কৰ্ণাটকত শোচনীয় পৰাজয়ৰ দিশে বিজেপি

784
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


দক্ষিণৰ একমাত্র ৰাজ্য কৰ্ণাটক যত বিজেপিৰ চৰকাৰ আছে । ইয়াত নিৰ্বাচন হ’ব মে মাহত। কৰ্ণাটকৰ বাংগালোৰত মই প্ৰায় ১৬ বছৰ বাস কৰিছিলো। সেয়েহে ইয়াৰ ৰাজনীতিৰ সৈতে মই ভালকৈ পৰিচিত। ২০০০ চনত যেতিয়া মই প্ৰথম বাংগালোৰলৈ যাও তেতিয়া তাৰ মুখ্যমন্ত্রী আছিল এছ.এম কৃঞ্চা। বাংগালোৰক আই.টি চিটি ৰূপে গঢ়ি তোলাত তেওঁৰ বহুত অবদান আছে। ২০০৪ চনৰ নিৰ্বাচনত  কিন্তু কংগ্ৰেছে আশা কৰা ধৰণে ফল নাপালে। জনতা দল( চেকুলাৰ) হ’লগৈ কিং মেকাৰ। দেৱগৌড়াৰ পুত্রই প্ৰথমতে কংগ্ৰেছ আৰু তাৰ পিছত বিজেপিৰ লগ লাগি চৰকাৰ গঠন কৰিলে। বিজেপিক তেওঁ দুইবছৰ মুখ্যমন্ত্রী পদ দিব বুলি প্ৰতিশ্ৰুতি দি তাক ৰক্ষা নকৰিলে। পৰবৰ্তী নিৰ্বাচনত বিজেপিৰ সপক্ষে ৰাইজৰ সহানুভুতি জাগে আৰু ২০০৮ত তেওঁলোকে প্ৰথমবাৰৰ বাবে নিজৰ বলত চৰকাৰ গঠন কৰে। বিজেপিৰ ৫ বছৰৰ শাসন কাল মুঠেও সুখকৰ নাছিল। দুৰ্নীতিৰ অভিযোগত মুখ্যমন্ত্রী য়েদুৰাপ্পাই পদত্যাগ কৰিবলগীয়া হয়। তেওঁৰ পিছত সদানন্দ গৌড়া আৰু জগদীশ চেট্টাৰ মুখ্যমন্ত্রী হয়। য়েদুৰাপ্পাই বিজেপিৰ পৰা ওলাই আহি নিজৰ দল গঠন কৰি নিৰ্বাচন খেলে। ২০১৩ত কংগ্ৰেছে ১২১খন আৰু বিজেপিয়ে মাত্র ৪০খন আসন দখল কৰে। ৫ বছৰ ৰ বাবে মুখ্যমন্ত্রী হয় জনতা দলৰ পৰা কংগ্ৰেছলৈ অহা সিদ্দাৰামাইয়া। ২০১৮ত বিজেপিয়ে মোদীৰ মেজিকৰ দ্বাৰা সৰ্ব বৃহৎ দল হ’বলৈ সক্ষম হয় যদিও প্ৰথম অবস্থাত চৰকাৰ কৰিবপৰা নাছিল। কৰ্ণাটকত হোৱা নাটকৰ পিছত বহু বিধায়ক কংগ্ৰেছ-জনতা দলৰ পৰা আহি বিজেপিত যোগদান কৰে। য়েদুৰাপ্পা পুনৰ মুখ্যমন্ত্রী হয়। কিন্তু ৭৫ বছৰ অতিক্ৰম কৰা য়েদুৰাপ্পাক কিছুদিন পিছত আতৰাই বিজেপিয়ে তেওঁৰ অনুগত তথা লিংগায়ট জাতিৰ বাসবৰাজ বোম্বাইক মুখ্যমন্ত্রী পাতে। ২০২৩ত বিজেপিয়ে লিংগায়তৰ কিছু ভোট পাব যদিও দলটোৰ বিৰূদ্ধে প্ৰৱল প্ৰতিষ্ঠান বিৰোধী সোত বৈছে। চৰকাৰখনৰ কাম কাজত ৰাইজ মুঠেও সন্ত্তষ্ট নহয়। চৰকাৰৰ বহু মন্ত্রীৰ বিৰূদ্ধে আছে দুৰ্নীতিৰ অভিযোগ। মুখ্যমন্ত্রীজনো দুৰ্ৱল। তেওঁ মাথো য়েদুৰাপ্পাৰ কথা মতে চলে। আজিৰ দিনত নিৰ্বাচন হ’লে বিজেপি ইয়াত শোচনীয় ভাবে পৰাজিত হ’ব। বোম্বে কৰ্ণাটক, উত্তৰ কৰ্ণাটক আৰু কোষ্টেল কৰ্ণাটকত বিজেপিয়ে কিছু ভোট পাব। আনহাটে মাইচুৰ কৰ্ণাটকত বিজেপি প্ৰায় শুন্য। ইয়াত ভোক্কালিগা জাতিৰ প্ৰাধান্য বেছি। অন্ধ্ৰ কৰ্ণাটক আৰু বাংগালোৰ কৰ্ণাটকতো বিজেপিৰ স্তিতি ভাল নহয়। অন্যফালে কংগ্ৰেছ দুটা ভাগত বিভক্ত। প্ৰাক্তন মুখ্যমন্ত্রী সিদ্দাৰামাইয়া তেওঁলোকৰ সকলোতকৈ বেছি জনপ্ৰিয় নেতা। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডিকে শিৱকুমাৰৰ সাংগঠনিক পাৰদৰ্শীতা আছে যদিও তেওঁ ৰাইজৰ মাজত সিমান জনপ্ৰিয় নহয়। যদি সিদ্দাৰামাইয়াই শিৱকুমাৰৰ কিছু প্ৰাৰ্থীক হৰুৱাই আৰু শিৱকুমাৰে সিদ্দাৰামায়াৰ কিছু প্ৰাৰ্থীক পৰাজিত কৰিবলৈ সক্ষম হ’য় তেন্তে বিজেপিৰ কিছু আশা আছে। নহ’লে কৰ্ণাটকত পুনৰ এবাৰ কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত।