আৰ্য্য আৰু দ্ৰাবিড় ধাৰণাৰে বিভ্ৰাৎ বৌদ্ধিক সমাজ

495
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


ক্টৰ ডি ডি কৌশাম্বী , হৰবন্স মুখিয়া , ৰাহুল সাংকৃতায়ন, সুনীতি কুমাৰ চট্টোপাধ্যায় , ৰমিলা থাপৰ, সুকুমাৰী ভট্টাচাৰ্য আদিৰ ইতিহাস চৰ্চা , বা তেওঁলোকে প্ৰণয়ন কৰা গ্ৰন্থ সমূহ ভাৰতীয় শিক্ষিত শ্ৰেণীটোৰ এচামৰ বাবে বেদ, কোৰাণ, বাইবেল স্বৰূপ ! এই বিশেষ এচাম শিক্ষিত শ্ৰেণীৰ বাবে ভাৰতীয় ইতিহাসৰ পিতামহ স্বৰূপ সেইসকল ইতিহাসবিদে লিখি যোৱা কথাবোৰ অভ্ৰান্ত, পৰম সত্য, শিলৰ ৰেখাৰ দৰে ! সেইবোৰ সলনি কোনেও কৰিব নোৱাৰে! আনকি তেওঁলোকৰ মতে আধুনিক গৱেষণাৰ অন্যতম পদ্ধতি জীণ সম্পৰ্কীয় ( ‍Genetics) অধ্যয়নে দিয়া নতুন তথ্যৰ আলোকতো সেইবোৰ ইতিহাস পুনৰ পৰ্য্যালোচনা বা আলোচনা কৰিব নোৱাৰি !!প্ৰসংগক্ৰমে উল্লেখ কৰা প্ৰয়োজন যে,আৰ্য্য সকলৰ আক্ৰমণৰ তত্ত্ব ( ‍Aryan invation theory) বা আৰ্য্য সকলৰ ভাৰত প্ৰব্ৰজনৰ তত্ত্ব ( Aryan migration theory) থুলমূলকৈ হ’ল– বৈদিক আৰ্য্য সকল এনে এটা জনগোষ্ঠী যিয়ে উত্তৰ দিশৰ পৰা ভাৰতলৈ প্ৰব্ৰজন বা আক্ৰমণ‌ কৰি প্ৰাচীন ভাৰতত বৈদিক সভ্যতাৰ পাতনি মেলিছিল ।এই তত্ত্বটো স্বাধীনতাৰ পিছত বিদ্যায়তনিক ক্ষেত্ৰকে ধৰি আমাৰ স্কুল কলেজৰ পাঠ্যক্ৰমত ইমান ব্যাপকভাৱে সম্পৃক্ত কৰি জনপ্ৰিয় কৰা হৈছিল যে কোনোবাই ইয়াক প্ৰত্যাখান বা প্ৰত্যাহ্বান জনোৱাৰ কথা সপোনতো ভাবিব নোৱাৰিছিল ।পিছে মানুহৰ জ্ঞান আৰু অভিজ্ঞতা কোনো ধৰ্ম্ম গ্ৰন্থত লিখা কথাৰ দৰে মুঠেও এটা যুগত আৱদ্ধ থকা বিষয় নহয়। ই গতিশীল হোৱাৰ লগতে পৰিৱৰ্তনশীলো । বিৱৰ্তনৰ জগতত মানুহৰ পুৰণি জ্ঞান, চিন্তা, চেতনাৰ সৈতে নতুন জ্ঞান, নতুন তথ্য সংযোজিত হৈ সমৃদ্ধ হোৱাৰ লগতে নিত্য নতুন পৰিৱৰ্তন পৰিৱৰ্ধন হৈ থাকে।সাম্প্ৰতিক নতুন গৱেষণাই আৰ্য্য সকলৰ আক্ৰমণৰ তত্ত্ব ( ‍Aryan invation theory) বা আৰ্য্য সকলৰ ভাৰত প্ৰব্ৰজনৰ তত্ত্ব ( Aryan migration theory)টোক প্ৰত্যাহ্বান জনাইছে ।এইখিনিতে এই তত্ত্বটো সম্পৰ্কে কিছুমান কথা বিবেচনাৰ প্ৰয়োজন–

১) মেক্স মুলাৰে কিয় আৰু কেনেকৈ এই তত্ত্বটো আৰম্ভ কৰিছিল—

২) এই তত্ত্বটোৰ দ্বাৰা হোৱা ক্ষতি–

৩) এই তত্ত্বটোৰ সীমাবদ্ধতা আৰু
সাক্ষ্যৰ অভাৱ–
৪) এই তত্ত্বৰ ভুল সময়সীমা—
৫) ঋগবেদত বৰ্ণিত স্বৰস্বতী নদী আৰু
ইয়াৰ অস্তিত্বৰ ভূ-তাত্বিক সাক্ষ্য—
৬) ইয়াৰ অৱলুপ্তিৰ সময়সীমা—
৭) হৰপ্পাত ঘোঁৰাৰ অৱস্থিতি নাছিল
বুলি বৰ্ণনা কৰা মিছা সাক্ষ্য—
৮) চহৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ
বিতৰ্ক—
৯) সিন্ধু মোহৰৰ পাঠোদ্ধাৰ—
১০) কেনেকৈ জীণ অধ্যয়ণে(Genetics)

পশ্চিমৰ পৰা পূৱৰ পৰিৱৰ্তে পূৱৰ  পৰা পশ্চিমলৈ প্ৰব্ৰজন হোৱাৰ সাক্ষ্য বহন কৰিছে ইত্যাদি ইত্যাদি।
ওপৰত উল্লেখ কৰা বিষয় সমূহৰ ব্যাপক গৱেষণাই প্ৰমাণ কৰিছে যে — ভাৰতত আৰ্য্য সকলৰ দ্বাৰা আক্ৰমণ/ প্ৰব্ৰজনৰ তত্ত্বটো এটা সৰ্ব্ব-গ্ৰহণযোগ্যতা নথকা বিতৰ্কিত তত্ত্ব । সেয়ে নিজকে যুক্তিবাদী,‌ বিজ্ঞান মনস্ক, মুক্তচিন্তক বুলি দাবী কৰা সকলে বিতৰ্কিত Aryan invation theory বা ‍Aryan migration theory ৰ সপক্ষে আৰু বিপক্ষে দিয়া যুক্তি আৰু তথ্য সমূহ চালি জাৰি চোৱাত কোনো আপত্তি কৰিব নালাগে আৰু ভুল বুলি প্ৰমাণিত হ’লে বৌদ্ধিক গোড়ামী পৰিত্যাগ কৰিব লাগে ।