গেহলটক নালাগে সভাপতিৰ পদ

623
  • ৰাজেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


সময় বেয়া থাকিলে উটৰ ওপৰত বহি থকা বাওন‍া মানুহ এজনকো হেনো কুকুৰে কামোৰে। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দক্ষিণত ভাৰত জোড়ো কৰি থাকোতে গোৱাত ৮ জনে দল এৰিলে। তাৰ পিছতে এতিয়া ৰাজস্থানটো দলটো সংকটত পৰিছে। ৯০ জন বিধায়কে মুখ্যমন্ত্রী অশোক গেহলটৰ সমৰ্থনত বিধান সভাৰ অধ্যক্ষ চিপি যোশীক নিজৰ পদত্যাগ পত্র দিছে। সকলো খেল ক্ষমতাৰ। কিছুদিন পিছত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচন হ’ব। গান্ধী পৰিয়ালে চিন্তা কৰিলে যে তেওঁলোকে এক গুলীত দুই চিকাৰ কৰিব। বহুদিনৰ পৰা নাৰাজ শচীন পাইলটক ৰাজস্থানৰ মুখ্যমন্ত্রীৰ পদ দি গেহলটক ৰাষ্ট্ৰীয় অধ্যক্ষ পতা হ’ব। কিন্তু চতুৰ গেহলটে বুজিলে যে মৃতপ্ৰায় দলটোৰ পুনৰুদ্ধাৰ খুব কষ্টকৰ হ’ব। গান্ধী পৰিয়ালৰ ৰাবাৰ ষ্টেম্প হিচাপে কাম কৰিব লাগিব। কিবা ভাল কাম কৰিলেও ক্ৰেডিট ল’ব গান্ধী পৰিয়ালে। সেই পদতকৈ বহু সন্মানজনক এজন মুখ্যমন্ত্রীৰ পদ। অন্ততঃ স্বাধীনভাবে সিদ্ধান্তবোৰ ল’ব পাৰে। সেই কাৰণে গেহলটে খেলি দিলে খেলা। কেন্দ্ৰীয় দূত মাকন আৰু খাৰ্গে আহি বিধায়কৰ পৰা পাইলটৰ নামৰ প্ৰস্তাব লোৱাৰ আগে আগে বিধায়ক সকলে কৰিলে পদত্যাগৰ নাটক। নাটকৰ সুত্রধাৰ অশোক গেহলট। ফলত গান্ধী পৰিয়াল গেহলোটৰ ওপৰত অতি ক্ৰোধিত হৈছে। প্ৰাপ্ত খৱৰ মতে তেওঁক এতিয়া সভাপতি পাতিব বিচৰা নাই গান্ধী পৰিয়ালে। অবশেষত গেহলোটে যি বিচাৰিলে তাকেই হ’ল। কিন্তু প্ৰশ্ন থাকি গ’ল কংগ্ৰেছ হাইকামাণ্ড তথা গান্ধী পৰিয়ালৰ ক্ষমতাৰ ওপৰত। হাইকামাণ্ডৰ এইখিনি ক্ষমতা থকা উচিত যে তেওঁলোকে ভাল কাম কৰা নেতাক পুৰস্কাৰ আৰু বেয়া কাম কৰা নেতাক শাস্তি দিব পাৰে। এটা সময়ত দেৱকান্ত বৰুৱাৰ ভাষাত ইন্দিৰা ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইণ্ডিৰা আছিল। আজিকালি এখন প্ৰদেশৰ মুখ্যমন্ত্রী এজনেও কংগ্ৰেছ হাইকামাণ্ডক বুঢ়া-আঙুলি দেখুৱাব পৰা হ’ল। কংগ্ৰেছ দল এতিয়া দুৰ্বল, লোকেল নেতা অবিহনে কোনো প্ৰদেশ জিকাই অনাৰ ক্ষমতা তেওঁলোকৰ নাই। সেয়েহে আজিকালি তেওঁলোকক কোনেও গুৰুত্বও নিদিয়ে। কথা ইমানেই।