আজমলৰ মুছলমানক সমালোচনা

801
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


কোনোবা এজনক সঁচাকৈয়ে “ধৰ্ষণকাৰী, হত্যাকাৰী” বুলি জনাৰ পিছতো; সেইজনৰ পক্ষত এজন উকীল ওলাই। তাৰমানে, যুক্তি প্ৰতিটো ক্ষেত্ৰতেই থাকে। গতিকে, যিকোনো এটা বিষয়ত কোনে কাৰ পক্ষ লৈছে; সেইটো মূল কথা নহয়। মূল কথা হ’ল; ব্যক্তিৰ পক্ষ‌ই সমাজ আৰু ধৰ্মৰ বৃহত্তৰ স্বাৰ্থক সৱল কৰিব পাৰিব নে নোৱাৰে; সেইটোহে ।

মুছলমান যুৱকৰ বাবে বাটেৰে আনৰ ছোৱালী
যাব নোৱাৰে, আনৰ ছোৱালী দেখিলেই মুছলমান
যুৱকৰ ‘খুন’ গৰম হয়’। অপৰাধৰ ক্ষেত্ৰত
এক নম্বৰত আছে মুছলমানসকল। চুৰি, ডকাইতি,
লুটপাত, বলাৎকাৰ, ঠগ-প্ৰৱঞ্চনা সকলোতে এক
নম্বৰত আছে মুছলমানসকল। জে’ললৈ যোৱাৰ
ক্ষেত্ৰতো এক নম্বৰত আছে মুছলমানসকল।- এই
বিস্ফোৰক মন্তব্য এআইইউডিএফৰ সভাপতি তথা
ধুবুৰী লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলৰ
শাৰদীয় দুর্গোৎসৱৰ সময়তে এই বিবেক জ্ঞান থকা
মন্তব্য কৰি আজমলে কয় যে মুছলমান সম্প্ৰদায়ৰ
ল’ৰা-ছোৱালীৰ শৈক্ষিক প্ৰতিষ্ঠানলৈ যোৱাৰ সময়
নাই। কিন্তু জুৱা খেলৰ বাবে সময় আছে। এটা
সময়ত শিক্ষাৰ ক্ষেত্ৰত মুছলমানসকল পৃথিৱীৰ
ভিতৰতে এক নম্বৰত আছিল৷ আজি সেই দিন
নাই। যি সময়ত মানুহ চন্দ্ৰলৈ গৈ আছে, সূর্যলৈ গৈ
আছে, সেই সময়ত মুছলমানসকল জে’ললৈ গৈ
আছে। আৰক্ষী থানাসমূহলৈ গ’লে দেখিব আটাইতকৈ বেছি লোক মুছলমান। এয়া বৰ দুখৰ কথা। আজমলে আৰু কয় যে মুছলমান যুৱকৰ বাবে ৰাস্তাৰে আনৰ ছোৱালী যাব নোৱাৰে৷ অন্য মানুহৰ ছোৱালী দেখিলে মুছলমান যুৱকৰ ‘খুন’ একদম গৰম হৈ যায়। তোমালোকৰ ঘৰত মা-ভনী
নাই নেকি বুলি মুছলমান যুৱকসকলক প্রশ্ন কৰে?

ইয়াৰ আঁৰত আজমলৰ কি ৰাজনৈতিক উদ্দেশ্য আছে সেয়া সময়ত গম পোৱা যাব।