কেজৰীৱাল আৰু মোদীৰ এক থা ৰাজা

723
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


কেইদিনমানৰ পৰা দিল্লীৰ মুখ্যমন্ত্রী কেজৰীৱালে প্ৰধানমন্ত্রী মোদীৰ শিক্ষাগত ‍অৰ্হতাকলৈ তুচ্ছ-তাচ্ছিল্য কৰা আৰম্ভ কৰিছে। প্ৰথমতে ব্যক্তিগত টিভি চেনেল আৰু পিছত দিল্লী বিধানসভাৰ মজিয়াত কেজৰীৱালে মোদীক আক্ৰমণৰ কেন্দ্ৰবিন্দু কৰি লয়। দিল্লী বিধানসভাত তেওঁ দিয়া ভাষণটো খুৱ ভাইৰেল হৈ পৰে। তাত কেজৰীৱালে এজন ৰজাৰ কাহিনী কয়_ এজন পঢ়া শুনাত মন নথকা লৰা আছিল। তেওঁ চাহ বেচিবলৈ আৰম্ভ কৰে। পিছত তেওঁ দেশৰ ৰজা হয়। পঢ়া শুনা নজনাৰ বাবে তেওঁ অফিছাৰৰ কথামতে উঠা বহা কৰে। ..ইত্যাদি ইত্যাদি। সকলোৰে বুজিবলৈ বাকী নাথাকিল যে তেওঁ প্ৰধানমন্ত্রী মোদীৰ কথা কৈছে। মোদী কেজৰীৱালৰ সমান উচ্চ শিক্ষিত নহয়। আই.আই.টিৰ পৰা পাছ কৰি আই.এ.এছ হোৱা কেজৰীৱাল মোদীৰ তুলনাত উচ্চ শিক্ষিত। কিন্তু পঢ়া শুনাত পাকৈত নহ’লেই যে এজন মানুহ useless সেই ধাৰণা সঠিক নহয়। বিভিন্ন লোকে সামৰ্থ থকাৰ পিছতো বিভিন্ন ঘৰুৱা কাৰণত পঢ়িবলৈ সক্ষম নহয়। সেয়েহে কেবল আই.আই.টি, আই.এ.এম জ্ঞানৰ মাপকাঠী হ’ব নোৱাৰে। ৰজাৰ কাহিনীটো এনেকৈও ক’ব পাৰি।

এজন লৰাই স্কুলৰ লগতে ষ্টেছনত চাহ বিক্ৰী কৰিবলগীয়া হৈছিল। কাৰণ ঘৰৰ আৰ্থিক অবস্থা ভাল নহয়। পিছত লৰাজনে গুৰুকুলত গৈ কঠিন পৰিশ্ৰম কৰে। ৰাজ্যৰ ৰজাজনৰ আকস্মিক ভাবে মৃত্যু হয়। লৰাৰ পৰা মানুহ হোৱা চাহ বিক্ৰী কৰা লৰাজনৰ কঠোৰ পৰিশ্ৰম দেখি তেওঁক সেই ৰাজ্যৰ ৰজাৰ দায়িত্ব দিয়া হয়। তেওঁৰ পাৰদৰ্শিতা প্ৰমান কৰিবলৈ হাতত সময় আছিল এটা বছৰ। এক বছৰ পিছত ৰাইজে তেওঁৰ কামত সন্ত্তষ্ট হৈ পুনৰ ১৫ বছৰৰ বাবে ৰজা পাতে। এখন প্ৰদেশত পাৰদৰ্শিতা দেখুৱাৰ বাবে গোটেই ভাৰতবৰ্ষৰ ৰাইজে তেওঁক সম্ৰাট হিচাপে বিচাৰে। ৰাইজৰ ব্যাপক সমৰ্থন লাভ কৰি তেও যোৱা ৮ বছৰ ধৰি দেশৰ সম্ৰাট হৈ আছে। তেওঁৰ অধীনত আছে ২৯খন ৰাজ্য। দূৰ দূৰণিলৈ তেওঁৰ প্ৰতিদ্বন্দ্বী নাই।