ঋষিয়ে আমাক কি চমক দিব?

486
  • ৰূপেশ কুমাৰ সিং

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


লণ্ডনত প্ৰবেশ কৰাৰ আগলৈকে মোৰ ধাৰণা আছিল যে ইয়াত বছৰ বছৰ ধৰি থকা ভাৰতীয় মুলৰ মানুহসকলে নতুনকৈ লণ্ডনলৈ অহা ভাৰতীয়সকলক নিজৰ মাজৰে এজন বুলি ভ‍াবিব। কিন্তু মোৰ এই ভুল ভাঙিবলৈ বেছি দিন নালাগিল। ইয়াত জন্ম হোৱা তথা ব্ৰীটেইনৰ নাগৰিকত্ব পোৱা ভাৰতীয় মুলৰ মানুহসকল এখন বেলেগ পৃথিবীত বাস কৰে। বগা চামৰাৰ লোকসকলে এতিয়াও দক্ষিণ এছিয়াৰ মানুহ বুলি স্বীকৃতি দিয়ে যদিও এওঁলোকে নিজকে ব্ৰীট বুলি ক’বলৈ ভাল পায়। ভাৰতৰ পৰা নতুনকৈ ব্ৰীটেইনত প্ৰবেশ কৰা লোকসকলৰ লগত এওঁলোকে কোনোপধ্যে নিজকে একাত্ম অনুভব নকৰে। যোৱা ৮ বছৰত অফিছ, ৰেষ্টুৰেন্ট ,পাব আদি সকলোতে হোৱা মোৰ অভিজ্ঞতাৰ পৰা কৈছো। সেয়েহে ঋষি চুনক প্ৰধানমন্ত্রী হোৱাত মই মুঠেও উৎসাহিত নহয়। ৪২ বছৰীয়া ঋষি প্ৰথম ভাৰতীয় মুলৰ লোক যিয়ে এই আসন অধিকাৰ কৰিবলৈ সক্ষম হয়। ইয়াকে লৈ ভাৰতত বহু মানুহ আনন্দিত হৈছে। ভাবিছে ভাৰতৰ ইয়াৰ পৰা বহুত লাভ হ’ব। আচলতে ইয়াৰ ওলোটা হ’বলৈ বেছি সময় নালাগে। নিজকে বেছি ব্ৰিটীছ দেখাবলৈ গৈ চুনকে ভাৰত বিৰোধী সিদ্ধান্ত লোৱাটো বেছি সময় নালাগে। এটা কাৰণতে আমি কিছু স্বস্তিত থাকিব পাৰো কাৰণ তেওঁ নাৰায়ণ মুৰ্তিৰ জোৱায়েক। ভাৰতত আই.টিৰ বিকাশৰ ক্ষেত্রত নাৰায়ণ মুৰ্তিৰ অবদানৰ কথা আমি সকলোৱে জানো। চুনকে প্ৰধানমন্ত্রী হোৱাৰ সুযোগ পালে লিজ ট্ৰাষ্টৰ পদত্যাগৰ পিছত। লিজৰ বিত্তমন্ত্রীয়ে কিছু দিন আগত এখন মিনি বাজেট দাখিল কৰিছিল যত তেওঁ ধনী মানুহকো কৰ ৰেহাইৰ প্ৰস্তাব দিছিল। ফলত ব্ৰীটেইনৰ শ্বেয়াৰ মাৰ্কেটত হাহাকাৰ পৰিস্তিতিৰ সৃষ্টি হয়। আমাৰিকান ডলাৰৰ তুলনাত পাউণ্ডৰ মুল্য বহুত কমি যায়। নিজৰ দলৰ সদস্য সকলৰে লিজৰ ওপৰত ট্ৰাষ্ট নোহোৱা হৈ যায়। ফলত পদত্যাগৰ বাহিৰে আন কোনো বিকল্প নাথাকিল। ব্ৰীটেইনৰ অৰ্থনীতি খুব কঠিন অবস্থাৰ মাজেৰে গতি কৰিছে। যদি চুনকে দেশখনৰ অৰ্থনীতি সঠিক দিশত আনিব পাৰে তেন্তে ভাৰতীয় হিচাপে আমিও গৌৰৱবোধ কৰিম। কিন্তু চুনকে যে ভাৰতৰ বাবে কিবা কৰিব সেই ধাৰণা ভুল।