- ৰিতু তালুকদাৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
উত্তৰ বঙ্গৰ বিস্তৃত অঞ্চল সামৰি হ’লেও পশ্চিম অসমৰ ভূখণ্ডক অন্তৰ্ভুক্ত কৰি কমতাপুৰ গঠন কৰিবলৈ কোনো বিশেষ পৰিকল্পনা থকাৰ উমান পালে পশ্চিমবঙ্গৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী হাত সাৱটি বহি থাকিবনে ? আজিৰ দিনটোলৈকেতো মমতা বেনাৰ্জীৰ কোনো প্ৰতিক্ৰিয়া নাই ? বাঙালীয়ে কি সহজতে কোচ ৰাজবংশীক নিজ ভূখণ্ড এৰি দিব ? মমতা বেনাৰ্জীক দুৰ্বল কৰিবলৈ বঙ্গভঙ্গৰ ভাবুকি দিব পাৰে, কিন্তু বাঙালীক পণবন্দী কৰি কেন্দ্ৰীয় চৰকাৰে এই মুহূৰ্তত তেনে দুঃসাহস নকৰে।
গুৰুত্বপূৰ্ণ কথাটো হ’ল, পশ্চিমবঙ্গত বিষয়টোক কেন্দ্ৰ কৰি কোনোধৰণৰ চৰ্চা নাই। এখন ৰাজ্য গঠনৰ বাবে পূৰ্বপ্ৰস্তুতি কেনেধৰণৰ হ’ব লাগে, এই জালত ভৰি থোৱা কাৰোৰেই জ্ঞাত নহয়। অসমক এতিয়া খণ্ডিত কৰাটো হ’ব ভাৰতীয় জনতা পাৰ্টীৰ বাবেও ভয়ংকৰ পদক্ষেপ। পশ্চিমবঙ্গক খণ্ডিত কৰি লৈ মমতা বেনাৰ্জীৰ হাতৰ পৰা বঙ্গ কাঢ়ি আনিব পাৰিব বুলি ভবাটো মূৰ্খামী। অন্ততঃ সিমানখিনি ভাৰতীয় জনতা পাৰ্টী অভিজ্ঞ। বড়ো ৰাজ্যৰ দাবী দশকৰ পাছত দশক উত্থাপিত হৈয়ে আহিছে। স্বতন্ত্ৰ ভাষা, সংস্কৃতি, সাহিত্য থকাৰ পাছতো বৰ্তমান পৰ্য্যন্ত বড়ো ৰাজ্য সম্ভৱ হৈ উঠা নাই। তেনেস্থলত একেটা উশাহতে কমতাপুৰ ৰাজ্য গঠন হ’বগৈ বুলি ভবাটোৱে কঠিন ।
কোচ-ৰাজবংশীসকলৰ গৰিষ্ঠসংখ্যকৰে বিষয়টোত আগ্ৰহ জন্মা নাই। আনকি, বিশেষভাৱে জ্ঞাতও নহয়। যি সৰ্বাত্মক প্ৰতিক্ৰিয়া আৰু আলোড়ন বিষয়টোক লৈ হৈ উঠিব লাগিছিল, বৰ্তমানেও সেই ব্যাপকতা পৰিলক্ষিত হোৱা নাই। সৌ সিদিনাৰ কমতাপুৰ গঠন হ’লে, প্ৰাগজ্যোতিষৰ কি হ’ব ? কি হ’ব কোচবিহাৰ আৰু কামৰূপ ৰাজ্যৰ ? প্ৰাচীন অসম আহোম ৰাজত্বৰ প্ৰথম সময়ছোৱাৰ দিখৌলৈকে সংকোচিত হ’বনে ? কোচ-ৰাজবংশীৰো নিজৰ ৰাজ্য হ’লে নিজকে স্বতন্ত্ৰ জাতিসত্তাৰ পৰিচয়ৰে ধৰি ৰখা কোচসকলৰ কি হ’ব ? ৰাভাসকলৰ ? নাথ-যোগীসকলে পাবনে কপিলী উপত্যকা ? অথবা সিদ্ধাইগ্ৰাম ? কলিতাসকলৰ কথা কোনে ভাবিব ? কৈৱৰ্তসকল ক’ত থাকিব ? মিচিংসকল ? সোণোৱাল কছাৰীসকল ? কাৰ্বি ৰাজ্যও হৈ উঠিবনে তেতিয়া ? ব্ৰাহ্মণৰ কি ব্যৱস্থা হ’ব ? খিলঞ্জীয়া মুছলমানসকল ক’লৈ যাব ? বৰাক ৰাজ্যও হৈ উঠিবগৈ নেকি ? নে কেন্দ্ৰীয় শাসিত অঞ্চল হ’ব ? এনে বহু প্ৰশ্ন আছে যিবোৰৰ সমাধান সূত্ৰ নোলোৱালৈকে অসম খণ্ডিত নহয়। হোৱাও উচিত নহয়। সমষ্টি পুনৰ্গঠনৰ প্ৰস্তুতি তুঙ্গত উঠাৰ সময়ত নতুন ৰাজ্য গঠনৰ প্ৰস্তাৱেই অবান্তৰ। কিন্তু কোনে এই অবান্তৰ প্ৰস্তাৱ সন্মুখলৈ আনিছে ? কিয় আনিছে ?
সেয়ে জাতিটোক খণ্ড বিখণ্ড কৰিব পৰা কোনো চৰ্চায়ে এই মুহূৰ্তত হোৱা উচিত নহয়। দুৰ্ভাগ্যজনক কথাটো হ’ল, ৰাজনৈতিক উচ্চাকাংক্ষা থকা সকলো পক্ষই বিভেদকামী কথাবোৰকে বক্তব্যত প্ৰাধান্য দিব- যিটো বিশ্বজিৎ ৰায়ে কৰিছে বা কৰাইছে ।