- নয়ন বৰ্মন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
এজন সাংসদৰ সফলতাৰ মাপকাঠি কেনেকৈ নিৰুপণ কৰা হয়? সাংসদ এজনে ৮-১০টা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। সাংসদজনে সাংসদ পুজিৰে সাংঘাতিক কিবা এটা কৰি জনপ্ৰিয় হ’ব বুলি আশা কৰিব পৰা নাযায়। সাংসদ এজনে লোকসভাৰ মজিয়াত কিমান দৃঢ়তাৰে সমষ্টিৰ সমস্যাবোৰ ডাঙি ধৰিব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰে তেওঁৰ পাৰদৰ্শিতা। বিভিন্ন সময়ত বিধানসভাত টিকট নোপোৱা ব্যক্তিক সংস্থাপিত কৰিবলৈ লোকসভাৰ টিকটৰ ব্যৱস্থা কৰা হয়। লোকজনৰ হিন্দী বা ইংৰাজী কোৱাৰ ক্ষমতা বা বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান থকা নথকাটো একপ্ৰকাৰ গৌণ হৈ পৰে। এতিয়া আহো দিলীপ শইকীয়াৰ প্ৰসংগলৈ। যোৱা চাৰি বছৰত দিলীপ শইকীয়াই সদনৰ মজিয়াত কোনো চমক সৃষ্টি কৰিব পৰা নাই। বিজেপিৰ আন ৮ জন লোকসভাৰ সংসদক লৈও একে কথাই ক’ব পাৰি। কুইন ওজা, পল্লবলোচন বা প্ৰদান বৰুৱা বা অন্য সকলে যোৱা কেইবছৰত অসমৰ হৈ কি মাত মাতিছে বুলি মনত প্ৰশ্ন হয়। অথচ বৰ্তমান দিলীপ শইকীয়াৰ ব্যৰ্থতাক লৈ সৰ্বত্ৰ চৰ্চা চলি আছে। নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই মংগলদৈ লোকসভাৰ বাবে নিজৰ প্ৰাৰ্থীত্ব দাবী কৰিছে। এটা সাক্ষাতকাৰত শৰ্মাই কৈছে যে মংগলদৈত প্ৰাৰ্থী সলনি নকৰিলে দলটোৰ বিপদ হ’ব পাৰে। অথচ দিলীপ শইকীয়া হ’ল বিজেপি দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক। এটা কথা নিশ্চিত যে ৰাজ্যিক বিজেপিৰ শীৰ্ষ মহলৰ সেউজ সংকেট নহ’লে শৰ্মাই এনে কথা নকয়। এইখিনি ৰাজনৈতিক বিচক্ষণতা তেওঁৰ আছে। অশোক শৰ্মাৰ সৰ্বানন্দ সোণোৱাল আৰু ভবেশ কলিতাৰ সৈতে মধুৰ সম্পৰ্ক আছে। কিন্তু অকল এই দুজন নেতাৰ আশীৰ্বাদেই দিলীপ শইকীয়াৰ বিৰূদ্ধে কোৱাত সাহস যোগোৱাত যঠেষ্ট নহয়। অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থন অবিহনে আজিৰ তাৰিখত কোনেও অসমত লোকসভাৰ টিকট লাভ কৰিব নোৱাৰে। গতিকে স্পষ্টভাবে গম পোৱা যায় যে মুখ্যমন্ত্রী দিলীপ শইকীয়াৰ কামত সন্তুষ্ট নহয়। ইয়াৰ কাৰণ কি আমি জ্ঞাত নহয় কিন্তু ইয়ে দিলীপ শইকীয়াৰ ৰাজনৈতিক ভবিষ্যতলৈ সকলোকে সন্দিহান কৰি তুলিছে। হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু ভবেশ কলিতাৰ বিৰোধিতাই দিলীপ শইকীয়াৰ পুনৰ দিল্লী যাত্রাৰ পথ প্ৰায় ৰুদ্ধ কৰি তুলিছে। এতিয়া লক্ষণীয় হ’ব অহা এবছৰত দিলীপ শইকীয়াই নিজক উদ্ধাৰৰ বা কি পন্থা গ্ৰহণ কৰে। সময় থাকোতে নিজৰ সম্পৰ্ক বিলাক মেৰামতি কৰিব নোৱাৰিলে দিলীপৰ স্থানত আন কোনোবাই মংগলদৈ লোকসভাৰ টিকট লাভ কৰিব। মংগলদৈ থাকিবনে নাথাকে তাকলৈ চাপত থকা শইকীয়াৰ বিৰূদ্ধে অশোক শৰ্মাৰ মুকলি বিদ্ৰোহ নিশ্চয় চিন্তাৰ কাৰণ।