পাকিস্তানত পুনৰ হিন্দু মহিলাক নিৰ্মম হত্যা

676
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


পাকিস্তানত হিন্দু সম্প্ৰদায়ৰ মহিলা আক্ৰমণৰ বলি হোৱা নতুন কথা নহয় । তাত পুনৰ এগৰাকী চল্লিশ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ন ন তথ্য বাহিৰ হৈছে । ২৮ ডিচেম্বৰ তাৰিখে মহিলাগৰাকীৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে সৃষ্টি হৈছে চাঞ্চল্য। অকল সেয়াই নহয়, হত্যাৰ পিছতো মহিলাগৰাকীৰ মৃতদেহৰ ওপৰত চলোৱা হৈছে পাশৱিক নিৰ্যাতন।
পাকিস্তানত চিনঝোড়োত এই ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় জনপ্রতিনিধি কৃষ্ণা কুমাৰ। মহিলাগৰাকীৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ সময়ত শিহৰণকাৰী তথ্য জানিবলৈ সক্ষম হৈছে কৃষ্ণা কুমাৰীয়ে। ইতিমধ্যে ছ’চিয়েল মিডিয়া টুইটাৰৰ যোগে সদৰী কৰিছে কৃষ্ণা কুমাৰীয়ে। চিনঝোড়ো চহৰৰ বাসিন্দা দয়া ভিল নামৰ ৪০ বছৰীয়া মহিলাগৰাকীৰ শিৰশ্ছেদ কৰাৰ পাছত দুর্বৃত্তই স্তন কাটি নিয়া বুলিও ছ’চিয়েল মিডিয়াত সদৰী কৰিছে কৃষ্ণা কুমাৰীয়ে। অকল সেয়াই নহয়, মুখ আৰু শৰীৰৰ বিভিন্ন অংশৰ চাল কাঢ়িছে দুর্বৃত্তই। পাকিস্তানৰ হিন্দু ছিনেটৰ কৃষ্ণা কুমাৰীয়ে এই ঘটনাত জড়িত দুর্বৃত্তক শাস্তি বিহাৰ দাবীও জনাইছে। ইফালে, পাকিস্তানত সংঘটিত এনে ঘটনাক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ভাৰতে। ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে সংখ্যালঘুসকলৰ নিৰাপত্তাৰ স্বাৰ্থত কাম কৰিবলৈ পাকিস্তান চৰকাৰক পুনৰ অনুৰোধ জনাইছে। ভাৰত চৰকাৰে অকল অনুৰোধ কৰিয়ে দায়িত্ব সামৰিব নেকি ? পাকিস্তানত মুছলমানৰ দ্বাৰা হিন্দু মহিলাৰ ওপৰত চলা হত্যাকাণ্ডক ভাৰতীয় সমাজে কিমান গুৰুত্ব দিয়ে ? এই সকলোবিলাকৰ ওপৰতে নিৰ্ভৰ কৰিব আগন্তুক ভাৰত – পাক সম্পৰ্ক ।