জনপ্ৰিয় সাংবাদিকঃ শীৰ্ষত অঞ্জনা আৰু অতনু

479

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


ৰাজনীতি অসমৰ যোৱা মাহৰ অ’পিনিয়ন প’লত আমাৰ প্ৰশ্ন আছিল ‘আপোনাৰ প্ৰিয় সাংবাদিক কোনজন?” সৰ্বভাৰতীয় আৰু অসম দুটা ভাগত বিভক্ত আছিল আমাৰ অ’পিনিয়ন প’ল। আজটকৰ হাল্লাবোলৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা অঞ্জনা ওম কাশ্যপে আমাৰ অ’পিনিয়ন প’লত পালে সকলোতকৈ বেছি ভোট। নিজৰ বুদ্ধিমত্তা আৰু বাকপতুতাৰ সুনাম অৰ্জন কৰা এই বিদুষী মহিলাগৰাকী আজিৰ তাৰিখত সকলোতকৈ জনপ্ৰিয় এংকৰ। আমাৰ অ’পিনিয়ন প’লত লাভ কৰা ভোট আছিল এনেধৰণৰঃ

অঞ্জনা ওম কাশ্যপঃ ৩৫.৩%
অৰ্ণৱ গোস্বামীঃ ২৯.৪%
ৰাজদ্বীপ চৰদেশাইঃ ১৭.৬%
প্ৰণয় ৰয়ঃ ১১.৮%
ৰৱীশ কুমাৰঃ ৫.৯%

অসমৰ সাংবাদিকসকলৰ ভিতৰত সকলোতকৈ ওপৰত থাকে অতনু ভূঞা। আজিৰ পৰা কেইবাদশক আগতে সাদিন কাকতৰ দ্বাৰা জনপ্ৰিয় হোৱা ভূঞাই পৰবৰ্তী সময়ত ইলেকট্ৰনিক মাধ্যমৰ সাংবাদিকতাত ব্ৰতী হয়। ডি.ৱাই চেনেকৰ ২৪ ঘন্টা আছিল তেখেতৰ এটা জনপ্ৰিয় অনুষ্ঠান। অসমৰ বিভিন্ন সাংবাদিকে লাভ কৰা ভোট আছিল এনে ধৰণৰঃ

অতনু ভূঞাঃ ৪১.২%
প্ৰশান্ত ৰাজগুৰুঃ ২৩.৫%
মৃণাল তালুকদাৰঃ ১৭.৬%
চৈয়দ জাৰিৰ হুছেইনঃ ৫%
অন্যঃ ১১.৮%