দুৰ্বল হাইকামাণ্ড আৰু ৰাজস্থানৰ নাটক

751
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


আভ্যন্তৰীণ কন্দলৰ নিয়ন্ত্ৰণহীনতাই কংগ্ৰেছ দলক মষিমুৰ কৰাৰ পথলৈ লৈ গৈ আছে । চোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ দুৰ্বল স্থিতিয়ে দলটোক ধ্বংস কৰি গৈ আছে  । ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কেন্দ্ৰীয় কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল আজি কিছুদিন পূৰ্বে । তাৰ পাছতেই ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব সেই সম্পৰ্কে আৰম্ভ হৈছিল বহু আলোচনা আৰু বিতৰ্কৰ । নতুন দিল্লীৰ পৰা হাইকমাণ্ডে অজয় মাকন আৰু মাল্লিকাৰ্জুন খাৰ্গেক প্ৰেৰণ কৰিছিল পৰিস্থিতিৰ বুজ ল’বলৈ । ৰবিবাৰে এই বৈঠকৰ পূৰ্বে দেখা গৈছিল অশোক গেহলটৰ প্ৰতি ৰাজস্থান কংগ্ৰেছৰ বিপুল সমৰ্থন । আনহাতে উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ নাম উচ্চাৰণ হল মুখ্যমন্ত্ৰী পদৰ বাবে । লগে লগে ৰাজস্থানত ৯০ জনৰ বিধায়কৰ পদত্যাগ নাটক মঞ্চস্থ হল ।

কিন্তু, ৰবিবাৰৰ এই বৈঠকে সলনি কৰি দিলে সমগ্ৰ প্ৰেক্ষাপট । সোমবাৰে পুৱা অশোক গেহলটৰ নেতৃত্বত হ’ব লগীয়া বিধায়নী বৈঠক বৰ্জন কৰে এই ৯০ জন বিধায়কে । এই বিধায়ক সকলৰ দাবী অনুসৰি, পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে বাহাল থাকিব লাগে অশোক গেহলট অথবা অশোক গেহলটেই নিৰ্বাচন কৰিব পৰৱৰ্তী মুখ্যমন্ত্ৰী । অন্যথা ভৱিষ্যতলৈ পদত্যাগ কৰাৰ ভাবুকিও দিয়ে এই বিধায়ক সকলে ।

ৰাজস্থান কংগ্ৰেছত হঠাতে অহা এই ধুমুহাৰ দুটা কাৰণ হ’ব পাৰে বুলি অনুমান কৰিছে কেন্দ্ৰীয় কংগ্ৰেছ সমিতিয়ে । এইয়া এক স্বত:স্ফুৰ্ত বিক্ষোভ হ’ব পাৰে অশোক গেহলটৰ সমৰ্থনত অথবা এক পৰিকল্পিত কূটনীতি হ’ব পাৰে শচীন পাইলটৰ বিৰুদ্ধে ।

উল্লেখ্য যে, যদি গেহলটে কেন্দ্ৰীয় কংগ্ৰেছৰ সভাপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগ নবঢ়াই তেন্তে এই বিক্ষোভ যে পৰিকল্পিত সেইয়া প্ৰমাণ হ’ব পৰৱৰ্তী সময়ত । অশোক গেহলটে ৰাজ্যৰ লবী কেন্দ্ৰিক ৰাজনীতিৰ পৰিসমাপ্তি ঘটায় কেন্দ্ৰক নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে এই বিক্ষোভৰ পৰিকল্পনা কৰা বুলি বাৰ্তা প্ৰেৰণ হ’ব কেন্দ্ৰলৈ । কিন্তু বাৰ্তা যিয়েই নহওক কংগ্ৰেছৰ যুবৰাজে সম্পুৰ্ণ বিফল হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ।