অশোক আৰু জয়ন্তৰ মল্ল যুদ্ধ

427
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে আন সকলো সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নলবাৰীৰ ক্ষেত্রত কিছু বিলম্ব কৰে। ৯০ দশকৰ পৰা বিজেপিত কাম কৰি থকা তথা সেইসময়ৰ জিলা সভাপতি অশোক শৰ্মা টিকটৰ দাবীদাৰ আছিল। আনফালে আছিল সেইসময়ৰ নলবাৰী সমষ্টিৰ বিধায়ক, ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুজ ন-বিজেপি জয়ন্ত মল্ল বৰুৱা। আৰ.এছ.এছৰ প্ৰৱল হেচাত সেও মানি হিমন্ত বিশ্ব শৰ্মাই টিকট অশোক শৰ্মাক এৰি দিবলৈ বাধ্য হয়। জয়ন্ত মল্ল বৰুৱাক হাজো, ৰঙিয়া আদি সমষ্টি যচা হৈছিল যদিও তেওঁ নলবাৰী বা পাটাচাৰকুছিক লৈ আকোৰগোজ হৈ থাকিল। বৰুৱাক সংস্থাপিত কৰা হ’ল অসম টুৰিজিমৰ অধ্যক্ষ পদত। জয়ন্ত মল্ল বৰুৱাই কাম আৰম্ভ কৰিলে পাটাচাৰকুছি সমষ্টিত। যিহেতু বৰুৱাৰ জন্মস্থান টিহু আৰু টিহু পাটাচাৰকুছি সমষ্টিত পৰে সেয়েহে বৰুৱা ইয়াকলৈ সন্ত্তষ্ট আছিল। অশোক শৰ্মাৰ বৰুৱাকলৈ কোনো ভয় নাছিল। দুয়োজনে একেলগে মেল মিটিং কৰিছিল কাৰণ বৰুৱা পাটাচাৰকুছিৰ দাবীদাৰ আছিল। পট পৰিবৰ্তন কৰিলে বিজেপি সভাপতি ৰঞ্জিত দাসে। সৰভোগত নিশ্চিত পৰাজয়ৰ কথা জানি তেওঁ পাটাচাৰকুছি সমষ্টি বাচি ললে। বৰুৱাই ভিতৰুৱা খৱৰ গম পাই নলবাৰীত কাম আৰম্ভ কৰিলে। নলবাৰী জিলা সভাপতি সলনি হ’ল। অশোক শৰ্মাৰ কিছু অনুগতই ফৈদ সলনি কৰি বৰুৱাৰ পক্ষ ল’লে। শৰ্মাৰ চকুৰ সন্মুখতে লাহে লাহে নলবাৰীৰ বাঘজৰী জয়ন্ত মল্ল বৰুৱাৰ হাতলৈ আহিল। অশোক শৰ্মাৰ শেষ অস্ত্র আৰ.এছ.এছেও তেওঁক এৰা দিলে। অশোক শৰ্মাৰ লগত বহুদিন একেলগে বিজেপি কৰা দিলীপ শইকীয়া,ফণী শৰ্মা তথা আৰ.এছ.এছৰ গুৰুত্বপূৰ্ণ নেতা বশিষ্ঠ বুজৰবৰুৱাই অশোক শৰ্মাক এৰি জয়ন্ত মল্ল বৰুৱাৰ ফৈদত যোগদান কৰিলে। ২০২১ৰ নিৰ্বাচনত প্ৰত্যাশিত ভাবেই জয়ন্ত মল্ল বৰুৱাই টিকট লাভ কৰি জয়ী হৈ কেবিনেট মন্ত্রী হ’ল। ২০২১ত টিকটৰ পৰা বঞ্চিত অশোক শৰ্মাক লাহে লাহে এলাগী কৰা হ’ল। নলবাৰী জিলা, মণ্ডল,গাও পঞ্চায়ত সকলোতে বৰুৱাৰ অনুগতক অধিষ্ঠিত কৰা হ’ল। ৩০ বছৰে নলবাৰী হৰিমন্দিৰৰ কামত লাগি থকা শৰ্মাক তাৰ সভাপতি পদৰ পৰাও অপসাৰিত কৰা হ’ল। অশোক শৰ্মাই বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰয়াসী আছিল। বৰপেটাত পুনৰ নলবাৰীৰ দৰে বঞ্চিত কৰা হ’ল শৰ্মাক। হতাশাগ্ৰস্থ হৈ তেখেতে দলৰ শীৰ্ষনেতাৰ বিৰূদ্ধে কথা ক’লে। জয়ন্ত মল্ল বৰুৱাই মুকলিকৈ অশোক শৰ্মাৰ বিৰূদ্ধে ব্যৱস্থা লোৱাৰ ধমকি দিলে যিটো কাম আচলতে দলৰ ‍অধ্যক্ষৰহে। খঙৰ ভমকত অশোক শৰ্মাই এতিয়া মুকলিকৈ জয়ন্ত মল্লৰ বিৰূদ্ধাচৰন কৰিছে। জয়ন্ত মল্লই ভাবী মুখ্যমন্ত্রীৰ দৰে আচৰন কৰা বাবে তেওঁৰ বিৰোধী লবীটোও সক্ৰিয় হৈছে। মৃণাল শইকীয়া আৰু জয়ন্ত দাসো আজিৰ তাৰিখত জয়ন্ত মল্ল বৰুৱাৰ শত্ৰু। জয়ন্ত দাসে পিযুষ হাজৰিকাক সমৰ্থন কৰি বক্তব্য দিয়া কথাটোৱো কিন্তু তাৎপৰ্যপূৰ্ণ। এতিয়া প্ৰশ্ন হ’ল ৰাজেন গোহাঁই ,অশোক শৰ্মা, জয়ন্ত দাস আৰু মৃণাল শইকীয়াৰ ওপৰত দলে কিবা ব্যৱস্থা ল’ব নেকি? সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ৰমেন ডেকা আদিৰ দৰে নেতাও বিসম্বাদী শিবিৰত যোগ দিব নেকি? সৰ্বানন্দ সোণোৱালৰ ভূমিকা কি হ’ব?  অশোক শৰ্মা শিবিৰত যোগ দিছে নেকি ফণী শৰ্মাই? এই সকলো প্ৰশ্নৰ উত্তৰ অনাগত দিনত পোৱা যাব।