চামেদুৰ ৰহমানৰ সম্পত্তি বাজেয়াপ্ত

496

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ পৰীক্ষা কেলেংকাৰিত চলি থকা আইনী প্ৰক্ৰিয়াৰ মাজতে এইবাৰ এনফ’চমেণ্ট ডাইৰেক্ট (ইডি)ৰ জালত পৰিছে আয়োগৰ কলংকিত সদস্য ছামেদুৰ ৰহমান। চাকৰিৰ বাবে নগদ ধন কেলেংকাৰিৰ অন্যতম অভিযুক্ত ছামেদুৰ ৰহমানে এ পি এছ চিৰ সদস্য হৈ থকা অৱস্থাত ৰাকেশ পালৰ সৈতে লগ
লাগি কেইবাজনো প্ৰাৰ্থীক বক্ৰ পথেৰে পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়াই নহয়, পৰীক্ষাগৃহৰ বাহিৰতো বহীত লিখাৰ সুবিধা কৰি দিছিল। বৃহৎ ধনৰ
বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়া ছামেদুৰ ৰহমানে এই সময়ছোৱাতে বৃহৎ সম্পত্তিৰ অধিকাৰী হৈ পৰিছিল। ২০১৬ চনত ৰাকেশ পালৰ গ্ৰেপ্তাৰৰ পাছতেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ব লগা ছামেদুৰ ৰহমানে পৰৱৰ্তী সময়ত কাৰাবাস খাটিবলগীয়া হৈছিল। পাছত জামিন লাভ কৰা ছামেদুৰ ৰহমানে এ পি এছ চি কেলেংকাৰিৰ বিস্তৃত তথ্য আদালতক অৱগত কৰাৰ বাবে সৈমান হৈ তদন্ত প্রক্রিয়াত সহযোগ আগবঢ়াইছিল। কিন্তু
ৰাকেশ পালৰ সৈতে ‘চাকৰিৰ বাবে নগদ ধন’ কেলেংকাৰি কৰি কোটি কোটি টকা অৰ্জন কৰা ছামেদুৰ ৰহমানৰ বিৰুদ্ধে ইডিয়ে অভিযান চলাই
তেওঁৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। জব্দকৃত সম্পত্তিৰ মুঠ মূল্য ৪.৯০ কোটি টকা। তথ্য অনুসৰি ইডিয়ে ছামেদুৰ ৰহমানৰ ১ কোটি ৫২ লাখ টকাৰ স্থাৱৰ সম্পত্তি আৰু ছামেদুৰ তথা তেওঁৰ পৰিয়ালৰ ৩ কোটি ৩৪ লাখ টকাৰ অস্থাৱৰ সম্পত্তি জব্দ কৰিছে।
এতিয়া কথা হ’ল বিভিন্ন আইনৰ সুৰুঙা উলিয়াই ইডিৰ পৰা বাজেয়াপ্ত সম্পত্তি পুনৰ চামেদুৰে উদ্ধাৰ কৰিব পাৰিব নেকি ? কেলেংকাৰী নিয়োজিত ব্যক্তিৰ জেল হাজোত , ফাঁচি আদিতকৈও অধিক জৰুৰী সম্পত্তি বাজেয়াপ্তকৰণ । বাজেয়াপ্ত কৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিব পাৰিলে দুৰ্নীতি বহু পৰিমাণে নিমন্ত্ৰণ হব ।