- নয়ন বৰ্মন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
“বখতিয়াৰ খিলজী যিজনে নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰি লক্ষ লক্ষ পুথি জ্বলাই দিছিল। দহ হাজাৰ ছাত্ৰ ছাত্ৰীৰ জীৱন লৈছিল যিজনে সেই খিলজীৰ নামেৰে বিহাৰত আছে এখন সম্পূৰ্ণ চহৰ।নাম বখতিয়াৰপুৰ। সেই খিলজীক খেদি পঠিওৱা কামৰূপ নৃপতি পৃথুৰ বিষয়ে নতুন প্ৰজন্মই হওক বা বৃদ্ধ প্ৰজন্মৰ সিংহভাগেই একো চৰ্চা নকৰে ।
কলেজ বা বিশ্ববিদ্যালয়ৰ শিক্ষক , অসমীয়া বুদ্ধিজীবীয়ে লাচিতক নিজৰ ধ্যান ধাৰণাৰে বৰ্ণনা কৰে । মুছলমান তোষামোদকেই তেওঁলোকে সাম্প্ৰদায়িক ভাতৃত্ববোধৰ একমাত্ৰ উপায় হিচাপে বাচি লয় । ৰামসিংহৰ বিৰুদ্ধে কৰা যুঁজ হিচাপে তেওঁলোকে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে আৰু বহুখিনি সফলো হৈছে । মোগলৰ ইচলাম শাসনৰ বিৰুদ্ধে কৰা যুঁজ বুলি তেওঁলোকে সঁচা ইতিহাস নিলিখে । আৰু এখোপ ওপৰত উঠি বাঘ হাজৰিকা চৰিত্ৰটোক লাচিতৰ সমকক্ষ কৰিবলৈ যত্ন কৰে ।
বাঘ হাজৰিকা কোনবা বিচাৰিলে সমগ্ৰ আহোমবুৰঞ্জীত তথ্যৰ অভাৱ!ইছমাইল ছিদ্দিকী সম্পৰ্কে আলোচনা হ’লেই “বাঘ হাজৰিকা”ৰ সম্ভ্ৰভ ৰক্ষা কৰিবলৈ অহাসকলৰ ৯৯% সংখ্যকেই হিন্দু!আচলতে এই বাঘ হাজৰিকাৰ সৃষ্টি সুচতুৰ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।লাচিতক হিন্দু বীৰ বুলিলে অসুবিধা থকা সকলেই পিছে বিৰাট হৰফেৰে কয় ইছলামধৰ্মী বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীও আছিল হাজাৰ আহোমসৈন্যৰ ওপৰত দলপতি । কেৱল লাচিতৰ নাম থকাত আপত্তি থকা কোনো সুচতুৰ বুৰঞ্জীকাৰে পুননিৰ্মাণ কৰা ইতিহাসৰ সৃষ্টি নামে ধামে”বাঘ হাজৰিকা।”যিদৰে শংকৰ-আজান, ঈশ্বৰ-আল্লা ইত্যাদি যুৰীয়া বিচাধাৰাৰ অৱস্থিতি।
ইচলাম ৰাজনীতিয়ে পাকিস্তান জন্ম দিয়াৰ পিছতো হিন্দুৱে নিজৰ ধৰ্মকলৈ ৰাজনীতি কৰা নাছিল বা হিন্দুক এই বিষয়ে চিন্তা কৰিবলৈ দিয়া হোৱা নাছিল । এইক্ষেত্ৰত জৱাহৰলাল নেহৰুৱে চৌদি আৰৱৰ পৰা অহা মৌলানা আবুল কালামৰ নেতৃত্বত ইতিহাস আৰু স্কুলৰ পাঠ্যক্ৰম ৰচনা কৰি হিন্দুক নিজৰ অতীতৰ বিষয়ে শুপ্ত কৰোৱাইছিল ।
যাৰ ফলস্ৰুতিত কংগ্ৰেছ দলে নিজৰ ৰাজনৈতিক প্ৰতিদন্দীসকলক দুৰ্বল আৰু বিভক্ত কৰাত সফল হয় আৰু ইচলাম ভোট বেংক সৃষ্টি কৰাত । বাঘ হাজৰিকা কাল্পনিক নে আচল সেই কথাটো চৰ্চালৈ অনাৰ সময় আহিছে নেকি ? মই ভাবো সময় অহা নাই । কাৰণ মা কামাখ্যাৰ নামত শপত লোৱা লাচিতক আমি হিন্দু বীৰ বা ভাৰত মাৰ সন্তান বুলি পৰিচয় কৰাই দিবলৈ সক্ষম হোৱা নাই ।
বাঘ হাজৰিকাক নামটোকলৈ যদি কোনোবা ইচলামে গৌৰৱ কৰে তেন্তে সেই ইচলাম ব্যক্তিজনক মৌলানাই কাফেৰ বুলিহে কবলৈ ইচ্ছা কৰিব । কাৰণ মোগলৰ যুদ্ধ আছিল অসমক বিজয় কৰা আৰু অসম মোগলৰ হাতত যোৱা মানেই অসমত ইচলামৰ চৰিয়তৰ শাসন , জাজিয়া কৰ ইত্যাদিৰ প্ৰচলন । সেই অৰ্থত বাঘ হাজৰিকা চৰিত্ৰটো ইচলাম বিদ্বেষী ।অসমৰ এচাম সাহিত্যিক আৰু বুদ্ধিজীবীৰ বাবে বাঘ হাজৰিকা হৈছে ইচলাম তোষণ ৰাজনীতি।
এইবাৰ কিছুদিন আগত এটা হিন্দু সংগঠনৰ দ্বাৰা উদযাপিত লাচিত দিৱসৰ এটা অনুষ্ঠান এটাত দৰ্শকৰ আসনত আছিলো । বক্তাজন কলেজৰ অধ্যক্ষ আছিল আৰু কেব বিৰোধী আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল । লাচিত আৰু শৰাইঘাটৰ যুদ্ধৰ ওপৰত ভাষণ দিছিল । ভাষণত এবাৰো ঔৰংগজেৱ, মোগল শব্দৰ উচ্চাৰণ নকৰিলে । বৰঞ্চ বঙাল , ৰামসিংহৰ কথাহে কৈ থাকিল । শ্ৰোতা হিচাপে তাত থকা স্কুলীয়া ছাত্ৰ ছাত্ৰীখিনিয়ে মিটিংৰ শেষত নিজৰ নিজৰ বন্ধু মহলৰ মাজত কৰা আলোচনাবিলাক শুনি বহি থাকিলোঁ । এজনে ক’লে , ” লাচিতে যুদ্ধত বঙালীক মাৰিছিল । ”
মুখ্যমন্ত্ৰী , মন্ত্ৰী , বিধায়ক বা আন আন নেতাই হওক , কাল্পনিক এটা চৰিত্ৰৰ কাৰণে হৈ চৈ কৰি থকাতকৈ লাচিত বৰফুকন , পৃথু মহাৰাজ , চিলাৰায় , নৰনাৰায়ন , কুমাৰ ভাস্কৰ বৰ্মা আদি অনেক বীৰ পু্ত্ৰক নতুন প্ৰজন্মৰ আগত চিনাকি কৰি দিয়াতহে গুৰুত্ব দিয়া উচিত ।