহায়ত উত্তীৰ্ণ হৈ  IAS বা IPS হোৱাৰ আখৰা স্থলী বিখ্যাত ওল্ড ৰাজেন্দ্ৰ নগৰত(ৰাজিন্দৰ নগৰ)।তাত একোজন এস্পাইৰেণ্টৰ জীৱিকা,পৰিয়াল,প্ৰেম,বন্ধুত্ব,প্ৰত্যাহ্বান এনে একো একোটা উপাদান যাৰ অবিহনে জীৱন যেন বিফল,এনে ধৰনেই উপস্থাপন কৰা হৈছে।যিটো সম্পূৰ্ণ শুদ্ধ।কিবা পাবলৈ-কিবা যে এৰিব লাগিব,সেইয়াই যেন মূল নীতি সফল হোৱাৰ!কিমান কঠোৰ পৰিশ্ৰম কৰিব লগীয়া হয় একোজন এস্পাইৰেণ্টে-আহাৰ, নিদ্ৰা আৰু অনুশীলনৰ কোনো সময় নাই।বিশাল লাইব্ৰেৰীত পিন ড্ৰপ চাইলেঞ্চ,অথচ সকলোৱে পঢ়ি আছে।কিতাপ দোকানী,ঘৰৰ মালিক,চাহৰ দোকানী,ফলৰ দোকানী,পেপাৰ বিক্রেতাই ও ক’ব পাৰে কেনেকৈ কষ্ট কৰিব লাগে,কি পঢ়িলে সফল হ’ব পাৰি ইত্যাদি ইত্যাদি।মুঠতে ওল্ড ৰাজেন্দ্ৰ নগৰৰ আকাশে বতাহেও যেন  IAS বা IPS হোৱাৰ কুচকাৱাজত সাৰ পানী জগাই আছে।কাহিনীত অন্তিম বাৰৰ বাবে নিজৰ চাকৰি ত্যাগ কৰি ইউ পি এছ চি ৰ কোচিংৰ বাবে যোৱা অভিলাষ,এছ কে আৰু গুৰি যাক ট্ৰাইপদ বুলি কৈছিল সকলোৱে, তেওঁলোকৰ বন্ধুত্ব লগতে ঘটনা ক্ৰমে লগ পোৱা ধৈৰ্য়া,মাত্ৰ এক নম্বৰ কম পোৱাৰ বাবে আগৰ বছৰত বিফল হোৱা লগতে নিজৰ বিয়া চাৰি বছৰলৈ পিছুৱাই একমাত্ৰ পৰীক্ষাত সফল হ’বলৈ যোৱা সন্দ্বীপ ভাইয়াৰ সংগ্ৰামৰ বিষয়ে দেখুওৱা হৈছে।অৱশেষত সকলোৱে নিগেটিভ বুলি ইতিকিং কৰা অভিলাষে নিজৰ প্ৰেম(ধৈৰ্য়া)ক ত্যাগ কৰি হ’লেও  সফল হয়।সন্দ্বীপ ভাইয়াই ইউ পি এছ চি ত বিফল হৈ PCS প্ৰভিঞ্চিয়েল চিভিল ছাৰ্ভিছত সফল হয়,এছ কে আনএকাডেমিৰ ফেকাল্টি হয়,গুৰি হৈ পৰে সফল ব্যৱসায়ী আৰু অভিলাষৰ একালৰ প্ৰেমিকা ধৈৰ্য়াক বিয়া পাতে যি ধৈৰ্য়াইও ইউ পি এছ চিত সফল হব নোৱাৰি নিচা মুক্তিৰ বাবে NGO চলায়।দুই বন্ধু অভিলাষ আৰু গুৰিৰ মাজৰ কাজিয়াৰ ফল স্বৰূপে দুয়োৰে মাজত অহা মনোমালিন‍্যৰ অৱসান ঘটাবলৈ এছ কে কৰা প্ৰচেষ্টাই বুজায় বন্ধুত্বৰ গৰিমা।নিজৰ প্ৰাক্তন প্রেয়সীক বিয়া পাতিবলৈ ওলোৱা গুৰিৰ বিয়াত নাযাওঁ বুলি কঠোৰ হোৱা অভিলাষে অৱশেষত সন্দ্বীপ ভাইয়াই জীৱনত কৰা ভুলৰ বিৱৰণ শুনি সকলো পাহৰি বিয়ালৈ যায় আৰু বিয়াৰ মূল মণ্ডপ পোৱাৰ আগতে ধৈৰ্য়াই উপহাৰ দিয়া চছমা যোৰ ডাষ্টবিনত পেলাই থৈ যায়।সন্দ্বীপ ভাইয়াই অনুভৱ কৰিছিল যে তেওঁৰ মাত্ৰ এটা সপোনৰ বাবে চাৰি বছৰ ৰৈ থকা প্ৰেমিকা কুসুমক তেঁও বিয়া নকৰালে যিটোৱে তেওঁৰ ভিতৰত এক শূন্যতাৰ সৃষ্টি কৰিছিল যদিও তেওঁ সফলতাৰ শিখৰত আৰোহণ কৰিছিল।তেওঁ কৈছিল নিজৰ সপোন যিমানেই ডাঙৰ নহওঁক কিয় পৰিয়াল,প্ৰেম,বন্ধুত্বক লগত লৈহে আগবাঢ়িব লাগে আৰু তেতিয়া পোৱা সফলতাৰ কোনো তুলনা নাই।ইয়াৰ বিপৰীতে একমাত্ৰ নিজৰ সপোনটোৰ বাবে সকলোকে পৰিত্যাগ কৰি পোৱা সফলতা শূণ্যক বাদে আন একো নহয়।কাহিনীটো থুলমুল ইমানেই।কাহিনী বৰ্ণনা কৰাত হয়টো মই সিমান পাকৈত নহয়।তথাপি চেষ্টা কৰিছোঁ।ইউ টিউবত বিনামূলীয়াকৈ পাঁচটা খণ্ডত চাব পাৰিব এই ধুনীয়া ৱেব চিৰিজটো।গোটেই কেইজন অভিনয় শিল্পীৰ অভিনয়ে কাহিনীক বাস্তৱতা প্ৰদান কৰিছে।প্ৰতিজন অভিভাৱক আৰু প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চাবলগীয়া এইখন ৱেব চিৰিজ।কাহিনীটোক অনন্য মাত্ৰা দিছে ইয়াৰ সংগীতে।যিটো কাম কৰিছে আমাৰ অসমৰ অতিকৈ মৰমৰ শিল্পী “মাজুলী” খ্যাত নিলোৎপল বৰাই।তেওঁ সংগীত দিয়াৰ উপৰিও গোৱা দুটি গান ক্ৰমে “ধাগা..”আৰু “মৌকা জিন্দেগি…”য়ে বিপুল জনপ্ৰিয়তা লাভ কৰিছে যিয়ে তেওঁৰ বলিউডলৈ যোৱাৰ পথ প্ৰশস্ত কৰিছে বুলি ভাব হয়।তেওঁ সফল হওঁক, আমাৰো এয়াই কামনা।
এতিয়া আহোঁ আচল প্ৰসংগলৈ।মই এই কাহিনী ইমান পৰে এনেই বৰ্ণনা কৰি থকা নাই।ইয়াৰ মাজত সোমাই অহা চিন্তাইহে মোক থুলমুলকৈ কাহিনীটো বৰ্ণনা কৰাত অৰিহনা যোগালে।কিয় মাত্ৰ ওল্ড ৰাজেন্দ্ৰ নগৰ হ’ব পাৰে দেশৰ ইউ পি এছ চি এস্পাইৰেণ্টৰ বাবে আশাৰ কঠীয়াতলী?আমাৰ অসমৰ গুৱাহাটী,নলবাৰী,পাঠশালা, নগাঁও,ডিব্ৰুগড় কিয় হ’ব নোৱাৰে ওল্ড ৰাজেন্দ্ৰ নগৰ?আমাৰ ইয়াত কিহৰ অভাৱ?হাজাৰ হাজাৰ প্ৰাইভেট স্কুলৰ বাবে যদি ফেকাল্টি কেৰেলা বা দেশৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ আহি শিক্ষাদান কৰি থাকিব পাৰে তেন্তে IAS বা IPS ৰ বাবে নাহিব কিয়?চহৰে-নগৰে অসংখ্য শ্বপিং মল,প্ৰাইভেট হস্পিটেল যদি গঢ়ি উঠিব পাৰে তেন্তে মানুহ গঢ়াৰ কমাৰশালা গঢ়ি উঠিব নোৱাৰে কিয়?কেৱল অভিযন্তা বা চিকিৎসকেই হোৱা কিয় মূল টাৰ্গেট?ইয়াত আমাৰ অসমৰ বহু সংখ্যক অভিভাৱকৰো নিশ্চয় দোষ আছে অথবা আমি,মই নিজেও এলেহুৱা ইত্যাদি বিভিন্ন কাৰণ সোমাই আছে।আমি কষ্ট কৰিব নোৱাৰোঁ, ঘোচ দিব পাৰোঁ মাটি বিক্ৰী কৰি হ’লেও।কিবা এটা চৰকাৰী চাকৰি পাই গ’লেই লেঠা শেষ।যিটো ভাগত মইয়ো পৰোঁ হয়তো!পৰিশ্ৰম অবিহনে সপোন দেখা মানে মূৰ্খৰ স্বৰ্গত বাস কৰা সদৃশ কাম।আমি পৰিশ্ৰম কৰিবই লাগিব,দিল্লী যেনেকৈ ইউ পি এছ চি ৰ হাব,ৰাজস্থান তেনেকৈ IIT ৰ হাব।অসম খনৰ কোনোবা এটা অঞ্চল হৈ পৰক এনে একো একোটা হাব যাৰ পৰা আমি পাম দেশৰ একো একোজন IAS বা IPS।ইয়াত ৰাজনৈতিক নেতা সকলোৰো সদিচ্ছা থাকিব লাগিব।তেওঁলোকে ইচ্ছা কৰিলে সকলো সম্ভৱ।ভাল খবৰ যে এতিয়া অসমৰ পৰাও বেছি নহলেও কম সংখ্যকে ইউ পি এছ চি ত উত্তীৰ্ণ হৈ দেশৰ বিভিন্ন ঠাইত IAS বা IPS হৈ আছে।তেওঁলোকৰো নৈতিক দায়িত্ব আছে অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা কঠোৰ পৰিশ্ৰম কৰিব পৰা ছাত্র-ছাত্ৰীক সঠিক দিশত আগুৱাই নি ভৱিষ্যতৰ একো একোজন IAS বা IPS ৰূপে গঢ়ি তোলাত।যিটো আন ৰাজ্যৰ ক্ষেত্ৰত দেখা যায়।বহুত চোকা নহলেও একমাত্ৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ দ্বাৰা যে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে ইউ পি এছ চি ত সফলতাৰে উত্তীৰ্ণ হ’ব পাৰে এনে অনেক উদাহৰণ আছে।অসমত বিশেষকৈ গুৱাহাটীত দুখনমান এনে কোচিং ইনষ্টিটিউট আছে বুলি গম পাওঁ কিন্তু তেনেই চালুকীয়া অৱস্থাত আছে যেন বোধ হয়!
আহকচোন আমিও সপোন দেখোঁ গুৱাহাটী,পাঠশালা, নলবাৰী,নগাঁও,ডিব্ৰুগড় হৈ উঠক একো একোখন ওল্ড ৰাজেন্দ্ৰ নগৰ…!!