কেজৰীৱাল ইজ বেক টু ফৰ্ম

736
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


দিল্লীৰ আম আদমী দলৰ চৰকাৰৰ দুজন মন্ত্রী বৰ্তমান জেলৰ ভিতৰত। সত্যেন্দ্ৰ জৈন বহু মাহ ধৰি জেলত আছে। উপ মুখ্যমন্ত্রী মনীষ শিষোদীয়া কিছু দিন আগতে জৈনক সংগ দিব গৈছে। তেওঁলোক দুয়োজনৰ বিৰূদ্ধে দুৰ্নীতিৰ অভিযোগ আছে। চিচোদিয়াক অভিযুক্ত কৰা হৈছে সুৰা নীতি প্ৰবৰ্তনৰ ক্ষেত্রত কৰা অনিয়মৰ বাবে। দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্রীজনে দুজন সংগী হেৰুৱাই মনত যঠেষ্ট কষ্ট পাইছে। কেইদিনমান আগত এটা ৰাষ্ট্ৰীয় চেনেলৰ সাক্ষাতকাৰত তেওঁক প্ৰশ্ন কৰা হৈছিল_যদি সত্যেন্দ্ৰ জৈন নিৰ্দোষী তেন্তে তেওঁক জেলৰ পৰা কিয় বাহিৰ কৰিব পৰা নাই? উত্তৰত কেজৰীৱালে কৈছিল যে যেতিয়াই জৈনৰ সপক্ষে আদালতত ৰায় আহিবৰ সময় হয় তেতিয়াই বিজেপিয়ে বিচাৰক জনক সলনি কৰে। আইনী মেৰপাকৰ ফলত জৈন এতিয়াও কাৰাৰুদ্ধ। কেজৰীৱাল নিশ্চিত যে অতি সোনকালে সত্যেন্দ্ৰ জৈন মুকলি আকাশৰ তললৈ আহিব। কেজৰীৱাল এজন সুবক্তা। তেওঁৰ কথা শুনিলে মনত প্ৰত্যয় জন্মে। ৰাজনীতিত শাসক বিৰোধীৰ মাজত মত বিৰোধ থাকিবই। কিন্তু যদি বিজেপি চৰকাৰে বিনা দোষত দুইজন প্ৰাক্তন মন্ত্রীক জেলত ভৰাইছে তেন্তে ই গণতন্ত্রৰ বাবে শুভ নহয়। কেজৰীৱালে মতে যদি এই দুইজন নেতাই বিজেপিত যোগদান কৰিলেহেতেন তেন্তে এওঁলোক জেললৈ যাবলগীয়া নহ’লহেতেন। আজি বিৰোধীৰ একমাত্র উজ্জ্বল নক্ষত্ৰ হ’ল অৰিবিন্দ কেজৰীৱাল। ৰাহুল গান্ধীয়ে ৰাজনীতি বুজি নাপায় আৰু কথা ক’বও নাজানে। তেওঁৰ কোনো বিষয়ত অধ্যয়ন নাই। মমতা বেনাৰ্জী,কেচিআৰ, অখিলেছ আদিয়ে ৰাজনীতি জানে যদিও তেওঁলোক দুৰ্নীতিৰ বিপক্ষে কঠোৰ নহয়। অকল কেজৰীৱালে নিজৰ বুকত হাত দি ক’ব পাৰে যে তেওঁ কট্টৰ ইমানদাৰ। বিজেপিয়েও বুজে যে ৰাহুল ইত্যাদিৰ পৰা তেওঁলোকৰ ভয় কৰিবলগীয়া নাই। বিজেপিৰ একমাত্র মুৰৰ কামোৰণি আম আদমী দল। সেয়েহে তেওঁলোকক অসুবিধা দিব পৰা সকলো কাম কৰা হয়। আনকি বাজেটো সময়মতে দাখিল কৰিব দিয়া নহয়। আমি আশা কৰিম বিজেপিয়ে বিৰোধী দল হ’ল বুলিয়েই সংঘাতৰ ৰাজনীতি এৰক। কেজৰীেৱালে ৰাইজৰ অন্তৰ জয় কৰিব পাৰি দুবাৰ চৰকাৰ দখল কৰিবলৈ সক্ষম হৈছে। বিজেপিয়ে তেওঁতকৈও সক্ষম নেতা আনক। ৰাইজৰ সিদ্ধান্তই শেষ সিদ্ধান্ত। নহলে সকলোতকৈ বেছি লোকচান হ’ব দিল্লীৰ ৰাইজৰ।

আন এটা কথা লক্ষ্যনীয় যে কেজৰীৱাল বহুদিন মোদীৰ প্ৰতি নৰম আছিল। তেওঁৰ পৰামৰ্শদাতা সকলে কৈছিল যে মোদীৰ দৰে জনপ্ৰিয় নেতা এজনক আক্ৰমণৰ লক্ষ্য কৰি ল’ব নালাগে। বহু দিনৰ বিৰতিৰ পিছত তেওঁক মোদীৰ বিৰূদ্ধে আক্ৰামক সুৰত দেখা গ’ল। মোদীৰ শিক্ষাগত অৰ্হতা, আদানী কাণ্ড আদিক লৈ তেওঁ প্ৰশ্ন কৰিছে। এইটোৱে তেওঁৰ ষ্টাইল। সেয়েহে ক’ব পাৰি যে কেজৰীৱাল ইজ বেক টু ফৰ্ম।