- তাৰক দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
বালুচিস্থান হ’ল পাকিস্তানৰ এক বৃহত্তম অঞ্চল। পাকিস্থান ৰাষ্ট্ৰখন গঠন হোৱাৰ সময়ত বালুচিস্থান ইয়াৰ অংশ নাছিল। ১৯৪৮ চনত পাকিস্থানে এই বালুচিস্থান অঞ্চলটো নিজৰ কব্জালৈ আনে। ১৯৪৭ চনৰ ১১ আগষ্ট তাৰিখত বৃটিছৰ কবলৰ পৰা বালুচিস্থান মুকলি হৈ এখন স্বাধীন ৰাষ্ট্ৰত পৰিণত হৈছিল। তেতিয়া ইয়াৰ নাম আছিল– কালাত। কিন্তু ১৯৪৮ চনৰ মাৰ্চ মাহত পাকিস্থান আৰ্মীয়ে বন্দুকৰ নলীৰ আগত পাকিস্থানৰ সৈতে চামিলকৰণৰ চুক্তিত চহী কৰি লয়। সেই সময়ৰ পৰাই বালুচ সকলে মাতৃভাষাৰ লগতে তেওঁলোকৰ ইতিহাস, সংস্কৃতিক হেৰুৱাই পেলাইছিল। উৰ্দু ভাষাক তেওঁলোকৰ ওপৰত বলপূৰ্বক জাপি দিয়া হৈছিল, যিটো ভাষাৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্কই নাছিল।
বালুচিস্থান গেচ আৰু খনিজ সম্পদৰ ভাণ্ডাৰ। আৰু ইয়াক লুন্ঠন কৰিবলৈয়ে পাকিস্থানে চীনৰ সৈতে বন্ধুত্ব কৰিছে। ভৰপুৰ খনিজ সম্পদ থকা স্বত্বেও এই অঞ্চলটো দাৰিদ্ৰ্য, নিবনুৱা সমস্যা আৰু অপৰিসীম বঞ্চনাৰ চিকাৰ হৈ আহিছে। প্ৰৱল দাৰিদ্ৰ্যতাৰ বাবে অসংখ্য বালুচ তাৰ পৰা ভাৰতৰ মুম্বাইলৈ পলাই আহিছিল। মুম্বাইৰ কথাছবি জগতৰ অভিনেতা আৰু সংলাপ ৰচোঁতা কাদেৰ খান আহিছিল বালুচিস্থানৰ ৰাজধানী কোয়েটা চহৰৰ পৰা। হিন্দু সংস্কৃতিৰ সৈতে বালুচিস্থানৰ সম্পৰ্ক অতি প্ৰাচীন। দেৱী পীঠ স্থান সমুহৰ ভিতৰত এটি পীঠ আছে আজিৰ বালুচিস্থানত। মৰুতীৰ্থ হিংলাজ নামেৰে বিখ্যাত এই দেৱীপীঠ ।
বালুচ সকলে নিজকে কেতিয়াও পাকিস্থানী বুলি নাভাবে। পাকিস্থানৰ কব্জাৰ পৰা স্বাধীন হ’বলৈ এতিয়ালৈকে হাজাৰ হাজাৰ বালুচলোকে পাকিস্থানৰ সেনাবাহিনীৰ হাতত প্ৰাণ দিছে। হাজাৰ হাজাৰ মানুহ নিৰুদ্দেশ। ১৯৭১ চনত পাকিস্থানৰ হাতৰ পৰা স্বাধীনতা আঁজুৰি অনা বাংলাদেশৰ মুক্তি বাহিনী হ’ল– বালুচ সকলৰ প্ৰেৰণা।
২০১৪ চনত বালুচিস্থানৰ মুক্তিকামী মানুহে প্ৰত্যেক বছৰৰ ১১ আগষ্ট তাৰিখটো তেওঁলোকৰ স্বাধীনতা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বালুচ সকলৰ ধাৰণা– ভাৰতে যেনেকৈ বাংলাদেশক পাকিস্থানৰ কব্জাৰ পৰা মুকলি হৈ এখন সুকীয়া স্বাধীন ৰাষ্ট্ৰত পৰিণত হোৱাত সহায় কৰিছে ঠিক তেনেকৈ তেওঁলোককো পাকিস্থানৰ কব্জাৰ পৰা মুকলি হ’বলৈ সহায় কৰিব। কংগ্ৰেছ চৰকাৰে একোৱেই কৰা নাছিল দেখি তেওঁলোকে বিজেপি দলৰ ওপৰত ভৰষা কৰি ২০১৪ চনত বালুচিস্থানৰ পাহাৰত উৰ্দু ভাষাত লিখি থৈছিল– “এইবাৰ মোডী চৰকাৰ”।
এতিয়া প্ৰশ্ন হ’ল– ভাৰতে যদি বালুচিস্থানক এখন স্বাধীন ৰাষ্ট্ৰ হোৱাত সহায় কৰে তেতিয়া তেওঁলোক স্বাধীন হৈ ভাৰতক সহায় কৰিব নে পাকিস্থানৰ লগত সু সম্পৰ্ক কৰিব ? ভাৰত পাকিস্থান ক্ৰিকেট খেলত তেওঁলোকে কোন দলক সমৰ্থন কৰিব ? পাহৰিলে নচলিব যে এই ক্ষেত্ৰত বাংলাদেশ সম্পৰ্কে আমাৰ অভিজ্ঞতা কিন্তু বৰ বেয়া। সেয়ে উৎসাহ নথকাটোৱেই স্বাভাৱিক। তৎসত্বেও কূটনৈতিক ভাবে বেলুচ অঞ্চলকটোক স্বশাসনৰ সুবিধা কৰি দিয়াত বিশেষ সুবিধা
আছে ।
পাকিস্তান অধিকৃত কাশ্মীৰ সামৰি এক বৃহত্তৰ অঞ্চল ভাৰতে মুক্তি কৰাৰ মুল চাবি পাত হৈছে আমাৰ দেশৰ অৰ্থনীতি আৰু দেশৰ দৃষ্টিপাত ।