গগৈ-সোণোৱালে নোৱাৰিলে, শৰ্মাই কৰি দেখুৱালে

689
  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


বিজেপিয়ে নিৰ্বাচনৰ আগতে ১ লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল। তাৰ দিশত আৰু এটা খোজ দি ২৩ ছেপ্তেম্বৰ তাৰিখে খানাপাৰাত প্ৰায় ১১ হাজাৰ লোকক নিযুক্তি দিলে। চাকৰি লাভ কৰা সকলোৰে মুখত সেইদিনা দেখা গৈছিল প্ৰাপ্তিৰ আনন্দ। মুখ্যমন্ত্রীয়ে নিজৰ ভাষণত কৈছিল কেনেদৰে আগৰ চৰকাৰ বোৰৰ দিনত চাকৰিৰ বজাৰ বহিছিল। তেওঁ নিজে কংগ্ৰেছৰ শিক্ষামন্ত্রীৰ হাতত চাকৰিৰ বাবে ৩০ জনৰ নাম জমা দিছিল বুলি অকপটে স্বীকাৰ কৰিছে। ইয়াকে লৈ কেইজনমান কংগ্ৰেছীয়ে তাল আফাল লগাইছে। ৰত্নাকৰ – বাল্মীকি আদিৰ উদাহৰণ দি মুখ্যমন্ত্রীজনক সমালোচনা কৰিবলৈ চেষ্টা কৰিছে। কংগ্ৰেছৰ ইয়াতকৈ বেছি নিৰ্লজ্জ্বতা আৰু কি হ’ব পাৰে।? আমাৰ জন্ম আশীৰ দশকত। যেতিয়া বাতৰি কাকত পঢ়িব পৰা হও তেতিয়া অসমত হিতেশ্বৰ শইকীয়াৰ চৰকাৰ। সেইসময়ত চাকৰি লাগিলে কংগ্ৰেছৰ দালাল কেইজনমানক লগ ধৰিব লাগে। বেছিভাগ কংগ্ৰেছী দালালেই স্কুলৰ শিক্ষক। শিক্ষা আৰু কৃষিত সকলোতকৈ বেছি দুৰ্নীতি। চৰকাৰী কৰ্মচাৰীয়ে মাহৰ পিছত মাহ দৰমহা নাপায়।বেছিভাগ নিযু্ক্তি হৈছিল দালালৰ জড়িয়তে। এপিএছচিত উত্তীৰ্ণ হোৱা সকলো কোনোবা কংগ্ৰেছীৰ সন্তান। ১৯৯৬ত প্ৰফুল্ল মহন্তৰ চৰকাৰ আহিল। চৰকাৰী চাকৰি প্ৰথম কেইবছৰমান সম্পূৰ্ণ বন্ধ আছিল। নিৰ্বাচনৰ দুই বছৰমান আগৰে পৰা চাকৰি দি নিৰ্বাচনত জয়ী হ’বলৈ পৰিকল্পনা কৰে চৰকাৰে। তেতিয়া আমি একাদশ শ্ৰেণীৰ ছাত্র। কলেজৰ ছাৰ এজন অগপৰ ডাঙৰ লিডাৰ। আমি ৰাতিপুৱা টিউচন কৰিবলৈ যোৱাৰ সময়ত ঘৰৰ সন্মুখত অজস্ৰ চাইকেল। সকলো চাকৰি প্ৰত্যাশী। কোনোবাই যদি তৃতীয় বিভাগত আন কোনোবাই সংস্কৃত টোলত মেট্ৰিক পাছ কৰিছিল। ছাৰসকলে কাকো নিৰাশ নকৰিলে। ৫ জন শিক্ষকে চলাব পৰা স্কুল এখনত নিযুক্তি দিলে ১৫ জনক। পিছে অবশ্যে বহুতৰে চাকৰি গ’ল। ২০০১ত কংগ্ৰেছ অহাৰ পিছত ছাৰহত বহুদিন জেলত আছিল। তৰুণ গগৈৰ ২০০১ৰ পৰা ২০১১ৰ দিনত চাকৰিৰ বজাৰত বিশেষ পৰিবৰ্তন হ’ল বুলি ক’ব নোৱাৰি। তেতিয়াও চাকৰি মানে পইছা, পইছা মানে চাকৰি। শিক্ষা, গৃহ,এপিএছচি কতো যেন মেধাৰ স্থান নাই। ২০১১ চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্রী হয় আৰু প্ৰথমবাৰ টেট পৰীক্ষা অনুষ্ঠিত হয় সেয়াই আছিল আমি দেখা প্ৰথম সৎভাবে হোৱা নিযুক্তি। ইয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ অকনো কৃতিত্ব নাই। কাৰণ শিক্ষাৰ বাহিৰে আন কোনো বিভাগ দুৰ্নীতি মুক্ত হোৱা নাছিল। ৰাকেশ পালে এই সময়তে সৰ্বাধিক দুৰ্নীতি কৰিবলৈ সুযোগ পাইছিল। টেটৰ জড়িয়তে শৰ্মাই অন্ততঃ এটা বিভাগৰ নিযুক্তি নিকা কৰিছিল। ৰাইজৰ মনত বিশ্বাস হৈছিল যে টকাই সকলো নহয়, মেধাৰো গুৰুত্ব আছে। ২০১৬ত সোণোৱালৰ চৰকাৰ হয়। এই সময়চোৱাতো বহুতো দুৰ্নীতিৰ অভিযোগ উত্থাপন হয়। বিশেষকৈ পিএনআৰদিত বহুতো বিজেপি নেতাৰ আত্মীয়ই চাকৰি লাভে ৰাইজৰ মনত সন্দেহৰ বীজ ৰোপন কৰে। ২০২১ত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হোৱাৰ পৰা এটা কথা ক’ব পাৰি যে এতিয়ালৈকে সকলো চাকৰি স্বচ্ছ ভাবে হৈছে। ইয়াৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্রীক সাধুবাদ দিবই লাগিব। এইভাবে যদি তেখেতে সকলো নিযুক্তি সম্পূৰ্ণ নিকা ভাবে দিব পাৰে তেন্তে তেখেত হৈ পৰিব অসমৰ মহানায়ক। কংগ্ৰেছ -অগপৰ দিনৰ এটা গেলা-পচা নিযুক্তি প্ৰক্ৰিয়াক ধুই মেলি চাফা কৰা এটা সহজ কাম নহয়। দলৰ কৰ্মীৰ পৰা বাধা আহিব, বিধায়ক অসন্ত্তষ্ট হ’ব। কিন্তু আমি বিচাৰিম যে সকলো বাধা বিঘিনি নেওচি তেখেত আগবাঢ়ক। কংগ্ৰেছৰ নেতাসকলে অনাহকতে বিতৰ্ক নকৰি মন্দিৰ-নামঘৰত সেৱা কৰি নিজৰ দলৰ পুৰণি পাপ মোচনৰ বাবে ভগবানক সেৱা কৰক। কংগ্ৰেছেও যদি নিকাভাবে নিযুক্তি প্ৰক্ৰিয়া চলালেহেতেন তেন্তে বহু দুখীয়া মেধাবীৰ ঘৰৰ অবস্থা সলনি হ’লহেতেন আৰু অসম বহু আগবাঢ়ি গ’লহেতেন।