- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
“শ্বাহজাহানক দহ মিনিটৰ বাবে অসমলৈ পঠাই দিয়ক, আমি তাৰ হিচাপ কৰি দিম”। পশ্চিম বংগৰ নিৰ্বাচনী সভাত ড° হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। সন্দেশখালিৰ মূল খলনায়ক হিচাপে বিজেপিয়ে চিহ্নিত কৰিছে শ্বাহজাহান শ্বেইখক। বিজেপিয়ে অভিযোগ কৰে যে সন্দেশখালিত শ্বেইখৰ নেতৃত্বত বিজেপিৰ কৰ্মীক হাৰাশাস্তি কৰা হৈছে, মহিলাক অপদস্ত কৰা হৈছে।
পশ্চিমবংগত যেন নিৰ্বাচন মানেই হিংসা। প্ৰতি নিৰ্বাচনতে তাত বহু ৰক্ত প্ৰবাহিত হয়। দেশত যে ইমান দিঘলীয়া নিৰ্বাচন হৈছে তাৰ এটা কাৰণ হৈছে বংগ। তাত ৭ বা ৮টা ফেজত নিৰ্বাচন কৰিবলগীয়া হয়।দৰিদ্ৰ মানুহেৰে ভৰি থকা পশ্চিমবংগত নিৰ্বাচনত বহুত মানুহে কিছু টকা ঘটাৰ সুবিধা পায়। নিজৰ বিৰোধী দলৰ মানুহক মাৰধৰ কৰা, ঘৰ জ্বলাই দিয়া, অফিছ ভঙা আদি তাৰ গ্ৰামাঞ্চলৰ সাধাৰণ ঘটনা। চিপিএমে আগতে কৰিছিল, এতিয়া তৃণমূলে কৰে। পুলিছ প্ৰশাসনো শাসক দলৰ হাতৰ পুতলা। ২০২১ বিধানসভাত পৰাজিত হোৱা বিজেপিয়ে সন্দেশখালিৰ ইছুটোৰে পশ্চিমবংগত প্ৰভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ২০২১ত ৪২ৰ ভিতৰত ১৮খন আসন লাভ কৰা বিজেপিয়ে ২০২৪ত তৃণমূলক অতিক্ৰম কৰি সৰ্ববৃহৎ দল হ’বলৈ আগবাঢ়িছে। মোদী-শ্বাহে হুংকাৰ দিছে যে বিজেপিৰ কৰ্মকৰ্তাৰ ওপৰত কৰা অত্যাচাৰৰ হিচাপ লোৱা হ’ব। ৪ জুনত সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। দেশৰ ৰাজনৈতিক পৰিবেশ চাই কব পাৰি যে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্রীৰ পদত শপত গ্ৰহণ কৰিব। এইবাৰ শাসনলৈ আহিলে বিজেপিয়ে কেইটামান ডাঙৰ সিদ্ধান্ত ল’ব। তাৰ ভিতৰত অন্যতম সমান নাগৰিক সংহিতা আৰু পশ্চিম বংগত ৰাষ্ট্ৰপতি শাসন। তৃণমূলৰ কৰ্মীৰ মাৰ সহ্য কৰি থকা কৰ্মীসকলৰ বাবে যদি বিজেপিয়ে একো নকৰে তেন্তে তেওঁলোক নিৰাশ হ’ব। ২০১৯ত বিজেপিয়ে আশা কৰিছিল যে ৰাষ্ট্ৰপতি শাসন নলগোৱাকৈ ২০২১ৰ বিধানসভাত তেওঁলোকৰ জয় হ’ব। কিন্তু বিধানসভাত পুণৰ মমতা বেনাৰ্জীয়ে চমক দেখালে। মমতাইও বুজি পাইছে যে বিজেপিয়ে ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে। সেয়েহে মমতাৰ ব্যৱহাৰ কিছু নম্ৰ হৈছে। মমতা বেনাৰ্জীয়ে অনাগত দিনত এনদিএৰ কাষ চাপিবলৈ চেষ্টা কৰিব। কিন্তু অমিত শ্বাহে ইতিমধ্যে পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন লগাবলৈ মন বান্ধি লৈছে। এতিয়া আপেক্ষা মাথো ৪ জুনলৈ।