ইজৰাইল আৰু বৰ্ব্বৰতাৰ_সংজ্ঞা

891
  • ক্ষিতিশ চন্দ্ৰ মিশ্ৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ইচলামিষ্ট আৰু কমিউনিষ্ট সকল একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি ।ইচলামিক সন্ত্ৰাসবাদীহঁতৰ মানসিকতাৰ সৈতে কমিউনিষ্ট সকলৰ মানসিকতা প্ৰায় একেই । সাম্প্ৰতিক সময়ত ইয়াৰ আকৌ এক জলন্ত প্ৰমাণ পোৱা গ’ল যেতিয়া গাজাৰ হামাচ নামৰ নিষ্ঠুৰ ইচলামিক সন্ত্ৰাসবাদী সংগঠনটোৱে অপ্ৰৰোচিতভাৱে ইজৰাইলৰ ওপৰত একেলগে পাঁচ হাজাৰ ৰকেটেৰে হঠাৎ আক্ৰমনেৰে ইজৰাইলৰ ভূ-খন্ডত প্ৰৱেশ কৰি নিৰীহ পুৰুষ-মহিলা আৰু শিশুক অতি নিৰ্ম্মমভাৱে হত্যা কৰিলে । হত্যা কৰাৰ পূৰ্ব্বে সিহঁতে মহিলা সকলক ধৰ্ষণ কৰিলে, ধৰ্ষণ কৰি উঠি মহিলাৰ উলংগ মৃতদেহ জীপৰ পিছত বান্ধি ৰাজপথত চোঁচৰাই ফুৰিলে, গৰ্ভৱতী মহিলাৰ পেটফালি পৃথিৱীৰ পোহৰ দেখাৰ আগতেই শিশুক হত্যা কৰাৰ উপৰিও অসংখ্য নিস্পাপ শিশুক পিঞ্জৰাত বন্দী কৰি ৰাখি তাৰ পিছত ডিঙি কাটি হত্যা কৰিলে আৰু সেইবোৰৰ ভিডিঅ’ কৰি বিশ্বৰ মানুহক দেখুৱালে । কিন্তু বামপন্থী,চেকুলাৰপন্থী, লিবাৰেলপন্থী সকলৰ বাবে এইবোৰ একো বৰ্ব্বৰতা নহয় । এইবোৰ হেনো পেলেষ্টাইনী সকলৰ আকাংক্ষিত স্বাধীনতাৰ সংগ্ৰাম!! গতিকে স্বাধীনতাৰ নামত ইমান নৃশংস বৰ্ব্বৰতা দেখিও বামপন্থী এই বামপন্থী, চেকুলাৰপন্থী, লিবাৰেলপন্থী সকলে মুখত আঠা লগাই চকুমুদা কুলি হৈ থাকিল। কিন্তু এওঁলোকে তেতিয়াই ক্ৰোধত ফাটি পৰিল যেতিয়া ইজৰাইলে নিজৰ জনসাধাৰণৰ আত্মৰক্ষাৰ বাবে হামাচৰ বিৰুদ্ধে প্ৰতিআক্ৰমণ আৰম্ভ কৰি দিলে । হিপ’ক্ৰেচীৰো এটা সীমা থকা উচিত !
এতিয়া বিশ্বৰ বিভিন্ন বামৈস্লামিক ( বাম+ইচলামিক) সংগঠনে দাবী কৰিছে যে ইজৰাইলেহে হেনো গাজাক নৰকত পৰিণত কৰিছে আৰু সেই বাবেই হেনো হামাচে‌ বাধ্য হৈ এই ভয়ংকৰ নৰসংহাৰ সংঘটিত কৰিছে । যি নৰসংহাৰত ইতিমেধ্যেই প্ৰায় ১৪০০ ইজৰাইলী নিৰীহ সাধাৰণ নাগৰিকে বিনাদোষত প্ৰাণ হেৰুৱাইছে ।
এতিয়া প্ৰশ্ন হ’ল– গাজা যদি আজি এখন নৰকত পৰিণত হৈছে তেনেহ’লে সেয়া কোনে কৰিলে ? ইজৰাইলে নে হামাচে ??? গাজাৰ পৰিৱেশ নৰক সদৃশ কৰি তোলাৰ কাৰ্য্যত কোন বেছি লাভবান হ’ব ? ইজৰাইল নে হামাচ ?? ইয়াৰ উত্তৰ কি ??—
আমি যিখনক পেলেষ্টাইন
ৰাষ্ট্ৰ বুলি ভাবোঁ সেইখন আচলতে দুখন দেশ। দুয়োখন দেশেই বেলেগ বেলেগ শাসকৰ অধীন আৰু ইখনৰ ওপৰত সিখনৰ সামান্যতমো নিয়ন্ত্ৰন নাই কিন্তু দুয়ো দেশেই অখন্ড পেলেষ্টাইনী জাতিসত্বাৰ উত্তৰাধিকাৰী বুলি দাবী কৰি আহিছে । ঠিক চীন-তাইওৱানৰ দৰে ! ওৱেষ্টবেংকক শাসন কৰে The Palestinian National Authority (PA or PNA) নামৰ সংগঠনটোৱে আৰু গাজা শাসন কৰে ইচলামিক সন্ত্ৰাসবাদী সংগঠন হামাচে । তাতে আকৌ ইটো সংগঠন সিটো সংগঠনৰ তীব্ৰ প্ৰতিদ্বন্দ্বী।

২০০৬ চনত ইজৰাইলৰ ভূমিকা—
পেলেষ্টাইনৰ সৈতে হোৱা শান্তি চুক্তি অনুসৰি ইজৰাইলে গাজাৰ পৰা নিজৰ সৈন্যবাহিনী অপসৰণ কৰে। আৰু ইয়াৰ পিছতেই গাজাৰ দখল ইয়াচেৰ আৰাফটৰ পি-এন-এৰ হাতৰ পৰা নোহোৱা হয় আৰু গাজাত ঘাটিপাতি বহা দুটা ইচলামিক সংগঠন ফতেহ আৰু হামাচৰ মাজত এবছৰ ধৰি ৰক্তক্ষয়ী তুমুল যুদ্ধ লাগে । ২০০৭ চনত ফতেহ নামৰ সংগঠনটোক নিৰ্ম্মূল কৰি Sheikh Ahmed Ismail Hassan Yassinৰ হামাচ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে গাজা দখল কৰি লয় ।
ইয়াৰ পিছতেই আৰম্ভ হৈ যায় পেলেষ্টাইনৰ উত্তৰাধিকাৰীক লৈ আন এখন ৰক্তক্ষয়ী যুঁজ-বাগৰ। আলোচনাপন্থী The Palestinian National Authority (PA or PNA) নে হামাচ–কোনে ল’ব পেলেষ্টাইনৰ দায়িত্ব, কোনে ল’ব পেলেষ্টাইনৰ নামত অহা চৰকাৰী নাইবা বেচৰকাৰী হিচাপে অহা কেইবাশ মিলিয়ন ডলাৰ ! আৰু এই ধনৰ লেনদেনতেই লুকাই আছে পেলেষ্টাইনৰ চিৰদিনীয়া অশান্তি আৰু জ্বলি থকা জুইকুৰাৰ আচল ৰহস্য ! আচলতে পাকিস্তানী সেনাবাহিনীয়ে যেনেকৈ কাশ্মীৰ সমস্যাৰ কোনো সমাধান কোনো দিনে নিবিচাৰে তেনেকৈয়ে হামাচ আৰু পি-এন-এও নিবিচাৰে পেলেষ্টাইনৰ সমস্যাৰ কোনো সমাধান । আচলতে পেলেষ্টাইন সমস্যাৰ সমাধান হৈ এখন শান্তিপূৰ্ণ পেলেষ্টাইন গঠন হ’লে মিলিয়ন ডলাৰৰ অনুদান অহাৰ ৰাষ্টাটো বন্ধ হৈ যাব। অনুদান বন্ধ হোৱা মানে এইবোৰ সংগঠন শেষ!! কিয়নো আজিলৈকে সন্ত্ৰাস বিয়পোৱাৰ বাহিৰে এই সংগঠনবোৰে পেলেষ্টাইনী জনসাধাৰণৰ বাবে কোনো গঠনমূলক ইতিবাচক কাম কৰা নাই আৰু ভৱিষ্যতেও নকৰে । তদুপৰি আৰু এক সমস্যাও আছে। সেয়া হ’ল– মিলিয়ন ডলাৰৰ অনুদান কোনে পাব, গাজা নে ওৱেষ্টবেংকে সেয়া নিৰ্ভৰ কৰিব বিশ্বসমূদায়ৰ পৰা কোনে বেছি সহানুভূতি (Sympathy) আদায়‌ কৰিব পাৰিব। বৰ্তমান এই ক্ষেত্ৰত চূড়ান্ত সফল হৈছে হামাচ নামৰ সন্ত্ৰাসবাদী সংগঠনটো । এই সংগঠনটোৱে গাজাৰ নামত পেলেষ্টাইনলৈ অহা মিলিয়ন ডলাৰৰ অনুদান সমূহৰ প্ৰায় সম্পূৰ্ণখিনিয়েই নিজৰ কুক্ষিগত কৰিছে। এই সৰু অঞ্চলটোৰ ২০ লাখ মানুহৰ বাবে প্ৰতি বছৰে চৰকাৰীভাবে অহা ৬০০ মিলিয়ন ডলাৰৰ গোটেইখিনিয়েই সোমাইছে হামাচৰ পকেটত!!
‌ ‌ ‌‌‌‌ কাটাৰে অকলেই গাজাৰ প্ৰতিজন মানুহৰ বাবে প্ৰতিমাহে ৰাষ্ট্ৰসংঘৰ জড়িয়তে ৩০ মিলিয়ন ডলাৰ অৰ্থাৎ বছৰি ৩৬০ মিলিয়ন ডলাৰ দান কৰি আহিছে । তেনেদৰেই ইৰাণে গাজাক প্ৰতিবছৰে দান কৰে ১০০ মিলিয়ন ডলাৰ । ইউনাইটেড নেচন, আমেৰিকা, ইউৰোপীয় ইউনিয়ন, অন্যান্য আৰব দেশবোৰৰ পৰাও প্রায় ২০০ – ৩০০ মিলিয়ন ডলাৰ আহে গাজালৈ । কিছুদিন আগতে ব্রাচেলচে গাজাৰ অধিবাসী সকলৰ বাবে খোৱা পানীৰ ব্যবস্থা কৰাৰ বাবে প্রায় ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপৰ যোগান ধৰিছিল ।সেই পাইপৰ সকলোখিনিয়েই হামাচে ৰকেট সঁজাৰ বাবে ব্যৱহাৰ কৰিছে। ২০১৪ চনৰ পৰা ২০২০ চনৰ ভিতৰত অনুদান আহিছিল প্ৰায় ৪•৫ বিলিয়ন ডলাৰ! এয়া পিছে কেবল চৰকাৰী হিচাপহে । বেচৰকাৰী হিচাপবোৰ ধৰা হোৱা নাই ।
ৰ’ব ৰ’ব। আৰু আছে ।
হামাচে এটা বৃহৎ সংখ্যাৰ অনুদান পাই ক্ৰিপ্টো কাৰেন্সীৰ জড়িয়তে। কাৰণ আন্তৰ্জাতিক প্ৰতিবন্ধকতা থকাৰ বাবে ইয়াতকৈ ভাল গোপন অনুদানৰ ব্যৱস্থা আৰু একে নাই ।
আৰু আছে । ইজিপ্ত আৰু ইজৰাইলৰ সৈতে গাজাৰ যি সামান্য ব্যৱসায় হয় তাৰ ওপৰত কৰ বহুৱাই হামাচে ইনকাম কৰে ৩০০ মিলিয়ন ডলাৰ । হামাচ ইমানেই সম্পদশালী যে তুৰ্কীত প্ৰায় ৫০০ মিলিয়ন ডলাৰ খটুৱাই এটা কোম্পানীও খুলি বহিছে ।
এতিয়া প্ৰশ্নটো হ’ল, গাজাত ইমান নগদ টকাৰ লেনদেন হোৱাৰ পিছতো পেলেষ্টাইনী লোক সকল কিয় আজিও ইমান দুখীয়া, কিয় তেওঁলোকৰ জীৱনযাত্ৰা ইমান কষ্টকৰ ? সামান্য এখন‌ স্কুল নাইবা হস্পিতালবোৰ চলোৱাৰ দায়িত্বও অধিকাংশই ৰাষ্ট্ৰসংঘই কিয় ল’ব লাগে ?? কিয় হামাচে কোনো দায়িত্ব নলয় ??? বিদ্যুতৰ কথা নকওঁৱেই ইমান দিনে সাধাৰণ পানীৰ বাবে এটা ওৱাটাৰ ৰিফাইনেৰীৰ ব্যৱস্থা হামাচে কিয় কৰিব পৰা নাই ??
হামাচৰ ঘনিষ্ঠ সহযোগী কাটাৰে যদি তেওঁলোকৰ দেশৰ ২৮ লাখ মানুহক সাগৰৰ লুণীয়া পানী পৰিশোধিত কৰি খুৱাব পাৰে তেন্তে হামাচে গাজাৰ ২০ লাখ পেলেষ্টাইনীক খোৱা পানীটুপি কিয় দিব নোৱাৰে ?? কিয় কোনো চ”লাৰ প্লেন্ট নবনায় ? খোৱাপানী, ঔষধ, বিদ্যুৎ, চিকিৎসা, ব্যৱসায় সকলো ক্ষেত্ৰতে পেলেষ্টাইনী সকলক ইজৰাইলৰ ওপৰত নিৰ্ভৰশীল কৰি ৰাখি সমগ্ৰ গাজাপট্টিক যুদ্ধৰ মুখলৈ ঠেলি দিয়াৰ দায়িত্ব তেনেহ’লে হামাচৰ নে ইজৰাইলৰ ???
যিটো ডালত বহি আছে সেই ডালটো কাটি দি হামাচে পেলেষ্টাইনী সকলৰ কি উপকাৰ সাধন কৰিছে ? কৰ্ম্ম সংস্থান? শিক্ষা? স্বাস্থ্য? খাদ্য?খোৱাপানী?বিদ্যুৎ? বছৰ বছৰ ৬০০–৭০০ মিলিয়ন ডলাৰেৰে হামাচে কি কৰে ?? আচলতে এই বিশাল ধনৰাশি হামাচে সমগ্ৰ বিশ্বত ইচলামিক সন্ত্রাসবাদ বিয়পাবলৈ যুদ্ধাস্ত্ৰ কিনোঁতে খৰচ কৰে! হামাচে গাজাৰ পেলেষ্টাইনী চেন্টিমেন্ট ব্যৱহাৰ কৰি সন্ত্ৰাসবাদী ব্যৱসায়টো খুৱ ভালদৰেই কৰি আছে! সেয়ে হামাচ আজি সফল‌ হৈছে বিপৰীতে পি-এন-এ পিছপৰি আছে, ফতেহ নিঃচিহ্ন হৈ গৈছে ।
আৰু এইখিনিতেই তালিবানৰ সৈতে হামাচৰ পাৰ্থক্য। তালিবানে আমুদৰিয়াত এটা বিশাল খাল খান্দি উলিয়াইছে যাতে উত্তৰাংশত খোৱা পানীৰ সমস্যাৰ সমাধান হয়৷ সেই উত্তৰাংশত কিন্তু পাস্তুন নাই আছে তাজিক সকল । তথাপিও তালিবানে সেই কাম কৰিছে । ভাৰতৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি তেওঁলোকৰ ল’ৰা-ছোৱালীৰ বাবে এডমিনিস্ট্রেটিভ জবৰ ট্রেনিং দিয়াইছে । দুৰ্নীতিও কিছু নিয়ন্ত্ৰন কৰিছে । দুৰ্ঘোৰ ইচলামিক সংগঠন হৈও তালিবানে নিজৰ দখলত থকা ভূখন্ডৰ সাধাৰণ মানুহৰ কথা চিন্তা কৰে । আৰু হামাচে ???
তেনেহ’লে আপোনালোক
বামপন্থী, চেকুলাৰপন্থী, লিবাৰেলপন্থী আৰু ইচলামিষ্ট সকলে উত্তৰ দিয়ক আচলতে বৰ্বৰ কোন ? হামাচ নে ইজৰাইল ?? গাজাপট্টিক কোনে নৰকত পৰিনত কৰিছে, হামাচে নে ইজৰাইলে ?? যি ইজৰাইলে ছয়বাৰ দুয়োখন ৰাষ্ট্ৰ( পেলেষ্টাইন আৰু ইজৰাইল)ৰ ফৰ্মুলা গ্ৰহণ কৰিছে, পেলেষ্টাইনে কৰা দাবী অনুসৰি ৯৪℅ ওৱেষ্টবেংকৰ ভূমি এৰি দিবলৈ আৰু গাজা-ওৱেষ্টবেংক টানেল পৰ্যন্ত বনাবলৈ ৰাজী হৈছে সেই ইজৰাইল কি যুক্তিত বৰ্ব্বৰ ???
সাম্প্ৰতিক গাজাপট্টিত বসবাস কৰা পেলেষ্টাইনী লোক সকলৰ দুৰ্দশাৰ বাবে কোন আচল জগৰীয়া? অপ্ৰৰোচিতভাৱে চোৰৰ দৰে ৰকেটেৰে আক্ৰমন আৰম্ভ কৰা ইচলামিক সন্ত্রাসবাদী হামাচ নে আত্মৰক্ষাৰ বাবে প্ৰতিআক্ৰমণ কৰা ইজৰাইল ???