- নয়ন বৰ্মন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
স্বাধীন ভাৰতৰ সকলোতকৈ জনপ্ৰিয় ৰাজনেতা বুলি প্ৰশ্ন কৰিলে মনলৈ আহে মাথো এটা নাম, সেয়া হল নৰেন্দ্ৰ মোদী। জৱাহৰলাল নেহেৰু বা ইন্দিৰা গান্ধীৰ কাৰ্য্যকাল আমাৰ জন্মৰ আগতেই শেষ হৈছিল। কিতাপত পঢ়িছো তেওঁলোক দুজনো হেনো খুব জনপ্ৰিয় আছিল। কিন্তু এটা সাধাৰণ পৰিয়ালত জন্ম লৈ চাহ বিক্ৰেতাৰ পৰা প্ৰধানমন্ত্রী হোৱা বাবেই হয়তো মোদীৰ কথা সুকীয়া। মিন্ট-চিপিআৰে কৰা চাৰ্ভে মতেও নৰেন্দ্ৰ দামোদৰদাস মোদী এতিয়ালৈকে দেশৰ সকলোতকৈ জনপ্ৰিয় প্ৰধানমন্ত্রী। সেই চাৰ্ভেত দুই নম্বৰত জৱাহৰলাল নেহেৰু আৰু তিনি নম্বৰত অটল বিহাৰী বাজপেয়ী আছে। মোদীৰ এই জনপ্ৰিয়তাৰ এটা অন্যতম কাৰণ হ’ল তেখেতে কেতিয়াও পৰিয়ালকেন্দ্ৰীক ৰাজনীতিক প্ৰশ্ৰয় দিয়া নাই। গুজৰাটত পোন্ধৰ বছৰ মুখ্যমন্ত্রী হৈ থকাৰ উপৰিও যোৱা ৭ বছৰ তেখেত দেশৰ প্ৰধানমন্ত্রীৰ আসনত আছে। কিন্ত তেখেতৰ মাতৃ হিৰাবেন এতিয়াও এটা সাধাৰণ ঘৰত থাকে। তেখেতৰ চাৰিজন ভাতৃ আৰু সকলোৱে সাধাৰণ জীৱণ জাপন কৰে। তেখেতৰ জ্যেষ্ঠ ভাতৃৰ নাম চোমা মোদী। স্বাস্হ্য বিভাগত চাকৰি কৰি অবসৰ লৈ বৰ্তমান এখন বৃদ্ধাশ্ৰম চলায়। নৰেন্দ্ৰ মোদীতকৈ দুবছৰ সৰু প্ৰহ্লাদ যোশীৰ আছে এখন গেলামালৰ দোকান। তেওঁতকৈ সৰু অমৃত মোদীয়ে ব্যক্তিগত কোম্পানীত সৰু চাকৰি কৰি অবসৰ লৈছে। নৰেন্দ্ৰ মোদীৰ কনিষ্ঠ ভাতৃ পংকজ মোদীয়ে সৰু চৰকাৰী চাকৰি কৰি অবসৰ লৈছে। প্ৰধানমন্ত্রীৰ খুৰাকৰ লৰা ভাৰতভাই মোদীয়ে পেট্ৰল পাম্পত চাকৰি কৰে। ইচ্ছা কৰিলে গুজৰাটৰ মুখ্যমন্ত্রী থকা কালত নিজৰ ভাতৃ সকলক সুবিধা কৰি দিব পাৰিলেহেতেন। সকলোৱ কৌটি কৌটি টকা ঘটি এটা বিলাসী জীৱন যাপন কৰিব পাৰিলেহেতেন। কিন্তু মোদীজীয়ে বিৰাট হৃদয়ৰ পৰিচয় দিলে। তেখেতৰ বাবে দেশ আগত, পৰিয়াল পিছত।সেইবাবেই তেখেতে দুবাৰ নিৰকুংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে আৰু তৃতীয় বাৰো লাভ কৰিবলৈ গৈ আছে। তাৰ তুলনাত বিজেপিৰ অন্য নেতাসকলৰ এনে সমৰ্পন দেখা নাযায়। অমিত শ্বাহৰ পুত্র জয় শ্বাহ আজি পৃথিবীৰ সকলোতকৈ ধনী ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক। ইয়াকে কয় পুত্র স্নেহ। অসমতো হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আজি প্ৰবল প্ৰতাপী। মিডিয়াৰ পিছত এইবাৰ তেওঁ আৰম্ভ কৰিছে ব্যক্তিগত বিদ্যালয়। তেখেতৰ মাতৃ অসম সাহিত্য সভাৰ উপ সভাপতি। এয়া কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আজি হিমন্ত বিশ্বৰ অগাধ জনপ্ৰিয়তাৰ বাবে ৰাইজে কথাবিলাক আওকাণ কৰি আছে। কিন্তু অহাকালি যদি শৰ্মাই ৰাষ্ট্ৰীয় ৰাজনীতিৰ মন মেলে তেন্তে এইবিলাক কথা তেখেতৰ প্ৰগতিত হেঙাৰ হ’ব পাৰে। বিজেপিয়ে কয় ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াক মানি চলিছে যদিও আন বহুতো বিজেপি নেতাৰ বাবে এয়া মাথো ভাওনাৰ বচন। পিএনআৰদিত অঙহী-বঙহীক চাকৰি দিয়া আৰু বানপানী চাবলৈ কৌটি টকীয়া গাড়ীত যোৱা সকলে বুজিব নোৱাৰে নৰেন্দ্ৰ মোদীৰ বলিদান।