- গণেশ বৰ্মন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
অসম আন্দোলনৰ পিছত অসম চুক্তি নামৰ বুজাবুজি খনৰ জৰিয়তে অসমত ১৯৭১ চনক ভিত্তি হিচাপে সদৌ অসম ছাত্ৰ সন্থাই মানি ললে । আন্দোলন হৈছিল বিদেশী বহিষ্কাৰৰ বাবে কিন্তু আন্দোলন শেষ হ’ল বিদেশীৰ বোজা অধিক গ্ৰহণ কৰাৰ চুক্তিক লৈ । বিশ্বৰ ইতিহাসত বিৰল ঘটনা অসম আন্দোলন ।
বুজাবুজিৰ চুক্তিখন চহী হ’ল । ৰাজীৱ গান্ধী , প্ৰফুল্ল মহন্ত , ভৃগু ফুকন সমন্বিতে আন্দোলনৰ কেইজনমান নেতাই দিল্লীত উঠা ফটোখনৰ বাহিৰে সাধাৰণ মানুহে , ছাত্ৰ সমাজে চুক্তিখনত কি আছে একো জনাৰ উপায় নাছিল । আজিৰ দৰে ইনটাৰনেট , গুগুল থকা হ’লে আন্দোলনৰ নেতাসকল অসমীয়াভাষী ৰাইজৰ চকুত নায়ক হোৱাৰ অকণো আশা নাছিল । সম্পুৰ্ণ পৰিকল্পনাৰ আৰ্হিত IMDT আইনৰ দোহাই দি অগপ চৰকাৰখনে ৰাইজক আস্বত্ত কৰি গ’ল ।
ৰাজীৱ গান্ধীয়ে এনে এখন পাশাখেলৰ নিয়ম বনাই একেলগে দিল্লীলৈ মাতিছিল দুটা ফৈদক। এটা মহন্ত এণ্ড কোম্পানী আনটো আব্দুল মুহিব মজুমদাৰ নেতৃত্বৰ মুচলমান পৰিষদ। এটা ফৈদে অসম চুক্তিত স্বাক্ষৰ কৰিলে অন্যফালে আনটো ফৈদে “IMDT” খন ড্রাফটিং কৰিলে।
প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক সদৌ অসম ছাত্ৰ সন্থাৰ নেতা প্ৰফুল্ল -ভৃগুৱে কিমান মনত ৰাখিলে ?
দহ বছৰ চৰকাৰ থকাৰ পিছতো খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ গাওঁত তেওঁলোকে একো এটা স্মৰণীয় কাম নকৰিলে । এখন কলেজ বা বিশ্ব বিদ্যালয় তেওঁৰ নামত নামাকৰণ নহ’ল । খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুও য’ত আছিল সাঁথৰ । প্ৰাক্তন ডিআইজি হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমত দিয়া ভাষ্য মতে গুলীত মৃত্যু হোৱা
নাছিল । যদিহে ভট্টাচাৰ্য্যৰ কথা সত্য হয় তেন্তে কোনে কিয় শ্বহীদ জনৰ মৃত্যুকলৈ মিছা কথা কৈছিল ?
বহিৰাগত খেদা আন্দোলন ৰূপান্তৰ হৈ বিদেশী খেদা আন্দোলন হ’ল । বিদেশী খেদা আন্দোলন শেষ হ’ল বিদেশীক সংস্থাপিত কৰা চুক্তিৰে । যিটো আন্দোলনত শতাধিক অসমীয়া ডেকাৰ মৃত্যু হল , মৃত্যু হ’ল আন্দোলন বিৰোধী বহুজন বাওঁপন্থী শিক্ষক । ধ্বংস হ’ল ছাত্ৰ শিক্ষকৰ সম্পৰ্ক । আন্দোলনৰ মাজতে আন্দোলনৰ গতি বিধিত অসন্তুষ্ট হৈ একাংশ যুবকে গঠন কৰিলে আলফা । আজিৰ তাৰিখত আকৌ আলফাও আদৰ্শগত ভাবে কেইবাটা ভাগত বিভক্ত ।
ছাত্ৰ সন্থাই আন্দোলন কৰি চৰকাৰ কৰিলে । চৰকাৰত সংগী হয় আন্দোলন বিৰোধী বাওঁপন্থী দল । অকল বাওঁ দলেই নহয় , প্ৰফুল্ল মহন্ত চৰকাৰত আইএমদিটি বনোৱা আব্দুল মুহিবো মন্ত্ৰী হয় ।
অসম আন্দোলন আৰু পৰৱৰ্তী সময়ৰ অসম চুক্তি খন বিশ্বৰ ইতিহাসত বিচিত্ৰ আৰু ভেদ নোপোৱা এক ঘটনা হিচাপেই পৰিগণিত হৈ ৰব ।