ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া ৬ বছৰ আছিল আমাৰ জীৱনৰ সোনোৱালী সময়। স্কুলৰ শিক্ষকসকলে আমাক খুব নিষ্ঠা সহকাৰে শিক্ষা প্ৰদান কৰিছিল। বিশেষকৈ দিলীপ শৰ্মা, কন্দৰ্প শৰ্মা, পৰিমল ব্ৰহ্ম, মকিবৰ ৰহমান,মিনা দেৱী, গীতা দেৱী আৰু অলকা তালুকদাৰ বাইদেউক আমি কেতিয়াও পাহৰিব নোৱাৰিম। দিলীপ শৰ্মা চাৰৰ আশীৰ্বাদত আমাৰ শ্ৰেণীৰ বহুকেইজন ছাত্রই মেট্ৰিকত উচ্চ গণিতত লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছিল। গৰ্ডন স্কুলত লগ পোৱা বহু কেইজন সহপাঠীৰ লগত বন্ধুত্বই স্থায়ীত্ব পায়। এতিয়াও আমি ১৫ জন মান স্কুলৰ বন্ধুৱে বছৰত এবাৰ পিকনিকলৈ যাও। সুখে-দুখে এজনে আনজনৰ খৱৰ লও। তাৰ ভিতৰৰ অন্যতম হ’ল মোৰ প্ৰিয় বন্ধু নৱজ্যোতি ডেকা। তাৰ ঘৰ বিদ্যাপুৰত। সি পঢ়া-শুনা, খেল-ধেমালি, কথা-বাৰ্তা আদি সকলোতে আগবঢ়া আছিল। এক কথাত ক’বলৈ গ’লে _ক্লাছৰ চুপাৰ স্মাৰ্ট লৰাজন। তাৰ খুহুটীয়া কথা আৰু উপস্থিত বুদ্ধি আছিল অতুলনীয়। উচ্চতৰ মাধ্যমিকৰ পিছত আমাৰ শ্ৰেণীৰ তিনিজন মই, নৱজ্যোতি আৰু প্ৰাঞ্জল উচ্চ শিক্ষা লাভৰ বাবে বাংগালোৰলৈ যাও। আমাৰ তিনিজনৰে শিক্ষানুষ্ঠানসমূহ বেলেগ বেলেগ আছিল যদিও উৰুকা, আমতি, বিহু, পূজা আদি আমি একেলগে পালন কৰিছিলো। নৱ আৰু মই প্ৰায় একে সময়তে বাংগালোৰত চাকৰিত যোগদান কৰিছিলো। আমি দুজনৰ এটা কথাত প্ৰচণ্ড মিল আছিল। আমি দুয়ো আমাৰ জন্মস্থান নলবাৰীক মনে প্ৰাণে ভাল পাও। নৱই যোৱা ৯ বছৰ ধৰি আমেৰিকাৰ ব’ষ্টন চহৰত বাস কৰে। এতিয়াও সি আজৰি সময়ত কৈলাস তালুকদাৰ আৰু বৈজয়ন্তী বাইদেউৰ নাগাৰা নাম শুনে। যি সময়ত যুৱক-যুৱতীয়ে নলবাৰীৰ পৰা গৈ গুৱাহাটীত ৬ মাহ থাকি আধুনিক হৈ আহে সেইসময়তে নৱৰ নিচিনা লৰাই শিপাক পাহৰি যোৱা নাই। স্কুলীয়া জীৱনত নৱৰ লগত জড়িত কেইটামান ঘটনাৰ কথা বৰ্ণনা কৰিছো য’ত তাৰ প্ৰখৰ বুদ্ধিমত্তাৰ প্ৰমাণ পোৱা যায়।
(১)
গৰ্ডন স্কুলৰ প্ৰথমটো গৰম বন্ধক আদৰাৰ প্ৰস্তুতি চলিছে। দুজন মান বন্ধুৱে খেজুৰৰ পাতেৰে গেট বনাই কাইটৰ মাজত ফুল গুজি দিছে। সকলোৰে পৰা ৫টকাকৈ তুলি মই, নৱ আৰু সীমান্তই বজাৰ কৰিবলৈ গৈছো। মাৰুতি হোটেল পাই নৱই কলে_আমি তিনিও আগে ভাগে ভালকৈ খাই লওঁ ।তাৰ প্ৰস্তাব শুনি মোৰ মনত লোভৰ জন্ম হ’ল। মিছিকিয়া হাঁহি মাৰি মই সন্মতি জনালো। সীমান্ত আছিল গান্ধীবাদী লৰা। অন্য সহপাঠী বোৰক কৰা অন্যায় সি সহ্য কৰিব পৰা নাছিল।
~ তুমি নোখোৱা যদি কথা নাই। আমি দুয়ো খাওঁ।
নৱৰ চিধা কথা।
নৱই ৱেটাৰজনক মাতিলে।
~ দোকানৰ সকলোতকৈ দামী মিঠাই দুটা আনা।
আমি মিঠাই খোৱা দেখি সীমান্তই সেমেনা-সেমেনি কৰি কিছু চিন্তা কৰিলে।
~ তোমালোকে খালে ময়ো খাম।
মাৰুতিৰ সতেজ মিঠাই সীমান্তৰ আদৰ্শবাদী মনক বিচলিত কৰাৰ বাবে যথেষ্ট আছিল।
আমি তিনিজনে মিঠাই, চিঙৰা আৰু চাহ খালো। তাৰ পিছত স্কুলত ৰৈ থকা বন্ধুসকলৰ বাবে খোৱা বস্তু কিনিলো যাৰ ভাগ আমিও পাম। বজাৰ কৰা শেষ হোৱাৰ পিছত নৱই ক’লে
~ মই দুই টকা বচাই ৰাখিছো। আমি তিনিও এখন ৰিক্সা লৈ আৰমত যাম।
(২)
অষ্টম শ্ৰেণীত গীতা বাইদেউয়ে ক্লাছ কৰি আছে। নৱ আৰু মই কথা পতাত ব্যস্ত। সেইসময়ত গৰ্ডন অকল লৰাৰ স্কুল আছিল। ছোৱালীৰ লগত কথা পাতিবলৈও আমাৰ ভয় লাগিছিল। তেনে এক প্ৰতিকুল সময়তো নৱই এজনী এম.এন.ছি স্কুলৰ ছোৱালীৰ লগত বন্ধুত্ব কৰিছিল। ছোৱালীজনীৰ নাম আছিল মালতী( নাম সলনি কৰা হৈছে)। ক্লাছত বাইদেউৰ ‘My daily life’ ৰ ৰচনাক গুৰুত্ব নিদি মই নৱ আৰু মালতীৰ daily life ৰ কথা শুনি আমোদ লৈছো। গীতা বাইদেউ আহি আমাৰ কাষ পালে। আমি কথাত ইমান মচগুল যে একো গম পোৱা নাই।
~ নৱ আৰু পাৰ্থ..ঠিয় হোৱা। দুয়ো কি কথা পাতি আছা?
~ অলপ পঢ়াৰে কথা পাতি আছো বাইদেউ_ নৱই উত্তৰ দিলে।
~ তোমালোকে কোনোবা মালতীৰ কথা পাতি আছা। মই নিজ কাণেৰে শুনিছো। ইমান সৰুতে ছোৱালীৰ কথা পাতিবলৈ তোমালোকে লাজ নোপোৱা?
~ মালতী এখন কিতাপৰ দোকান বাইদেউ।
~ ক’ৰ কিতাপৰ দোকান?
~ পাৰ্থৰ দেউতাক ইংৰাজীৰ প্ৰফেছাৰ। মই তাক সুধিছো ইংৰাজী গ্ৰামাৰৰ ভাল কিতাপ ক’ত পোৱা যায়? সি কৈছে যে গুৱাহাটীৰ মালতী বুক ষ্টলৰ পৰা তাৰ দেউতাকে কিতাপ কিনে।
~ ঠিক আছে বহা। এইবিলাক কথা লেজাৰত পাতিবা।
সেইদিনা নৱৰ উপস্থিত বুদ্ধিৰ বাবে ৰক্ষা পৰিলো। নহ’লে শাস্তি পোৱাটো নিশ্চিত আছিল।
(৩)
নৱম শ্ৰেণীৰ স্কুল সপ্তাহ। বেডমিন্টনৰ দ্বৈত খেলৰ প্ৰতিযোগিতা চলি আছে। মোৰ পাৰ্টনাৰ আমাৰ ঘৰৰ কাষৰে হেমজ্যোতি দাস( জিন্টু)। আমি আবেলি একেলগে বেডমিন্টন খেলৰ অভ্যাস কৰো বাবে আমাৰ বুজাবুজি ভাল। মই নেটৰ ওঁচৰত থাকো আৰু সি ক’ৰ্টৰ পিছফালৰ পৰা খেলে।কোৱাৰ্টাৰ ফাইনেলত আমাৰ খেল আছিল নৱ আৰু পাৰ্থ প্ৰতীম লহকৰৰ সৈতে। নগেন ডেকা ছাৰ আছিল আমাৰ খেলৰ শিক্ষক। নগেন ডেকা ছাৰে মাইকত ঘোষণা কৰিলে যে এইবাৰ আমাৰ খেলখন হ’ব। মই আৰু জিন্টু সাজু আছিলো। নৱও আমাৰ কাষতে আছে। কিন্তু পাৰ্থ লহকৰ নাই। ঘৰৰ কিবা বস্তু আনিবলৈ পাৰ্থ লহকৰ বজাৰলৈ গৈছে।
~ তোৰ পাৰ্টনাৰ ক’ত?
~ আধা ঘন্টা দিয়ক ছাৰ_ নৱৰ কাতৰ অনুৰোধ
~ তেনেকৈ নহ’ব নহয়। তহত হাৰিলি। ইহতক ৱাক অ’ভাৰ দিয়া হ’ল_ ছাৰে মাইকত ঘোষণা কৰিবলৈ আগবাঢ়িল।
এনেতে নৱই ছাৰৰ কাণৰ ওচৰত মুখখন পাতি দিলে
~ ছাৰ, এটা ইমাৰজেন্সী হৈছে। মোৰ পাৰ্টনাৰ পাৰ্থ লহকৰৰ খুৱ টান শৌচ কৰা লাগিছে। স্কুলৰ পাইখানেতে বহি আছে। মই গৈ দমকলৰ পৰা অলপ পানী দি আহো।
~ ইইইচচছ হ’বদে। সোনকালে যা।
নাকটো কোচাই ছাৰে অনুমতি দিলে। লগে লগে মাইকত আমাৰ খেলখন পিছুৱাই দিয়াৰ ঘোষণা কৰা হ’ল।
(৪)
দশম শ্ৰেণীত পঢ়া সময়ৰ এটা শুক্ৰবাৰ। ভাৰতীয় টকিজত এখন নতুন হিন্দী চিনেমা আহিছে। নৱ আৰু মই লেজাৰত অৰ্ধ চুটি লৈ চিনেমা চোৱাৰ পৰিকল্পনা কৰিলো। উপাধ্যক্ষ স্বৰ্গীয় তাৰিণী দত্ত ছাৰৰ অনুমতি লোৱাৰ দায়িত্ব নৱই ল’লে।
~ May I come in sir?
আগে আগে নৱ আৰু পিছে পিছে মই।
~ ছাৰ আপোনাৰ আজিৰ ক্লাছটো বিৰাট মনোগ্ৰাহী আছিল। সময়বিলাক কেনেকৈ পাৰ হৈ গ’ল গমেই নাপালো।
ছাৰে আমাৰ পিনে চাই ৰ’ল। নৱই পুনৰ আৰম্ভ কৰিলে।
~ আপুনি সোনকালে অধ্যক্ষ হ’ব লাগে। তেতিয়া আমাৰ স্কুলখনৰ বহুত উন্নতি হ’ব।
এইবাৰ ছাৰৰ মুখত মিচিকিয়া হাঁহি।
~ মোৰ গাটো অলপ বেয়া। লেজাৰত ঘৰত যাব পাৰিম নে?
~ যা যা…ছাৰে তাৎক্ষনিক ভাবে অনুমতি জনালে।
~ ইয়াৰো গাতো অলপ বেয়া। মোৰ পিনে দেখুৱাই নৱই ক’লে।
~ তয়ো যা।
বিশ্ব বিজয়ৰ আনন্দেৰে আমি উপাধ্যক্ষৰ কক্ষৰ পৰা ওলাই আহিলো। স্কুলৰ সন্মুখতে থকা দোকান এখনত নৱই এটা পাণ খালে। এনেতে আমাৰ আন এজন বন্ধু বিশ্ব আহিল। চিনেমা চাবলৈ তাৰো মন আছিল।
~ চিন্তা নকৰিবি। তাৰিণী দত্ত ছাৰৰ লগত মোৰ খুৱ ভাল সম্পৰ্ক। মই তোৰো অনুমতি আনি দিম।
~ May I come in sir?
এইবাৰ আগে আগে নৱ, পিছে পিছে মই আৰু বিশ্ব।
কিন্তু কাহিনীত এটা টুইষ্ট আহিল। উপাধ্যক্ষৰ কোঠাত বহি আছিল অধ্যক্ষা ইলা চৌধুৰী বাইদেউ। নৱই কিবা কোৱাৰ আগতে বাইদেউৱে নৱৰ গালত সোধালে এটা কাণতলীয়া চৰ।
~ স্কুলত পাণ খাই আহিছা! কি লাগে তোমাক?
নৱই পিছফালে ঘুৰি চাই দেখে মই আৰু বিশ্ব ইতিমধ্যে তাৰ পৰা অন্তৰ্ধান হৈছো।
সেইদিনা আমাৰ চিনেমা চোৱা নহ’ল। আমি তিনিও শ্ৰেণীকোঠালৈ উভতি গ’লো। এই সুযোগতে তাৰিণী দত্ত চাৰক শ্ৰদ্ধাৰে সোৱৰণ কৰিছো। তেখেতে দশম মান শ্ৰেণীত আমাক অসমীয়া পঢ়াইছিল। তেখেত এগৰাকী ভাল শিক্ষকৰ লগতে খুৱ সহজ সৰল ব্যক্তি আছিল।
(৫)
সৰস্বতী পূজাত মই, বিশ্ব, গৌতম, অনুপম আৰু নৱই কলেজ ষ্টুডিওত ফটো উঠিলো। ৫ কপি ফটোৰ দাম ৫০ টকা। এসপ্তাহ পিছত গুৱাহাটীৰ পৰা ফটো ধুই আনি আমাক দিব। নৱই আগধন নিদিয়াকৈ মেনেজ কৰিলে। ফটো আনিবৰ দিনা নৱই ক’লে_আমি প্ৰথমতে একপি ফটো আনি চাই লও,যদি ফটো ভাল হৈছে তেতিয়াহে বাকী কেইকপি আনিম। ৫ জনে দুটকাকৈ দি ১০ টকা তুলিলো। নৱই অকলে কলেজ ষ্টুডিঅলৈ গ’ল। ষ্টুডিঅৰ মালিকক সি ক’লে যে সি দহ টকা দিব আৰু একপি ফটো নিব। মালিক বিবুদ্ধিত পৰিল। কাবৌ কাকূতি কৰি সি মালিকক পতিয়ন নিয়াই দহ টকা দি একপি ফটো লৈ আহিল। ফটোখন চাই দেখো যে তাত মোৰ চকু দুটা মুদ খাই আছে । আমি সিদ্ধান্ত ল’লো যে বাকী কেইখন ফটো আনিবলৈ নাযাওঁ। কলেজ ষ্টুডিঅৰ সন্মুখ পালেই আমাৰ চাইকেলৰ স্পীদ বাঢ়ি যায়।ষ্টুডিঅ’ৰ মালিকে কেৱল নৱক ভালদৰে চিনি পায়। নৱই ভাল লৰাৰ দৰে সদায় কয়_ চাওক দাদা। মই দহ টকা দি মোৰ ফটোকপি লৈ গৈছো। বাকী কেইজনে নিনিলে মোৰ কি দোষ?
দুমাহ মান পিছত এদিন কলেজ ষ্টুডিঅৰ মালিকে বিৰক্তিতে নৱক ক’ল
~ তোমাক একপি ফটো দি মই জীৱনত এটা ডাঙৰ ভুল কৰিলো।