‘এক দেৱ এক সেৱ’ ক অপবাখ্যা কৰি ‘আল্লাহু আকবৰ আল্লা.

576
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


সম্প্ৰতি ইছমাইল হুছেইন নামৰ পূৰ্ববঙ্গীয়মূলৰ যেন লগা এজন বুদ্ধিজীবীয়ে ভকতৰ দৰে সাজপোছাক পৰিধান কৰি বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি আছে । আজি প্ৰায় বিশ -বাইশ বছৰ আগতেই আমি তেওঁৰ ভাষণ প্ৰথমবাৰ শুনিছিলোঁ । তেওঁ প্ৰবন্ধ লিখে , বিভিন্ন কিতাপ লিখে , সুন্দৰ সুৰত ভাষণ দিয়ে । মুঠতে এজন বুদ্ধিজীবীৰ থাকিবলগিয়া সকলো গুণ তেওঁৰ গাত আছে । মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ন কৈ চৰিত লিখাৰ প্ৰয়াস কৰিছে। কোনো শাৰিৰীক বা সামৰিকশক্তিৰ অবিহনে, কেৱল ধনাত্মক ভাৱনা আৰু সদাচাৰকে সাৰথি কৰি এখন শান্তি, ন্যায়, মুল্যবোধৰ সমাজ গঢ়িছিল গুৰুজনাই। সনাতন হিন্দু ধৰ্মৰ ঈশ্বৰ উপাসনাৰ ৰীতি-নীতি, ব্ৰাহ্মণ্য জটিলতা, সংস্কৃত ভাষাৰ দুৰ্বোধ্যতাৰ পৰা মুক্ত কৰি সহজ সৰল অসমৰ জনজাতীয় ভূমিপুত্ৰ সকলৰ লগতে উত্তৰ ভাৰতৰ পৰা প্ৰব্ৰজিত সকলে বুজি উঠিব পৰাকৈ গঢ় দি লৈছিল নব বৈষ্ণব পৰম্পৰাক ।
সাধনাৰ বলত সম্ভৱ হৈছিল এই কাম। চাৰি -পাঁচ হাজাৰ বছৰ আগতেই উত্তৰ ভাৰতৰ প্ৰতিখন তীৰ্থস্থানৰ পৰা সংগ্ৰহ কৰি আনিছিল সনাতনী সংস্কৃতি । গুৰুজনাক অসমীয়া মানুহে ভগৱানৰ অৱতাৰ জ্ঞান কৰে । কিন্তু মৃদু সুৰত ভাষণ দিয়া ইছমাইল হুচেইনৰ দৰে ব্যক্তিয়ে গুৰুজনাক একমাত্ৰ কবি , নাট্যকাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে । তেওঁক বহু সময়ত সংগ দিছে খিলঞ্জীয়া অসমীয়া ময়ুৰ বৰাৰ দৰে ব্যক্তিয়ে । ইছমাইল হুচেইনে যিখিনি কথা কয় , কাম কৰে বা লিখে সেই বিলাকৰ ভিতৰত বহু এনে কথা আছে যিবিলাক ইছলামত নিষিদ্ধ । তথাপি তেওঁৰ বিৰুদ্ধে কোনো ফটোৱা জাৰী হোৱা নাই । ইয়াৰ কাৰণ কি শংকৰ সংঘ বা ইছমাইল হুচেইনে নিয়ন্ত্ৰণ কৰা অনুষ্ঠান সমুহে চিন্তা কৰিব লাগে । ইছলামত বিশ্বাসী কোনো লোকেই মহাপুৰুষ গুৰুজনাক “অৱতাৰী” পুৰুষ বুলি মানি ল’ব নোৱাৰে আৰু গুৰু আসনৰ সন্মুখত সেৱা লোৱা নিষিদ্ধ । কাৰণ আল্লাৰ বাহিৰে আন যিকোনো ব্যক্তি বা সম্পদৰ সন্মুখত মোৰ দোৱাব নোৱাৰে আৰু ইছলামত হজৰত মহম্মদ হৈছে একমাত্ৰ অৱতাৰী পুৰুষ । সেইয়া ইছলামৰ নিজস্ব ধাৰণা । তাক এজন মুছলমানে কিমান মানি চলে নচলে সেইয়া তেওঁলোকৰ নিজা বিষয় । কিন্তু কথা হ’ল ইছমাইলে যেতিয়া’ এক দেৱ এক সেৱ …..’ ক অপবাখ্যা কৰি ‘আল্লাহু আকবৰ আল্লা…….’ ৰ লগত ৰিজনী দিয়ে তেতিয়া গৰিষ্ঠ সংখ্যক অসমীয়া বা ভাৰতীয়ই কিয় মৌন হৈ থাকে ? আজিৰ অসমক খ্ৰীষ্টান মিছনেৰী বা ঔৰংগজেৱে এখন অহিন্দু অসম প্ৰদেশ কৰিব পৰা নাছিল একমাত্ৰ শংকৰদেৱে দি যোৱা সংস্কাৰৰ বাবে যিদৰে মোগলক সামৰিক শক্তিৰে পৰাস্ত কৰি লাচিতে অসমক ইছলামীক শাসনৰ পৰা ৰক্ষা কৰিছিল ।
উজনি অসমত আজান ফকিৰে শংকৰদেৱৰ নব বৈষ্ণবক কিছু পৰিমাণে আঘাত কৰি অসমীয়া মানুহক ইছলামলৈ ধৰ্মান্তৰিত কৰিবলৈ সক্ষম হৈছিল । অতি বুদ্ধিদীপ্ততাৰে বৰগীত, লোকগীতৰ আৰ্হিত জিকিৰ ৰচনা কৰি অসমীয়া মানুহৰ সৰলতাৰ সুযোগ লৈ ইছলাম প্ৰচাৰ কৰিছিল । থিক আজিৰ সময়ত প্ৰচাৰ হৈ থকা যীশু কীৰ্ত্তণ, যীশু নাম , যীশু বিহু ।
আজিৰ তাৰিখতো ভাৰতৰ যিকোনো অঞ্চলতকৈ অসমত হিন্দুৰ পৰা খ্ৰীষ্টান বা মুছলমান হোৱা মানুহৰ সংখ্যা কম । কাৰণ শংকৰদেৱৰ সংস্কাৰ আৰু সংস্কৃতিৰ সন্মুখত মিচনেৰী আৰু তবলিগি নিশকতীয়া । দক্ষিণ ভাৰতৰ অধিকাংশ ৰাজ্য আজি প্ৰায় মিচনেৰী আৰু তবলিগিৰ দখলত । সেয়ে অসমত শংকৰদেৱৰ সংস্কাৰক যদি অপভ্ৰংস কৰিব পৰা যায় তেতিয়া ভাৰতৰ কোনো শক্তিয়ে মিচনেৰী বা তবলিগিক ৰোধ কৰিব কৰিব নোৱাৰে । কিন্তু পৰিতাপৰ কথা এইযে ইছমাইল হুচেইন , ময়ুৰ বৰাৰ কিছু ছদ্মবেশী ব্যক্তিৰ উচতনি মুলক বক্তব্যক প্ৰত্যুত্তৰ দিবলৈ গৈ হিন্দু সমাজৰ একাংশই নিজৰ গুৰুজনাৰ সৃষ্টিৰাজীকে সমালোচনা কৰে । যাৰফলত ইচমাইলহঁতৰ এজেণ্ডা পূৰ্ণ গতিত বৃদ্ধি পায় । ইছমাইল হুচেইন , জাকিৰ নায়ক , ময়ূৰ বৰা আদি শ শ ব্যক্তিয়ে পৃথক পৃথক মডেলত কাম কৰি থাকে । যিবিলাকৰ পদ্ধতি ভিন্ন হয় যদিও উদ্দেশ্য এক । ধৰ্মান্তৰে এজন ব্যক্তিৰ একমাত্ৰ আৰাধ্য দেৱতা সলনি নকৰে , লগে লগে সলনি কৰে ৰাষ্ট্ৰ প্ৰেম । ৰাষ্ট্ৰ প্ৰেম সলনি মানেই বিচ্ছিন্নতাবাদৰ জন্ম ।