ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
চেমখৰ চিনেমাৰ ট্ৰেইলাৰ চাইছো, খুৱ সুন্দৰ ভাবে নিৰ্মান কৰিছে। আইমী বৰুৱাৰ পৰিচালনাৰে চিনেমাখন ডিমা হাচাও জিলাৰ এখন গাওঁ চেমখৰক লৈ নিৰ্মান কৰা হৈছে। এটা সাক্ষাৎকাৰত আইমীয়ে কৈছে কিদৰে তেওঁ ছবিখন নিৰ্মানৰ সময়ত অসুবিধাৰ সন্মুখীন হৈছিল। ডিমাছা নজনাৰ বাবে তেওঁক তাৰ পৰা খেদি পঠিওৱা হৈছিল। চেমখৰত থকা লোকসকলে চিকিৎসালয় আৰু বিদ্যালয় নিবিচাৰে। তেওঁলোকে বিদ্যুত বা আন কোনো আধুনিক বস্তুৰ পৰা দুৰত থাকিব বিচাৰে। কথাবোৰ শুনি আচৰিত হৈছিলো যদিও খুব প্ৰত্যয়ৰে শ্ৰীমতী বৰুৱাই কোৱা বাবে মনত বিশ্বাস জন্মিছিল। কিন্তু এতিয়া সেই গাওঁখনৰ লৰা এজনে আইমীক প্ৰত্যাহ্বান জনাই ইউটিউবত ভিদিঅ’ বনাইছে। ডেনিয়েল লাথাংছা নামৰ লৰাজনৰ মতে আইমীৰ কথাৰ সত্যতা নাই। তেওঁ নিজে সেই গাওঁখনৰ পৰা অহা। সেই গাওঁৰ বহু মানুহে পঢ়ি শুনি চাকৰি কৰে। কোনোবা শিক্ষক আৰু আন কোনোবা ৰাজনীতিবিদো হৈছে। আইমীয়ে কোৱা ধৰণে মানুহবোৰ আজিও আদিম যুগত বসবাস কৰি থকা নাই। আইমীৰ বিৰূদ্ধে ইতিমধ্যে গোচৰো ৰুজু কৰা হৈছে। কোন সচা কোন মিছা সেয়া আদালতে বিচাৰ কৰিব। কিন্তু যদি ডিমাচা লৰাজনে কোৱা কথাবিলাক সচা হয় তেন্তে আইমী বিপদত পৰিব। বিশ্বত চেমখৰ নামেৰে কোনো দ্বিতীয় ঠাই নাই। গতিকে ইয়াক কাল্পনিক বুলি কৈ সাৰি যোৱাৰ ৰাস্তাও নাই। এটা জনজাতিক হেয় প্ৰতিপন্ন কৰা বুলি আইমীৰ ওপৰত অভিযোগ উত্থাপন হ’ব পাৰে। আইমীৰ কথাবিলাকৰ পৰা ভাব হয় তেওঁ যেন নিজে চেমখৰৰ বিষয়ে অধ্যয়ন কৰা নাছিল। আন কোনোবাই তৈয়াৰ কৰি দিয়া স্ক্ৰীপ্ত এখন আওৰাই আছিল। মনত প্ৰশ্ন হয়_ অল্প বিদ্যা কেতিয়াবা ভয়ংকৰ হয় নেকি?