আদানিয়ে এল.আই.চিক ডুবালে নেকি?

744
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


গৌতম আদানী কেইদিনমান আগলৈকে বিশ্বৰ ৪ নম্বৰ ধনী ব্যক্তি আছিল। ২৪ জানুৱাৰীৰ পৰা আদানীৰ কোম্পানীৰ শ্বেয়াৰ হোৰা হোৰে কমিবলৈ ধৰে। ফলত তেওঁৰ ৪ লাখ কৌটি টকাৰ লোকচান হয়। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত আদানীৰ স্থান ৪ৰ পৰা ৭লৈ অবনমিত হয়। ইয়াৰ আঁৰত আছে এটা ৰিচাৰ্ছ সংস্থা যাৰ নাম হ’ল Hindenburg. এই সংস্থাটোৱে সময়ে সময়ে বিভিন্ন কোম্পানীৰ ওপৰত গবেষণা কৰি নিজৰ প্ৰতিবেদন দাখিল কৰি আহিছে। এতিয়ালৈকে টুইটাৰকে ধৰি প্ৰায় ১৬টা বৃহৎ কোম্পানীৰ বিত্তীয় অনিয়মৰ কথা হিণ্ডেৰবাৰ্গে প্ৰকাশ কৰিছে। আদানীৰ কোম্পানীৰ ওপৰতো তেওঁলোকে দুবছৰ ধৰি অনুসন্ধান চলাই আছিল। আদানীৰ বহু কৰ্মচাৰীৰ লগত কথা পাতি, বিভিন্ন অফিচত খোজ কৰি, বিভিন্ন ডকুমেন্ট অধ্যয়ন কৰি হিণ্ডেৰবাৰ্গে আদানী কোম্পানীৰ ওপৰত মুলতঃ চাৰিটা অভিযোগ আনিছে।

১) বহুদশক ধৰি আদানী কোম্পানী ষ্টক হেৰফেৰৰ কাম কৰি আছে।
২) আদানীৰ ষ্টকৰ দাম কৃত্রিমভাবে বৃদ্ধি কৰা হৈছে। ইয়াৰ প্ৰকৃত মূল্য বৰ্তমানতকৈ ৮৫% কম হ’ব লাগে।
৩) নিজৰ কোম্পানীৰ ষ্টকৰ মূল্য বৃদ্ধি কৰি আদানীয়ে বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ ল’বলৈ সক্ষম হৈছে।
৪) মৰিছাছ আদি দেশত ভূৱা কোম্পানী স্থাপন কৰি কোম্পানীটোৱে বহু মুনাফা ঘটিছে।

এই প্ৰতিবেদনৰ পিছতে মুম্বাই ষ্টক এক্সেঞ্জত হাহাকাৰ লাগিছে। আদানীৰ ষ্টকৰ দাম নামিছে আৰু ই গোটেই বজাৰখন প্ৰভাবিত কৰিছে। আদানীৰ হৈ তেওঁলোকৰ চি.এ.ফোই বক্তব্য প্ৰদান কৰিছে। তেওঁলোকে হিণ্ডেৰবাৰ্গৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে। আনফালে হিণ্ডেৰবাৰ্গে ইয়াক আদৰণি জনাই আমেৰিকাৰ আদালতত আহিবলৈ আহ্বান জনাইছে। তেওঁলোকে আদানীক ধমকি দিছে যে কোৰ্টৰ সহায়ত তেওঁলোকে আদানীৰ কোম্পানীৰ বহু ডকুমেন্ট আদায় কৰি ল’ব। এতিয়া কথা হ’ল এই অভিযোগৰ কিমান সত্যতা আছে? আদানীৰ ওপৰত এইবিলাক অভিযোগ নতুন নহয়। বিভিন্ন লোকে সময়ে সময়ে এনে অভিযোগ আনে। চৰকাৰে এই বিষয়ত অনুসন্ধান কৰি ৰাইজক সত্যৰ বিষয়ে অবগত কৰাব লাগে। বহু মধ্যম বৰ্গৰ লোকে আদানীৰ ষ্টকত টকা লগাইছে। এই কাণ্ডৰ ফলত তেওঁলোকৰো বহুত লোকচান হ’ল। হিন্দেৰবাৰ্গো কিন্তু ধোৱা তুলসীৰ পাত নহয়। ৰিচাৰ্ছৰ লগতে তেওঁলোকে ষ্টক কিনা বেচা ব্যাপাৰ কৰে। এতিয়া কোম্পানীৰ ষ্টক বহুত কমি যায় তেতিয়া তেওঁলোকে সেইবোৰ কিনি লয় আৰু দাম বঢ়াৰ লগে লগে বিক্ৰী কৰি বহু মুনাফা আহৰণ কৰে। আদানীৰ ষ্টকৰ মুল্য কমাৰ লগে লগে সকলোতকৈ লাভবান হ’ল হিণ্ডাৰবাৰ্গ। আদানীৰ ষ্টকৰ মূল্য নিশ্চয় অনাগত দিনত বৃদ্ধি পাব। ফলত হিণ্ডাৰবাৰ্গৰ মুনাফা আদায়ৰ সময় আহি পৰিব। মুঠৰ ওপৰত সকলো ডাঙৰ মানুহৰ ডাঙৰ খেল যত থাকে হাজাৰ বা লাখ কৌটি টকাৰ লাভ লোকচানৰ হিচাপ।

এতিয়া কিছুমান চেনেলত খৱৰ চলি আছে যে আদানীয়ে এল.আই.চিক ডুবালে। এয়া এক সম্পূৰ্ণ ভূৱা বাতৰি। এল.আই.চিৰ মুঠ বিনিয়োগৰ মাত্র ৭% হে আদানীৰ কোম্পানীত লগাইছে। গতিকে অকল আদানীৰ কোম্পানীৰ ওপৰত এল.আই.চি নিৰ্ভাৰশীল নহয়। তাৰোপৰি যেতিয়ালৈকে এল.আই.চিয়ে নিজৰ শ্বেয়াৰ বিক্ৰী নকৰে তেতিয়ালৈকে লাভ-লোকছানৰ কথাই নাহে।বৰ্তমান এল.আইচিৰ যি হৈছে তাক ইংৰাজীত কোৱা হয় notional loss. এটা সৰু উদাহৰণেৰে ইয়াক বুজিব পৰা যায়। ধৰি লোৱা হ’ল এল.আই.চিয়ে আদানীৰ পৰা ১০০ টকাৰ শ্বেয়াৰ কিনিছে যাৰ মূল্য আজি ৫০ টকা। এল.আই.চিৰ notional loss ৫০ টকা। আচলতে যিহেতু এল.আই.চিয়ে শ্বেয়াৰ বিক্ৰী কৰা নাই সেয়ে প্ৰকৃততে এল.আই.চিৰ লোকচান হোৱা নাই। একমাহ পিছত যদি শ্বেয়াৰৰ মুল্য ১৫০ টকা হয় তেতিয়া এল.আই.চিৰ notional gain হ’ব ৫০ টকা। যেতিয়ালৈকে এল.আই.চিয়ে শ্বেয়াৰ বিক্ৰী নকৰে তেতিয়ালৈকে লাভ-লোকছানৰ কথা নাহে।