- দেৱজিত দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
অৰবিন্দ কেজৰীৱালে পুনৰ এটা নতুন বিতৰ্কৰ সূচনা কৰিলে। ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্ৰাস পোৱাৰ বাবে মোদী চৰকাৰক ঠাট্টা কৰিবলৈ কোৱা কথাষাৰৰ গুৰুত্ব নোহোৱা নহয়। গণেশ বাবা আৰু আই লক্ষ্মীৰ ফটো মুদ্ৰাত অংকন কৰিলে ভাৰতীয় টকাৰ মূল্য নাবাঢ়িলেও ই ভাৰতীয় সংস্কৃতিৰ এটা প্ৰতীক ৰূপত থাকিব। বিশ্বৰ সকলোতকৈ অধিক মুছলমান জনসংখ্যা থকা দেশ হ’ল ইন্দোনেছিয়া। সেই ইন্দোনেছিয়াৰ এখন নোটত আছিল গণেশ বাবাৰ ফটো। ২০১৬ চনত অবশ্যে সেই নোটখনৰ প্ৰচলন বন্ধ হয়। ইন্দোনেছিয়া আৰু ভাৰত দুয়োখন দেশত হিন্দু ধৰ্মৰ বিস্তাৰ একে সময়তে আৰম্ভ হৈছিল। দক্ষিণ ভাৰতৰ লগত সাগৰ মাৰ্গেৰে ইন্দোনেছিয়াৰ যোগাযোগ আছিল। ফলত ইন্দোনেছিয়াৰ বহু ঠাইৰ দক্ষিণ ভাৰতৰ দৰে মন্দিৰ আছে। এসময়ত মধ্য প্ৰাচ্যৰ পৰা ব্যাপাৰী আহিল। তেওঁলোকে ইন্দোনেছিয়াৰ লগতে ভাৰতৰ কেৰেলাৰ মালাবাৰ অঞ্চলত ইছলামৰ প্ৰচাৰ কৰিলে। এই সময়ত বৈবাহিক তথা আন কিছুমান কাৰণত মানুহবোৰে ইছলাম গ্ৰহণ কৰিলে। তাৰ পিছত ভাৰত আৰু ইন্দোনেছিয়া দুয়োখন দেশতে আহিল মুছলমান শাসক। তেওঁলোকে প্ৰায় ৮৭% মানুহক ইন্দোনেছিয়াত মুছলমানলৈ ধৰ্মান্তৰিত কৰিবলৈ সক্ষম হ’ল। সেইখিনি সময়তে বহু চেষ্টা কৰিও মোগোল বা আন মুছলমান শাসক সকলে ভাৰতত মুছলমানক সংখ্যাগৰিষ্ঠ কৰিব নোৱাৰিলে। ইয়াৰ মুখ্য কাৰণ হ’ল ভাৰতত হিন্দুত্বৰ শিপা বহুত মজবুত আছিল। তাৰোপৰি বিদেশী মুছলমান ৰজাৰ আক্ৰমনত মানুহ অতিষ্ট হৈ পৰিছিল। তাৰ বিপৰিতে ইন্দোনেছিয়াত হিন্দু ৰজা বিলাকক প্ৰথমতে মুছলমানলৈ ধৰ্মান্তৰিত কৰি তেওঁলোককে শাসন কৰিবলৈ দিয়া হৈছিল। ফলত ৰাইজে সহজে ইছলাম ধৰ্ম গ্ৰহণ কৰে। দেশখনৰ অধিংকাশ লোক মুছলমান হ’লেও তেওঁলোকে এতিয়াও কিছুমান সংস্কৃতি ধৰি ৰাখিছে। বহু মুছলমানে এতিয়াও তাত হিন্দু নাম ৰাখে। দেশখনৰ ৰাষ্ট্ৰীয় স্তম্ভত গড়ুৰ পক্ষীও আছে। বালি নামৰ চহৰখনত বহু হিন্দু মঠ-মন্দিৰ আছে। ইন্দোনেছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰাষ্ট্ৰপিতা সুকাৰ্ণৰ জীয়ৰী সুগ্মাবতী সুকাৰ্ণপুত্রীয়ে যোৱা বছৰ হিন্দু ধৰ্ম গ্ৰহণ কৰে। দেশখনৰ মুছলমান সকল উদাৰ মনোভাবৰ যদিও সদ্যহতে কিছু কট্টৰপন্থীয়ে মূৰ ডাঙি উঠিছে।