ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
২০১৬ চনত প্ৰথমবাৰৰ বাবে অসমত বিজেপিৰ চৰকাৰ গঠন হৈছিল। সৰ্বানন্দ সোণোৱালক অসমৰ মুখ্যমন্ত্রী আৰু ড° হিমন্ত বিশ্ব শৰ্মাক বিত্ত মন্ত্রী হিচাপে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নিৰ্বাচন কৰিছিল। বহু বছৰ অসমৰ কেবিনেট মন্ত্রী হৈ থকাৰ অভিজ্ঞতাৰে পুষ্ট ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক বিচক্ষণতাৰে ৫ বছৰত চৰকাৰখনক বহু বিপদৰ পৰা ৰক্ষা কৰে। বিশেষকৈ কা আন্দোলন মষিমুৰ কৰাৰ বাবে শৰ্মাই কৰা পৰিকল্পনা সফল হয়। সেইসময়ত বিভিন্ন দিশৰ পৰা অত্যাচাৰৰ সন্মুখীন হোৱা বিজেপি কৰ্মীসকলৰ কাষত থিয় দি তেখেতে সকলোৰে হৃদয় জয় কৰে। কেন্দ্ৰীয় নেতৃত্বৰ মাজতো ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব বৃদ্ধি পায়। এক কথাত বিজেপিৰ বাবে ড° শৰ্মা অপৰিহাৰ্য্য হৈ পৰে। সেইসময়ত অসমৰ শক্তিশালী নেতা ৰঞ্জিত দাস, ফণী শৰ্মা, দিলীপ শইকীয়া সকলো শৰ্মাৰ গুণগাণত ব্যস্ত হয়। ২০২১ত দিল্লীৰ নেতৃত্বই এটা সিদ্ধান্ত ল’ব লগা হয়। দিল্লীত কোন থাকিব আৰু দিছপুৰত কোনে নেতৃত্ব ল’ব। অমিত শ্বাহৰ প্ৰিয়ভাজন শৰ্মা আছিল ২০ বছৰে চি.এম in waiting. এইবাৰ তেখেতৰ গ্ৰহ-নক্ষত্ৰ মিলিল। আজি প্ৰায় দেৰ বছৰ কাল তেখেত অসমৰ মুখ্যমন্ত্রী। আজি ডেৰ বছৰে তেখেতে অসমৰ প্ৰশাসনত নিজৰ সম্পূৰ্ণ আধিপত্য আনিবলৈ সক্ষম হৈছে। তেখেতে সকলো বিভাগ , সকলো কাম মাইক্ৰমেনেজ কৰে। ফলত বহু বিজেপি নেতা তেখেতৰ ওপৰত নাৰাজ হৈছে। ৰঞ্জিত দাসে আজিকালি ৰাজহুৱা সভাত শৰ্মাৰ পৰা গালি খায়। দিলীপ শইকীয়াক কতো দেখিবলৈ পোৱা নাযায়। ফণী শৰ্মাই আজাদি কা অমৃত মহোৎসবৰ বাবে ২০ জন মানুহৰ আগত ভাষন দি টুপি বিলাব লগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত অত্যাধিক জনপ্ৰিয়তাই এইসকল নেতাৰ বাবে বিপদ হৈছে। আজি মোদী আৰু শ্বাহে গুজৰাট উদ্ধাৰৰ দায়িত্ব শৰ্মাক দিছে। তেওঁলোকে নোৱাৰা কাম শৰ্মাই কৰিছে। গুজৰাটৰ নিৰ্বাচনত হিন্দুত্বৰ সপক্ষে বতাহ বলাবলৈ তেওঁ সক্ষম হৈছে। মোদী, শ্বাহ , আৰ.এছ.এছ সকলোৱে বুজি উঠিছে হিমন্ত বিশ্ব শৰ্মা কামৰ মানুহ। আজি হিমন্ত বিশ্ব শৰ্মাক দিলীপ শইকীয়া বা ফণী শৰ্মাৰ দৰকাৰ নাই। এনেকুৱা অসংখ্য নেতা-পালিনেতাই এতিয়া কৈছে_সোণোৱাল থাকোতেই ভাল আছিল। নাম প্ৰকাশত অনিচ্ছুক বিজেপিৰ ৰাজ্যিক নেতা এজনে আমাক কৈছে যে অসমৰ মুখ্যমন্ত্রীজনে কাকো টকা খাবও নিদিয়ে, পাৱাৰো নিদিয়ে। সকলো চিষ্টেম এনেকৈ বনাই লৈছে যাতে সকলো ক্ষমতা তেখেতৰ ওপৰত কেন্দ্ৰীভূত হৈ থাকে। অসমৰ ৰাইজৰ অবশ্যে এইবোৰক লৈ মূৰ ঘমোৱাৰ দৰকাৰ নাই। যেতিয়ালৈকে অসমৰ বিকাশ হৈছে তেতিয়ালৈকে কোনে ক্ষমতা পাইছে, কোনে পোৱা নাই সেয়া আমাৰ মূৰৰ কামোৰণি নহয়।