- দেৱজিত দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
২০১৩ চনৰ সময়ৰ কংগ্ৰেছ-বিজেপি বনাম ২০২৩ চনৰ কংগ্ৰেছ -বিজেপি। কিবা উলট-পালট হোৱা যেন লগা নাইনে? হিন্দুত্ববাদৰ সেইসময়ৰ প্ৰহৰী আছিল মুখ্যত প্ৰদ্যুত বৰা, মীৰা বৰঠাকুৰ আৰু ৰাম প্ৰসাদ শৰ্মা। আৰ.এছ.এছৰ সমৰ্থনত প্ৰভুসৱে সিৰা ফুলাই টিভিত ভাষণ ৰাখিছিল। এনে লাগিছিল এওলোতকৈ বেছি হিন্দু আৰু কংগ্ৰেছ বিৰোধী গোটেই অসমতে নাই। সেইসময়ত জানো এওঁলোকে ভাবিছিল যে এদিন এই হিন্দু বিৰোধী দলটোতে যোগদান কৰিব লাগিব? কি যে দিন আছিল কি হৈ গ’ল?
কংগ্ৰেছৰ কেইজন একা? পিযুষ, জয়ন্ত, ৰূপজ্যোতি ইত্যাদি আৰু তেওঁলোকৰ দাদাজন? কিযে কোৱা নাছিল তেওঁলোকে? মোদীক কিমান যে গালি দিছিল? ছোনীয়া বাইদেউয়ে তেওঁলোকৰ বৰমাক আছিল আৰু ৰাহুল গান্ধী আছিল মৰমৰ যুৱৰাজ। ৰাহুল আহিলে বৰুৱাই যে বুলেট চলাই গুৱাহাটীলৈ আহিছিল? মামাই যে মোদীক কুকুৰে কাইট নোখোৱাকে মৰমৰ বাক্য বোৰ কৈছিল? এতিয়াচোন সপোন সপোন লাগে।
কংগ্ৰেছৰ সকলোবোৰ বিজেপিত আহি সংস্হাপন পাই গ’ল। বিজেপিৰ প্ৰাক্তন ত্রিমুৰ্তিয়ে হেনো ২০২৪ত টিকট পাব। মীৰা বাইদেউ আৰু প্ৰদ্যুত দাক গুৱাহাটী লাগে। আৰ.পিৰ অৱশ্যে লক্ষ্য স্থিৰ। তেজপুৰ পালেই তেওঁ সুখী। আৰপিয়েটো ৫ বছৰ অলপ মলাই খালেই। বিজেপি চৰকাৰ অহাৰ সময়তে মীৰা বৰঠাকুৰ আৰু প্ৰদ্যুত বৰা দলটোৰ পৰা ওলাই আহিল। ডাঙৰ মামা আৰু সৰু মামা কেইজনে কংগ্ৰেছৰ দিনটো পালে , বিজেপিৰ দিনতটো আৰু বেছি পালে। ভগবান কিয় ইমান নিৰ্দয়? বৰঠাকুৰ আৰু বৰাৰ ভাল দিন কেতিয়া আহিব ? কংগ্ৰেছ চৰকাৰ আহিলে দুয়োজনে মন্ত্রীপদ পোৱাটো খাটাং ।