কংগ্ৰেছৰ চানক্যই দলক উপহাৰ দিব কৰ্ণাটক

771
  • ৰূপেশ কুমাৰ সিং

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


ভাৰতৰ ৰাজনীতিৰ চানক্য বুলি ক’লে সাধাৰণতে সকলোৱে বিজেপিৰ নেতাসকলৰ নাম লয়। অমিত শ্বাহ, যোগী, হিমন্ত বিশ্ব আদি বহু চানক্যৰে বিজেপি দল অপ্ৰতিৰোধ্য হৈ গৈ আছে। কংগ্ৰেছৰ চৰকাৰ আছে মাথো ৰাজস্থান আৰু ছত্তিছগড়তহে । উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, অবিভক্ত অন্ধ্ৰ, তামিলনাডু আদি বৃহৎ ৰাজ্যত কংগ্ৰেছ অস্তিত্বহীন। কংগ্ৰেছ দল অত্যন্ত দুৰ্বল হৈছে যদিও নিশেষ হৈ যোৱা নাই। এতিয়াও সঠিক অপাৰেছন কৰিলে কংগ্ৰেছ আই.চি.ইউৰ পৰা মুক্ত হ’ব পাৰে। আজি আমি কিছু কথা লেখিম কংগ্ৰেছৰ এজন চানক্যৰ বিষয়ে। নাম তেওঁৰ ডিকে শিৱকুমাৰ। ২০১৮ চনত হোৱা বিধানসভাৰ নিৰ্বাচনত শিৱকুমাৰে বাংগালোৰৰ নিকতবৰ্তী কনকপুৰা সমষ্টিৰ পৰা ১,২৭, ৫৫২ টা ভোটৰ ব্যবধানত বিজয়ী হৈছিল। ২০১৩ত জয়ৰ ব্যৱধান আছিল ১ লাখ। জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ যেনে জনপ্ৰিয়তা তাতকৈ কোনো গুণে কনকপুৰাত শিৱকুমাৰৰ জনপ্ৰিয়তা কম নহয়। বিজেপিয়ে কৰ্ণাটকত কেইবাবাৰো চৰকাৰ গঠন কৰিলে যদিও এবাৰো একক সংখ্যাগৰিষ্ঠতা পাবলৈ সক্ষম হোৱা নাই। ইয়াৰ প্ৰধান কাৰণ হ’ল ডি.কে শিৱকুমাৰৰ ৰাজনৈতিক বিচক্ষণতা। কৰ্ণাটকৰ দুটা প্ৰধান জাতি হ’ল ভোক্কালিগা আৰু লিংগায়ট। য়েদুৰাপ্পা লিংগায়ট হোৱা বাবে বিজেপিয়ে তেওঁলোকৰ ভোট একচেটিয়াকৈ লাভ কৰে। কিন্তু অন্য ৰাজ্যৰ দৰে হিন্দু ভোটক একত্রিত হ’ব দিয়া নাই শিৱকুমাৰে। নিজে ভোক্কালিগা হোৱাৰ সুবাদতে নিজৰ জাতিৰ সমৰ্থন আদায় কৰে কংগ্ৰেছৰ বাবে। লগতে মুছলমান ভোটো যোগ হয়। প্ৰাক্তন প্ৰধানমন্ত্রী দেৱেগৌড়াও ভোক্কালিগা। কিন্ত শিৱৰ প্ৰতি জাতিটোৰ সমৰ্থন বৃদ্ধি পাইছে আৰু দেবেগৌড়াৰ ভেটি খহিছে। কংগ্ৰেছ দলক বহু সময়ত উদ্ধাৰৰ দায়িত্বও তেওঁ লৈছিল। ২০০১ত সংকটৰ সময়ত তেওঁ কংগ্ৰেছ দলৰ মহাৰাষ্ট্ৰৰ বিধায়ক সকলক কৰ্ণাটকত আনি আতিথ্য কৰিছিল। ২০১৭ চনত আহমেদ পেটেলক ৰাজ্যসভালৈ পঠোৱাৰ ক্ৰিডিটো তেওঁক দিয়া হয়। হৰ্ছ ট্ৰিডিংৰ ভয়ত গুজৰাটৰ বিধায়কসকলক ৰখা হয় কৰ্ণাটকৰ ৰিজোৰ্টত। তেওঁলোকৰো সকলো দায়িত্বও দিয়া হয় কুমাৰক। ৭ বাৰৰ বিধায়ক, ৩ বাৰৰ মন্ত্রী ডিকে শিৱকুমাৰে অবশেষত পদোন্নতি লাভ কৰি ২০২০ত কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে নিযুক্তি লাভ কৰে। ২০২৩ত কৰ্ণাটকত বিধানসভাৰ নিৰ্বাচন আছে। বিজেপিৰ দুৰ্বল মুখ্যমন্ত্রী বাসবৰাজ বোম্মাই যাক সকলোৱে য়েদুৰাপ্পাৰ proxy বুলি জানে। চৰকাৰখনৰ বিৰূদ্ধে প্ৰবল প্ৰতিষ্ঠান বিৰোধী ঢৌ। ২০২৩ত কংগ্ৰেছে কৰ্ণাটকত চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাবনা আছে। কংগ্ৰেছৰ চৰকাৰ গঠন হ’লে চানক্য দিকে শিৱকুমাৰেই মুখ্যমন্ত্রী হোৱাটো একপ্ৰকাৰ নিশ্চিত।