কঠোৰ মুখ্যমন্ত্রীঃ এতিয়া ৰাইজেই ৰজা

720
  • প্ৰাঞ্জল চলিহা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন কৰিছে ৰাজ্য চৰকাৰে ।
স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ৰাজ্য চৰকাৰে হোজাই জিলাৰ দুগৰাকীকৈ শীৰ্ষ বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এক তাৎক্ষণিক নিৰ্দেশযোগে হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক চাকৰিৰ পৰা নিলম্বিত কৰে ৰাজ্য চৰকাৰে। প্ৰকাশ পোৱা মতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্রমেই জিলাখনৰ দুয়োগৰাকী প্ৰশাসনীয় শীর্ষ বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰে। উল্লেখ্য যে অলপতে স্থানীয় লোকক দুর্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছিল অনুপম চৌধুৰী আৰু ৰক্তিম বৰুৱাৰ বিৰুদ্ধে। বিষয়া দুগৰাকীৰ অভব্য আচৰণৰ বিষয়ে মুখ্যমন্ত্ৰীক দৃষ্টি গোচৰ কৰা
হৈছিল আৰু এই অভিযোগৰ ভিত্তিতে দুয়োকে তাৎক্ষণিক ভাৱে নিলম্বনৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্রী ড° শৰ্মাই।
চৰকাৰ মানে ৰাইজ আৰু চৰকাৰী বিষয়া মানে চাকৰি আৰু চাকৰি মানে ৰাইজৰ চাকৰ । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিকা নিযুক্তি যিদৰে মাইলৰ পোষ্ট সেই একেদৰে চৰকাৰী বিষয়া যে ৰাইজৰ উৰ্ধত নহয় সেই কথা মুখ্যমন্ত্ৰীয়ে বুজাই দিছে । উপায়ুক্ত , আৰক্ষী অধীক্ষক , ডিজিপি , এডিচি জোনেই নহওক গণতন্ত্ৰত ৰাইজ ৰজা । অৱশ্যে এই কথাষাৰ সাধাৰণ ৰাইজেও উপলব্ধি কৰা দৰকাৰ ।