অবাঞ্চিত কাৰুণ্যই বেদখলক ন্যায্যতা প্ৰদান নকৰে

432
  • ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


আজি হয়তো মোৰ ঘৰও উচ্ছেদ হʼলহেতেঁন ৷ অৱসৰৰ পিছত গুৱাহাটীলৈ আহি মাটি এটুকুৰা বিচাৰি হাঁহাকাৰ কৰি ফুৰিছিলোঁ ৷গুৱাহাটীৰ মাটিৰ যে ইমান দাম মোৰ কোনো ধাৰণাই নাছিল ৷ দাম দেখি ভাবিলো , মোৰ দ্বাৰা নহʼব ৷ মাটি কিবাকৈ লʼলেও ঘৰ নিৰ্মাণৰ সাধ্য নহʼব ৷ অলৌ-তলৌ কৈ মাটি বিচাৰোতে কোনোবাই আহি কʼলে – শিলসাঁকো বিলত সস্তাত মাটি পায় ৷বহু ভাল ভাল মানুহে লৈ থৈছে ৷আপোনাৰ লগত একেলগে কাম কৰা মানুহেও লৈছে ৷ কোনোবাই লৈ গʼল মাটি দেখুৱাবলৈ ৷ আন্দাজ কৰিলোঁ দুই-তিনি বছৰত থাকিব পৰা হʼব ৷ সঁচা মিছা নাজানো , মাটি দেখুৱাবলৈ লৈ যোৱা মানুহজনে কʼলে -সেইখিনি অমুকে লৈছে , এইখিনি তমুকে ৷অমুক-তমুক সকলোৱে নাম জনা প্ৰখ্যাত লোক ৷ হিন্দু-মুছলমান mixed ৷ ৰাস্তা হৈ যাব ৷সকলোৰে পৰা contribution লৈ ৰাস্তা আৰম্ভ কৰিলে ,পিছত চৰকাৰে লৈ লʼব ৷ দাম গুৱাহাটীৰ মাটিৰ দামৰ তুলনাত পানীৰ দৰ ৷সুবৰ্ণ সুযোগ ৷ শুভাকাঙ্খীয়ে খবৰ লৈ জনালে – আপুনি এইবোৰ ঝামেলাত নোসোমাব ৷ দালালে চৰকাৰী মাটি বিক্ৰী কৰিছে বেদখল কৰি ৷ পানীৰ দৰত দিছে ৷গোটেইখিনি লাভ ৷কেতিয়া ঝামেলাত পৰে ঠিক নাই ৷ সেই যে জুপুৰীবোৰ ৷তাত আকৌ মিঞাৰ বেদখল ৷ ইত্যাদি ইত্যাদি ৷ কথাবোৰৰ আভাস পোৱাৰ পিছত তাত মাটি লʼবলৈ সাহস নহʼল ৷ লোৱা হʼলে হয়তো মোৰ ঘৰও উচ্ছেদ হʼলহেঁতেন ৷ মই ভূমিহীন হৈয়েই ৰৈ গʼলোঁ ৷
মাটি নলʼলেও ওচৰৰে কোনোবা জুপুৰীত থকা মিঞা ছোৱালী এজনীৰ দুৰৱস্থা দেখি অসীমাৰ সহানুভূতি হʼল ৷ দিনটো অসীমাৰ লগ হিচাপে আমাৰ ঘৰতেই বেছি সময় কটোৱা কৰিলে ছোৱালীজনীয়ে ৷ যিমান পাৰি উদাৰহস্তে অসীমাই সহায়ও কৰিলে ৷ হঠাতে একে সম্প্ৰদায়ৰ লʼৰা এটাৰ লগত তাই নোহোৱা হʼল ৷ প্ৰায় দুবছৰমান পিছত অকস্মাত আৱিৰ্ভাৱ ৷ লগত এবছৰীয়া এটা ৷ ছোৱালী এজনীও আছে ৷শহুৰে ৰাখিছে ৷ গোৱালপাৰাৰ ফালে ঘৰ ৷ অসীমাই তাইক পাঙ্খা এখনৰ লগতে ফোন এটা কিনি দিছিল ৷ ফোনটো লʼৰাজনে লৈ লৈছে , তাইক ব্যৱহাৰ কৰিব নিদিয়ে ৷সেয়েহে আমাৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল ৷তাই কোৱা কথা ৷শহুৰে কৈছে তাইক – এবছৰীয়াটোক লৈ তই গুৱাহাটীত কাম-চাম কৰি খা ৷আমি তোক পোহপাল দিব নোৱাৰো ৷ প্ৰেমিকজনে তাইক দুটা সন্তান উপহাৰ দি তাইক এৰি আন এজনী আনিছে ৷এবছৰীয়া সন্তানটো লৈ তাই আশ্ৰয় আৰু কামৰ সন্ধানত উভতি আহিছে শিলসাঁকো বিলৰ পাৰলৈ যʼত এতিয়া উচ্ছেদ চলিছে ৷ সন্তানটো আহি মোৰ কোঁচত উঠিল ৷ মুখত শিশুৰ সেই স্বৰ্গীয় হাঁহি ৷ কিন্তু কিমান দিন সেই হাঁহিৰে সি শিশু হৈ থাকিব ৷ কি হʼব কোনে জানে ৷
কত যে কাহিনী উচ্ছেদৰ আঁৰত ৷ মাথো কেতিয়াও দৃশ্যমান নহয় সেইসকল যাৰ পৃষ্ঠপোষকতা , দালালীৰ বাবে উচ্ছেদ অনিবাৰ্য হৈ পৰিছে ৷ আলাই-আথানি হোৱা মানুহখিনিৰ প্ৰতি সহমৰ্মিতা আছে ৷ কিন্তু এক নিৰ্মোহ দৃষ্টিভঙ্গীৰে ভাবি চাই উপলব্ধি হৈছে যে অবাঞ্চিত কাৰুণ্যই বেদখলক ন্যায্যতা প্ৰদান নকৰে ৷ বৰঞ্চ সেই সকলৰ প্ৰতিহে মনত এক ক্ষোভ সৃষ্টি কৰে , যিসকলৰ প্ৰশ্ৰয় , প্ৰবঞ্চনা , চৰকাৰী নীতি-বহিৰ্ভূত পৰোক্ষ সহায়ে মানুহখিনিক তেনে এক পৰিস্থিতিলৈ ঠেলি দিছে ৷ চৰকাৰে সেই শ্ৰেণীটোকো কঠোৰ শাস্তি বিহক , নিৰ্মূল কৰক ৷