কেশৱ মহন্ত বনাম কুইন ওজা

741
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ কিছু মাহ আগৰ কথা। বজাৰত খবৰ ওলাইছে ড° হিমন্ত বিশ্ব শৰ্মাই হেনো লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। স্বাভাবিকতে আমি ধাৰণা কৰিলো যে তেখেতে গুৱাহাটী লোকসভাৰ পৰা নিৰ্বাচন খেলিব। গুৱাহাটীত ডাঙৰ দীঘল হোৱা শৰ্মাৰ বিধানসভা সমষ্টিও গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত। তাৰ পিছত শুনিলো যে তেখেতক তেজপুৰৰ পৰাহে বিবেচনা কৰা হৈছে। অসমৰ সকলোতকৈ জনপ্ৰিয় নেতাজন নিজৰ সমষ্টি এৰি তেজপুৰলৈ যাব কিয়? ইয়াৰ আঁৰত আছিল ৰাম মাধব।গুৱাহাটীৰ প্ৰাৰ্থীজন তেওঁ ফিটিং কৰিয়েই ৰাখিছে যাৰ বাবে তেওঁ শৰ্মাৰ নিচিনা ইমান ডাঙৰ নেতাক গুৱাহাটী এৰি যাবলৈ কোৱাৰ দুঃসাহস কৰিলে। ভাবিলে আচৰিত লাগে কিহৰ বাবে সংঘৰ আদৰ্শেৰে অনুপ্ৰাণিত বুলি কোৱা ৰাম মাধবৰ দৰে নেতাই এনে কাম কৰে? আজি ৰাষ্ট্ৰীয় ৰাজনীতিত হিমন্ত বিশ্বৰ জনপ্ৰিয়তা বঢ়াৰ লগে লগে ৰাম মাধবৰ অস্তিত্ব নোহোৱা হ’ল। প্ৰশ্ন হয় শৰ্মাই প্ৰতিষোধ ল’লে নেকি? এতিয়া আহো কেইদিনমান আগতে হোৱা ঘটনাটোলৈ। মিডিয়াৰ আগত কেশৱ মহন্তই কথা কৈ থকাৰ সময়ত কুইন ওজাই এটা অদ্ভুত মন্তব্য কৰে। ফলত শ্ৰীমতী ওঝাই মহন্তৰ ধমক খাবলগীয়া হয়। সাধাৰণতে কেশৱ মহন্ত এজন শান্ত শিষ্ট লোক হিচাপে পৰিচিত। তেখেতৰ খং খুব কমকৈ উঠে। তাৰোপৰি অগপ দলটো বিজেপিৰ দয়াত চলি আছে। তেনে স্থলত কেশৱ মহন্তই বিজেপিৰ সাংসদ এজনক গালি পৰাটো খুব সাধাৰণ কথা নহয়। ইয়াৰ পৰা দুটা কথা স্পষ্ট হয়। প্ৰথম হ’ল হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমতী ওজাক গুৰুত্ব নিদিয়ে। যিহেতু সৰ্ব শক্তিমান জনৰে আশীৰ্বাদ নাই তেন্তে তেওঁক মহন্তই কিয় সমীহ কৰিব ? দ্বিতীয়টো হ’ল কুইন ওজাই পুনৰ লোকসভাৰ টিকট পোৱাৰ কোনো সম্ভাবনা নাই। এই সকলোবোৰ বিশ্লেষণ আওকাণ কৰিও আমি এটা কথা ক’ব পাৰো যে কেশৱ মহন্তই খুব ভাল কাম কৰিছে। অখিল গগৈ হাস্পতালত আছে আৰু ৰাজনৈতিক বিৰোধিতা থাকিলেও তেওঁক মানবীয় দৃষ্টিৰে চাব লাগে। সেই সময়ত এজন সাংসদৰ টুলুঙা মন্তব্য খুব দুৰ্ভাগ্যজনক। কেশৱ মহন্তই তেওঁক এজাউৰি দি ৰাইজৰ পৰা সন্মান পাইছে। চাব্বাছ কেশৱ মহন্ত।