(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )
কমেডি ডেক্স: ৰাজনীতি অসম
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
আসুস্মান খুৰাণাই সদায় নতুন বিষয় লৈ চিনেমা কৰে। বিকি ড’নাৰত যদি তেওঁ স্পাৰ্ম দিছিল, দম লগাকেত ভুমি পেনডেকাৰক ডাঙিবলৈ জান দিছিল। শুভ মংগলত সমকামী আয়ুস্মানে চণ্ডিগড়ত এজন transgender ৰ প্ৰেমত পৰিছিল। বালাত তেওঁৰ চুলিকলৈ চৰ্চা হৈছিল আৰু বধাই হোত তেওঁৰ মাকৰ পেটক লৈ। এইবাৰ আয়ুস্মানৰ এখন নতুন ছবি আহিছে যত তেওঁ প্ৰসূতি বিভাগৰ ডাক্তৰ হৈছে। মহিলাৰ ডাক্তৰ আয়ুস্মানে বহু ঘাট প্ৰতিঘাত সহিব লগা হৈছে। তেওঁৰ মাকেই তেওঁক মহিলাৰ যৌনাংগ চোৱা বুলি ইতিকিং কৰে। অসমত প্ৰসূতি বিভাগত বহুতো পুৰুষ ডাক্তৰ আছে। বাংগালোৰ, চেন্নাই আদিত বহুদিন আগতেই পুৰুষে প্ৰসূতি বিভাগৰ পৰা অবসৰ লৈছে। প্ৰসূতি বিভাগত পুৰুষ ডাক্তৰৰ কাম কি? নিজৰ ক্ষেত্রত অভিজ্ঞতা নোহোৱা বস্তু এটাক পুৰুষ এজনে কি চিকিৎসা কৰিব? এইবিলাক কথা এতিয়া চৰ্চা হৈছে। প্ৰসূতি বিভাগ সম্পূৰ্ণ ভাবে মহিলাৰ বাবে সংৰক্ষিত হ’ব লাগে নেকি? এই বিষয়ে কি কয় অসমৰ নেতা সকলে?
- বিমন্ত বিশ্ব শৰ্মাঃ মই যদি স্কুটী দিব পাৰো, প্ৰসূতি বিভাগ দিব নোৱাৰিমনে? ইয়াত মই ১০০% কৰি দিম ছোৱালীবোৰক। লৰাহতক মই কম_ তহতে পেট্ৰলজি বিভাগত নাম লগাই মানুহৰ থু -খেকাৰ পৰীক্ষা কৰ বাবাহত। মহিলাবোৰক চাবলৈ মহিলাবোৰ আছে নহয়। তহতি হুলস্হূলবোৰ নকৰিবি।
- লৰ্বানন্দ সোণোৱালঃ বৰাক,ব্ৰহ্মপুত্ৰ,পাহাৰ, ভৈয়াম ঘূৰি ঘূৰি মই বুজিব পৰা নাই এই বিষয়ত কি কম! না মোৰ পৰিবাৰ আছে প্ৰসূতিৰ কথা বুজাবলৈ না মোৰ এইবিলাক ৰোগ কেবিয়াবা হৈছে। যি মন যায় কৰি থাকক। কেৱল প্ৰভূক চিন্তি চিকিৎসা কৰিলে হ’ল। সকলো ঠিক হৈ যাব। কৃঞ্চ হে বুলিলো।
- কূপেন বৰাঃ মই এটা কবিতাৰ মাধ্যমেৰে কথাখিনি বুজাব বিচাৰো।
বস্তুৰ এতিয়া বহু দাম
মানুহৰ মুখৰ পৰা ওলাইছে ৰাম নাম
পুৰুষবিলাৰ হাতত দিয়া এগিলাছ জাম
প্ৰসূতিত মহিলাক কৰিব দিয়া কাম
- উজ্জ্বল ভট্টাচাৰ্য্যঃ হৰ্বাদাৰ দৰে মোৰো এইবিলাকত অভিজ্ঞতা নাই। কিন্তু এটা কথা ক’ব পাৰো যে ১৯৭১ চনৰ পিছত হোৱা কোনো ডাক্তৰক মোৰ গাত হাত লগাব নিদিও, সি হিন্দুই হওক বা মুছলমানেই হওক। ১৯৭১ চনৰ পিছৰ ডাক্তৰ সকলে অসম এৰি যাব লাগিব। সেয়া মোৰ স্পষ্ট কথা।
- গিতুমণি শইকীয়াঃ প্ৰসূতি বিভাগ একমাত্র বিভাগ যত ডাক্তৰে সদায় মিঠাই খাবলৈ পায়। পুৰুষ সকলক মিঠাই খোৱাৰ পৰা বঞ্চিত নকৰিব। বহু কষ্ট কৰি ডাক্তৰ সকলে পঢ়া শুনা কৰে, ৰোগীক চিকিৎসা কৰে, অপাৰেচন কৰে, টকা ঘটে আৰু তাৰ পিছত ফৰ্চুনাৰ গাড়ী কিনে। মহিলাবোৰে যি বিচাৰে সেয়া দিব নোৱাৰি নহয়।